তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
আইএফএফআই ২০২৪-ত অষ্ট্ৰেলিয়াৰ সমৃদ্ধ চলচ্চিত্ৰ পৰম্পৰা আৰু উজ্জীৱিত চিনেমা সংস্কৃতি প্ৰদৰ্শন কৰা হ’ব
ভাৰতৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ 55 তম সংস্কৰণত অষ্ট্ৰেলিয়া “কান্ট্ৰী অফ ফোকাচ” হ’ব
অষ্ট্ৰেলিয়া-ভাৰত সহ-প্ৰযোজনা সমিতিয়ে ‘ফিল্ম বজাৰ’ত সহযোগিতাৰ সুযোগ অন্বেষণ কৰিব
একাডেমী বঁটা বিজয়ী চিত্ৰগ্ৰহণকাৰী জন চিলে আইএফএফআই ২০২৪-ত মাষ্টাৰ শ্ৰেণীত অংশগ্ৰহণ কৰিব
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ঘোষণা কৰিছে যে ২০ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰ ২০২৪ লৈ গোৱাত অনুষ্ঠিত হ’বলগীয়া ৫৫ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অষ্ট্ৰেলিয়াক “কান্ট্ৰী অফ ফোকাচ” হিচাপে মনোনীত কৰা হৈছে। এই বিশেষ স্বীকৃতিৰ উদ্দেশ্য হৈছে বিশ্বব্যাপী চলচ্চিত্ৰ উদ্যোগলৈ অষ্ট্ৰেলিয়াৰ চলচ্চিত্ৰৰ গতিশীল অৱদানক উদযাপন কৰা, ইয়াৰ কাহিনী কোৱাৰ সমৃদ্ধ পৰম্পৰা, জীৱন্ত চলচ্চিত্ৰ সংস্কৃতি আৰু অভিনৱ চলচ্চিত্ৰ কৌশলৰ ওপৰত আলোকপাত কৰা। ভাৰত আৰু অষ্ট্ৰেলিয়া ইতিমধ্যে এক অডিঅ’ ভিজুৱেল সহ-প্ৰযোজনা চুক্তিত জড়িত হৈ আছে।
আইএফএফআইত কাণ্ট্ৰী অফ ফোকাচ
“কাণ্ট্ৰী অফ ফোকাচ” শাখাটো আইএফএফআইৰ এক বিশেষ বৈশিষ্ট্য, যি এখন দেশৰ শ্ৰেষ্ঠ সমসাময়িক চলচ্চিত্ৰৰ এক সমৰ্পিত প্ৰদৰ্শনী আগবঢ়ায়। অষ্ট্ৰেলিয়াৰ বিবিধ সাংস্কৃতিক পৃষ্ঠভূমি আৰু বিশ্বব্যাপী প্ৰশংসিত চলচ্চিত্ৰ নিৰ্মাতাসকলে চলচ্চিত্ৰৰ ওপৰত এক স্থায়ী প্ৰভাৱ পেলাইছে, যাৰ ফলত এই বছৰৰ ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অষ্ট্ৰেলিয়াৰ চলচ্চিত্ৰক উপযুক্তভাৱে বাছনি কৰা হৈছে। এই অন্তৰ্ভুক্তিয়ে ভাৰতীয় আৰু অষ্ট্ৰেলিয়াৰ চলচ্চিত্ৰ উদ্যোগসমূহৰ মাজত শক্তিশালী সহযোগিতা প্ৰতিফলিত কৰে।
অষ্ট্ৰেলিয়ান চলচ্চিত্ৰৰ প্ৰদৰ্শন
বিশেষভাৱে নিৰ্বাচিত অষ্ট্ৰেলিয়াৰ সাতখন চলচ্চিত্ৰ আইএফএফআইত প্ৰদৰ্শিত হ’ব। ই সমালোচকৰ দ্বাৰা প্ৰশংসিত নাটকৰ পৰা আৰম্ভ কৰি তথ্যচিত্ৰ, দৃশ্যমান অত্যাশ্চৰ্য থ্ৰিলাৰ আৰু পাতলিয়া কমেডীলৈকে বিভিন্ন ধৰণৰ মিশ্ৰণ আগবঢ়াব। এই চলচ্চিত্ৰসমূহে অষ্ট্ৰেলিয়াৰ অনন্য সাংস্কৃতিক পৰিচয়ৰ লগতে ইয়াৰ থলুৱা আৰু সমসাময়িক সম্প্ৰদায়ৰ কাহিনীৰ জীৱন্ত বৰ্ণালী প্ৰতিফলিত কৰে।
ফিল্ম বজাৰত অংশগ্ৰহণ
ভাৰতীয় আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ (আইএফএফআই) সৈতে অনুষ্ঠিত ফিল্ম বজাৰ হৈছে দক্ষিণ এছিয়াৰ সৰ্ববৃহৎ চলচ্চিত্ৰ বজাৰ য’ত স্ক্ৰীণ অষ্ট্ৰেলিয়া, ষ্টেট স্ক্ৰীণ কমিছন আৰু লগতে অষ্ট্ৰেলিয়াক চিত্ৰগ্ৰহণৰ গন্তব্য স্থান হিচাপে প্ৰচাৰ কৰা সংস্থা অছফিল্মৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিব। বিশেষ চলচ্চিত্ৰ প্ৰদৰ্শনী এলেকাত তেওঁলোকে তেওঁলোকৰ প্ৰস্তাৱ ৰাখিব, যাৰ ভিতৰত আছে অষ্ট্ৰেলিয়াত চিত্ৰগ্ৰহণৰ গন্তব্যস্থান আৰু অন্যান্য ইনচেণ্টিভ। ফিল্ম বজাৰত সহ-প্ৰযোজনাৰ সুযোগ অন্বেষণ কৰিবলৈ অষ্ট্ৰেলিয়া চৰকাৰৰ সহায়ত ছয়জন প্ৰযোজকৰ এটা প্ৰতিনিধি দলো উপস্থিত থাকিব। ফিল্ম বজাৰত এক বিশেষ অষ্ট্ৰেলিয়ান সহ-প্ৰযোজনা দিৱসো অনুষ্ঠিত হ’ব য’ত দুয়োখন দেশৰ চলচ্চিত্ৰ নিৰ্মাতাসকলে ইজনে আনজনৰ সৈতে বাৰ্তালাপ কৰাৰ সুযোগ পাব। ফিল্ম বজাৰে অষ্ট্ৰেলিয়াৰ প্ৰকল্প হোম বিফোৰ নাইটক সহ-প্ৰযোজনা বজাৰৰ এক আনুষ্ঠানিক প্ৰবিষ্টি হিচাপে বাছনি কৰিছে।
অষ্ট্ৰেলিয়া-ভাৰত চলচ্চিত্ৰ সহ-প্ৰযোজনা পেনেল
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ চলচ্চিত্ৰ উদ্যোগসমূহৰ মাজত বৰ্ধিত সহযোগিতাৰ সৈতে সংগতি ৰাখি, জ্ঞান শৃংখলাৰ এক সমৰ্পিত পেনেল আলোচনাত দুয়োখন দেশৰ মাজত সহ-নিৰ্মাণৰ সুযোগৰ ওপৰত গুৰুত্ব দিয়া হ’ব। প্ৰযোজক আৰু চলচ্চিত্ৰ উদ্যোগ বিশেষজ্ঞৰ পেনেলে সহ-প্ৰযোজনাৰ সৃষ্টিশীল আৰু লজিষ্টিক দিশবোৰ অন্বেষণ কৰিব আৰু এক যৌথ প্ৰচেষ্টাৰ জৰিয়তে প্ৰযোজনাৰ উজ্জ্বল দিশৰ ওপৰত আলোকপাত কৰিব।
চিত্ৰগ্ৰহণকাৰী জন চিলৰ দ্বাৰা মাষ্টাৰ শ্ৰেণী
আইএফএফআইৰ মুখ্য আকৰ্ষণ হ’ব জন চিলৰ নেতৃত্বত চিত্ৰগ্ৰহণকাৰী মাষ্টাৰ শ্ৰেণী, যি মেড মেক্স: ফিউৰী ৰোড আৰু দ্য ইংলিছ পেচেণ্টৰ দৰে আইকনিক চলচ্চিত্ৰত তেওঁৰ কামৰ বাবে জনাজাত। তেওঁৰ শৈল্পিক যাত্ৰাৰ ওপৰত গুৰুত্ব দিয়া অধিৱেশনখনে উদীয়মান চলচ্চিত্ৰ নিৰ্মাতা আৰু চলচ্চিত্ৰ প্ৰেমীসকলক অমূল্য কাৰিকৰী অন্তৰ্দৃষ্টি প্ৰদান কৰিব।
৫৫ তম আইএফএফআই বিশ্ব চলচ্চিত্ৰৰ এক ৰোমাঞ্চকৰ উদযাপন হ’বলৈ সাজু হৈছে, যি সমগ্ৰ বিশ্বৰ চলচ্চিত্ৰৰ সমৃদ্ধ মিশ্ৰণ, জ্ঞানী পেনেল আলোচনা, আকৰ্ষণীয় কৰ্মশালা আৰু একচেটিয়া চলচ্চিত্ৰ প্ৰদৰ্শন কঢ়িয়াই আনিছে। এই বছৰ অষ্ট্ৰেলিয়া হৈছে “কাণ্ট্ৰী অফ ফোকাচ”, ই নিশ্চিতভাৱে আইএফএফআইৰ সাংস্কৃতিক বিনিময় বৃদ্ধি কৰা আৰু সীমা অতিক্ৰম কৰা চলচ্চিত্ৰ কলাৰ প্ৰচাৰৰ লক্ষ্য বৃদ্ধি কৰিব।
১৯৫২ চনত আৰম্ভ হোৱা, ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আইএফএফআই) এছিয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ চলচ্চিত্ৰ মহোৎসৱবোৰৰ ভিতৰত এটা, যি বিশ্বব্যাপী চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে তেওঁলোকৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ প্ৰদৰ্শন কৰাৰ সুযোগ প্ৰদান কৰে। গোৱাত বছৰি অনুষ্ঠিত হোৱা আইএফএফআইয়ে পৰিচালক, প্ৰযোজক, অভিনেতা আৰু চলচ্চিত্ৰ প্ৰেমীসকলক বিশ্বৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ চাবলৈ আৰু উদযাপন কৰিবলৈ আকৰ্ষিত কৰে।
*********************
PIB IFFI CAST AND CREW | Dharmendra/ Rajith/ Kshitij/ Nikita/ Sriyanka/ Priti IFFI 55 - 3/AA
(Release ID: 2067526)
Visitor Counter : 50
Read this release in:
Malayalam
,
English
,
Gujarati
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Manipuri
,
Tamil
,
Telugu
,
Kannada