তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
iffi banner
0 5

অভিনয় সদায়ে চিনেমাৰ সফলতাত অৰিহণা যোগোৱাৰ বাবে হয়, এনেকুৱা নহয় চিনেমাৰ পৰা মই কি লাভ কৰিলো: নিত্যা মেনন

মানুহ আৰু অভিজ্ঞতাৰ প্ৰতি নমনীয়তা আৰু মুক্তমন এজন অভিনেতাৰ বাবে অতি গুৰুত্বপূৰ্ণ: নিত্যা মেনন

৫৫ সংখ্যক আইএফএফআই ত নিত্যা মেননৰ সৈতে মতবিনিময় অনুষ্ঠান

৫৫ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৰাষ্ট্ৰীয় বঁটা প্ৰাপক অভিনেত্ৰী নিত্যা মেননয়ে অভিনয়ৰ কলা সন্দৰ্ভত এক গাম্ভীয্যপূৰ্ণ আলোকপাত কৰে। গোৱা পনাজিৰ আইএফএফআই ৰ কলা একাডেমিত আয়োজিত চৰিত্ৰ আৰু অভিনেতা: সুক্ষ্মতাৰ শক্তি বিষয়ৰ ওপৰত এক আলোচনাৰ সম্বোধন কৰে।

থিৰুচিত্ৰাম্বলম আৰু অকে কণমনি দৰে ছবিৰ সুন্দৰ অভিনয়ৰ বাবে জনপ্ৰিয় আৰু ৰাষ্ট্ৰীয় বঁটা প্ৰাপক নিত্যা মেননে সূক্ষ্মতাৰ শক্তি আৰু ভাবাত্মক প্ৰমাণিকতাৰ মহত্ত্বৰ জটিলতা তথা বাস্তৱক চৰিত্ৰ প্রদর্শনৰ জটিলতা তথা প্ৰদৰ্শনৰ প্ৰত্যাহ্বান সন্দৰ্ভত চৰ্চা কৰে। 

আন্ত্ৰিক প্ৰবৃত্তি আৰু ছবিৰ নিৰ্বাচন: ব্যৱস্থাৰ ওপৰত বিশ্বাস

নিত্যাৰ নিজৰ চিনেমা নিৰ্বাচন প্ৰক্ৰিয়া আৰু অতীতত সৰু চৰিত্ৰত অভিনয় কৰাৰ বাবে বিভিন্ন সমালোচনাৰ সন্মুখীন হোৱাৰ কথাৰে বক্তব্য আৰম্ভ কৰে। কোনোধৰণৰ আনুষ্ঠানিক ধাৰাক পালন নকৰি তেওঁৰ প্ৰস্তুতি বহি:বিশ্বক পালন কৰা, আবেগকক ভিজুৱেলাইজ কৰা আৰু চৰিত্ৰৰ সৈতে একাত্মক কৰাত বিশ্বাসী। তেওঁৰ বাবে অভিনয় এক আবেগ, প্ৰয়োজনীয় নহয় যে ই বাক্তিগত অনুভৱ হ'ব। নিত্যাই উদাহৰণ সহকাৰে কয় যে মাতৃ চৰিত্ৰত অভিনয় কৰিবলৈ সজীৱ অনুভৱৰ পৰিবৰ্তে সহানুভূতি আৰু ভাবাত্মক গুণৰ প্ৰয়োজন হয়।

নিত্যা মেননে কয় কঠোৰতা আৰু আত্মবিশ্বাস হ্ৰাসে এগৰাকী অভিনয় শিল্পীৰ প্ৰদৰ্শনত বাধাৰ সৃষ্টি কৰে। তেওঁ মানুহ আৰু অভিজ্ঞতাৰ প্ৰতি নমনীয়তা আৰু মুক্তমন  অতি গুৰুত্বপূৰ্ণ। ইয়াৰ উপৰি আত্মবিশ্বাসী হোৱাটো অতি প্ৰয়োজনীয়। নিত্যাই শান্ত পৰিবেশৰ গুৰুত্বতা কথাও উল্লেখ কৰে। ই দ্বাৰা অভিনেতা অভিনেত্ৰী সকলক তেওঁলোকৰ আবেগৰ মাজত কোনো  ব্যস্ত সূচীৰ হেঁচাই প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। তেওঁ নিজৰ হৃদয়ৰ দৃষ্টি ভংগীৰে আৰু মুকলি অনুভৱৰে বিভিন্ন সংস্কৃতিৰ লোক সকলৰ লগত অভিনয়ৰে একাত্মক হব পৰা বিষয়টোত নিজক প্ৰশংসা কৰে। 

লগতে প্ৰকাশ কৰে যে কেনেকৈ মনৰ অনুভৱ বা এটা অভিনয়ৰ চৰিত্ৰই এটাই তেওঁলোকৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাই। তেওঁ কয় যে মোৰ বাবে প্ৰথম অৱস্থাত দুখ ব্যক্ত কৰাটো সহজ আছিল, কাৰণ মই ভাবিছিলো মোৰ ভিতৰত বহুত দুখ আছিল। নিত্যা মেননে কয় যে কিছুমান ভাবুক দৃশ্য আছিল, যি মোক শান্ত কৰি তুলিছিল আৰু দৃশগ্ৰহণ শেষ হোৱাৰ পাছত মই এটা মানসিক শান্তি লাভ কৰিছিলোঁ। তেওঁ কয় আজি যদি মই উভতি চাওঁ তেতিয়া মই কন্দানটো কষ্টকৰ যেন অনুভৱ কৰোঁ। মোৰ এনে লাগে যিমানেই বয়স বাঢ়িছে সিমানেই মই সুখী হৈছো। আবেগিক বিশ্বাসৰ মান্যতা সৰ্বাধিক। তেওঁ কয় যে তেওঁৰ অনুভৱৰ গুৰুত্বতা যি তেওঁৰ কাম সমূহক অনুপ্ৰেৰণা যোগাই,  এটা ভূমিকাৰ আশে পাশে থকা বহি: পৰিস্থিতিয়ে নহয়।

তেওঁ সংযোগ কৰি কয় যে বছৰি চলচ্চিত্ৰৰ উদ্যোগত অধিক সুবিধা আৰু সন্মানেৰে অভিনেত্ৰীক অধিক গ্ৰহণ কৰা হৈছে। বক্তব্যৰ শেষত নিত্যাই উল্লেখ কৰে তেওঁ ছবি সমূহ দৰ্শকৰ চেতনাক জাগ্ৰত কৰা মূল উদ্দেশ্য। নিত্যাই উল্লেখ কৰে যদি কোনো চিনেমা আবেগিকভাবে আৰু বৌদ্ধিক ভাবে সংযোগ স্থাপন কৰিব নোৱাৰে তেতিয়া সেই চিনেমাই নিজৰ মহত্বই হেৰুৱাই পেলায়।

 

PIB IFFI CAST AND CREW | Rajith/Athira/Dhanalakshmi/Darshana | IFFI 55 - 40 | DS

iffi reel

(Release ID: 2076447) Visitor Counter : 4