তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
৫৫ তম আইএফএফআইত 'ফ্ৰম বিগ স্ক্ৰীণ টু ষ্ট্ৰীমিং প্লেটফৰ্ম' শীৰ্ষক আলোচনাত অংশগ্ৰহণ মনীষা কৈৰালা আৰু বিক্ৰমাদিত্য মটৱানেৰ
অভিনেতাসকলে পুৰণি শৈলী এৰি নতুন মাধ্যমৰ সৈতে পৰীক্ষা কৰা উচিত: মনীষা কৈৰালা
ভাল ছিৰিজৰ এক সুকীয়া যাদু আছে, ফৰ্মেটৰ নমনীয়তা আচৰিত হ’ব পাৰে: বিক্ৰমাদিত্য মটৱানে
গোৱাৰ কালা একাডেমীৰ প্ৰেক্ষাগৃহত প্ৰবীণ অভিনেত্ৰী মনীষা কৈৰালা আৰু চলচ্চিত্ৰ নিৰ্মাতা বিক্ৰমাদিত্য মটৱানেই আজি ভাৰতীয় ৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (আইএফএফআই) অংশগ্ৰহণ কৰে। চলচ্চিত্ৰ উদ্যোগৰ দুয়োগৰাকী বিশিষ্ট ব্যক্তিয়ে 'ফ্ৰম বিগ স্ক্ৰীণ টু ষ্ট্ৰীমিং' শীৰ্ষক কথোপকথন অনুষ্ঠানতো অংশগ্ৰহণ কৰে।

আলোচনাত অংশগ্ৰহণ কৰি অভিনেত্ৰী মনীষা কৈৰালাই কয় যে অ'টিটি প্লেটফৰ্মত নাট্য মুক্তি আৰু ছিৰিজ বা চলচ্চিত্ৰ দুয়োটাৰ বাবে অভিনেতাসকলৰ পৰা একে পৰ্যায়ৰ প্ৰচেষ্টা, প্ৰস্তুতি, আন্তৰিকতা তথা মানসিকতাৰ প্ৰয়োজন। "মোৰ ত্ৰিশ বছৰৰ কেৰিয়াৰত, হীৰামাণ্ডিয়েই হৈছে মই এতিয়ালৈকে কাম কৰা আটাইতকৈ ডাঙৰ ছেট।'' তেওঁ দুয়োটা অভিজ্ঞতাৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰি কয়, "মই ছবিগৃহলৈ যাবলৈ ভাল পাওঁ, কিন্তু মই ঘৰত বহি ভাল ছবিও উপভোগ কৰোঁ।" তেখেতৰ মতে, দুয়োৰে নিজা গুৰুত্ব আছে, আৰু অ'টিটি-ত উৎকৃষ্ট সমলৰ এক সম্পদ উপলব্ধ আছে। তেওঁ লগতে অ'টিটিৰ বিষয়বস্তুও চোৱাৰ কথাও উল্লেখ কৰে।
অভিনেতাসকলে এতিয়াও অ'টিটি শ্ব'ত কাম কৰিবলৈ দ্বিধা কৰে নেকি বুলি সোধাত, মনীষাই স্পষ্টভাৱে উত্তৰ দিয়ে যে উদ্যোগটোত এই বিষয়ে আলোচনা চলি আছে। তেওঁ বৰ্ণনা কৰি কয় যে, "যিকোনো নতুন আৰু অচিনাকি বস্তুয়ে প্ৰথমতে প্ৰায়ে সন্দেহৰ সন্মুখীন হ'ব লগা হয়।" "কিন্তু ভাল ফলাফলে ইয়াক গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে।" ষ্ট্ৰীমিং প্লেটফৰ্মৰ প্ৰকল্প সম্পৰ্কে চলচ্চিত্ৰ উদ্যোগত এতিয়াও কিছু আশংকা আছে। কিন্তু "কেইটামান প্ৰজন্মৰ ভিতৰতে এই আশংকা দূৰ হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। মনীষা আৰু বিক্ৰমাদিত্য মটৱানে দুয়োজনে উল্লেখ কৰে যে শ্বাহিদ কাপুৰ, আলিয়া ভাট আৰু বৰুণ ধাৱানকে ধৰি বহু অভিনেতাই ইতিমধ্যে অ'টিটি প্লেটফৰ্মত মুক্তিপ্ৰাপ্ত চলচ্চিত্ৰত অভিনয় কৰিছে, যিয়ে মাধ্যমটোৰ বৰ্ধিত গ্ৰহণযোগ্যতাৰ সংকেত দিয়ে।
আলোচানত ভাল ছিৰিজৰ এক পৃথক ধৰণৰ যাদু আছে বুলি উল্লেখ কৰে বিক্ৰমাদিত্য মটৱানে। দুয়োটা ফৰ্মেটত তেওঁৰ অভিজ্ঞতাৰ বিষয়ে কওঁতে পৰিচালকজনে কয়, ভাষাৰ ক্ষেত্ৰত ষ্ট্ৰীমিং প্লেটফৰ্মে আপোনাক অলপ বেছি স্বাধীনতা দিয়ে। অ'টিটি প্লেটফৰ্মে অধিক স্বাধীনতা প্ৰদান কৰে। নাট্য মুক্তিৰ বাবে, বাজেট আৰু দৈৰ্ঘ্য সীমিত, কাহিনী জনসমাগমৰ বাবে অধিক হ'ব লাগিব। অৱশ্যে, উৎপাদন আৰু পোষ্ট-প্ৰডাকচন প্ৰায় একে।'' "শ্বুটিং প্ৰক্ৰিয়া দ্ৰুত হৈ আহিছে। জুবিলিৰ ১০ টা খণ্ডৰ দৃশ্যগ্ৰহণ ৯০ দিনত কৰা হৈছিল, 'চেক্ৰেড গেমছ'ৰ দৃশ্যগ্ৰহণ ৮০ দিনত কৰা হৈছিল", তেওঁ লগতে কয়।
ছিৰিজৰ নিৰ্দেশনা কিছু কঠিন। অ'টিটি ভাৰতত এটা যথেষ্ট নতুন বস্তু। আমি ইয়াৰ ওপৰত কিছু কাম কৰিব লাগিব বুলি তেওঁ প্ৰকাশ কৰে।
তেওঁৰ সামৰণি ভাষণত, বিক্ৰমাদিত্যই লগতে মত প্ৰকাশ কৰে যে ছবিগৃহত চলচ্চিত্ৰ চোৱাৰ অভিজ্ঞতাৰ উন্নতিৰ প্ৰয়োজন। তেওঁ ‘’অপ্ৰয়োজনীয় ব্যৱধান আৰু দীঘলীয়া বিজ্ঞাপনবোৰ প্ৰায়ে দৰ্শকে অপছন্দ কৰে।‘’ অৱশ্যে, ডাঙৰ পৰ্দাত চিনেমাৰ যাদু সদায় থাকিব বুলি তেওঁ দৃঢ়তাৰে কয়। আনহাতে, তেওঁ উল্লেখ কৰে যে অ'টিটি প্লেটফৰ্মে মানদণ্ডৰ পাৰিবাৰিক মনোৰঞ্জন আৰু ব্যক্তিগত দৰ্শনৰ স্বাধীনতা প্ৰদান কৰে- বিক্ৰমাদিত্য মটৱানে কয়।
(Release ID: 2080972)