প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘ৰাষ্ট্ৰীয় হালধি পৰিষদ’ স্থাপন কৰাটো অপৰিসীম আনন্দৰ বিষয়, বিশেষকৈ সমগ্ৰ ভাৰতৰ আমাৰ পৰিশ্ৰমী হালধি খেতিয়কসকলৰ বাবে: প্ৰধানমন্ত্ৰী
Posted On:
14 JAN 2025 4:51PM by PIB Guwahati
‘ৰাষ্ট্ৰীয় হালধি পৰিষদ’ স্থাপনৰ পদক্ষেপক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ই হালধি উৎপাদনত উদ্ভাৱন, বিশ্বজোৰা প্ৰচাৰ আৰু মূল্য সংযোজনৰ বাবে উন্নত সুযোগ নিশ্চিত কৰিব।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে ‘এক্স’-ত কৰা এক ‘পোষ্ট’ৰ প্ৰতি সঁহাৰি জনাই শ্ৰী মোদীয়ে কয়:
"ৰাষ্ট্ৰীয় হালধি পৰিষদ স্থাপন কৰাটো অপৰিসীম আনন্দৰ বিষয়, বিশেষকৈ সমগ্ৰ ভাৰতৰ আমাৰ পৰিশ্ৰমী হালধি খেতিয়কসকলৰ বাবে!
ই হালধি উৎপাদনত উদ্ভাৱন, বিশ্বজোৰা প্ৰচাৰ আৰু মূল্য সংযোজনৰ বাবে উন্নত সুযোগ নিশ্চিত কৰিব। ই যোগান শৃংখলা শক্তিশালী কৰিব, কৃষক আৰু গ্ৰাহক উভয়কে একেধৰণে লাভান্বিত কৰিব।"
***
MJPS/SR/KB
(Release ID: 2093444)
Visitor Counter : 13
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam