প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডীৰ বাসগৃহত সংক্ৰান্তি আৰু পোংগল উদযাপনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
সমগ্ৰ ভাৰতবৰ্ষৰ মানুহে অতি উদ্যমেৰে সংক্ৰান্তি আৰু পোংগল উদযাপন কৰে: প্ৰধানমন্ত্ৰী
এয়া এক আমাৰ সংস্কৃতিৰ কৃষি পৰম্পৰাত গভীৰভাৱে শিপাই থকা কৃতজ্ঞতা, প্ৰাচুৰ্য আৰু নতুনত্বৰ উদযাপন: প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
13 JAN 2025 9:57PM by PIB Guwahati
আজি প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মন্ত্ৰীসভাৰ সতীৰ্থ শ্ৰীযুত জি কিষাণ ৰেড্ডীৰ বাসগৃহত আয়োজিত সংক্ৰান্তি আৰু পোংগল উদযাপনত অংশগ্ৰহণ কৰে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে সমগ্ৰ ভাৰতবৰ্ষৰ মানুহে সংক্ৰান্তি আৰু পোংগল অতি উলহ মালহেৰে উদযাপন কৰে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয় যে ই আমাৰ সংস্কৃতিৰ কৃষি পৰম্পৰাত গভীৰভাৱে শিপাই থকা কৃতজ্ঞতা, প্ৰাচুৰ্য আৰু নতুনত্বৰ উদযাপন।
প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত এক্সত এটা পোষ্টত উল্লেখ কৰে -
"মোৰ মন্ত্ৰীসভাৰ সতীৰ্থ শ্ৰী জি কিষাণ ৰেড্ডী গাৰুৰ বাসগৃহত আয়োজিত সংক্ৰান্তি আৰু পোংগল উদযাপনত অংশ কৰো। লগতে এক উৎকৃষ্ট সাংস্কৃতিক অনুষ্ঠানৰ সাক্ষী হও।"
সমগ্ৰ ভাৰতবৰ্ষৰ মানুহে অতি উলহ-মালহেৰে সংক্ৰান্তি আৰু পোংগল উদযাপন কৰে। এয়া হৈছে আমাৰ সংস্কৃতিৰ কৃষি পৰম্পৰাত গভীৰভাৱে শিপাই থকা কৃতজ্ঞতা, প্ৰাচুৰ্যতা আৰু নতুনত্বৰ এক অনবদ্য উদযাপন।
সংক্ৰান্তি আৰু পোংগলৰ শুভেচ্ছা জনালো সদৌটিকে। সকলোৰে সুখ সমৃদ্ধি, সুস্বাস্থ্য আৰু আগন্তুক শস্য চপোৱাৰ প্ৰাচুৰ্য কামনা কৰিলোঁ।"
@kishanreddybjp
"সংক্ৰান্তি অনুষ্ঠানৰ কিছু ছবি ইয়াত দিয়া হ'ল। লগতে ভোগী জুই জ্বলালো।"
**********
MJPS/VJ
(रिलीज़ आईडी: 2093471)
आगंतुक पटल : 44
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam