ক'অপাৰেশ্বন মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ২৫ ডিচেম্বৰত নতুন দিল্লীত অনুষ্ঠিতব্য এখনি ৰাষ্ট্ৰীয় সন্মিলনত ১০,০০০ৰো অধিক এম-পেকছ, দুগ্ধ আৰু মীন সমবায় সমিতি ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব

শ্ৰী অমিত শ্বাহে নৱগঠিত সমবায় সমিতিসমূহক পঞ্জীয়নৰ প্ৰমাণ পত্ৰ, ৰুপে কিষাণ ক্ৰেডিট কাৰ্ড (KCC) আৰু মাইক্ৰ’ এটিএম বিতৰণ কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমবায় মন্ত্ৰালয় প্ৰতিটো পঞ্চায়ততে সমবায় সমিতি প্ৰতিষ্ঠা সুনিশ্চিতকৰণৰ বাবে অংগীকাৰবদ্ধ, যিয়ে স্থানীয় পৰ্য্যায়ত উন্নয়ন আৰু আত্ম-নিৰ্ভৰতাৰ সুযোগ প্ৰদান কৰিব

নৱগঠিত এম-পেকছসমূহে গ্ৰামাঞ্চলত আত্ম-নিৰ্ভৰশীলতা আৰু অৰ্থনৈতিক সবলীকৰণক প্ৰোৎসাহিতকৰণৰ ক্ষেত্ৰত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব

এম-পেকছসমূহে কেৱল বিত্তীয় সেৱা প্ৰদানেই নহয়, বৰঞ্চ গ্ৰাম্য সমাজসমূহক একত্ৰিত হৈ সহযোগিতামূলকভাৱে কাম কৰাৰ এক মঞ্চও প্ৰদান কৰিব

এই সন্মিলনত কৃষক আৰু গ্ৰাম্য সমাজৰ জীৱিকা সুস্থিৰ কৰি তোলা, তেওঁলোকক আয়ৰ অতিৰিক্ত উৎস প্ৰদান আৰু বহনক্ষম কৃষি পদ্ধতিক প্ৰোৎসাহিতকৰণৰ সুযোগ সম্পৰ্কেও আলোচনা কৰা হ’ব

Posted On: 24 DEC 2024 3:16PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে অহা ২৫ ডিচেম্বৰ, বুধবাৰে নতুন দিল্লীস্থিত আইচিএআৰ কনভেনচন চেন্টাৰত সমবায় ৰাষ্ট্ৰীয় সন্মিলনৰ সময়ত ১০,০০০ৰো অধিক নতুনকৈ প্ৰতিষ্ঠা কৰা বহুমুখী প্ৰাথমিক কৃষি সমবায় সমিতি (M-PACS), দুগ্ধ আৰু মীন সমবায় সমিতি ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। শ্ৰী অমিত শ্বাহে নৱগঠিত সমবায় সমিতিসমূহক পঞ্জীয়নৰ প্ৰমাণ পত্ৰ, ৰুপে কিষাণ ক্ৰেডিট কাৰ্ড (KCC) আৰু মাইক্ৰ’ এটিএম বিতৰণ কৰিব। পঞ্চায়তসমূহত ঋণ সেৱাৰ সহজ সুবিধা প্ৰদান আৰু বিত্তীয় অন্তৰ্ভুক্তিক প্ৰোৎসাহিতকৰণৰ অৰ্থে এই বিত্তীয় আহিলাসমূহৰ ব্যৱস্থা কৰা হৈছে, যাতে গ্ৰামাঞ্চলৰ জনসাধাৰণে ভিন্ন আঁচনিৰ জৰিয়তে উপকৃত হ’ব পাৰে আৰু ৰাষ্ট্ৰৰ অৰ্থনৈতিক প্ৰগতিৰ যাত্ৰাত অংশগ্ৰহণ কৰিব পাৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ তথা পঞ্চায়তীৰাজ দপ্তৰৰ মন্ত্ৰী শ্ৰী ৰাজীৱ ৰঞ্জন সিং ওৰফে লালন সিংৰ লগতে কেইবাজনো উচ্চপদস্থ বিষয়া আৰু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ তত্বাৱধানত সমবায় মন্ত্ৰালয় প্ৰতিটো পঞ্চায়ততে সমবায় সমিতি প্ৰতিষ্ঠা সুনিশ্চিতকৰণেৰে স্থানীয় উন্নয়ন আৰু আত্ম-নিৰ্ভৰশীলতাৰ সুযোগ সৃষ্টি কৰিবলৈ অংগীকাৰবদ্ধ।

নতুন এম-পেকছ গঠনে গ্ৰামাঞ্চলসমূহত সমবায় প্ৰতিষ্ঠানসমূহৰ বিকাশত সহায় কৰিব। নতুনকৈ স্থাপন কৰা বহুমুখী পেকছসমূহৰ ভিতৰত আছে ঋণ সমিতি, দুগ্ধ সমবায় আৰু মীন সমবায়।

কেন্দ্ৰীয় সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে সমবায় সমিতিসমূহৰ জৰিয়তে স্থানীয় সমাজ বিশেষকৈ মহিলা-নেতৃত্বাধীন পঞ্চায়তসমূহক সবলীকৰণত গুৰুত্ব আৰোপ কৰিছে। নতুনকৈ প্ৰতিষ্ঠা হোৱা এম-পেকছে গ্ৰামাঞ্চলত আত্ম-নিৰ্ভৰশীলতা আৰু অৰ্থনৈতিক সবলীকৰণৰ ক্ষেত্ৰত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।

এই সমিতিসমূহে কেৱল বিত্তীয় সেৱা প্ৰদানেই নহয়, বৰঞ্চ গ্ৰাম্য সমাজসমূহক একত্ৰিত হৈ সহযোগিতামূলকভাৱে কাম কৰাৰ এক মঞ্চও প্ৰদান কৰিব।

শেহতীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ত্ৰিপুৰা ভ্ৰমণৰ সময়ত কৈছিল যে উত্তৰ-পূৰ্বাঞ্চলকে প্ৰমুখ্য কৰি সমগ্ৰ দেশতে সমবায় প্ৰতিষ্ঠানসমূহ সুদৃঢ়কৰণত যথেষ্ট গুৰুত্ব প্ৰদান কৰা হৈছে। শ্ৰী শ্বাহে বিশ্বাস কৰে যে সমবায় খণ্ড ভাৰতৰ গ্ৰাম্য অৰ্থনীতিৰ মেৰুদণ্ড আৰু ই বিত্তীয় অন্তৰ্ভুক্তি, কৃষি আৰু কুটিৰ উদ্যোগৰ বিকাশ, কৰ্ম-সংস্থাপন সৃষ্টি আৰু নাৰী তথা সামগ্ৰিকভাৱে সমাজ সবলীকৰণৰ বাবে এক মূল চালিকাশক্তি হিচাপে কাম কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ তত্বাৱধানত ২০২১ৰ জুলাইত সমবায় মন্ত্ৰালয় প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ প্ৰতিষ্ঠা সমবায় খণ্ডৰ মূল প্ৰতিষ্ঠান, প্ৰাথমিক কৃষি ঋণ সমিতিক (PACS) পুনৰুজ্জীৱিতকৰণৰ দিশত এটি উল্লেখযোগ্য পদক্ষেপ হিচাপে বিবেচিত হৈছে।

পেকছসমূহক আৰ্থিক সহায় আগবঢ়াবলৈ নতুন আৰ্হি উপ-বিধিৰ প্ৰৱৰ্তন কৰা হৈছে তথা ইয়াৰ কাৰ্য্যক্ষমতা আৰু বহনক্ষমতা নিশ্চিত কৰিবলৈ এইসমূহৰ কাৰ্য্যকলাপক সম্প্ৰসাৰিত কৰা হৈছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ "সহকাৰ ছে সমৃদ্ধি" দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আগন্তুক পাঁচ বছৰৰ ভিতৰত সমগ্ৰ দেশৰ প্ৰতিটো পঞ্চায়ততে এটা সমবায় প্ৰতিষ্ঠান স্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

ইয়াৰ অৰ্থে ২০২৪ৰ ছেপ্টেম্বৰত বহুমুখী পেকছ (M-PACS) গঠনৰ বাবে ‘মাৰ্গদৰ্শিকা’ জাৰি কৰা হৈছিল।এই মাৰ্গদৰ্শিকাখন ৰাষ্ট্ৰজুৰি স্থাপন হ’বলগীয়া দুই লাখ নতুন এম-পেকছৰ ফলপ্ৰসূ কাৰ্য্যকলাপ নিশ্চিতকৰণৰ বাবে যুগুত কৰা হৈছে।

এতিয়ালৈকে নৱ-গঠিত ১০,৪৯৬ বহুমুখী পেকছ, দুগ্ধ আৰু মীন সমবায়ৰ ভিতৰত ৩,৫২৩ এম-পেকছ আৰু ৬,২৮৮ দুগ্ধ সমবায় পঞ্জীয়নভুক্ত হৈছে। ইয়াৰ উপৰিও ৬৮৫ নতুন মীন সমবায়ো পঞ্জীয়নভুক্ত হৈছে।

ৰাষ্ট্ৰীয় সন্মিলনত এম-পেকছ, দুগ্ধ আৰু মীন সমবায়সমূহৰ প্ৰতিনিধিসকলকে প্ৰমুখ্য কৰি সমগ্ৰ দেশৰ প্ৰায় ১,২০০ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। ইয়াৰ ভিতৰত এম-পেকছৰ ৪০০, সমবায় দুগ্ধ প্ৰতিষ্ঠানৰ ৭০০ আৰু মীন সমবায়ৰ ১০০ জন প্ৰতিনিধিৰ লগতে ৰাজ্য চৰকাৰ, সমবায় মন্ত্ৰালয় আৰু ভিন্ন সম্পৰ্কীয় সংস্থাসমূহৰ বিষয়াসকলেও ভাগ ল’ব।

এই সন্মিলনত নৱ-গঠিত সমবায় সমিতিসমূহৰ কাৰ্য্যকৰী সামৰ্থ্য বৃদ্ধিৰ কৌশল সম্পৰ্কে আলোচনা কৰা হ’ব। ইয়াৰ উপৰিও কৃষক আৰু গ্ৰাম্য সমাজসমূহৰ জীৱিকা সুস্থিৰ কৰা, তেওঁলোকক অতিৰিক্ত আয়ৰ উৎস প্ৰদান কৰা আৰু বহনক্ষম কৃষি পদ্ধতিক প্ৰোৎসাহিতকৰণৰ সুযোগ সম্পৰ্কেও আলোচনা কৰা হ’ব।

***

RK/VV/PR/PS/SB


(Release ID: 2087665) Visitor Counter : 19