মৎস্য, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়
azadi ka amrit mahotsav

২৩ জানুৱাৰীত শ্বিলঙত পশুধন সন্মিলন উদ্বোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰাজীৱ ৰঞ্জন সিঙে

বিনিয়োগ বৃদ্ধি, বহনক্ষম কৃষি পদ্ধতিক প্ৰসাৰিত কৰাৰ বাবে “উত্তৰ-পূব ভাৰতত পশুধন খণ্ডৰ সামগ্ৰিক উন্নয়ন” শীৰ্ষক দুদিনীয়া সন্মিলনৰ আয়োজন

Posted On: 21 JAN 2025 3:04PM by PIB Guwahati

 

মীন, পশুপালন তথা দুগ্ধ মন্ত্ৰালয়ৰ অধীনস্থ পশুপালন আৰু দুগ্ধ বিভাগৰ উদ্যোগত মেঘালয়ৰ শ্বিলঙত  ২০২৫ বৰ্ষৰ  ২৩ - ২৪ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে  “উত্তৰ-পূব ভাৰতৰ পশুধন খণ্ডৰ সামগ্ৰিক উন্নয়নৰ বিষয়ত  বাৰ্তালাপ ” শীৰ্ষক এক সন্মিলন আয়োজন কৰা হৈছে । এই সন্মিলন মুখ্য অতিথি হিচাপে উপস্থিত থাকি মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয় (এফ এ এইচ ডি) আৰু পঞ্চায়তী ৰাজ  দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰাজীৱ ৰঞ্জন সিঙে(লালন সিং) উদ্বোধন কৰিব  । উক্ত  অনুষ্ঠানত মীন, পশুপালন তথা দুগ্ধ মন্ত্ৰালয় আৰু পঞ্চায়তীৰাজ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী অধ্যাপক এছ পি সিং বাঘেল আৰু মীন, পশুপালন তথা দুগ্ধ মন্ত্ৰালয়  আৰু সংখ্যালঘু পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী জৰ্জ কুৰিয়ানেও অংশগ্ৰহণ কৰিব। সন্মিলনত মেঘালয়ৰ মুখ্যমন্ত্ৰী শ্ৰী কনৰাড কে চাংমাৰ লগতে উত্তৰ পূৰ্বাঞ্চল (এন ই আৰ) ৰাজ্যৰ পশুপালন আৰু দুগ্ধ উন্নয়ন বিভাগৰ মন্ত্ৰীসকলেও  অংশগ্ৰহণ কৰিব।

এই উপলক্ষে উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ নামত কেইবাটাও প্ৰকল্প উচৰ্গা কৰা হ’ব আৰু উত্তৰ পূৰ্বাঞ্চলৰ   পশুপালন খণ্ডত বিনিয়োগক প্ৰসাৰিত কৰাৰ বাবে বুজাবুজি চুক্তিও স্বাক্ষৰ কৰা হ’ব। পশুধন সন্মিলনৰ উদ্দেশ্য হৈছে উত্তৰ পূৰ্বাঞ্চলৰ  ৰাজ্যসমূহৰ পশুধন আৰু হাঁহ-কুকুৰা খণ্ডৰ সামগ্ৰিক উন্নয়নৰ কৌশলৰ বিষয়ে আলোচনা  কৰা। এই সন্মিলনে উক্ত খণ্ডসমূহৰ  মূল অংশীদাৰসকলক একত্ৰিত কৰিব । সন্মিলনৰ  লক্ষ্য হৈছে পশুধন আৰু হাঁহ-কুকুৰা খণ্ডৰ বৰ্তমানৰ অৱস্থা আৰু প্ৰত্যাহ্বানসমূহৰ মূল্যায়ন কৰা, মূল্য শৃংখল শক্তিশালীকৰণৰ বিষয়ে আলোচনা কৰা, প্ৰযুক্তিগত হস্তক্ষেপ আৰু নীতিগত সমৰ্থনৰ জৰিয়তে বিকাশ  আৰু উন্নয়নৰ সুযোগসমূহ অন্বেষণ কৰা আদি । সন্মিলন খনে কৃষক, উদ্যোগী, নীতি নিৰ্ধাৰক, গৱেষককে ধৰি অংশীদাৰসকলৰ মাজত জ্ঞান তথা অভিজ্ঞতাৰ  বিনিময় আৰু সামৰ্থ্য বিকাশৰ সুবিধা প্ৰদান কৰি  বহনক্ষম আৰু সৰ্বাংগীন কৃষি পদ্ধতিৰ প্ৰসাৰত সহায় কৰিব। 

উল্লেখ্য ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় পশুধন অভিযান (এন এল এম), ৰাষ্ট্ৰীয় গকুল মিছন (আৰ জি এম) আৰু দুগ্ধ উন্নয়নৰ বাবে থকা ৰাষ্ট্ৰীয় কাৰ্যসূচী (এন পি ডি ডি)ৰ অধীনত পশুপালন আন্তঃগাঁথনি উন্নয়ন পুঁজি (এ এইচ আই ডি এফ), উদ্যোগীকৰণ উন্নয়ন কাৰ্যসূচী (ই ডি পি) আদি বিভিন্ন প্ৰধান আঁচনি ৰূপায়ণ কৰি আছে । এনে আঁচনিসমূহ ৰূপায়ণৰ জৰিয়তে উৎপাদনশীলতা আৰু দেশত বহনক্ষম পশুধন বিকাশৰ  পদ্ধতিক প্ৰসাৰিত  কৰাৰ প্ৰয়াস চলোৱা হৈছে । এই সন্মিলনৰ লক্ষ্য হৈছে এনে দিশৰ সন্ধান  কৰা যিয়ে নীতি প্ৰণয়নত সহায় কৰিব , বিনিয়োগক  পথ প্ৰদৰ্শন কৰিব আৰু অঞ্চলটোৰ পশুপালন আৰু হাঁহ-কুকুৰা উদ্যোগত বহনক্ষম তথা সুসংহত  বিকাশৰ পথ প্ৰশস্ত কৰিব।

দুদিনীয়া সন্মিলন খনত  বিভাগটোৰ অন্যান্য জ্যেষ্ঠ বিষয়া, উত্তৰ-পূৰ  ৰাজ্যসমূহৰ  প্ৰধান সচিবসকলৰ লগতে  পশুপালন আৰু দুগ্ধ বিভাগৰ সম্পাদিকা শ্ৰীমতী অলকা উপাধ্যায়ায়ো উপস্থিত থাকিব। এই সন্মিলনত পশুধন আৰু হাঁহ-কুকুৰা উদ্যোগৰ সৈতে জৰিত বিজ্ঞানী, বেচৰকাৰী সংস্থা, উদ্যোগী আৰু ব্যক্তিগত খণ্ডৰ অংশীদাৰকে ধৰি মূল অংশীদাৰসকলে  অংশগ্ৰহঁণ কৰিব।

Aditi Agrawal/DM


(Release ID: 2094961) Visitor Counter : 18