যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
বিকশিত ভাৰত কুইজ প্ৰতিযোগিতাৰ সময়সীমা বৃদ্ধিৰ ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী ড° মনসুখ মাণ্ডৱিয়াৰ; কুইজত অংশগ্ৰহণৰ অন্তিম তাৰিখ ২০২৪ চনৰ ১০ ডিচেম্বৰলৈ বৃদ্ধি
Posted On:
05 DEC 2024 2:30PM by PIB Guwahati
কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া তথা শ্ৰম আৰু নিয়োগ মন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়াই সমগ্ৰ দেশৰ যুৱ অংশগ্ৰহণকাৰীসকলৰ বিপুল উৎসাহ আৰু সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি বিকশিত ভাৰত কুইজ প্ৰতিযোগিতাৰ সময়সীমা ১০ ডিচেম্বৰ, ২০২৪ লৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। যুৱপ্ৰজন্মই কুইজত অংশগ্ৰহণ কৰিবলৈ মাই ইণ্ডিয়া প্লেটফৰ্ম (www.mybharat.gov.in) দৰ্শন কৰিব পাৰে।
২০২৪ চনৰ ১৮ নৱেম্বৰত অনুষ্ঠিত এক সংবাদমেলত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া তথা শ্ৰম আৰু নিয়োগ মন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়াই ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ-২০২৫ক "Viksit Bharat Young Leaders Dialogue"ত এক পৰিৱৰ্তনশীল পুনৰ কল্পনা কৰাৰ কথা ঘোষণা কৰে আৰু যুৱপ্ৰজন্মক বিকশিত ভাৰত কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায়। এই পদক্ষেপে ভাৰতৰ ভৱিষ্যত গঢ়ি তোলাত অধিক যুৱ অংশগ্ৰহণ ৰক্ষা কৰাৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী প্ৰতিফলিত কৰিব বুলি তেওঁ গুৰুত্ব আৰোপ কৰে।
বিকশিত ভাৰত কুইজ প্ৰতিযোগিতা সকলো (১৫-২৯ বছৰ বয়সৰ)যুৱক-যুৱতীৰ বাবে মুকলি ৰখা হৈছে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে ভাৰতৰ যুৱ শক্তিক এই অবিশ্বাস্য সুযোগত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰে। বিজয়ী অংশগ্ৰহণকাৰীসকলে ১১-১২ জানুৱাৰী, ২০২৫ তাৰিখে নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত বিকশিত ভাৰতৰ বাবে তেওঁলোকৰ দৃষ্টিভংগী আৰু ধাৰণা উপস্থাপন কৰিব।
Himanshu Pathak/ DS
(Release ID: 2081247)
Visitor Counter : 33