ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

ভাৰতৰ ৰাষ্ট্ৰপতিৰ প্ৰতিবন্ধী ব্যক্তিসকলৰ সৱলীকৰণৰ বাবে ২০২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান

Posted On: 03 DEC 2024 1:36PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপাদী মুৰ্মুৱে আজি (৩ ডিচেম্বৰ, ২০২৪) আন্তৰ্জাতিক দিব্যাংগ দিৱস উপলক্ষে নতুন দিল্লীত ২০২৪ বৰ্ষৰ বিশেষভাৱে সক্ষম ব্যক্তিৰ সৱলীকৰণৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে।

অনুষ্ঠানত ভাষণ প্ৰসংগত ৰাষ্ট্ৰপতিয়ে সকলো বঁটা বিজয়ীক অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে এই বঁটাসমূহৰ সুদূৰপ্ৰসাৰী সামাজিক গুৰুত্ব আছে। এই সমূহ অনুকৰণ কৰি, আন ব্যক্তি তথা প্ৰতিষ্ঠানসমূহে দিব্যাংগ লোকসকলক শক্তিশালী কৰাৰ দিশত আগবাঢ়িব পাৰে।

এই বছৰৰ আন্তৰ্জাতিক দিব্যাংগ দিৱসৰ বিষয়বস্তু ‘সৰ্বাত্মক তথা বহনক্ষম ভৱিষ্যতৰ বাবে দিব্যাংগসকলৰ নেতৃত্ব ত্বৰান্বিত কৰা’ৰ বিষয়ে উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে দিব্যাংগজনৰ মাজত উদ্যমিতাৰ প্ৰচাৰ, তেওঁলোকৰ দক্ষতাৰ বিকাশ, নিযুক্তি প্ৰদান, তেওঁলোকৰ সামগ্ৰী ক্ৰয় আৰু তেওঁলোকক বিপণন সুবিধা প্ৰদানৰ ফলত তেওঁলোকৰ নেতৃত্বৰ সম্ভাৱনা বৃদ্ধি পাব।

ৰাষ্ট্ৰপতিয়ে কয় যে সমগ্ৰ মানৱজাতিয়ে দিব্যাংগজনক আনৰ সমকক্ষ তথা সন্তুষ্টি অনুভৱ কৰাব লাগিব। তেওঁলোকক সকলো ধৰণে এক বাধামুক্ত পৰিৱেশ প্ৰদান কৰাটো সমাজৰ অগ্ৰাধিকাৰৰ বিষয় হ'ব লাগে। প্ৰকৃত অৰ্থত, দিব্যাংগজনে সমান সুযোগ-সুবিধা লাভ কৰা সমাজক সংবেদনশীল বুলি ক'ব পাৰি।

ৰাষ্ট্ৰপতিয়ে কয় যে দিব্যাংগ হোৱাটো কোনো ধৰণৰ অল্পতা নহয়। এয়া হৈছে এটা বিশেষ অৱস্থা। দিব্যাংগজনক সহানুভৱৰ প্ৰয়োজন, সহানুভূতিৰ নহয়, তেওঁলোকক সংবেদনশীলতাৰ প্ৰয়োজন, দয়াৰ নহয়, তেওঁলোকক প্ৰাকৃতিক স্নেহৰ প্ৰয়োজন, বিশেষ মনোযোগৰ নহয়। তেওঁলোকে সমাজৰ আন সদস্যসকলৰ সৈতে সমতা, মৰ্যাদা আৰু সন্মান অনুভৱ কৰাটো সমাজে নিশ্চিত কৰিব লাগিব

ৰাষ্ট্ৰপতিয়ে কয় যে আন যিকোনো ব্যক্তিৰ লেখীয়াকৈ কাম কৰাৰ সুযোগে দিব্যাংগসকলক আত্মবিশ্বাস আৰু অৰ্থপূৰ্ণ জীৱন যাপনৰ অনুভূতি প্ৰদান কৰে। সেয়েহে, নিযুক্তি, উদ্যমিতা আৰু অৰ্থনৈতিক সৱলীকৰণৰ জৰিয়তে তেওঁলোকৰ জীৱন উন্নত কৰিব পাৰি।

Please click here to see the President's Speech -

 

***

MJPS/SR/DD/ID


(Release ID: 2080175) Visitor Counter : 47