তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
iffi banner
0 4

মহাত্মা গান্ধীৰ শান্তি আৰু অহিংসাৰ বাৰ্তা পুনৰুজ্জীৱিত কৰাৰ লক্ষ্য : ৫৫ সংখ্যক আইএফএফআইত সন্মানীয় আইচিএফটি-ইউনেস্কো গান্ধী পদকৰ বাবে অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাত দহখন চলচ্চিত্ৰ

আইএফএফআইত আইচিএফটি-ইউনেস্কো গান্ধী পদক: চলচ্চিৰৰে শান্তি আৰু মানৱতাৰ প্ৰতি এক বিশেষ শ্ৰদ্ধাঞ্জলি

ভাৰতীয় আন্তঃৰাষ্ট্ৰীয়  চলচ্চিত্ৰ মহোৎসৱৰ (আইএফএফআই) ৫৫ সংখ্যক  সংস্কৰণে আনুষ্ঠানিকভাৱে সন্মানীয় আইচিএফটি-ইউনেস্কো গান্ধী পদকৰ বাবে মনোনীত ব্যক্তিসকলক উদ্ভাসিত কৰি তুলিব। যি হৈছে (আন্তৰ্জাতিক চলচ্চিত্ৰ, দূৰদৰ্শন আৰু অডিঅ'ভিজুৱেল যোগাযোগ পৰিষদ) পেৰিছ আৰু ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা (ইউনেস্কো)ৰ সৈতে অংশীদাৰীত্বত প্ৰদান কৰা এক গোলকীয় বঁটা। এই সন্মানে মহাত্মা গান্ধীৰ আদৰ্শ, বিশেষকৈ অহিংসা, সহিষ্ণুতা আৰু সামাজিক সম্প্ৰীতিক মূৰ্ত কৰি তোলাৰ আদৰ্শক  চলচ্চিত্ৰৰ মাধ্যমেৰে উজলাই তোলাৰ  স্বীকৃতি প্ৰদান কৰে আৰু আন্তঃসাংস্কৃতিক  শান্তিৰ কথা  প্ৰচাৰ কৰে।

চলিত বৰ্ষত   এই বঁটাৰ বাবে দহখন উল্লেখযোগ্য চলচ্চিত্ৰ তালিকাভুক্ত কৰা হৈছে।  প্ৰতিখন চলচ্চিত্ৰই  বিভিন্ন অঞ্চল, সংস্কৃতি আৰু শৈলীক প্ৰতিনিধিত্ব কৰিছে। এই ছবিসমূহক গান্ধীবাদী নীতিৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ এক প্ৰচিফল হিচাবে গণ্য কৰিব পাৰি । ইয়াত এক বিশিষ্ট জুৰী, য'ত ইছাবেল ডেনেল (ফিপ্ৰেচিৰ সন্মানীয় সভাপতি - আন্তৰ্জাতিক চলচ্চিত্ৰ সমালোচক ফেডাৰেচন), চাৰ্জ মিশেল (চিআইচিটি-আইচিএফটিৰ উপ-সভাপতি), মাৰিয়া ক্ৰিষ্টিনা ইগলেছিয়াছ (ইউনেস্কোৰ সাংস্কৃতিক খণ্ড কাৰ্যসূচীৰ প্ৰাক্তন মুৰব্বী), ড০ আহমেদ বেদজাউয়ি (আলজিয়াৰ্ছ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ শৈল্পিক সঞ্চালক), আৰু জুয়ান হুন (সৃষ্টিশীলতা আৰু উদ্ভাৱনৰ মঞ্চ, চিআইচিটি-যুৱ শাখা), আদি বিশিষ্ট ব্যক্তিসকল অন্তৰ্ভুক্ত হৈ  আছে।  এই চলচ্চিত্ৰসমূহৰ  নৈতিক গভীৰতা, শৈল্পিক উৎকৰ্ষতা, আৰু দৰ্শক, বিশেষকৈ যুৱসকলক জড়িত আৰু শিক্ষিত কৰাৰ সামৰ্থ্যৰ ওপৰত ভিত্তি  কৰি মূল্যাঙ্কন কৰা হ'ব।

আইচিএফটি ইউনেস্কো গান্ধী পদক ২০২৪ -ৰ বাবে মনোনীত ব্যক্তিসকল হৈছে:

ক্ৰছিং

এণ্ড থেন উই ডান্সড (২০১৯)ৰ বাবে বিখ্যাত চুইডিছ পৰিচালক লেভান আকিনে ইস্তাম্বুলৰ ট্ৰেন্সজেণ্ডাৰ সম্প্ৰদায়ক প্ৰতিফলিত কৰা  এক মাৰ্মিক নাটক উপস্থাপন কৰিছে। ক্ৰছিং  চলচ্চিত্ৰখনে তেওঁৰ ভতিজী টেকলাৰ সন্ধানত অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী লিয়াৰ যাত্ৰাৰ বিবৰণেৰে  শ্ৰেণী, লিংগ আৰু যৌনতাৰ বিষয়বস্তুক সাৱলীলভাবে উজলাই তুলিছে।  আত্মীয়তা আৰু পৰিৱৰ্তনক গুৰুত্ব আৰোপ কৰি  ছবিখনে বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৪ -ত টেডি জুৰী বঁটা লাভ কৰে।

ফৰ ৰাণা

বুচান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৪ ত প্ৰিমিয়াৰ হোৱা ইৰানী চলচ্চিত্ৰ নিৰ্মাতা ইমান য়াজদীৰ প্ৰথম খন চলচ্চিত্ৰত এহাল দম্পতীয়ে তেওঁলোকৰ কন্যাৰ বাবে হৃদযন্ত্ৰ সংৰোপণ কৰি  কন্যাৰ প্ৰাণ ৰক্ষা কৰিবলৈ সংগ্ৰাম কৰাৰ কাহিনী ফুটাই তোলা হৈছে ।  ছবি খনৰ কাহিনীভাগ হৃদয়বিদারক,  যিয়ে প্ৰেম, ক্ষতি আৰু চিকিৎসা ৰ সৈতে জড়িত নৈতিকতাৰ গভীৰ প্ৰশ্নসমূহ  উত্থাপন কৰিছে।

লেছন লাৰ্নড ফেকেট পন্ট)

এয়া হাংগেৰিয়ান পৰিচালক বেলিণ্ট শ্বিমলাৰৰ এক শক্তিশালী আত্মপ্ৰকাশ। লেচন লাৰ্ণডে   হাংগেৰীৰ শৈক্ষিক সংকটক এটা সমস্যাগ্ৰস্ত শিশুৰ চকুৰে চোৱাৰ চেষ্টা কৰিছে। ছবি খন  তীক্ষ্ণ সামাজিক ভাষ্যৰ বাবে প্ৰশংসিত হৈছে। ছবিখনে লোকাৰ্নো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ২০২৪-ত প্ৰশংসা লাভ কৰিছিল।

মিটিং উইছ পোল পট  (ৰেণ্ডেজ-ভৌচ এভেক পোল পট)

এলিজাবেথ বেকাৰৰ "ৱেন দা ৱাৰ ৱাজ অভাৰ"ৰ দ্বাৰা অনুপ্ৰাণিত কম্বোডিয়াৰ চলচ্চিত্ৰ নিৰ্মাতা ৰিথি পানৰ এক প্ৰতিফলিত নাটকৰ সাৰাংশ এইখন ছবি। চলচ্চিত্ৰখনে ১৯৭৮ চনত কম্বোডিয়াত পোল পটৰ শাসনৰ ভয়াবহতাৰ সন্মুখীন হোৱা তিনিজন ফৰাচী সাংবাদিকৰ কাহিনী উজলাই তুলিছে। ছবিখন ২০২৪ চনত কানত প্ৰদৰ্শন কৰা হৈছিল আৰু ছবি খনে  ইয়াৰ আৱেগিক গভীৰতা তথা  ঐতিহাসিক শুদ্ধতাৰ বাবে সমালোচকৰ প্ৰশংসা লাভ কৰিছিল।

চাটু – ইয়েৰ অব দ্য ৰেবিট

লাওছত স্থাপিত ৰেইনডান্স চলচ্চিত্ৰ মহোৎসৱ ২০২৪ তবঁটা বিজয়ী   যিহোচুৱা ট্ৰিগৰ  এয়া এক  অনন্য সৃষ্টি। এটি  পৰিত্যক্ত শিশুৱে তেওঁৰ মাতৃক বিচাৰি থকাৰ এক মাৰ্মিক কাহিনী ছবি খনত সজীৱ কৰি তোলা হৈছে। জীয়াই থকাৰ সংগ্ৰাম , বন্ধুত্ব আৰু স্থিতিস্থাপকতাক  বিষয়বস্তু  হিচাবেলৈ ছবি খন নিৰ্মাণ কৰা হৈছে।

 

ট্ৰেন্সমাজনিয়া

 

দক্ষিণ আফ্ৰিকাৰ চলচ্চিত্ৰ নিৰ্মাতা পিয়া মাৰাইছৰ এই ছবি খনে  ব্ৰাজিলৰ  আমাজনৰ পৰিবেশ-প্ৰকৃতিক বিশেষভাবে উজলাই তুলিছে।  চলচ্চিত্ৰখনে তাইৰ থলুৱা সম্প্ৰদায়ক অবৈধ  কাঠকটীয়াৰ  পৰা সুৰক্ষিত কৰাৰ বাবে এক  যুঁজৰ কথা বৰ্ণানা কৰিছে। ছবি খনে  পৰিৱেশ আৰু সামাজিক ন্যায়ৰ সংযোগ স্থাপন কৰিছে। ছবিখন  লোকাৰ্নো আৰু টৰণ্টো চলচ্চিত্ৰ মহোৎসৱ ২০২৪ ত প্ৰদৰ্শন কৰা হৈছিল।

 

আনচিনকেবল  (চিনকেফ্ৰি)

এই ছবিখন ১৯৮১ চনৰ আৰএফ২ ট্ৰেজেডীৰ ওপৰত আধাৰিত।  এয়া  খ্ৰীষ্টান এণ্ডাৰছেনৰ এখন ৰোমাঞ্চকৰ ছবি।  ডেনিছ চলচ্চিত্ৰ খনত দুৰ্যোগটোৰ  সময়ত  তেওঁৰ দেউতাক জড়িত থকাৰ বিষয়ে উল্লেখ কৰিছে।  হেনৰিকৰ  ছবি খনে  দুখ, অপৰাধ আৰু পাৰিবাৰিক গতিশীলতাৰ এক আকৰ্ষণীয় অন্বেষণ কৰিছে।

 

অমৰ বছ

নন্দিতা ৰয় আৰু শিৱ প্ৰসাদ  মুখাৰ্জীৰ এখন হৃদয়স্পৰ্শী বাংলা চলচ্চিত্ৰ। ছবি খনত ২০  বছৰৰ  বিৰতিৰ পিছত কিংবদন্তি অভিনেত্ৰী ৰাখি গুলজাৰৰ উভতি আহিছে । এই চলচ্চিত্ৰখনে এগৰাকী মাতৃ আৰু পুত্ৰৰ আৰ্থিক দুৰ্দশাৰ চিত্ৰ আৰু পৰিয়াল তথা  উচ্চাকাংক্ষাৰ জটিলতাবোৰ অন্বেষণ কৰি কাহিনীভাগ আগবঢ়াই নিছে। 

 

 

জুইফুল

অসমৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেতা যদুমনি দত্তৰ ৰাষ্ট্ৰীয় বঁটা বিজয়ী  ছবি খনত  উত্তৰ-পূব ভাৰতৰ  সীমান্তত  হোৱা হিংসাত্মক সংঘৰ্ষৰ সময়ত দুগৰাকী মাতৃৰ মাজৰ সম্পৰ্ক দেখুওৱা হৈছে। চলচ্চিত্ৰখনে সংঘাত, সহানুভূতি আৰু মাতৃত্বৰ ব্যক্তিগত তথা সামাজিক মাত্ৰাক অন্বেষণ কৰিছে।

শ্ৰীকান্ত

তুষাৰ হিৰাানন্দনীৰ দ্বাৰা পৰিচালিত এই ছবি খনত ৰাজকুমাৰ ৰাও আৰু আলায়া এফে  অভিনয় কৰিছে। ছবি খনে  শ্ৰীকান্ত বোল্লাৰ প্ৰেৰণাদায়ক সঁচা কাহিনীক উদ্ভাসিত কৰিছে। তেওঁ আছিল এজন দৃষ্টিহীন উদ্যোগী,  যিএমআইটিত উপস্থিত থাকিবলৈ আৰু ব্যৱসায়িক জগতত সফল হ'বলৈ সকলো প্ৰতিকূলতাক নেওচি আগুৱাই গৈছিল।

 

আইচিএফটি ইউনেস্কো গান্ধী পদকৰ বিষয়ে

 

৪৬ সংখ্যক  আইএফএফআইৰ সময়ত মুকলি কৰা আইচিএফটি-ইউনেস্কো গান্ধী মেডেলে কেৱল উচ্চ শৈল্পিক আৰু চলচ্চিত্ৰৰ মান বহন  কৰাই নহয়।  লগতে সমাজৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়বোৰৰ সন্দৰ্ভত নৈতিক প্ৰতিফলনক উৎসাহিত কৰি আহিছে। চলচ্চিত্ৰৰ পৰিৱৰ্তনশীল শক্তিৰ জৰিয়তে মানৱতাৰ অংশীদাৰী মূল্যবোধৰ গভীৰ বুজাবুজি বৃদ্ধিৰ  বাবে এই বঁটা আগবঢ়াই অহা হৈছে।

 

আইচিএফটি ইউনেস্কো গান্ধী পদক কেৱল এটা পুৰস্কাৰতকৈ অধিক; ই হৈছে অনুপ্ৰাণিত, শিক্ষিত আৰু একত্ৰিত কৰাৰ বাবে চলচ্চিত্ৰৰ শক্তিৰ এক উৎসৱ। আইচিএফটি-ইউনেস্কো গান্ধী পদকৰ বিজয়ীৰ নাম গোৱাত আইএফএফআই 2024-ৰ সামৰণি অনুষ্ঠানত ঘোষণা কৰা হ'ব, য'ত বঁটা প্ৰাপ্তকৰ্তাক এখন প্ৰমাণপত্ৰ আৰু প্ৰতিষ্ঠিত গান্ধী পদকৰে সন্মানিত কৰা হ'ব।

 

অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি https://iffigoa.org/ দৰ্শন কৰক

iffi reel

(Release ID: 2072879) Visitor Counter : 35