কেবিনেট
                
                
                
                
                
                    
                    
                        কেবিনেটে কৃষকসকললৈ সুলভ মূল্যত ডিএপিৰ বহনক্ষম উপলব্ধতা নিশ্চিতকৰণৰ অৰ্থে ১ জানুৱাৰীৰপৰা পৰৱৰ্তী নিৰ্দেশনালৈকে এনবিএছ ৰাজসাহায্যৰ বাহিৰেও ডাই-এমোনিয়াম ফছফেট (DAP)ৰ এক-কালীন বিশেষ পেকেজৰসম্প্ৰসাৰণত অনুমোদন জনায়
                    
                    
                        
                    
                
                
                    Posted On:
                01 JAN 2025 3:28PM by PIB Guwahati
                
                
                
                
                
                
                প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে কৃষকসকললৈ সুলভ মূল্যত ডিএপিৰ বহনক্ষম উপলব্ধতা নিশ্চিতকৰণৰ অৰ্থে১ জানুৱাৰীৰপৰা পৰৱৰ্তী নিৰ্দেশনালৈকেএনবিএছ ৰাজসাহায্য প্ৰতি মেট্ৰিক টনত (MT)৩,৫০০ টকাৰ বাহিৰেও ডাই-এমোনিয়াম ফছফেট (DAP)ৰ এক-কালীন বিশেষ পেকেজ সম্প্ৰসাৰণৰ বাবে সাৰ বিভাগৰ প্ৰস্তাৱত অনুমোদন জনাইছে। ইয়াৰ বাবে সম্ভাৱ্য বাজেটৰ প্ৰয়োজনীয়তা প্ৰায় ৩,৮৫০ কোটি টকাপৰ্য্যন্ত হ’ব পাৰে।
পটভূমিঃ
কৃষকসকললে২৮ গ্ৰেডৰ পিএণ্ডকে সাৰ সাৰ উৎপাদনকাৰী/আমদানিকাৰীৰ জৰিয়তে ৰাজসাহায্যযুক্ত মূল্যত লাভ কৰিব।কৃষকসকলে ২০১০ৰ ১ এপ্ৰিলৰপৰা কাৰ্য্যকৰী হোৱাএনবিএছ আঁচনিৰ জৰিয়তেপিএণ্ডকে সাৰৰ ওপৰত ৰাজসাহায্য লাভ কৰি আহিছে। কৃষকৰ কল্যাণ সাধনত দৃঢ় মনোযোগ অক্ষুণ্ণৰে তেওঁলোকক শীৰ্ষ সৰ্বাধিক অগ্ৰাধিকাৰ প্ৰদান কাৰ্য্য অব্যাহত ৰাখি ভাৰত চৰকাৰে ডাই-এমোনিয়াম ফছফেট (DAP) সাৰৰ মূল্য অপৰিৱৰ্তিত ৰাখি কৃষকসকলক ব্যাপক সকাহ প্ৰদান কৰিছে। ভূ-ৰাজনৈতিক বাধা আৰু বিশ্বৰ অস্থিৰ বজাৰ পৰিস্থিতিৰ মাজতো চৰকাৰে ২০২৪-২৫ খাৰিফ আৰু ৰবিৰ বাবে সুলভ মূল্যত কৃষকসকললৈ ডিএপিৰ উপলব্ধতা নিশ্চিতকৰণেৰে কৃষক অনুকূল পদ্ধতিৰ প্ৰতি ইয়াৰ দায়বদ্ধতা অক্ষুণ্ণ ৰাখিছে। কেবিনেটে ২০২৪ৰ জুলাইত ২০২৪ৰ ১ এপ্ৰিলৰপৰা ৩১ ডিচেম্বৰলৈ এনবিএছ ৰাজসাহায্য প্ৰতি মেট্ৰিক টনত৩,৫০০ টকাৰ বাহিৰেও ডিএপিৰ ওপৰত এক-কালীন বিশেষ পেকেজত অনুমোদন জনাইছিল আৰু ইয়াৰ আনুমানিক বাজেট আছিল ২,৬২৫ কোটি টকা। আজি (১-১-২০২৫) অনুষ্ঠিত কেবিনেট বৈঠকে আনুমানিক ৩৮৫০ কোটি টকাৰবাজেট পৰ্য্যন্ত ডিএপিৰ বিশেষ পেকেজ সম্প্ৰসাৰিত কৰিবলৈ অনুমোদন জনাইছে। ইয়াৰ লগে-লগে ২০২৪ৰ এপ্ৰিলৰপৰা ডিএপিৰ বাবে অনুমোদিত বিশেষ পেকেজৰ মুঠ পৰিমাণ ৬,৪৭৫ কোটি টকাৰো অধিক হ’ব। এই পদক্ষেপে কৃষকসকললৈ সুলভ মূল্যত ডিএপিৰ উপলব্ধতা নিশ্চিত কৰিব।
লাভা-লাভঃকৃষকসকললৈ ৰাজসাহায্যযুক্ত, সুলভ আৰু যুক্তিসংগত মূল্যত ডিএপিৰ উপলব্ধতা নিশ্চিত হ’ব।
ৰূপায়ণৰ কৌশল আৰু লক্ষ্যঃ২০২৫ৰ ১ জানুৱাৰীৰপৰা পৰৱৰ্তী নিৰ্দেশনা লাভনকৰালৈকেকৃষকসকললৈ সুলভ মূল্যত ডিএপি সাৰৰ সুচল উপলব্ধতা নিশ্চিতকৰণৰ অৰ্থে অনুমোদিত এনবিএছ ৰাজসাহায্যইডিএপিতপ্ৰতি মেট্ৰিক টনত৩,৫০০ টকাৰ বিশেষ পেকেজ আগবঢ়াব। 
***
MJPS/BM/SB 
 
                
                
                
                
                
                (Release ID: 2089420)
                Visitor Counter : 78
                
                
                
                    
                
                
                    
                
                Read this release in: 
                
                        
                        
                            Nepali 
                    
                        ,
                    
                        
                        
                            English 
                    
                        ,
                    
                        
                        
                            Urdu 
                    
                        ,
                    
                        
                        
                            हिन्दी 
                    
                        ,
                    
                        
                        
                            Marathi 
                    
                        ,
                    
                        
                        
                            Bengali 
                    
                        ,
                    
                        
                        
                            Manipuri 
                    
                        ,
                    
                        
                        
                            Punjabi 
                    
                        ,
                    
                        
                        
                            Gujarati 
                    
                        ,
                    
                        
                        
                            Odia 
                    
                        ,
                    
                        
                        
                            Tamil 
                    
                        ,
                    
                        
                        
                            Telugu 
                    
                        ,
                    
                        
                        
                            Kannada 
                    
                        ,
                    
                        
                        
                            Malayalam