গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে চৰকাৰে ১ম সৰ্ব-মহিলা চিআইএছএফ বেটেলিয়নত অনুমোদন জনাইছে
ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতিটো ক্ষেত্ৰতে মহিলাৰ অংশগ্ৰহণ বৃদ্ধিৰ অৰ্থে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী বাস্তৱায়িতকৰণৰ দিশত এক দৃঢ় পদক্ষেপ হিচাপে মোদী চৰকাৰে চিআইএছএফৰ প্ৰথমটো সৰ্ব-মহিলা বেটেলিয়ন স্থাপনত অনুমোদন জনাইছে
শ্ৰেষ্ঠ ট্ৰুপ হিচাপে পৰিগণিত হ’বলৈ মহিলা বেটেলিয়নটোৱে বিমানবন্দৰ আৰু মেট্ৰ’ ৰে’লৰ দৰে দেশৰ গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি সুৰক্ষা আৰু কমাণ্ডো হিচাপে ভিআইপি নিৰাপত্তা প্ৰদানৰ দায়িত্ব গ্ৰহণ কৰিব
এই সিদ্ধান্তই ৰাষ্ট্ৰ সুৰক্ষাৰ গুৰুত্বপূৰ্ণ কাম-কাজত অধিক মহিলাৰ অংশগ্ৰহণৰ আকাংক্ষা নিশ্চিতভাৱে পূৰণ কৰিব
प्रविष्टि तिथि:
13 NOV 2024 3:27PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে চৰকাৰে কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী (CISF)ৰ ১ম সৰ্ব-মহিলা বেটেলিয়নত অনুমোদন জনাইছে।
এই সন্দৰ্ভত এক্সৰ এটা প’ষ্টত শ্ৰী অমিত শ্বাহে কয়, “ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতিটো ক্ষেত্ৰতে মহিলাৰ অংশগ্ৰহণ বৃদ্ধিৰ অৰ্থে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী বাস্তৱায়িতকৰণৰ দিশত এক দৃঢ় পদক্ষেপ হিচাপে মোদী চৰকাৰে চিআইএছএফৰ প্ৰথমটো সৰ্ব-মহিলা বেটেলিয়ন স্থাপনত অনুমোদন জনাইছে। শ্ৰেষ্ঠ ট্ৰুপ হিচাপে পৰিগণিত হ’বলৈ মহিলা বেটেলিয়নটোৱে বিমানবন্দৰ আৰু মেট্ৰ’ ৰে’লৰ দৰে দেশৰ গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি সুৰক্ষা আৰু কমাণ্ডো হিচাপে ভিআইপি নিৰাপত্তা প্ৰদানৰ দায়িত্ব গ্ৰহণ কৰিব। এই সিদ্ধান্তই ৰাষ্ট্ৰ সুৰক্ষাৰ গুৰুত্বপূৰ্ণ কাম-কাজত অধিক মহিলাৰ অংশগ্ৰহণৰ আকাংক্ষা নিশ্চিতভাৱে পূৰণ কৰিব।”
কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী হৈছে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ অংশ হৈ ৰাষ্ট্ৰখনক সেৱা কৰিব বিচৰা মহিলাসকলৰ বাবে পছন্দৰ বাহিনী। বৰ্তমান চিআইএছএফত মহিলাৰ সংখ্যা ৭%ৰো অধিক। মহিলা বেটেলিয়নৰ সংযোজনে সমগ্ৰ দেশৰ অধিক উচ্চাকাংক্ষী যুৱতীসকলক চিআইএছএফত যোগদানেৰে ৰাষ্ট্ৰখনক সেৱা কৰিবলৈ উৎসাহিত কৰিব। ই চিআইএছএফৰ মহিলাসকলক এক নতুন পৰিচয় প্ৰদান কৰিব।
চিআইএছএফৰ মুখ্য কাৰ্য্যালয়সমূহে এই নতুন বেটেলিয়নৰ মুখ্য কাৰ্য্যালয়সমূহৰ বাবে আগতীয়াকৈ নিযুক্তি, প্ৰশিক্ষণ আৰু স্থান নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিছে। এই প্ৰশিক্ষণ বিশেষভাৱে ডিজাইন কৰা হৈছে, যাতে ভিআইপি নিৰাপত্তা আৰু লগতে বিমানবন্দৰৰ নিৰাপত্তা, দিল্লী মেট্ৰ’ ৰে’লৰ কৰ্তব্যত কমাণ্ডো হিচাপে বহুবিধ ভূমিকা পালন কৰিব পৰাকৈ এক অভিজাত বেটেলিয়ন সাজু হৈ উঠে।
৫৩ সংখ্যক চিআইএছএফ দিৱসৰ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশনা অনুসৰি চিআইএছএফত সৰ্ব-মহিলা বেটেলিয়ন স্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল।
*****
RK/VV/PR/PS/SB
(रिलीज़ आईडी: 2073205)
आगंतुक पटल : 74