প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নৰৱেৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

Posted On: 19 NOV 2024 6:06AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত জি-২০ সন্মিলনৰ সুযোগতে নৰৱেৰ প্ৰধানমন্ত্ৰী মহামহিম জোনাছ গহৰ ষ্ট’ৰক সাক্ষাৎ কৰে।

দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতিৰ বুজ লয় আৰু বিভিন্ন ক্ষেত্ৰত সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰে। ভাৰত - ইউৰোপীয় মুক্ত বাণিজ্য সংস্থা- বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি (ইণ্ডিয়া-ইএফটিএ-টহামহিম মিষ্টাৰ জোনাছ গহৰ ষ্ট’ৰীিইপিএ) স্বাক্ষৰ কৰাটো দ্বিপাক্ষিক সম্পৰ্কৰ এক উল্লেখযোগ্য কৃতিত্ব বুলি উল্লেখ কৰি দুয়োগৰাকী নেতাই নৰৱেকে ধৰি ইএফটিএ দেশসমূহৰ পৰা ভাৰতত অধিক বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ বাবে ইয়াৰ তাৎপৰ্য দোহাৰে।

দ্বিপাক্ষিক আলোচনাত নীল অৰ্থনীতি, নবীকৰণযোগ্য শক্তি, সেউজ হাইড্ৰজেন, সৌৰ আৰু বতাহ প্ৰকল্প, ভূতাপীয় শক্তি, সেউজ জাহাজ, কাৰ্বন হ্ৰাসৰ ব্যৱহাৰ আৰু সংৰক্ষণ (চিচিইউএছ), মীন, মহাকাশ আৰু আৰ্কটিক আদি ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।

নেতাসকলে পাৰস্পৰিক লাভজনক আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহ সন্দৰ্ভতো আলোচনা কৰে।

***

MJPS/SR/KD


(Release ID: 2074675)