তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
আই এফ এফ আই গোৱাত ৰণবীৰ কাপুৰৰ উপস্থিতিত ৰাজ কাপুৰৰ শতবাৰ্ষিকীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠান
‘ৰাজ কাপুৰৰ ছবিবোৰ কেৱল মনোৰঞ্জনৰ বাবে নাছিল; সেইবোৰ আছিল গুৰুত্বপূৰ্ণ কাহিনীৰ বৰ্ণনা, দৰ্শকৰ হৃদয়ৰ সৈতে কথা কোৱা কাহিনী”: ৰণবীৰ কাপুৰ
‘মেৰা নাম জোকাৰ’ৰ বিপৰ্যয়ৰ মাজতো দাদাই দৰ্শকৰ সৈতে সংযুক্ত হৈ থাকিল আৰু সাহসী পদক্ষেপ লৈছিল”: ৰণবীৰ
শিল্পী হিচাপে আমি আমাৰ মঞ্চসমূহ ব্যৱহাৰ কৰি জলবায়ু পৰিৱৰ্তনৰ দৰে বিশ্বজোৰা সমস্যাসমূহৰ সৈতে মোকাবিলা কৰিব লাগিব আৰু আমাৰ কামৰ জৰিয়তে সজাগতা বিয়পাই দিব লাগিব: ৰণবীৰ
ৰাজ কাপুৰ আছিল এজন দূৰদৰ্শী ব্যক্তি; প্ৰজন্ম আৰু সংস্কৃতি, দৰ্শকৰ সৈতে সংযোগ স্থাপনৰ তেওঁৰ ক্ষমতা আছিল অতুলনীয়: ৰাহুল ৰাৱাইল, প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা
বিশিষ্ট অভিনেতা তথা পৰিচালক ৰাজ কাপুৰৰ শতবাৰ্ষিকী উদযাপনৰ অংশ হিচাপে ভাৰতীয় ৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ বিশেষ অধিবেশনত চিৰসেউজ ৰাজ কাপুৰৰ নাতি ৰণবীৰ কাপুৰ আৰু প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা ৰাহুল ৰাৱাইলে অংশগ্ৰহণ কৰি কিংবদন্তিগৰাকীক শ্ৰদ্ধাঞ্জলি জনায় । ভাৰতীয় চিনেমালৈ ৰাজ কাপুৰৰ কীৰ্তিচিহ্নস্বৰূপ অৱদান, তেওঁৰ স্থায়ী প্ৰভাৱ, আৰু তেওঁৰ কৰ্মৰাজিৰ চিৰস্থায়ী উত্তৰাধিকাৰৰ এক মনোমোহা অন্বেষণ আছিল এই অধিবেশন।
ৰণবীৰ কাপুৰে ৰাজকাপুৰৰ অসাধাৰণ প্ৰভাৱৰ বিষয়ে আলোকপাত কৰি ৰাজ কাপুৰৰ ছবিয়ে সময় আৰু সীমা অতিক্ৰম কৰা বুলি মন্তব্য কৰে। তেওঁ কয় যে তেওঁৰ ককাকৰ আৱাৰা, মেৰা নাম জোকাৰ, শ্ৰী ৪২০ আদি ছবিসমূহে কেনেকৈ সাৰ্বজনীন আবেদন লাভ কৰিছিল, ৰাছিয়াৰ পৰা ভাৰতলৈকে বিশ্বজুৰি দৰ্শকৰ মাজত গভীৰভাৱে অনুৰণন ঘটাইছিল।
ৰাজ কাপুৰৰ ছবিৰ প্ৰাসংগিকতাক উজ্জ্বল কৰি ৰণবীৰে লক্ষ্য কৰে যে আৱাৰাৰ বিষয়বস্তুৱে কেনেকৈ জাতিভেদৰ কথাক প্ৰতিফলিত কৰিছিল, আনহাতে শ্ৰী ৪২০ য়ে লোভ আৰু উচ্চাকাংক্ষাৰ মাজৰ ছবি খন ফুটাই তুলিছিল। পিছৰ পিনলৈ প্ৰেম ৰোগ আৰু ৰাম তেৰী গংগা মাইলীৰ দৰে ছবিয়ে নাৰী বিষয় আৰু সমাজৰ প্ৰত্যাহ্বানৰ বিষয়ত নৈতিক আখ্যান ৰচনা কৰাৰ বাবে প্ৰশংসা লাভ কৰিছিল, যিয়ে ৰাজ কাপুৰৰ সময়ৰ আগতে চিন্তা কৰা চলচ্চিত্ৰ নিৰ্মাতা হিচাপে পৰিগণিত কৰিছিল।
ৰণবীৰে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (এনএফডিচি), ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰ্কাইভ (এনএফএআই), ফিল্ম হেৰিটেজ ফাউণ্ডেশ্যনৰ সহযোগত ৰাজ কাপুৰৰ ছবিসমূহ পুনৰুদ্ধাৰৰ বাবে চলি থকা প্ৰচেষ্টাসমূহৰ বিষয়েও আলোচনা কৰে। তেওঁ প্ৰকাশ কৰে যে ৰাজ কাপুৰৰ দহখন ছবি ইতিমধ্যে পুনৰুদ্ধাৰ কৰা হৈছে আৰু সেইবোৰ ২০২৪ চনৰ ডিচেম্বৰ মাহত সমগ্ৰ ভাৰতত মুক্তিৰ পৰিকল্পনা কৰা হৈছে।
এই অধিবেশনত চলচ্চিত্ৰ নিৰ্মাণ, অভিনয়, সমাজৰ সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত চিনেমাৰ বিৱৰ্তনশীল ভূমিকা সম্পৰ্কেও আলোচনা কৰা হয়। ৰণবীৰে পিতৃ হোৱাৰ কথাই পৰিৱেশ আৰু সমাজ পৰিৱৰ্তনৰ প্ৰতি তেওঁৰ সজাগতা কেনেদৰে গভীৰ কৰি তুলিছে সেই বিষয়ে মন্তব্য কৰি শিল্পীসকলক পৰিবেশ সংৰক্ষণৰ প্ৰচাৰ আৰু বিশ্বব্যাপীএনে প্ৰচাৰৰ বাবে বাবে তেওঁলোকৰ মঞ্চসমূহ ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। তেওঁ অভিনয়ত ব্যক্তিত্বৰ গুৰুত্বৰ বিষয়তো আলোকপাত কৰাৰ লগতে উচ্চাকাংক্ষী অভিনেতাসকলক বিশ্বজুৰি মহান শিল্পীৰ পৰা প্ৰেৰণা লাভ কৰাৰ লগতে নিজৰ অনন্য শৈলী বিচাৰি উলিয়াবলৈ উৎসাহিত কৰে।
অনুষ্ঠানৰ সামৰণিত ৰণবীৰ কাপুৰে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে আইএফএফআইৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি ৰাজ কাপুৰৰ কালজয়ী ছবিসমূহ পুনৰ চাবলৈ দৰ্শকক আহ্বান জনায়। ৰাহুল ৰাৱেলে ৰণবীৰৰ মতামতত আৰু অধিক যোগ দি কয় যে ৰাজ কাপুৰৰ চলচ্চিত্ৰই উদ্যোগটোৰ লগতে সামগ্ৰিকভাৱে সমাজৰ ওপৰতো স্থায়ী প্ৰভাৱ বিস্তাৰ কৰি থাকিব।
অধিৱেশনত শোভা বৃদ্ধি কৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব সঞ্জয় জাজু; শেখৰ কাপুৰ, ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা তথা উৎসৱৰ পৰিচালক, আই এফ এফ আই; তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ যুটীয়া সচিব আৰু এনএফডিচিৰ পৰিচালন সঞ্চালক পৃথুল কুমাৰ আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ যুটীয়া সচিব (চলচ্চিত্ৰ) ভ্ৰুন্দা দেশাইয়ে।
(Release ID: 2080969)
Visitor Counter : 18