তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
iffi banner
0 3

‘ৱেভছ’ৰে অ’টিটি মাধ্যমত প্ৰৱেশ প্ৰসাৰ ভাৰতীৰ

‘ৱেভছ’ হৈছে আইএফএফআই ত মুকলি কৰা এটা নতুন অ’টিটি প্লেটফৰ্ম

গোৱাত আজি ৫৫ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI)ৰ উদ্বোধনী অনুষ্ঠানত ৰাষ্ট্ৰীয় ৰাজহুৱা সম্প্ৰচাৰক প্ৰসাৰ ভাৰতীৰ অ’টিটি প্লেটফৰ্ম ‘ৱেভছ’ মুকলি কৰে গোৱাৰ মুখ্যমন্ত্ৰী ডাঃ প্ৰমোদ সাৱন্তই। এই কাৰ্য্যসূচীত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় জাজুকে প্ৰমুখ্য কৰি আন-আন বিশিষ্ট লোকসকল উপস্থিত থাকে।

ভাৰতৰ বিশিষ্ট ৰাজহুৱা সম্প্ৰচাৰক দূৰদৰ্শনে ডিজিটেল ষ্ট্ৰীমিং সেৱাৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণৰ বাবে অ’টিটি (অভাৰ-দ্য-টপ) প্লেটফৰ্মৰ ক্ষেত্ৰত প্ৰৱেশ কৰিছে। এই প্লেটফৰ্মৰ লক্ষ্য হৈছে ক্লাছিক কন্টেন্ট আৰু সমসাময়িক প্ৰগ্ৰেমিংৰ এক সমৃদ্ধ থূপ আগবঢ়াই আধুনিক ডিজিটেল ট্ৰেণ্ডক আকোৱালি লোৱাৰ সমান্তৰালভাৱে নষ্টালজিয়াক পুনৰুজ্জীৱিতকৰণ। ৰামায়ণ, মহাভাৰত, শক্তিমান আৰু হাম লগৰ দৰে কালজয়ী অনুষ্ঠানৰ ভঁৰালৰ সৈতে এই মঞ্চই ভাৰতৰ অতীতৰ সৈতে সাংস্কৃতিক আৰু আৱেগিক সংযোগ বিচৰা দৰ্শকক আকৰ্ষিত কৰিব। ইয়াৰ উপৰিও ইয়াত বাতৰি, তথ্যচিত্ৰ আৰু আঞ্চলিক বিষয়বস্তু উপলব্ধ হ’ব, যিয়ে অন্তৰ্ভুক্তি আৰু বৈচিত্ৰ্যৰ প্ৰতি ইয়াৰ দায়বদ্ধতাক সুদৃঢ় কৰিছে। কেইবা দশকজোৰা লিগেছী আৰু ৰাষ্ট্ৰীয় আস্থাৰ অনুৰণন ঘটাই দূৰদৰ্শনৰ অ’টিটি প্লেটফৰ্মটোৱে পৰম্পৰাগত টেলিভিছন আৰু আধুনিক ষ্ট্ৰীমিংৰ মাজৰ ব্যৱধান দূৰেৰে টেক-চেভি যুৱক-যুৱতী আৰু বয়সস্থ প্ৰজন্মক স্পৰ্শ কৰিব।

ৱেভছে আন্তঃৰাষ্ট্ৰীয় দৃষ্টিভংগীৰে ভাৰতীয় সংস্কৃতিক আকোৱালি লোৱা ইনক্লুছিভ ইণ্ডিয়াৰ কাহিনীৰে বৃহৎ এগ্ৰিগেটৰ অ’টিটি হিচাপে প্ৰৱেশ কৰিছে। ই ১২+ ভাষা যথা - হিন্দী, ইংৰাজী, বাংলা, মাৰাঠী, কানাড়া, মালয়ালম, তেলেগু, তামিল, গুজৰাটী, পাঞ্জাবী আৰু অসমীয়াত উপলব্ধইয়াত ইনফটেইনমেন্টৰ ১০+ শিতান আছেইয়াত ভিডিঅ’ অন ডিমাণ্ড, ফ্ৰী-টু-প্লে গেমিং, ৰেডিঅ’ ষ্ট্ৰীমিং, লাইভ টিভি ষ্ট্ৰীমিং, ৬৫ টা লাইভ চেনেল, ভিডিঅ’ আৰু গেমিং কন্টেন্টৰ বাবে কেইবাটাও এপ ইন এপ সংহতি আৰু ডিজিটেল কমাৰ্চৰ বাবে মুকলি নেটৱৰ্ক (ONDC) সমৰ্থিত ই-কমাৰ্চ প্লেটফৰ্ম উপলব্ধ

সৃষ্টিশীল অৰ্থনীতিত যুৱ ক্ৰিয়েটৰসকলৰ সম্ভাৱনা বাস্তৱায়িতকৰণৰ এক সচেতন পদক্ষেপ হিচাপে ৱেভছে কামিয়া জনী, আৰজে ৰাউনাক, শ্ৰদ্ধা শৰ্মা আদিৰ দৰে ৰাষ্ট্ৰীয় ক্ৰিয়েটৰ বঁটাপ্ৰাপকসকলকে প্ৰমুখ্য কৰি কন্টেন্ট ক্ৰিয়েটৰসকলক ইয়াৰ মঞ্চও আগবঢ়াইছে। ৱেভছে এফটিআইআই, অন্নপূৰ্ণা আৰু এএএফটিৰ দৰে চলচ্চিত্ৰ আৰু মিডিয়া কলেজৰ ছবিৰ স্নাতক মহলাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ইয়াৰ পৰ্টেল মুকলি কৰিছে।

ৱেভছত উপলব্ধ নতুন ছবি আৰু শ্ব' আইএফএফআই ত প্ৰদৰ্শিত হ'

৫৫ সংখ্যক আইএফএফআইৰ যুৱ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ ওপৰত গুৰুত্ব আৰোপেৰে ৱেভছে নাগাৰ্জুন আৰু অমলা আকিনেনীৰ অন্নপূৰ্ণা ফিল্ম এণ্ড মিডিয়া ষ্টুডিঅ’ৰ ষ্টুডেন্ট গ্ৰেড ছবি ‘ৰোল নং ৫২’ প্ৰদৰ্শন কৰিব।

ৱেভছত ১৯৮০ৰ শ্বাহৰুখ খানৰ শ্ব’ ফৌজীৰ আধুনিক অভিযোজনা ‘ফৌজী ২.০’, অস্কাৰ বিজয়ী গুণীত মংগা কাপুৰৰ ‘কিকিং বলছ’, ক্ৰাইম থ্ৰিলাৰ ‘জেকছন হাল্ট’ আৰু ম’বাইল টয়লেটৰ বিষয়বস্তুৰে ‘জায়ে আপ কাহান জায়েংগে’ প্ৰদৰ্শিত হ’ব।

ৱেভছত অযোধ্যাৰপৰা প্ৰভু শ্ৰীৰাম ললাৰ আৰতি লাইভ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাহেকীয়া মন কী বাতৰ দৰে লাইভ অনুষ্ঠানক অন্তৰ্ভুক্ত কৰা হৈছে। আগন্তুক ইউএছ প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাখন ২০২৪ৰ ২২ নৱেম্বৰৰপৰা ৱেভছত লাইভ সম্প্ৰচাৰ কৰা হ’ব। ৱেভছে দৈনিক ভিডিঅবাৰ্তাৰ সৈতে চাইবাৰ সুৰক্ষা সন্দৰ্ভত সজাগতা অভিযানো আৰম্ভ কৰিব। এই অভিযানলৈ চাইবাৰ ক্ৰাইম কি দুনিয়া (এক কাল্পনিক ধাৰাবাহিক) আৰু চাইবাৰ এলাৰ্ট (ডিডি নিউজৰ ফিছাৰৰদ্বাৰা) আদি অনুষ্ঠানে বৰঙণি যোগাব

ৱেভছৰ আন-আন ছবি আৰু শ্ব’সমূহৰ ভিতৰত আছে ফেন্টাচি একচন ছুপাৰ হিৰ’ ‘মংকি কিং: দ্য হিৰ ইজ বেক’, ৰাষ্ট্ৰীয় বঁটা বিজয়ী ফৌজা, আৰমান, বিপুল শ্বাহৰ থ্ৰিলাৰ শ্ব’ ভেড ভৰম, পংকজ কাপুৰক লৈ পাৰিবাৰিক নাটক থোদে দুৱাৰ থোদে পাছ, কৈলাশ খেৰৰ মিউজিক ৰিয়েলিটি শ্ব’ ভাৰত কা অমৃত কলহ, সৰ্পঞ্চ, নাৰীকেন্দ্ৰিক অনুষ্ঠান আৰু ছবি যেনেঃ কৰ্পৰেট সৰ্পঞ্চ, দশমী, আৰু কৰিথী, জানকীৱেভছত ডগি এডভেঞ্চাৰ, ছোটা ভীম, তেনালিৰাম, আকবৰ বীৰবল আৰু কৃষ্ণ জাম্প, ফ্ৰুট চেফ, ৰাম দ্য যোদ্ধা, ক্ৰিকেট প্ৰিমিয়াৰ লীগ টুৰ্ণামেণ্টৰ দৰে গেমকে প্ৰমুখ্য কৰি জনপ্ৰিয় এনিমেচন প্ৰগ্ৰেমো উপলব্ধ।

কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰালয় আৰু ৰাজ্যসমূহেও প্ৰসাৰ ভাৰতীৰ সৈতে লগ লাগি অৰ্থপূৰ্ণ বাৰ্তাৰ এক ফলপ্ৰসূ বাহক হিচাপে ডকুড্ৰামা, নাটকীয় বা কাল্পনিক শ্ব’, মনোৰঞ্জনৰ ৰিয়েলিটি শ্ব’ আদি ভিন্ন কন্টেন্ট সহযোগিতা আৰু বৰঙণি আগবঢ়াইছে। কেতবোৰ বিষয়বস্তুৰ ভিতৰত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে এখন তথ্যচিত্ৰ, ভাৰতীয় চিনেমা নামৰ এনএফডিচিৰ আৰ্কাইভ, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ঐতিহাসিক ফটো, আলোচনী আৰু প্ৰকাশনৰ দৰে বিৰল আৰ্কাইভ আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, বিত্ত মন্ত্ৰালয়, আইজিএনচিএ, সাংস্কৃতিক মন্ত্ৰালয় আৰু ইণ্ডিয়া প’ষ্টেও ৱেভছলৈ তথ্যসমৃদ্ধ আৰু মনোৰঞ্জনমূলক অনুষ্ঠানৰ বৰঙণি আগবঢ়াইছে।

ৱেভছৰ ডিজিটেল অভিজ্ঞতাই ভাৰতীয় নীতি-নিয়মক আধুনিক ৰূপ আৰু অনুভৱ, অনুকূল ইউজাৰ ইন্টাৰফেছ, ক্ৰছ-প্লেটফৰ্ম সামঞ্জস্যতা, ব্যক্তিগতকৃত প্ৰফাইল আৰু কিউৰেট কৰা প্লেলিষ্টে ষ্ট্ৰীমিং অভিজ্ঞতাৰ বৰ্ধন ঘটাইছে।

এই মুকলি কাৰ্য্যই কেৱল প্ৰসাৰ ভাৰতীৰ বাবেই নহয়, বৰঞ্চ ডিজিটেল মিডিয়া আৰু অ’টিটি দৰ্শকৰ বাবেও এক বৃহৎ অগ্ৰগতিক প্ৰতিফলিত কৰিছে, কিয়নো ই এক সম্পূৰ্ণ ইনফ’টেইনমেন্ট ব্যৱস্থা প্ৰশস্ত কৰিছে।

* * *

iffi reel

(Release ID: 2075455) Visitor Counter : 11