তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
iffi banner
1 1

৫৫ সংখ্যক আইএফএফআইৰ সামৰণি অনুষ্ঠান: এক মন পৰশা অনুষ্ঠানেৰে ওৰ পৰিব চিনেমা মহা উৎসৱৰ

৫৫ সংখ্যক আইএফএফআইৰ আজি সামৰণি পৰিব, সামৰণি অনুষ্ঠানত তাৰকাৰ ভিৰ : অব্যাহত থাকিব চিনেমাৰ যাদু

চিনেমাৰ আনন্দ উদযাপন আৰু ইয়াৰ ভৱিষ্যতক  সযতনে আগুৱাই নিয়াৰ এক মহাযাত্ৰাৰ আজি সামৰণি পৰিব। ভাৰতীয় ৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৪ চনৰ ২৮ নৱেম্বৰত  গোৱাৰ ড° শ্যামা প্ৰসাদ মুখাৰ্জী ইনড’ৰ ষ্টেডিয়ামত এক দৰ্শনীয় সামৰণি অনুষ্ঠানৰ জৰিয়তে সামৰণি  মৰা হব।

 

 চিনেমাৰ বাৰ্তাক বিশ্বজনীন কৰি তোলা এই নদিনীয়া মহোৎসৱত বহু তাৰকাই ভিৰ কৰিছে।  ৭৫খন দেশৰ ২০০ৰো অধিক ছবি, ছবি উদ্যোগৰ বৰেণ্য ব্যক্তিসকলে গ্ৰহণ কৰা মাষ্টাৰক্লাছ  আৰু প্ৰেৰণাদায়ক পেনেল আলোচনাৰ সৈতে এইবাৰৰ আই এফ এফ আইয়ে চিনেমাৰ একত্ৰীকৰণৰ শক্তিক সুন্দৰভাবে  প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে।

 

মহোৎসৱৰ কিয়দাংশ

 

 

ভাৰতীয় চিনেমাৰ এক উদযাপন

 

সামৰণি অনুষ্ঠানত ভাৰতৰ চিনেমাৰ  সজীৱতা আৰু বৈচিত্ৰ্যক সামৰি লোৱা হ’ব। ই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতীয় ছবিৰ শিল্পকলা, সৃষ্টিশীলতা, আৰু সাংস্কৃতিক প্ৰভাৱক প্ৰতিফলিত কৰি   উৎসৱৰ উত্তম মুহূৰ্তসমূহ সকলোৰে মাজলৈ কঢ়িয়াই লৈ যাব। এই অনুষ্ঠানত চিনেমাক সীমা অতিক্ৰম কৰি সংস্কৃতিক একত্ৰিত কৰাৰ মাধ্যম হিচাপে প্ৰতিফলিত কৰা হ’ব।

 

  চলচ্চিত্ৰ উদ্যোগৰ বহু  ব্যক্তি  এই অনুষ্ঠানৰ  সাক্ষী হৈ ৰব।  তেওঁলোকৰ উপস্থিতিয়ে অনুষ্ঠানটোৰ শোভা বৰ্ধন কৰিব । ছবি উদ্যোগৰ সেইসকল  ব্যক্তিৰ ভিতৰত আছে সুকুমাৰ, দিল ৰাজু, আনন্দ তিৱাৰী, অমৃতপাল সিং বিদ্ৰা, অষ্ট্ৰেলিয়াৰ প্ৰযোজক ষ্টিফেন উলিৰ দৰে প্ৰখ্যাত  চলচ্চিত্ৰ নিৰ্মাতা আৰু ছবিৰ সৈতে জড়িত ব্যক্তিসকল।

 

 

প্ৰখ্যাত অভিনেতা আল্লু অৰ্জুন, ৰশ্মিকা মণ্ডনা, জয়াপ্ৰদা, শ্ৰিয়া সাৰণ, প্ৰতীক গান্ধী, সমীৰ কোছাৰ, শ্ৰেয়া চৌধাৰী, ঋত্বিক ভৌমিক, আৰু নবীন কোহলীৰ লগতে প্ৰখ্যাত সংগীত শিল্পী অমল মল্লিক আৰু মামে খানও এই বৰ্ণাঢ্য অনুষ্ঠানত উপস্থিত থাকিব। চিনেমাৰ জনপ্ৰিয় ব্যক্তিসকলক  এনেদৰে একত্ৰিত কৰি  ভাৰতীয়  আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ হৈ পৰিছে  প্ৰতিভাৰ মহা মিলনস্থলী।

 

সন্ধিয়া  সংগীত, নৃত্য, আৰু চিনেমাৰ মনোমোহা মিশ্ৰণেৰে প্ৰখ্যাত শিল্পী আৰু পৰিবেশকসকলেও নানান কাৰ্যসূচীত  অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত ষ্টেবিন বেন, ভূমি ত্ৰিবেদী, আৰু অমল মালিক তথা  অভিনেতা শ্ৰিয়া সাৰণৰ দৰে বিখ্যাত শিল্পীসকলে  সংগীত আৰু নৃত্য পৰিবেশন কৰিব, নিকিতা গান্ধী আৰু দিগ্বিজয় সিং আদিয়েও আজিৰ সন্ধিয়াটোক সাংস্কৃতিক কাৰ্যসূচীৰে মধুময় কৰি তুলিব। 

 

চিনেমাৰ উৎকৃষ্টতাক সন্মান  প্ৰদৰ্শন

 

 

আজিৰ সন্ধিয়াটোত শ্ৰেষ্ঠ ছবিসমূহক  বঁটা প্ৰদানৰ জৰিয়তে চলচ্চিত্ৰ নিৰ্মাণৰ ব্যতিক্ৰমী কৃতিত্ব উদযাপন কৰা হ’ব।

 

শ্ৰেষ্ঠ চিনেমাৰ  প্ৰতি  সন্মান জনাই উৎসৱৰ শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিখনে আইএফএফআইৰ আটাইতকৈ সন্মানীয় বঁটা, গোল্ডেন পিকক ঘৰলৈ লৈ যাব আৰু পৰিচালক-প্ৰযোজক যুটিৰ বিজয়ী দলটোৱে গোল্ডেন পিকক ট্ৰফী, প্ৰমাণপত্ৰ আৰু নগদ ধন লাভ কৰিব ।

 

এই অনুষ্ঠানত শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেতা (পুৰুষ আৰু মহিলা) আৰু এজন পৰিচালকৰ শ্ৰেষ্ঠ আত্মপ্ৰকাশৰ বৈশিষ্ট্যপূৰ্ণ ছবিক ৰূপালী ময়ুৰ বঁটা প্ৰদান কৰা হ’ব, বিজয়ীসকলক ৰূপালী ময়ুৰ ট্ৰফী, প্ৰমাণপত্ৰ, আৰু নগদ ধনৰ পুৰস্কাৰ প্ৰদান কৰা হ’ব। ইয়াৰ উপৰি  চলচ্চিত্ৰ নিৰ্মাণৰ যিকোনো দিশতে উৎকৃষ্টতাক সন্মান জনোৱা বিশেষ জুৰী বঁটাৰ বাবে ৰূপালী ময়ুৰ ট্ৰফী, প্ৰমাণপত্ৰ, আৰু নগদ ধনৰ পুৰস্কাৰো প্ৰদান কৰা হ’ব।

 

ভাৰতীয় আত্মপ্ৰকাশৰ ছবিসমূহৰ বিষয়ত  গুৰুত্ব আৰোপ কৰিবলৈ এই বছৰ প্ৰৱৰ্তিত ভাৰতীয় বৈশিষ্ট্যপূৰ্ণ ছবিৰ শ্ৰেষ্ঠ অভিষেক পৰিচালকৰ বঁটাও  এই অনুষ্ঠানত এজন উদীয়মান চলচ্চিত্ৰ নিৰ্মাতাৰ সৃষ্টিশীলতা আৰু সম্ভাৱনাক স্বীকৃতি দি প্ৰদান কৰা হ'ব।

 

আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ, টেলিভিছন, আৰু দৃশ্য-শ্ৰাব্য যোগাযোগ পৰিষদৰ (আইচিএফটি) সহযোগত সহনশীলতা, আন্তঃসাংস্কৃতিক আলোচনা আৰু শান্তিৰ বাৰ্তা  প্ৰতিফলিত কৰা ছবিসমূহক সন্মান জনাই উক্ত অনুষ্ঠানতে  আইচিএফটি-ইউনেস্কো গান্ধী পদক আৰু প্ৰমাণপত্ৰ প্ৰদান কৰিব৷

 

অষ্ট্ৰেলিয়াৰ কিংবদন্তি চলচ্চিত্ৰ নিৰ্মাতা ফিলিপ নয়ছক তেওঁৰ উজ্জ্বল আৰু বিস্তৃত চিনেমা যাত্ৰাৰ প্ৰতি সন্মান জনাই  ৰূপালী ময়ুৰ পদক, প্ৰমাণপত্ৰ, চাদৰ, স্ক্ৰল, আৰু নগদ ধন প্ৰদান কৰা হ’ব।

 

ভাৰতীয় চিনেমালৈ  আগবঢ়োৱা অৱদানৰ বাবে বিশেষ স্বীকৃতিৰ বঁটা অভিনেতা আল্লু অৰ্জুনক প্ৰদান কৰা হ’ব৷ তেওঁৰ ব্লকবাষ্টাৰ ছবি পুষ্পা ২য়ে বিশেষ স্বীকৃতি লাভ কৰাৰ সন্মান হিচাবে তেওঁক এই বঁটা প্ৰদান কৰা হ’ব। এই অনুষ্ঠানত শ্ৰেষ্ঠ ৱেব ছিৰিজ (OTT) বঁটাও প্ৰদান কৰা হ’ব।

 

সামৰণি অনুষ্ঠানত ছবি উদ্যোগৰ কিংবদন্তিসকল যেনে  কিংবদন্তি ভাৰতীয় পৰিচালক ৰমেশ চিপ্পী, অভিনেতা-প্ৰযোজক নিভিন পৌলী আৰু অভিনেতা প্ৰতীক গান্ধীয়ে  নিজৰ বৰ্ণময় অভিজ্ঞতাৰ কথা বৰ্ণনা কৰিব৷

 

দেশৰ  চহকী নৃত্যৰ   ঐতিহ্যৰ  উদযাপন কৰা "ভাৰতৰ ছন্দ" শীৰ্ষক এক মনমুগ্ধকৰ অনুষ্ঠান সন্ধিয়াৰ বিশেষ আকৰ্ষণ হ’ব৷    কথক (উত্তৰ ভাৰত), মহিনিয়াটম এণ্ড কথাকলি (দক্ষিণ ভাৰত), মণিপুৰী  আৰু পুং চোলাম ড্ৰামৰছ (পূব ভাৰত) আৰু গৰ্বা (পশ্চিম ভাৰত)ৰ দৰে শাস্ত্ৰীয় নৃত্যৰ মাধ্যমেৰে সমগ্ৰ ভাৰতবৰ্ষৰ সাংস্কৃতিক ঐতিহ্যক উদযাপন কৰা হ’ব৷ 

 

গতিশীল এল ই ডি ভিজুৱেল, কোলামৰ দৰে পৰম্পৰাগত মটিফ, আৰু কালজয়ী সুমধুৰ  সংগীতে চিনেমাৰ  অভিজ্ঞতাক আৰু অধিক প্ৰাণৱন্ত কৰি তুলিব৷ ভাৰতৰ একতাক  উজ্জ্বল কৰি তোলা "দেছ মেৰা ৰংগীলা" গীতে  সামৰণি অনুষ্ঠানত দৰ্শকক আকৰ্ষণ কৰিব পাৰিব ৷

 

এইবাৰৰ আইএফএফআই চিনেমাৰ বৈচিত্ৰ্য আৰু উদ্ভাৱনৰ উদযাপন হিচাবে বিবেচিত হৈছে৷  ধাৰা, ভাষা, আৰু সংস্কৃতিৰ বৈচিত্ৰ্যপূৰ্ণ নিৰ্বাচন, বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতাসকলৰ মাষ্টাৰক্লাছ, চলচ্চিত্ৰ নিৰ্মাণৰ কলা আৰু সেই কলাৰ বিষয়ত  অনন্য দৃষ্টিভংগী গ্ৰহণ  আৰু ভৱিষ্যতক আলম কৰি আকৰ্ষণীয় পেনেল আলোচনা অনুষ্ঠিত কৰি আইএফএফআই-এ চিনেমাৰ যাত্ৰাক অধিক বৰ্ণিল কৰি তুলিছে৷

 

অহা বছৰ আৰু অধিক দৰ্শনীয় সংস্কৰণেৰে ঘূৰি অহাৰ প্ৰতিশ্ৰুতিৰে আজি গোৱাত সামৰণি পৰিব আইএফএফআইৰ৷  অনুষ্ঠানৰ সামৰণি পৰিব, কিন্তু  দৰ্শকৰ মনত স্থায়ী হৈ ৰ'ব চিনেমাৰ অতুলনীয় যাদুৰ মনোমোহা  স্মৃতি ।

iffi reel

(Release ID: 2078562) Visitor Counter : 10