ৰেল মন্ত্ৰালয়
চলিত ‘মহাকুম্ভ’ৰ তৃতীয় দিনা ভক্তসকলক প্ৰয়াগৰাজত উপস্থিত হোৱাত সহায় কৰিবলৈ ভাৰতীয় ৰে’লৱে’ই ১৩৭ খন ‘কুম্ভ বিশেষ ৰে’ল’ চলায়
প্ৰয়াগৰাজৰ বাবে উপগ্ৰহীয় কেন্দ্ৰ হিচাপে কাম কৰিছে চুবেদাৰগঞ্জ ষ্টেশ্যনে; প্ৰয়াগৰাজ অঞ্চলত ৭টা অতিৰিক্ত ষ্টেশ্যন যাত্ৰীৰ সা-সুবিধাৰে সজ্জিত কৰা হৈছে
ৰে'লৱেই ১৭টা নতুন যাত্ৰী আশ্ৰয়গৃহৰ ব্যৱস্থা কৰিছে, সামৰ্থ্য ১,১০,০০০ তকৈয়ো অধিকলৈ বৃদ্ধি হৈছে; উন্নত ‘নেভিগেশ্বন’ৰ বাবে ‘কালৰ-কোডিং’ ব্যৱস্থা প্ৰৱৰ্তন কৰে
ৰে'লৱেই ‘মহাকুম্ভ ২০২৫’ৰ নিৰাপত্তা শক্তিশালী কৰিছে: ৫৯০০ নিৰাপত্তা কৰ্মী, ৭৬৪ টা নতুন ‘চিচিটিভি কেমেৰা’ আৰু ‘ড্ৰোন নিৰীক্ষণ’ ব্যৱস্থা মোতায়েন কৰা হৈছে
Posted On:
15 JAN 2025 7:40PM by PIB Guwahati
চলিত মহাকুম্ভলৈ যোৱা ভক্তসকলে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় সেয়া নিশ্চিত কৰিবলৈ ৰে'লৱে’ প্ৰতিশ্ৰুতিবদ্ধ। ৩৪৯ খন নিয়মীয়া ৰে’লৰ উপৰিও সমগ্ৰ দেশৰ ভক্তসকলক প্ৰয়াগৰাজত উপস্থিত হোৱাত সহায় কৰিবলৈ আজি ১৩৭ খন অতিৰিক্ত ৰে’ল চলোৱা হৈছে। প্ৰথম দুদিনত প্ৰয়াগৰাজ ষ্টেশ্যনত মুঠ যাত্ৰীৰ সংখ্যা ১৫ লাখ ৬০ হাজাৰৰ ঘৰ অতিক্ৰম কৰিছে। এই ৰে’লসমূহৰ ভিতৰত আছে কুম্ভত অংশগ্ৰহণ কৰিবলৈ দূৰৱৰ্তী স্থানৰ লোকসকলক অনা ৰে'লৰ লগতে ভক্তসকলক ‘পইণ্ট টু পইণ্ট’ সংযোগ প্ৰদান কৰা ‘ৰিং ৰে'ল সেৱা’ যাতে তেওঁলোকে ওচৰৰ মন্দিৰ চহৰ যেনে চিত্ৰকূট, অযোধ্যা আৰু বাৰাণসীলৈও যাব পাৰে।
ভাৰতীয় ৰে'লৱেই ভক্তসকলৰ সুবিধাৰ বাবে ৪৬ দিনীয়া মহাকুম্ভত ১৩,১০০ খনতকৈয়ো অধিক ৰে'ল চলাচল পৰিচালনা কৰিব বিচাৰিছে। তাৰে ভিতৰত, ১০,০০০ খনৰো অধিক নিয়মীয়া ৰেল আৰু ৩,১০০০ খনৰো অধিক বিশেষ ৰে’ল চলোৱা হৈছে। আগৰ কুম্ভৰ তুলনাত বিশেষ ৰেলৰ সংখ্যা ৪.৫ গুণ বেছি। ইয়াৰ ভিতৰত, ১,৮০০ খন ৰে’ল কম দূৰত্বৰ বাবে আৰু ৭০০ খন ৰেল দীঘলীয়া দূৰত্বৰ বাবে। ভাৰতীয় ৰে’লৱে’ই প্ৰয়াগৰাজক সংযোগ কৰা ৰিং ৰেলৰ জৰিয়তে চাৰিটা পৃথক পথত ৫৬০ খন ৰেল পৰিচালনা কৰি আছে। পথবোৰ হৈছে প্ৰয়াগৰাজ-অযোধ্যা-বাৰাণসী-প্ৰয়াগৰাজ, প্ৰয়াগৰাজ-সংগম, প্ৰয়াগ-জৌনপুৰ-প্ৰয়াগৰাজ, গোবিন্দপুৰী-প্ৰয়াগৰাজ-চিত্ৰকূট-গোবিন্দপুৰী আৰু ঝান্সি-গোবিন্দপুৰী-প্ৰয়াগৰাজ-মানিকপুৰ-চিত্ৰকট-ঝাঁচী পথ।
মহাকুম্ভৰ দ্বিতীয় দিনা, ৩.৫ কোটিতকৈয়ো অধিক ভক্ত কেৱল দেশৰ পৰাই নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰাও মহাকুম্ভ মেলালৈ লানি লাগিছিল। জনতাৰ ভিৰ চম্ভলাৰ বাবে ৰে'লৰ বিভিন্ন সংমণ্ডলে মহাকুম্ভৰ বাবে দেশৰ বিভিন্ন ষ্টেশ্যনৰ পৰা অধিক যোৰা বিশেষ ৰেল চলাই আছে। আগন্তুক দিনকেইটাত ‘মহাকুম্ভ’ৰ বাবে ভূপাল সংমঞ্চলৰ বিভিন্ন ষ্টেশ্যনৰ পৰা ১৫ যোৰাতকৈয়ো অধিক ৰে'ল চলোৱা হ'ব।
যাত্ৰীসকলৰ সুবিধাৰ বাবে, ৰে'লৱেই মহাকুম্ভৰ চৌপাশে ৯টা ৰে’ল ষ্টেশ্যন বিকশিত কৰিছে। প্ৰয়াগৰাজ, ফাফামাউ, ৰামবাগ আৰু ঝুনচি য়াৰ্ড পুনৰ নিৰ্মাণ কৰা হৈছে যাতে প্ৰয়াগৰাজৰ পৰা অধিক ৰেল চলাচল কৰাব পৰা যায়। প্ৰয়াগৰাজ জংচন বহন কৰাৰ বাবে চুবেদাৰগঞ্জ ষ্টেচনক এটা উপগ্ৰহীয় কেন্দ্ৰ হিচাপে বিকশিত কৰা হৈছে যিয়ে কেৱল ২০১৯ চনৰ অন্তিমবাৰৰ কুম্ভত ৪৫% মেলা ভিৰ পৰিচালনা কৰিছিল। প্ৰয়াগৰাজ অঞ্চলৰ ষ্টেশ্যনসমূহত ৭টা নতুন প্লেটফৰ্ম নিৰ্মাণ কৰা হৈছে। এতিয়া প্ৰয়াগৰাজ অঞ্চলৰ ৯টা ষ্টেশ্যনত ৪৮টা প্লেটফৰ্ম উপলব্ধ কৰা হৈছে।
ৰে’লৱে’ই অপেক্ষাৰত যাত্ৰীসকলৰ বাবে পৰ্যাপ্ত ব্যৱস্থা কৰিছে। অঞ্চলটোত ১৭ টা নতুন স্থায়ী যাত্ৰী অশ্ৰয়গৃহ কাৰ্যক্ষম কৰি তোলা হৈছে। এইকেইটাৰ সৈতে ৰে’ল ষ্টেশ্যনত যাত্ৰী অশ্ৰয়গৃহৰ সংখ্যা ২৮টালৈ বৃদ্ধি পাইছে। ফলত এই যাত্ৰী আশ্ৰয়গৃহসমূহৰ ধাৰণ ক্ষমতা ২১,০০০ৰ পৰা এক লাখ দহ হাজাৰতকৈয়ো ওপৰলৈ বৃদ্ধি হৈছে। মহাকুম্ভৰ সময়ত ভক্তসকলৰ বৃহৎ অনুপ্ৰৱেশৰ প্ৰস্তুতিৰ বাবে ৰে'লৱেই বিভিন্ন ষ্টেশ্যনত যাত্ৰী অশ্ৰয়গৃহসমূহৰ বাবে এক প্ৰণালীবদ্ধ কালাৰ-কোডিং আঁচনি প্ৰৱৰ্তন কৰিছে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে নেভিগেশ্যন সুশৃংখল কৰি আৰু নিৰ্ধাৰিত অপেক্ষাক্ষেত্ৰসমূহলৈ উন্নত প্ৰৱেশানুকূলতা সম্ভৱ কৰি যাত্ৰীৰ সুবিধা উন্নত কৰা।
ৰে’ল ষ্টেশ্যনত অতিৰিক্ত শৌচালয় নিৰ্মাণ কৰা হৈছে। প্ৰতিটো ষ্টেশ্যনত পৰ্যাপ্ত খোৱা পানীৰ ব্যৱস্থা আৰু খাদ্যৰ ব্যৱস্থা কৰা হৈছে। সকলো প্ৰতীক্ষাকক্ষ আৰু লাউঞ্জ উন্নীত কৰা হৈছে। প্ৰয়াগৰাজ জংচন আৰু প্ৰয়াগৰাজ ছিঅকীত প্ৰথমবাৰৰ বাবে যাত্ৰীসকলক হুইল চেয়াৰ, লাগেজ ট্ৰলী, হোটেল আৰু টেক্সি বুকিং, ৰে'লত যাত্ৰীসকলক ঔষধ, কেঁচুৱাৰ গাখীৰ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কৰাত সহায় কৰিব।
এই পৰ্যন্ত ভক্ত আৰু ৰে'লৰ চলাচল নিৰাপদ কৰিবলৈ, এনচিআৰ, এনইআৰ আৰু এনআৰ সংমণ্ডলত প্ৰয়াগৰাজ আৰু ইয়াৰ আশে-পাশে থকা নটা ৰে'ল ষ্টেশ্যনত ৩,২০০ আৰপিএফ জোৱানসহ প্ৰায় ৫৯০০ নিৰাপত্তা কৰ্মী মোতায়েন কৰা হৈছে। ৭৬৪টা নতুন চিচিটিভি কেমেৰা স্থাপন কৰা হৈছে যাৰ এতিয়া মুঠ সংখ্যা ১১৮৬ত উপনীত হৈছে। ইয়াত অন্তৰ্ভুক্ত আছে ১১৬টা ‘ফেচ ৰেকগনিশ্বন ছীষ্টেম’ (এফআৰএছ) কেমেৰা যাক দুৰ্বৃত্ত চিনাক্ত কৰিবলৈ প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছে। প্ৰথমবাৰৰ বাবে, ষ্টেশ্যনবোৰলৈ যোৱা পথত ‘ট্ৰেক নিৰীক্ষণ’ আৰু জন-সমাগম নিৰীক্ষণৰ বাবে ‘ড্ৰোন কেমেৰা’ ব্যৱহাৰ কৰা হৈছে।
*****
DT/SK/KB
(Release ID: 2094501)
Visitor Counter : 22