সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়
সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ বৰ্ষান্ত সমীক্ষা
মন্ত্ৰালয়ে ২০২৪ চনৰ জুলাই মাহত ‘লোক সংবৰ্ধন পৰ্ব’ আয়োজন কৰে, য’ত সমগ্ৰ ভাৰতৰ সংখ্যালঘু শিল্পকাৰসকলৰ থলুৱা কলা, শিল্পকৰ্ম আৰু চহকী সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰা হয়
এনএমডিএফচিয়ে ২৪.৮৪ লাখৰো অধিক হিতাধিকাৰীক ৯,২২৮.১৯ কোটি টকাৰ অধিক বিতৰণ কৰে, য’ত ৮৫ শতাংশতকৈ অধিক হিতাধিকাৰী মহিলা
তীৰ্থযাত্ৰাক উন্নত কৰাৰ বাবে তথ্য প্ৰযুক্তিৰ সুবিধা ল’বলৈ ‘হজ সুবিধা এপ’ আৰম্ভ কৰা হয়; ৪,৫৫৭ গৰাকীতকৈ অধিক মহিলা তীৰ্থযাত্ৰীয়ে মেহৰম অবিহনে তীৰ্থযাত্ৰা কৰে, যিটো এতিয়ালৈকে সৰ্বাধিক সংখ্যা
জিঅ’ পাৰ্চী আঁচনিৰ নিৰ্দেশনা সংশোধিত কৰা হয় আৰু চিকিৎসাৰ বাবে আৰ্থিক সাহায্য বিচৰা পাৰ্চী দম্পতীৰ বাবে পৰ্টেল মুকলি
মন্ত্ৰালয়ে উত্থাপন কৰা ৱাকফ (সংশোধনী) বিধেয়ক, ২০২৪ জেপিচিলৈ প্ৰেৰণ কৰা হয়
Posted On:
28 DEC 2024 8:43AM by PIB Guwahati
সংখ্যালঘুৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ পৰা পৃথক সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰতিষ্ঠা ২০০৬ চনত কৰা হৈছিল। এই মন্ত্ৰালয়ক এই সম্প্ৰদায়সমূহৰ বাবে নীতি প্ৰণয়ন, সমন্বয়, মূল্যায়ন আৰু উন্নয়ন কাৰ্যসূচীসমূহৰ নিৰীক্ষণৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। কেন্দ্ৰীয় চৰকাৰে সংখ্যালঘুৰ অধিকাৰ অধিক সুৰক্ষিত কৰাৰ বাবে ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগ অধিনিয়ম, ১৯৯২ৰ অধীনত ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগ (NCM) প্ৰতিষ্ঠা কৰে। প্ৰথম অৱস্থাত পাঁচটা ধৰ্মীয় সম্প্ৰদায় – বৌদ্ধ, খ্ৰীষ্টান, মুছলমান, পাৰ্চী আৰু শিখ – সংখ্যালঘু হিচাপে অধিসূচিত কৰা হৈছিল। ২০১৪ চনত জৈনসকলকো সংখ্যালঘুৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল। ২০২৪ চনৰ ভিতৰত সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰধান কৃতিত্বসমূহ হ’ল-
প্ৰধানমন্ত্ৰী বিকাশ যোজনা লোক সংবৰ্ধন পৰ্ব
সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে নিজৰ ১০০ দিনীয়া কাৰ্য পৰিকল্পনাৰ অধীনত ২০২৪ চনৰ ১৬ জুলাইৰ পৰা ৩১ জুলাইলৈ নতুন দিল্লীৰ আইএনএৰ দিল্লী হাটত ‘লোক সম্বৰ্ধন পৰ্ব’ৰ আয়োজন কৰিছিল, য’ত সমগ্ৰ ভাৰতৰ সংখ্যালঘু শিল্পকাৰসকলে অংশগ্ৰহণ কৰিছিল। এই মঞ্চই শিল্পকাৰসকলক তেওঁলোকৰ থলুৱা কলা, শিল্পকলা আৰু চহকী সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শনৰ এক অনন্য সুযোগ প্ৰদান কৰিছিল। কেৱল সংখ্যালঘু সম্প্ৰদায়ৰ পৰম্পৰাক প্ৰচাৰ কৰাই নহয়, বৰং শিল্পকাৰসকলৰ বাবে এক উদ্ভাৱনীমূলক আৰু উদ্যোগীকৰণৰ পৰিৱেশ গঢ়ি তোলাৰ বাবেও এই অনুষ্ঠানৰ ৰচনা কৰা হৈছিল। বিপণন, ৰপ্তানি আৰু অনলাইন বাণিজ্য, ডিজাইন, জিএছটি আৰু বিক্ৰী আদিৰ দৰে ক্ষেত্ৰত তেওঁলোকৰ দক্ষতা বৃদ্ধিৰ বাবে মন্ত্ৰালয়ে হস্তশিল্পৰ বাবে ৰপ্তানি প্ৰসাৰ পৰিষদ (ইপিচিএইচ)ৰ সহায়ত দৈনিক কৰ্মশালা অনুষ্ঠিত কৰে। ইয়াৰ ফলত তেওঁলোকৰ প্ৰতিভাক শক্তিশালী কৰাৰ বাবে এক সামগ্ৰিক দৃষ্টিভংগী নিশ্চিত হৈছিল। মন্ত্ৰালয়ৰ মূল জ্ঞান অংশীদাৰ যেনে নেশ্যনেল ইনষ্টিটিউট অৱ ফেশ্বন টেকন’লজি (এনআইএফটি) আৰু নেশ্যনেল ইনষ্টিটিউট অৱ ডিজাইন (এনআইডি) আদিয়েও অংশগ্ৰহণ কৰে আৰু মন্ত্ৰালয়ৰ বিভিন্ন আঁচনিৰ অধীনত তেওঁলোকৰ দ্বাৰা সমৰ্থিত শিল্পকাৰ আৰু তেওঁলোকৰ শিল্পকৰ্মসমূহ প্ৰদৰ্শন কৰে।
এই লোক সংবৰ্ধন পৰ্বত বিভিন্ন সংখ্যালঘু সমুদায়ৰ সৈতে সংযুক্ত ১৬২গৰাকী শিল্পকাৰৰ দ্বাৰা প্ৰস্তুত কৰা বিভিন্ন ৰাজ্যৰ ৭০টাতকৈও অধিক উৎকৃষ্ট হস্তশিল্প আৰু হস্ততাঁত সামগ্ৰী প্ৰদৰ্শন কৰা হয়।
উদ্বোধনী অনুষ্ঠানৰ সময়ত কফি টেবুল বুক মুকলি কৰা হয় আৰু ইয়াৰ জৰিয়তে মন্ত্ৰালয়ৰ উল্লেখযোগ্য কৃতিত্বসমূহ প্ৰচাৰ কৰা হয়। এই সময়ছোৱাত এনএমডিএফচিৰ ঋণ আঁচনিও মুকলি কৰা হয়। এই কাৰ্যসূচীৰ সময়ত হিতাধিকাৰীসকলক ঋণ অনুমোদন পত্ৰ আৰু প্ৰশংসা পদক প্ৰদান কৰা হয়।
কাৰ্যসূচীৰ সময়ত সিংঘী ছাম (সিংহ নৃত্য), মণিপুৰী নৃত্য, ভাংৰা আদি অনুষ্ঠানৰ জৰিয়তে বিভিন্ন সম্প্ৰদায়ৰ চহকী সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰা হয়, যিয়ে দৰ্শকক মনোৰঞ্জন দিয়াই নহয়, বৰং তেওঁলোকে ভাৰতৰ বৈচিত্ৰ্যময় সংস্কৃতিৰ বিষয়েও অৱগত হয়।
অনুষ্ঠানৰ সময়ত কৰা এক সমীক্ষা অনুসৰি, ৭৮ শতাংশ উত্তৰদাতাই এই লোক সংবৰ্ধন পৰ্বত ইতিবাচক বা উৎকৃষ্ট অভিজ্ঞতা লাভ কৰাৰ কথা উল্লেখ কৰে, ইয়াৰ বিপৰীতে প্ৰায় ৯৭ শতাংশই ভৱিষ্যতে মন্ত্ৰালয়ে আয়োজন কৰা এনে কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ ইচ্ছা প্ৰকাশ কৰে।
ৰাষ্ট্ৰীয় সংখ্যালঘু উন্নয়ন আৰু বিত্ত নিগম (এনএমডিএফচি)
ৰাষ্ট্ৰীয় সংখ্যালঘু উন্নয়ন আৰু বিত্ত নিগম (এনএমডিএফচি) হৈছে কোম্পানী অধিনিয়ম ২০১৩ৰ ধাৰা ৮ৰ অধীনত এটা চৰকাৰী নিগম, যি ভাৰত চৰকাৰৰ সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰশাসনিক নিয়ন্ত্ৰণত আছে। এনএমডিএফচিৰ প্ৰতিষ্ঠা সম্পৰ্কীয় ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসন আৰু কেনৰা বেংকৰ দ্বাৰা নিৰ্ধাৰণ কৰা ৰাজ্যিক চেনেলাইজিং সংস্থা (এছচিএ)ৰ জৰিয়তে সংখ্যালঘু সম্প্ৰদায়ৰ মাজত পিছপৰা শ্ৰেণীৰ আৰ্থ-সামাজিক বিকাশক উদ্গনি দিবলৈ কৰা হয়, য’ত বাণিজ্যিক গোট আৰু মহিলাক অগ্ৰাধিকাৰ দিয়া হৈছে। শেহতীয়াকৈ, ইউনিয়ন বেংক অফ ইণ্ডিয়া, ইণ্ডিয়ান বেংক আৰু পঞ্জাৱ গ্ৰামিন বেংকেও ৰিফাইনেন্স মোডত এনএমডিএফচি আঁচনি ৰূপায়ণৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে।
২০২৩-২৪ বিত্তীয় বৰ্ষৰ ভিতৰত, এনএমডিএফচিয়ে ১.৮৪ লাখতকৈ অধিক হিতাধিকাৰীক সামৰি ৭৬৫.৪৫ কোটি টকাৰ ৰেহাইমূলক ঋণ মুকলি কৰে। তদুপৰি, আৰম্ভণিৰ পৰাই এনএমডিএফচিয়ে ২৪.৮৪ লাখতকৈ অধিক হিতাধিকাৰীক ৯,২২৮.১৯ কোটি টকাতকৈ অধিক মূল্যৰ ঋণ প্ৰদান কৰিছে। ইয়াৰে ৮৫ শতাংশতকৈ অধিক হিতাধিকাৰী মহিলা।
এনএমডিএফচিয়ে আবেদনকাৰী, এছচিএ আৰু এনএমডিএফচিৰ মাজত ঋণ একাউণ্টিং প্ৰক্ৰিয়া ডিজিটেলাইজ কৰিবলৈ MILAN-MILAN (Minority Loan Accounting Software for NMDFC) এপ মুকলি কৰিছে। ইয়াৰ লগত এনএমডিএফচিৰ এমআইএছ পৰ্টেলো সংযোজন কৰা হয়, য’ত ১৪.৫৭ লাখ হিতাধিকাৰীৰ তথ্য উপলব্ধ। MILAN মোবাইল এপৰ Android আৰু iOS সংস্কৰণো মুকলি কৰা হৈছে।
হজ যাত্ৰা ২০২৪
ভাৰত চৰকাৰে চৌদি আৰৱৰ জনসাধাৰণ আৰু তাৰ চৰকাৰৰ সক্ৰিয় সমৰ্থন আৰু সহযোগিতাৰে যোৱা কিছু বছৰত হজ যাত্ৰা ব্যৱস্থাপনাৰ এক শক্তিশালী, ফলপ্ৰসূ আৰু কাৰ্যক্ষম ব্যৱস্থা গঢ়ি তুলিছে। হজ ২০২৪ৰ সময়ছোৱাত, সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ লগতে ভাৰতৰ হজ কমিটি আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে মিলি হজ যাত্ৰাৰ সফলতা সুনিশ্চিত কৰিবলৈ নিৰৱচ্ছিন্নভাৱে সহযোগিতা কৰে।
হজ ২০২৪ৰ উল্লেখযোগ্য দিশসমূহ হ’ল-
i) হজ যাত্ৰাৰ অভিজ্ঞতা উন্নত কৰিবলৈ তথ্য প্ৰযুক্তিৰ সুবিধা ল'বলৈ ‘হজ সুবিধা এপ’ লঞ্চ কৰা হয়। এই এপটোৱে দায়িত্ব আৰোপিত বিষয়া আৰু খাদিম-উল-হুজাজৰ বাবে এটা প্ৰশাসনিক আন্তঃপৃষ্ঠ প্ৰদান কৰে, যিয়ে বাস্তৱ সময়ৰ নিৰীক্ষণ আৰু জৰুৰীকালীন প্ৰক্ৰিয়াত সহায় কৰে। ই উন্নত সমন্বয় আৰু জবাবদিহিতাও নিশ্চিত কৰে। হজ যাত্ৰীসকলে এই এপটো ব্যৱহাৰ কৰি প্ৰশিক্ষণ সামগ্ৰী, আৱাস আৰু বিমানৰ সবিশেষ, লাগেজৰ তথ্য, জৰুৰীকালীন হেল্পলাইন (SOS), অভিযোগ নিৰাময়, প্ৰতিক্ৰিয়া, ভাষা অনুবাদ আৰু বিভিন্ন ভ্ৰমণ সম্পৰ্কীয় তথ্য লাভ কৰিব পাৰে। এই বছৰ ৯ হাজাৰৰো অধিক অভিযোগ আৰু ২০০০ৰো অধিক এছঅ’এছ গোচৰৰ সমাধান কৰা হয়।
ii) ৪,৫৫৭গৰাকীতকৈ অধিক মহিলা হজ যাত্ৰীয়ে মেহৰম অবিহনে (মেহৰম অবিহনে মহিলা) হজ পালন কৰে, যিটো এতিয়ালৈকে সৰ্বাধিক।
iii) হজ যাত্ৰীসকলৰ সেৱাৰ বাবে প্ৰতিনিধি সন্দৰ্ভত ২৬৪জন প্ৰশাসনিক বিষয়া, ৩৫৬জন চিকিৎসা বিষয়া, ১৫০০জন ঋতুভিত্তিক কৰ্মচাৰী আৰু ৬৪১জন খাদিম-উল-হুজ্জাজক প্ৰতিনিধি হিচাপে নিয়োগ কৰা হয়। ভাৰতীয় হজ যাত্ৰীসকলৰ সামগ্ৰিক হজৰ অভিজ্ঞতা উন্নত কৰাৰ বাবে খাদিম-উল-হুজ্জাজৰ সংখ্যা আৰু প্ৰতিনিধিৰ সংখ্যা যথেষ্ট বৃদ্ধি কৰা হৈছে।
iv) হজ যাত্ৰীসকলক ৫৬৪ হজ গোটৰ আয়োজকেও সেৱা আগবঢ়ায়।
v) চিকিৎসা অভিযান বিশেষভাৱে প্ৰভাৱশালী হয়। এইবাৰ ৩,৭৪,৬১৩জন ৰোগীৰ চিকিৎসা কৰা হয়, ৩,৫১,৪৭৩জন অ’পিডি ৰোগীক চোৱা হয় আৰু ১৯,৯৬২ মোবাইল ভিজিট আয়োজন কৰা হয়। ইয়াৰ উপৰিও, ৩,১৭৮গৰাকী হজ যাত্ৰীক চিকিৎসাৰ সময়ত সেৱা আগবঢ়োৱা হয়।
vi) চৌদি আৰৱত চিকিৎসা অভিযানৰ আন্তঃগাঁথনিত মক্কাত ১৪খন শাখা ঔষধালয় আৰু ৩খন চিকিৎসালয় আৰু মদিনাত ২খন শাখা ঔষধালয় আৰু এখন চিকিৎসালয় অন্তৰ্ভুক্ত আছিল। তালৈ হজ যাত্ৰী কঢ়িয়াই নিয়াৰ বাবে ২৪খন এম্বুলেন্স ২৪ ঘণ্টাই উপলব্ধ আছিল। লগতে মহিলা হজ যাত্ৰী আৰু মেহৰম নথকাসকলৰ বাবে নিৰ্দিষ্ট সুবিধাও আছিল। উচ্চ বিপদজনক গোট আৰু অকলশৰীয়া হজ যাত্ৰীৰ বাবে বিশেষ টাস্ক ফ’ৰ্চ মোতায়েন কৰা হৈছিল।
জিঅ’ পাৰ্চী আঁচনি
Jio Parsi Scheme পাৰ্চী জনগোষ্ঠীৰ জনসংখ্যা হ্ৰাস পোৱা ঘটনাক ৰোধ কৰিবলৈ কেন্দ্ৰীয় খণ্ডৰ এক বিশেষ আঁচনি। এই আঁচনি ২০১৩-১৪ চনত আৰম্ভ কৰা হৈছিল। এই আঁচনিৰ উদ্দেশ্য হৈছে বৈজ্ঞানিক প্ৰট’কল আৰু বিশেষ কাৰ্যসূচী গ্ৰহণ কৰি পাৰ্চী জনসংখ্যাৰ হ্ৰাস পোৱা ধাৰাক ৰোধ কৰা, তেওঁলোকৰ জনসংখ্যা সুস্থিৰ কৰা আৰু ভাৰতত পাৰ্চীসকলৰ জনসংখ্যা বৃদ্ধি কৰা।
এই আঁচনিখনৰ তিনিটা উপাদান আছে:
চিকিৎসা সাহায্যঃ প্ৰজনন সম্পৰ্কীয় ৰোগৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰা।
সম্প্ৰদায়ৰ স্বাস্থ্য: পাৰ্চী দম্পতীক তেওঁলোকৰ পৰিয়ালৰ নিৰ্ভৰশীল বৃদ্ধ সদস্য আৰু সন্তানৰ যত্নৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰা।
পোষকতা: পাৰ্চী সম্প্ৰদায়ৰ মাজত পৰামৰ্শ আৰু সমাজৰ প্ৰতিজন ব্যক্তিৰ ওচৰলৈ যাবলৈ কাৰ্যসূচী আয়োজন কৰা।
এই আঁচনিখন ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত সংশোধন কৰা হৈছে আৰু সংশোধিত নিৰ্দেশনা মন্ত্ৰালয়ৰ ৱেবছাইটত উপলব্ধ।
মন্ত্ৰালয়ে চিকিৎসা উপাদানৰ অধীনত আৰ্থিক সাহায্য বিচৰা পাৰ্চী দম্পতীৰ বাবে এটা পৰ্টেল মুকলি কৰিছে। এই পৰ্টেলে হিতাধিকাৰীসকলক আবেদন কৰা আৰু তেওঁলোকৰ আবেদন অনুসৰণ কৰিবলৈ সুবিধা আৰু সুলভতা প্ৰদান কৰে। এই পৰ্টেলে দ্ৰুত সিদ্ধান্ত গ্ৰহণ সক্ষম কৰে। এই পৰ্টেলটোত মন্ত্ৰালয়ৰ ৱেবছাইটৰ জৰিয়তে প্ৰৱেশ কৰিব পাৰিব।
ৱাকফ
সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে ০৮-০৮-২০২৪ তাৰিখে লোকসভাত ৱাকফ (সংশোধনী) বিধেয়ক, ২০২৪ উত্থাপন কৰে। ইয়াৰ পিছতে, বিধেয়কখন সংসদৰ যুটীয়া সমিতি (জেপিচি)লৈ প্ৰেৰণ কৰা হৈছে। জেপিচিৰ কাম হৈছে এই বিধেয়কখন পৰীক্ষা কৰা তথা বাজেট অধিৱেশনৰ অন্তিম দিনটোৰ ভিতৰত সংসদক এই বিধেয়কখনৰ ওপৰত প্ৰতিবেদন দাখিল কৰা।
**********
SS/PRK
(Release ID: 2089502)
Visitor Counter : 12