গৃহ মন্ত্ৰালয়
ত্ৰিপুৰাৰ আগৰতলাত উত্তৰ-পূব পৰিষদৰ ৭২সংখ্যক পূৰ্ণাংগ বৈঠকত ভাষণ কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীয়ে নিজৰ দৃষ্টিভংগী আৰু সংবেদনশীলতাৰে উত্তৰ-পূৰ্বাঞ্চলক উন্নয়নৰ কেন্দ্ৰবিন্দুত পৰিণত কৰিছে
উত্তৰ-পূবৰ ৰাজ্যসমূহৰ সকলো সমস্যা সমাধানৰ বাবে সদায়েই কাষত আছে মোদী চৰকাৰ
উত্তৰ-পূব পৰিষদে বিভিন্ন খণ্ডৰ প্ৰয়োজন আৰু প্ৰত্যাহ্বান চিনাক্ত কৰি ফলপ্ৰসূ সমাধানৰ বাবে কাম কৰাৰ লগতে উন্নয়নৰ দিশ নিৰ্ধাৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে
উত্তৰ-পূর্বাঞ্চলৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰি এই অঞ্চলটোক ভাৰতৰ বাকী অংশৰ সমতুল্য কৰি তোলাটোৱেই মোদী চৰকাৰৰ লক্ষ্য
‘এক্ট ইষ্ট, এক্ট ফাষ্ট এণ্ড এক্ট ফাৰ্ষ্ট’ মন্ত্ৰ কাৰ্যকৰী কৰিছে মোদী চৰকাৰে
উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে আৰক্ষীৰ পন্থা, প্ৰশিক্ষণ আৰু কেন্দ্ৰবিন্দু সলনি কৰি আৰক্ষী বাহিনীৰ সংস্কৃতি আৰু দিশৰ পৰিৱৰ্তন ঘটাবলৈ প্ৰচেষ্টা চলোৱা উচিত
যোৱা ১০ বছৰত উত্তৰ-পূবত হিংসাত্মক ঘটনাৰ ৭১% হ্ৰাস আৰু সাধাৰণ নাগৰিকৰ মৃত্যুৰ হাৰ ৮৬% হ্ৰাস পোৱাৰ লগতে ১০,৫৭৪ জন বিদ্ৰোহীয়ে আত্মসমৰ্পণ কৰিছে
মোদী চৰকাৰে বিভিন্ন শান্তি চুক্তিৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলত শান্তি প্ৰতিষ্ঠা কৰাত সফলতা অৰ্জন কৰিছে
উত্তৰ-পূবৰ প্ৰতিজন নাগৰিকক স
Posted On:
21 DEC 2024 6:47PM by PIB Guwahati
ত্ৰিপুৰাৰ আগৰতলাত আজি উত্তৰ-পূব পৰিষদৰ ৭২সংখ্যক পূৰ্ণাংগ অধিবেশনত কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ভাষণ প্ৰদান কৰে। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য এম সিন্দিয়া, ত্ৰিপুৰাৰ ৰাজ্যপাল শ্ৰী ইন্দ্ৰসেনা ৰেড্ডী নল্লু, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী অধ্যাপক (ড°) মাণিক সাহা আৰু কেন্দ্ৰীয় গৃহ সচিব শ্ৰী গোবিন্দ মোহন উপস্থিত থাকে। বৈঠকত অৰুণাচলপ্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ছিকিমৰ ৰাজ্যপালসকল, অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, নাগালেণ্ড আৰু ছিকিমৰ মুখ্যমন্ত্ৰীসকল, মেঘালয়ৰ সম্প্ৰদায় আৰু গ্ৰামোন্নয়নৰ বিভাগৰ মন্ত্ৰীগৰাকীৰ লগতে কেইবাগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
এই উপলক্ষে ভাষণ প্ৰসংগত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১০ বছৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে অতি গুৰুত্বপূৰ্ণ। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে যিদৰে এই অঞ্চলটোক বিশ্বৰ কেন্দ্ৰবিন্দুত পৰিণত কৰিছে, যিটো সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক পৰিৱৰ্তনশীল। শ্ৰী শ্বাহে কয় যে দীৰ্ঘদিন ধৰি এই অঞ্চলটো দিল্লীৰ বাবে কেৱল ভাষণৰ বিষয় আছিল, কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ দৃষ্টিভংগী আৰু সংবেদনশীলতাৰে এই অঞ্চলটোক উন্নয়নৰ কেন্দ্ৰবিন্দুত পৰিণত কৰিছে। তেওঁ কয় যে যোৱা ১০ বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ আন্তঃগাঁথনিৰ অভূতপূৰ্ব উন্নয়নৰ বাবে কেৱল ভৌতিক দূৰত্ব হ্ৰাস পোৱাই নহয়, প্ৰধানমন্ত্ৰী মোদীয়ে এই অঞ্চল আৰু দিল্লীৰ জনসাধাৰণৰ হৃদয়ৰ দূৰত্বতো সেতুবন্ধনৰ কাম কৰিছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে নিজেই উত্তৰ-পূৰ্বাঞ্চলক অগ্ৰাধিকাৰ দিছিল বাবেই স্বাভাৱিকতে সমগ্ৰ কেন্দ্ৰীয় চৰকাৰৰ অগ্ৰাধিকাৰ ক্ষেত্ৰ হৈ পৰিছিল। তেওঁ কয় যে আজি আমাৰ উত্তৰ-পূৰ্বাঞ্চল বহু বৈচিত্ৰ্যৰ মাজতো উন্নয়নৰ পথত আগবাঢ়িছে। তেওঁ কয় যে ১০ বছৰ পূৰ্বে অঞ্চলটোৰ ২০০ৰো অধিক জনজাতীয় গোট আৰু ১৯৫টাতকৈও অধিক উপভাষা আৰু ভাষা এক প্ৰকাৰে আমাৰ দুৰ্বলতা হৈ পৰিছিল, যাৰ ফলত বিভিন্ন ধৰণৰ সংঘাতৰ সৃষ্টি হৈছিল। শ্ৰী শ্বাহে কয় যে আজি আমি যেতিয়া পিছলৈ ঘূৰি চাওঁ তেতিয়া সেই দুৰ্বলতাক শক্তি আৰু ক্ষমতালৈ ৰূপান্তৰিত কৰাৰ কাম প্ৰধানমন্ত্ৰী শ্ৰী মোদী জীয়ে কৰিছে। যাৰ জৰিয়তে ই সমগ্ৰ বিশ্বৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে আৰু ১৯৫টাতকৈও অধিক উপভাষা আৰু ভাষাই উত্তৰ-পূবক বিশ্বৰ ৩৬টা জৈৱ-বৈচিত্ৰ্যৰ হটস্পটৰ ভিতৰত অন্যতম কৰি তোলাত অৰিহণা যোগাইছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে কেৱল উত্তৰ-পূৰ্বাঞ্চলত ৭৫০০ৰো অধিক প্ৰজাতিৰ ফুলৰ লগতে বিভিন্ন প্ৰকাৰৰ বন্যপ্ৰাণী আৰু জলসম্পদ আছে। এই প্ৰাকৃতিক বৈচিত্ৰ্যসমূহ সংৰক্ষণ কৰি অঞ্চলটোক পছন্দৰ পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰাৰ বাবে বিগত ১০ বছৰ ধৰি মোদী চৰকাৰে উল্লেখযোগ্য প্ৰচেষ্টা চলাইছে।
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰীয়ে কয় যে মোদী চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলত শান্তি প্ৰতিষ্ঠাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাম সম্পন্ন কৰিছে। বিগত ১০ বছৰত কেইবাখনো শান্তি চুক্তি স্বাক্ষৰিত হৈ প্ৰায় ১০,৫৭৪ জন সশস্ত্ৰ যুৱকে আত্মসমৰ্পণ কৰি মূলসুঁতিত যোগদান কৰি উত্তৰ-পূৰ্বাঞ্চললৈ শান্তি ঘুৰাই আনি উন্নয়নৰ ভেটি স্থাপন কৰিছে। তেওঁ লগতে সমগ্ৰ দেশৰ কথা উল্লেখ কৰি কয় যে বিশ্বই এতিয়া মোদী জীৰ ‘অষ্টলক্ষ্মী’ ধাৰণাক মানি লৈছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে আজি সমগ্ৰ দেশে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিজন ব্যক্তি আৰু ৰাজ্যৰ বাবে সমৃদ্ধি বিচাৰে যাতে উত্তৰ-পূবে দেশৰ উন্নয়নত অৰিহণা যোগাই থাকে। তেওঁ কয় যে মোদী চৰকাৰৰ ১০ বছৰত এনে বৈচিত্ৰ্যৰে উন্নয়নৰ পথত আগবাঢ়ি যাবলৈ সকলো ধৰণৰ ভেটিৰ গাঁথনি গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে লগতে কয় যে এতিয়া ইয়াৰ আধাৰতে উন্নয়নৰ এক শক্তিশালী, উন্নত আৰু সৰ্বাংগীন আন্তঃগাঁথনি গঢ়ি তোলাৰ সময় আহি পৰিছে। তেওঁ কয় যে চৰকাৰে সদায় উত্তৰ-পূবক অগ্ৰাধিকাৰ দি আহিছে আৰু মোদী চৰকাৰৰ লক্ষ্য হৈছে এই অঞ্চলটোক ইয়াৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰি ভাৰতৰ বাকী অংশৰ সমতুল্য কৰি তোলা। শ্ৰী শ্বাহে উল্লেখ কৰে যে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীৰ চৰকাৰৰ দিনত ড’নাৰ (উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন) মন্ত্ৰালয় প্ৰতিষ্ঠা কৰা হৈছিল। মোদী জীয়ে সমগ্ৰ কেবিনেটক উত্তৰ-পূব ভ্ৰমণ কৰি তাত নিশা কটাবলৈ আহ্বান জনাইছিল, যাৰ ফলত কেন্দ্ৰীয় মন্ত্ৰীসকলে ইতিমধ্যে অঞ্চলটোত ৭০০টা নিশা কটাইছে। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে নিজেই ৬৫বাৰ উত্তৰ-পূব ভ্ৰমণ কৰিছে আৰু প্ৰতিটো ভ্ৰমণৰ সময়ত তেওঁ অঞ্চলটোৰ বাবে উন্নয়নমূলক উপহাৰ লৈ আহিছে।
শ্ৰী অমিত শ্বাহে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত মোদী চৰকাৰে কোনো ত্ৰুটি ৰখা নাই। তেওঁ উল্লেখ কৰে যে মোদী চৰকাৰেই উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বাধিক ভাষাক সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰিবলৈ কাম কৰিছিল।শ্ৰী শ্বাহে কয় যে বিভিন্ন শান্তি চুক্তিৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে কেৱল উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন উপভাষাক সৱলীকৰণ আৰু সংৰক্ষণ কৰাই নহয়, বৰঞ্চ অঞ্চলটোৰ স্থানীয় ভাষাত প্ৰাথমিক শিক্ষা প্ৰদানৰো পোষকতা কৰিছে। ইয়াৰ দ্বাৰা আমাৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত যথেষ্ট লাভৱান হৈছে। তেওঁ উল্লেখ কৰে যে এতিয়া, উত্তৰ-পূবৰ উন্নয়নৰ জৰিয়তে দেশখনে ৫ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ অৰ্থনীতি হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টাক ডাঙৰ উদগনি যোগোৱাৰ সময় আহি পৰিছে। তেওঁ উল্লেখ কৰে যে ইয়াৰ বাবে ড’নাৰ আৰু উত্তৰ-পূব পৰিষদৰ মন্ত্ৰালয়ে "এক্ট ইষ্ট, এক্ট ফাষ্ট আৰু এক্ট ফাৰ্ষ্ট" মন্ত্ৰ কাৰ্যকৰী কৰাৰ বাবে কাম কৰি আছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে বিগত ৫০ বছৰত উত্তৰ-পূব পৰিষদে ভাৰত চৰকাৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ নীতিসমূহৰ সমন্বয় সাধন কৰি আশা-আকাংক্ষা, প্ৰয়োজনীয়তা, প্ৰত্যাহ্বানৰ সম্ভাৱ্য সমাধানৰ বিষয়ে আলোচনাৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে আৰু উত্তৰ-পূবৰ উন্নয়নৰ ব্লুপ্ৰিণ্ট হিচাপে কাম কৰি আহিছে। উন্নয়ন যাতে তৃণমূল পৰ্যায়ত উপনীত হয়, তাৰ বাবে উত্তৰ-পূব পৰিষদে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁ লগতে কয় যে উন্নয়নৰ পৰিকল্পনা প্ৰণয়ন, বিভিন্ন জনজাতীয় গোটক উন্নয়নৰ সৈতে সংযোগ কৰা, সমগ্ৰ অঞ্চলটোক এক অনন্য দৃষ্টিকোণৰ পৰা চাই উত্তৰ-পূবৰ উন্নয়নৰ ৰূপৰেখা প্ৰস্তুত কৰাৰ বাবে উত্তৰ-পূব পৰিষদৰ দায়িত্ব আছে।
শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে এক ইতিবাচক পৰিস্থিতিতন্ত্ৰ সৃষ্টি কৰিছে আৰু ইয়াৰ ভিত্তিত ৰাজ্যসমূহ আৰু ড’নাৰ মন্ত্ৰালয়ে বিনিয়োগৰ পৰিস্থিতিতন্ত্ৰৰ উন্নতি সাধন কৰিব লাগিব। তেওঁ কয় যে অঞ্চলটোৰ সংযোগৰ দিশত বৰ্তমান কোনো সমস্যা নহয় আৰু লাহে লাহে বিশ্বৰ সৈতে সংযোগ স্থাপনতো কোনো সমস্যা নহ’ব। শ্ৰী শ্বাহে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে এক ইতিবাচক পৰিস্থিতিতন্ত্ৰৰ সৃষ্টি কৰিছে আৰু ইয়াৰ ভিত্তিত ৰাজ্যসমূহ আৰু ড’নাৰ মন্ত্ৰালয়ে বিনিয়োগৰ পৰিৱেশৰ উন্নতি সাধন কৰিব লাগিব। তেওঁ উল্লেখ কৰে যে সংযোগ এতিয়া আৰু কোনো সমস্যা নহয় আৰু বিশ্বৰ সৈতে সংযোগো সমস্যা হৈ নাথাকিব। তেওঁ কয় যে বাংলাদেশ এনক্লেভ এক্সচেঞ্জৰ পিছত উত্তৰ-পূবক বিশ্বৰ সৈতে সংযোগ কৰাৰ আমাৰ লক্ষ্য অতি শীঘ্ৰে পূৰণ হ’ব। তেওঁ উল্লেখ কৰে যে ইয়াৰ দ্বাৰা উত্তৰ-পূবৰ ঔদ্যোগিক পৰিস্থিতিতন্ত্ৰ শক্তিশালী হ’ব আৰু ইয়াত বিনিয়োগ কৰাসকলৰ বাবেও বৈশ্বিক বজাৰ মুকলি হ’ব। শ্ৰী শ্বাহে দৃঢ়তাৰে কয় যে ইয়াৰ বাবে প্ৰতিখন ৰাজ্যই নিজৰ প্ৰচেষ্টা শক্তিশালী কৰিব লাগিব। তেওঁ লগতে উল্লেখ কৰে যে ভাৰত চৰকাৰে সকলো বিনিয়োগকাৰীক উত্তৰ-পূবত বিনিয়োগ কৰিবলৈ উৎসাহিত কৰিছে।
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰীয়ে কয় যে শেহতীয়াকৈ কেন্দ্ৰীয় কেবিনেটে অৰ্ধপৰিবাহী আৰু ডিছপ্লে নিৰ্মাণ পৰিস্থিতিতন্ত্ৰৰ বিকাশৰ বাবে উত্তৰ-পূবত তিনিটা অৰ্ধপৰিবাহী ইউনিট স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ উল্লেখ কৰে যে ইয়াৰে এটা ইউনিট টাটা ছেমিকণ্ডাক্টৰ এছেম্বলী এণ্ড টেষ্ট প্ৰাইভেট লিমিটেড অসমত প্ৰায় ২৭,০০০ কোটি টকাৰ বিনিয়োগেৰে স্থাপন কৰা হ’ব, যিটো এতিয়ালৈকে কৰা বিনিয়োগৰ ভিতৰতে সৰ্বাধিক। তেওঁ লগতে কয় যে ইয়াৰ দ্বাৰা ২০ হাজাৰ প্ৰত্যক্ষ চাকৰি আৰু ৬০ হাজাৰ পৰোক্ষ চাকৰিৰ সুযোগ সৃষ্টি হ’ব। শ্ৰী শ্বাহে লগতে কয় যে ভৱিষ্যতৰ এই সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে উত্তৰ-পূবৰ বিশ্ববিদ্যালয়সমূহৰ সহযোগত পাঠ্যক্ৰম প্ৰস্তুত কৰি যুৱক-যুৱতীসকলক প্ৰাসংগিক শিক্ষা আৰু জ্ঞানেৰে সজ্জিত কৰি তুলিছে। ইয়াৰ দ্বাৰা উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ যুৱক-যুৱতীসকলৰ বাবে বৃহৎ সংখ্যক চাকৰিৰ সৃষ্টি হ’ব বুলি তেওঁ দৃঢ়তাৰে কয়।
শ্ৰী অমিত শ্বাহে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ঔদ্যোগিক বিনিয়োগ আকৰ্ষণ কৰাটো অতি গুৰুত্বপূৰ্ণ, আৰু ইয়াক ত্বৰান্বিত কৰাৰ প্ৰয়োজন আছে। তেওঁ উল্লেখ কৰে যে কেৱল অঞ্চল আৰু ৰাজ্যৰ উন্নয়নৰ জৰিয়তে উত্তৰ-পূর্বাঞ্চল শান্তিপূৰ্ণ হৈ থাকিব নোৱাৰে; ব্যক্তি, গাঁও, ৰাজ্যৰ উন্নয়নত ভাৰসাম্যতা থকাটো প্ৰয়োজন। তেওঁ দৃঢ়তাৰে কয় যে ব্যক্তিৰ উন্নয়নৰ বাবে গাঁৱৰ উন্নয়ন নিশ্চিত কৰিব লাগিব আৰু ইয়াক লাভ কৰিবলৈ হ’লে ঔদ্যোগিক উন্নয়নৰ লগতে অঞ্চলটো গাখীৰ, শাক-পাচলি, কণী, মাছ, মাংস উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী হ’ব লাগিব। তেওঁ কয় যে জৈৱিক সামগ্ৰী, গাখীৰ, শাক-পাচলি, কণী আৰু এনেধৰণৰ সামগ্ৰীয়েই অঞ্চলটোৰ ব্যক্তিগত বিকাশক আগুৱাই নিব পাৰে আৰু প্ৰতিজন ব্যক্তি সমৃদ্ধিশালী নোহোৱালৈকে সমৃদ্ধিশালী উত্তৰ-পূৰ্বাঞ্চলৰ দৃষ্টিভংগী বাস্তৱায়িত হ’ব নোৱাৰে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত স্বাভাৱিকতে জৈৱিক কৃষি কৰা হয়। তেওঁ বৈঠকত উপস্থিত থকা সকলো ৰাজ্যপাল, মুখ্যমন্ত্ৰী, মুখ্য সচিবক ভাৰত চৰকাৰে স্থাপন কৰা নেচনেল কোঅপাৰেটিভ অৰ্গেনিকছ লিমিটেড (NCOL) ত যোগদান কৰিবলৈ আহ্বান জনায়। এনচিঅ’এলৰ উদ্দেশ্য হৈছে সমবায়ভিত্তিত জৈৱিক কৃষিত নিয়োজিত সকলো কৃষকক সংযোগ কৰা আৰু পেকেজিং, বিপণন, আৰু ৰপ্তানিৰ বাবে আন্তঃগাঁথনি নিৰ্মাণ কৰা। তেওঁ দৃঢ়তাৰে কয় যে সকলো ৰাজ্যই এনচিঅ’এলৰ সৈতে চুক্তিবদ্ধ হোৱা উচিত আৰু নিজৰ কৃষকসকলক ইয়াৰ সৈতে সংযোগ কৰিব লাগে, যাতে তেওঁলোকৰ জৈৱিক সামগ্ৰীয়ে বিশ্বৰ বজাৰত উপনীত হ’ব পাৰে। শ্ৰী শ্বাহে লগতে কয় যে মোদী চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যত আৰু অসমৰ দৰে বৃহৎ ৰাজ্যৰ প্ৰতিখন জিলাতে এটাকৈ জৈৱিক প্ৰমাণীকৰণ লেব স্থাপন কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ দ্বাৰা মাটি আৰু কৃষিজাত সামগ্ৰী উভয়ৰে বাবে নিৰ্ভৰযোগ্য জৈৱিক প্ৰমাণপত্ৰ নিশ্চিত কৰা হ’ব। তেওঁ লগতে কয় যে আমুল আৰু ভাৰতৰ দৰে ব্ৰেণ্ডৰ জৰিয়তে আমাৰ সামগ্ৰীয়ে বিশ্বৰ বজাৰত প্ৰৱেশ কৰিবলৈ সক্ষম হ’ব।
শ্ৰী অমিত শ্বাহে কয় যে উত্তৰ-পূৰ্বাঞ্চলক সকলো ধৰণৰ পৰিবহণৰ সংযোগ স্থাপন মোদী চৰকাৰে অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে। তেওঁ উল্লেখ কৰে যে মিছন পাম তেল উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ উন্নয়নৰ বাবে এক উল্লেখযোগ্য পথ হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে। তেওঁ আলোকপাত কৰে যে দেশত তৈলবীজৰ উৎপাদন কম আৰু আমি এতিয়াও ভোজ্য তেল খণ্ডত স্বাৱলম্বী নহয়, কিন্তু মিছন পাম তেলে আমাক এই ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰি তোলাৰ সম্ভাৱনা আছে। শ্ৰী শ্বাহে লগতে কয় যে এতিয়ালৈকে উত্তৰ-পূৰ্বাঞ্চলত ১০টা নতুন তেল মিল গঢ়ি তোলাৰ প্ৰস্তাৱ লোৱা হৈছে।
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰীয়ে কয় যে মোদী চৰকাৰে নিৰাপত্তাৰ ক্ষেত্ৰত বহুমাত্ৰিক পন্থা গ্ৰহণ কৰিছে আৰু প্ৰতিখন ৰাজ্যৰ বাবে এক নিৰ্দিষ্ট কৌশল তৈয়াৰ কৰি আমি বিগত ১০ বছৰত অগ্ৰগতি লাভ কৰিছো। তেওঁ উল্লেখ কৰে যে এই কৌশলৰ ফলস্বৰূপে আৰক্ষী, সেনা, অসম ৰাইফল, আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীয়ে উত্তৰ-পূবত এক অতি উত্তম ব্যৱস্থা সফলতাৰে প্ৰতিষ্ঠা কৰিছে। শ্ৰী শ্বাহে উল্লেখ কৰে যে যোৱা ১০ বছৰত উত্তৰ-পূবত হিংসাত্মক ঘটনা ৭১% হ্ৰাস পাইছে আৰু সাধাৰণ নাগৰিকৰ মৃত্যু ৮৬% হ্ৰাস পাইছে। তেওঁ লগতে কয় যে ইতিমধ্যে প্ৰায় ১০,৫৭৪ জন বিদ্ৰোহীয়ে আত্মসমৰ্পণ কৰিছে আৰু কেইবাখনো শান্তি চুক্তিৰ জৰিয়তে ভাৰত চৰকাৰে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত শান্তি প্ৰতিষ্ঠা কৰাত সফল হৈছে।
শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে ড্ৰাগছমুক্ত ভাৰতৰ বাবে অভিযান আৰম্ভ কৰিছে, য’ত উত্তৰ-পূৰ্বাঞ্চলৰ বিশেষ দায়িত্ব আছে, কিয়নো ভাৰতত প্ৰৱেশ কৰা নিচাজাতীয় সামগ্ৰীৰ এটা ডাঙৰ পথ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মাজেৰে পাৰ হৈ যায়। তেওঁ উল্লেখ কৰে যে এই দিশত যোৱা ৬ বছৰত উল্লেখযোগ্য কাম কৰা হৈছে, কিন্তু আমাৰ গতি এতিয়াও পৰ্যাপ্ত নহয়। গৃহমন্ত্ৰীয়ে বৈঠকত উপস্থিত থকা সকলো ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক জিলা নিৰীক্ষণ সমিতিসমূহৰ জিলা পৰ্যায়ৰ বৈঠক আয়োজন কৰাত গুৰুত্ব দিবলৈ আৰু ইয়াৰ ফলপ্ৰসূ নিৰীক্ষণ নিশ্চিত কৰিবলৈ আহ্বান জনায়। তেওঁ উল্লেখ কৰে যে ড্ৰাগছৰ আসক্তিয়ে ভৱিষ্যত প্ৰজন্মক ধ্বংস কৰিছে আৰু আমাৰ লক্ষ্য হৈছে ভাৰতক সম্পূৰ্ণৰূপে ড্ৰাগছমুক্ত কৰা। এই অভিযানত উত্তৰ-পূবে উল্লেখযোগ্য ভূমিকা পালন কৰিব।
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যতে তিনিখন নতুন অপৰাধমূলক আইন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাৰ প্ৰস্তুতি চলি আছে। তেওঁ উল্লেখ কৰে যে এই আইনসমূহ সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱাৰ পিছত উচ্চতম ন্যায়ালয়ত উপনীত হোৱাকে ধৰি জটিল গোচৰসমূহতো তিনি বছৰৰ ভিতৰত ন্যায় প্ৰদান কৰা হ’ব। তেওঁ আঙুলিয়াই দিয়ে যে বছৰ বছৰ ধৰি সকলো ৰাজ্যৰ আৰক্ষীৰ গুৰুত্ব কেৱল বিদ্ৰোহ আৰু হিংসাৰ বিৰুদ্ধে যুঁজ দিয়াত আছিল। কিন্তু এতিয়া উত্তৰ-পূর্বাঞ্চলত হিংসা প্রায় বন্ধ হৈ পৰাৰ লগে লগে অঞ্চলটোৰ প্রতিজন নাগৰিকক এই তিনিখন আইনত অন্তর্ভুক্ত হোৱা সম্পত্তি, সন্মান, পৰিয়ালৰ সুৰক্ষাৰ সাংবিধানিক অধিকাৰ প্রদান কৰাটো নিশ্চিত কৰাৰ সময় আহি পৰিছে৷
উত্তৰ-পূবৰ আৰক্ষীৰ কৰ্ম সংস্কৃতি আৰু দিশ সলনি কৰাৰ সময় আহি পৰিছে বুলি গুৰুত্ব আৰোপ কৰি গৃহমন্ত্ৰীয়ে কয় যে অঞ্চলটোত শান্তি বিৰাজ কৰাৰ লগে লগে এতিয়া নাগৰিকে নিজৰ উচিত প্ৰাপ্য লাভ কৰাটো নিশ্চিত কৰাত গুৰুত্ব দিব লাগে। ইয়াৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ আৰক্ষীৰ পন্থা, প্ৰশিক্ষণ, মনোনিৱেশৰ পৰিৱৰ্তনৰ প্ৰয়োজন। তেওঁ উল্লেখ কৰে যে এই পৰিৱৰ্তন সাধনৰ পূৰ্বচৰ্ত হৈছে অঞ্চলটোৰ সকলো ৰাজ্যতে এই তিনিখন নতুন আইন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা।
শ্ৰী অমিত শ্বাহে বৈঠকত উপস্থিত থকা সকলো ৰাজ্যপালকে এই প্ৰক্ৰিয়া ব্যক্তিগতভাৱে নিৰীক্ষণ কৰিবলৈ আহ্বান জনায়, কিয়নো এফআইআৰ দাখিলৰ জৰিয়তে নাগৰিকে ন্যায় লাভ কৰিব পাৰে বুলি উত্তৰ-পূবত বিশ্বাস প্ৰতিষ্ঠা কৰাটো অতি গুৰুত্বপূৰ্ণ। তেওঁ কয় যে চাৰি দশক ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ আৰক্ষী বাহিনী সম্পূৰ্ণৰূপে বিদ্ৰোহৰ বিৰুদ্ধে যুঁজ দিয়াত কেন্দ্ৰীভূত হৈ আছিল, আৰু এতিয়া বিদ্ৰোহ কোনো ডাঙৰ বিষয় নহয়, গতিকে নাগৰিকক তেওঁলোকৰ অধিকাৰ প্ৰদানৰ দিশত গুৰুত্ব আৰোপ কৰিব লাগিব। তেওঁ কয় যে যদি এইখিনি সম্ভৱ হয় তেন্তে সমগ্ৰ দেশৰ নাগৰিকক প্ৰদান কৰা সাংবিধানিক অধিকাৰ উত্তৰ-পূৰ্বাঞ্চলৰ নাগৰিককো প্ৰদান কৰা হ’ব।
শ্ৰী অমিত শ্বাহে কয় যে পিএম-ডিভাইন আঁচনিৰ বাবে প্ৰায় ৬,৬০০ কোটি টকা আবণ্টন দিয়া হৈছিল, কিন্তু অতি সোনকালে এই ধনৰ পৰিমাণ ৯,০০০ কোটি টকালৈ বৃদ্ধি কৰা হ’ব। তেওঁ উল্লেখ কৰে যে উত্তৰ-পূবৰ উন্নয়নৰ বাবে পথ, বিদ্যুৎ, শিক্ষা, স্বাস্থ্যসেৱা, ক্ৰীড়া আন্তঃগাঁথনি আৰু পৰ্যটন প্ৰকল্পকে ধৰি ১১১টাতকৈও অধিক প্ৰকল্প ৰূপায়ণ কৰা হৈছে। তেওঁ লগতে কয় যে ২০১৪-১৫ চনৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ বাজেট ১৫৩% বৃদ্ধি পাইছে আৰু বাঁহ অভিযান(বেম্বো মিচন)ৰ জৰিয়তে চৰকাৰে সমগ্ৰ উত্তৰ-পূবক সমৃদ্ধিশালী কৰাৰ এক অভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰিছে। শ্ৰী শ্বাহে দৃঢ়তাৰে কয় যে মোদী চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ধৰণৰ সংযোগৰ বাবে সকলো ধৰণৰ সহায় আগবঢ়াব আৰু ইয়াৰ বাবে বাজেটৰ অভাৱ নহ’ব।
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে ৰে’ল সংযোগৰ বাবে ৮১,০০০ কোটি আৰু পথ সংযোগৰ বাবে ৪১,০০০ কোটি টকাৰ পৰিকল্পনা কৰা হৈছে। তেওঁ উল্লেখ কৰে যে ৬৪টা নতুন বিমানপথ আৰম্ভ কৰা হৈছে আৰু বাকী থকা কামসমূহ অহা তিনি বছৰত সম্পূৰ্ণ হ’ব। শ্ৰী শ্বাহে এই কথাত গুৰুত্ব আৰোপ কৰে যে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহে নেছাক (North Eastern Space Applications Centre)ৰ সৰ্বাধিক ব্যৱহাৰ কৰিব লাগে। তেওঁ কয় যে প্ৰত্যাহ্বানমূলক ভৌগোলিক পৰিস্থিতিৰ সৈতে উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ উন্নয়নৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰ নোহোৱালৈকে উন্নয়নৰ ওপৰত গুৰুত্ব দিয়াৰ সঠিক সংজ্ঞা দিব নোৱাৰি।
উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বান সমস্যা সন্দৰ্ভত গৃহমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰযুক্তিৰ ব্যৱহাৰ কৰি প্ৰাকৃতিকভাৱে পথ নিৰ্মাণৰ বাজেট কমেও ৩০% হ্ৰাস কৰিব পৰা যাব। তেওঁ লগতে কয় যে বানপানীৰ পানীক অন্য দিশলৈ ঠেলি দি বৃহৎ পুখুৰী সৃষ্টি কৰি তিনিওটা লক্ষ্য—বান প্ৰতিৰোধ, কৃষি, আৰু পৰ্যটন—সাধন কৰিব পৰা যাব। তেওঁ উল্লেখ কৰে যে অসমে পৰীক্ষামূলকভাৱে ১৫টা বৃহৎ পুখুৰী সৃষ্টি কৰিছে আৰু সকলো ৰাজ্যই বান সমস্যাৰ পৰা সকাহ পাবলৈ আৰু পানী সংৰক্ষণৰ বাবে এই পদ্ধতি ব্যৱহাৰ কৰা উচিত। শ্ৰী শ্বাহে লগতে কয় যে প্ৰযুক্তিৰ ব্যৱহাৰে দুৰ্নীতি হ্ৰাস সহায় কৰাত সহায় কৰে আৰু প্ৰত্যক্ষ লাভ হস্তান্তৰ (ডিবিটি)ক আমি আগবঢ়াই নিব লাগিব।
শ্ৰী অমিত শ্বাহে কয় যে কেৱল শান্তিপূৰ্ণ আৰু সমৃদ্ধিশালী উত্তৰ-পূবেই যথেষ্ট নহয়। উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক বৈচিত্ৰ্য, কলা, সাহিত্য, ভাষাসমূহ সংৰক্ষণ কৰা আৰু ইয়াৰ অস্তিত্ব নিশ্চিত কৰাটো কেৱল উত্তৰ-পূৰ্বাঞ্চলৰ বাবেই নহয়, সমগ্ৰ দেশৰ বাবেও গুৰুত্বপূৰ্ণ বুলি তেওঁ গুৰুত্ব আৰোপ কৰে। তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহে সন্মুখীন হোৱা প্ৰতিটো সমস্যা সমাধানৰ বাবে তেওঁলোকৰ কাষত থিয় দিছে। ২০৪৭ চনৰ ভিতৰত যেতিয়া ভাৰত সম্পূৰ্ণৰূপে উন্নত হ’ব তেতিয়া উত্তৰ-পূব দেশৰ আটাইতকৈ সমৃদ্ধিশালী অঞ্চল হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।
*****
RK/VV/ASH/PS/DB
(Release ID: 2086871)
Visitor Counter : 19