পঞ্চায়তীৰাজ মন্ত্ৰালয়
azadi ka amrit mahotsav

১১ ডিচেম্বৰত নতুন দিল্লীত ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা বিজয়ীসকলক সম্বৰ্ধনা জনাব দ্ৰৌপদী মুৰ্মুয়ে

উজ্জ্বলিছে মহিলা নেতৃত্বাধীন পঞ্চায়তঃ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা বিজয়ীৰ ৪২% পঞ্চায়তেই মহিলাৰ নেতৃত্বত চলি আছে

Posted On: 07 DEC 2024 6:26PM by PIB Guwahati

পঞ্চায়তীৰাজ মন্ত্ৰালয়ে ২০২২–২০২৩ চনৰ মূল্যায়ন বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা লাভ কৰাসকলৰ নাম ঘোষণা কৰিছে। এই বঁটাসমূহে তৃণমূল পৰ্যায়ত সৰ্বাংগীন আৰু বহনক্ষম উন্নয়নক আগুৱাই নিয়াৰ ক্ষেত্ৰত সমগ্ৰ দেশৰ পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহৰ দৃষ্টান্তমূলক প্ৰচেষ্টাক স্বীকৃতি দি উৎকৃষ্টতাৰ মাপকাঠী হিচাপে কাম কৰে। ১১ ডিচেম্বৰ, ২০২৪ত নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ’ব, য’ত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে বঁটাপ্ৰাপক/বঁটাগ্ৰহণকাৰীক বঁটা প্ৰদান কৰিব।

এই বছৰ ৪৫গৰাকী বঁটাপ্ৰাপকক বিভিন্ন শাখাৰ অধীনত নিৰ্বাচিত কৰা হৈছে, যিয়ে তৃণমূল পৰ্যায়ৰ শাসন আৰু সম্প্ৰদায় উন্নয়নৰ এক বিস্তৃত ক্ষেত্ৰৰ কৃতিত্বক প্ৰতিফলিত কৰিছে। শিতানসমূহ হৈছে দীন দয়াল উপাধ্যায় পঞ্চায়ত সতত বিকাশ পুৰস্কাৰ, নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত সতত বিকাশ পুৰস্কাৰ, গ্ৰাম উৰ্জা স্বৰাজ বিশেষ পঞ্চায়ত পুৰস্কাৰ, কাৰ্বন নিৰ্গমন হ্ৰাসৰ বিশেষ পঞ্চায়ত পুৰস্কাৰ আৰু পঞ্চায়ত ক্ষমতা নিৰ্মাণ সৰ্বোত্তম সংস্থা পুৰস্কাৰ। এই বঁটাসমূহে দৰিদ্ৰতা হ্ৰাস, স্বাস্থ্য, শিশু কল্যাণ, পানীৰ পৰ্যাপ্ততা, অনাময়, আন্তঃগাঁথনি উন্নয়ন, সামাজিক ন্যায়, মহিলা সবলীকৰণ আৰু জলবায়ু বহনক্ষমতাৰ দৰে মূল ক্ষেত্ৰসমূহৰ কৃতিত্বক স্বীকৃতি দিয়ে।

এইবাৰ ১.৯৪ লাখ গাওঁ পঞ্চায়তে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ৪২খন বঁটাপ্ৰাপক পঞ্চায়তৰ ভিতৰত ৪২% পঞ্চায়তেই মহিলা নেতৃত্বত চলি আছে। নিখুঁত নিৰ্বাচন প্ৰক্ৰিয়াত ব্লক পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈকে ৫খন বিভিন্ন সমিতিৰ দ্বাৰা বহনক্ষম উন্নয়নৰ লক্ষ্যৰ স্থানীয়কৰণ (এলএছডিজি)ৰ সৈতে সংগতি ৰাখি বিভিন্ন বিষয়ভিত্তিক ক্ষেত্ৰত পঞ্চায়তসমূহৰ কৰ্মক্ষমতাৰ গভীৰ মূল্যায়ন কৰিছিল। এই প্ৰক্ৰিয়াই পঞ্চায়তীৰাজ প্ৰতিষ্ঠান (পিআৰআই)/গ্ৰামীণ স্থানীয় সংস্থা (আৰএলবি)ৰ মাজত স্বচ্ছতা বৃদ্ধি আৰু প্ৰতিযোগিতামূলক মনোভাৱক উৎসাহিত কৰাৰ বাবে মন্ত্ৰালয়ৰ অটল প্ৰতিশ্ৰুতিক উজ্জ্বল কৰি তুলিছে।

এই ঘোষণাই পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহৰ প্ৰশংসনীয় কৃতিত্ব উদযাপনৰ মঞ্চ তৈয়াৰ কৰে। এই ঘোষণাই সুস্থিৰক আৰু সজীৱ গ্ৰাম্য জনগোষ্ঠীক গঢ় দিয়াৰ ক্ষেত্ৰত পঞ্চায়তসমূহৰ পৰিৱৰ্তনশীল ভূমিকাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। এই স্বীকৃতিয়ে কেৱল এই প্ৰতিষ্ঠানসমূহে গ্ৰহণ কৰা ব্যতিক্ৰমী কামৰ স্বীকৃতি হিচাপে কাম কৰাই নহয়, আন পঞ্চায়তসমূহক নিজৰ অঞ্চলত এই উত্তম পদ্ধতিসমূহৰ আৰ্হি ল’বলৈ অনুপ্ৰাণিত কৰিব।

ৰাজ্যিকভিত্তিক/শাখাভিত্তিক বঁটাপ্ৰাপকৰ সন্দৰ্ভত জানিবলৈ ইয়াত click here ক্লিক কৰক।

****

AA/DB


(Release ID: 2082176) Visitor Counter : 20