গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে আজি গুজৰাট বিধানসভাত ‘লেজিশ্লেটিভ ড্ৰাফ্টিং ট্ৰেইনিং’ কাৰ্যসূচীত ভাষণ দিয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত বিশ্বৰ আকাংক্ষাৰ কেন্দ্ৰ হৈ পৰিল আৰু ইয়াৰ মূল গুজৰাট বিধানসভাই

আইনগত খচৰা প্ৰস্তুত কৰাটো সংবিধানৰ দ্বাৰা পৰিচালিত দেশসমূহৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয় কলা

‘Legislative Drafting’ আইনৰ মূল, এই শিল্পৰ বিলুপ্তিৰ ফলত কেৱল গণতন্ত্ৰই নহয়, বৰং জনসাধাৰণৰো ক্ষতি হ’ব

সমগ্ৰ বিশ্বতে ‘Legislative Drafting’ৰ যদি কোনো আদৰ্শ আছে তেন্তে সেয়া হ’ল ভাৰতৰ সংবিধানৰ সৃষ্টি

আইন লিখাৰ প্ৰক্ৰিয়াটো যদি সম্পূৰ্ণৰূপে বিজ্ঞানসন্মতভাৱে বিকশিত নহয়, তেন্তে গণতন্ত্ৰ সফল হোৱাৰ সম্ভাৱনা নাথাকে

আইন স্পষ্ট কৰিব লাগে, কাৰণ ন্যায়িক ব্যৱস্থাই কেৱল তাতহে হস্তক্ষেপ কৰে, য’ত ধূসৰ ক্ষেত্ৰ থাকে, যাৰ স্পষ্টতা নাই

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদ ভৱনত ‘লেজিশ্লেটিভ ড্ৰাফ্টিং’ৰ প্ৰশিক্ষণ বিদ্যালয় আৰম্ভ কৰে

Posted On: 22 OCT 2024 9:16PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি গুজৰাট বিধানসভাত ‘বিধান খচৰা প্ৰস্তুতকৰণ প্ৰশিক্ষণ’ (Legislative Drafting Training) কাৰ্যসূচীত ভাষণ প্ৰদান কৰে। এই উপলক্ষে গুজৰাট বিধানসভাৰ অধ্যক্ষ শ্ৰী শংকৰ চৌধুৰী আৰু মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেলকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ‘লেজিশ্লেটিভ ড্ৰাফ্টিং’ সংবিধানৰ দ্বাৰা পৰিচালিত দেশসমূহৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয় কলা যিটো বিলুপ্ত হৈ গৈ আছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে ১০ বছৰ সম্পূৰ্ণ কৰিলে, য’ত ভাৰত বিশ্বৰ আকাংক্ষাৰ কেন্দ্ৰ হৈ পৰিল আৰু ইয়াৰ মূল হৈছে গুজৰাট বিধানসভাই। প্ৰধানমন্ত্ৰী মোদী জীয়ে বিগত ১০ বছৰত জনকল্যাণৰ বাবে বহু অভিলেখ সৃষ্টি কৰিছে।

9B7A742.JPG

শ্ৰী অমিত শ্বাহে কয় যে ‘লেজিশ্লেটিভ ড্ৰাফ্টিং’ আইনৰ মূল আৰু এই কলাৰ বিলুপ্তিৰ ফলত কেৱল গণতন্ত্ৰই নহয়, বৰং ৰাজ্য আৰু দেশৰ জনসাধাৰণৰো ক্ষতি হ’ব। তেওঁ কয় যে আইন প্ৰস্তুত কৰাৰ সময়ত যদি আইন প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়া বুজি নোপোৱাকৈ খচৰা প্ৰস্তুত কৰা হয়, তেন্তে এনে আইনে কেতিয়াও নিজৰ উদ্দেশ্য পূৰণ কৰিব নোৱাৰে। কেবিনেট নোটক বিললৈ ৰূপান্তৰিত কৰাৰ কাম ‘লেজিশ্লেটিভ ড্ৰাফ্টিং’ৰ যিবোৰ পিছলৈ আইনত পৰিণত হয়। শ্ৰী শ্বাহে কয় যে যেতিয়ালৈকে ‘লেজিশ্লেটিভ ড্ৰাফ্টিং’ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে বিজ্ঞানসন্মতভাৱে বিকশিত নহয়, তেতিয়ালৈকে গণতন্ত্ৰৰ সফলতাৰ কোনো সম্ভাৱনা নাথাকে।

গৃহমন্ত্ৰীগৰাকীয়ে কয় যে যদি সমগ্ৰ বিশ্বতে ‘লেজিশ্লেটিভ ড্ৰাফ্টিং’ৰ কোনো আৰ্হি আছে তেন্তে সেয়া হৈছে ভাৰতৰ সংবিধানৰ নিৰ্মাণ। তেওঁ কয় যে ভাৰতীয় সংবিধান নির্মাণতকৈ ডাঙৰ আৰু কোনো প্রক্রিয়া নাই৷ তেওঁ কয় যে ‘লেজিশ্লেটিভ ড্ৰাফ্টিং’ৰ কলাত স্পষ্টতা আটাইতকৈ গুৰুত্বপূৰ্ণ। সাংসদসকলে যিমানেই স্পষ্টভাৱে নিজৰ উদ্দেশ্যক আইনলৈ পৰিৱৰ্তিত কৰিব, সিমানেই ধূসৰ ক্ষেত্ৰ কম হ’ব পাৰে আৰু ধূসৰ ক্ষেত্ৰ যিমান কম হ’ব, সিমানেই ন্যায় ব্যৱস্থাত হস্তক্ষেপ কম হ’ব। শ্ৰী শ্বাহে কয় যে ন্যায় ব্যৱস্থাত হস্তক্ষেপ কেৱল তাতেই হয়, য’ত ধূসৰ ক্ষেত্ৰ থাকে, য’ত স্পষ্টতা নাথাকে, সেয়েহে আইন স্পষ্ট কৰিব লাগে।

IMG_3192.JPG

শ্ৰী অমিত শ্বাহে ৩৭০ নং অনুচ্ছেদৰ উদাহৰণ দি কয় যে ইয়াৰ খচৰা অতি স্পষ্টভাৱে প্ৰস্তুত কৰা হৈছে। তেওঁ কয় যে ইয়াত ‘টেম্পৰেৰী প্ৰভিজন্স অফ কনষ্টিটিউশ্যন’ শব্দকেইটা অতি গুৰুত্বপূৰ্ণ আছিল, অৰ্থাৎ সেয়া ‘পাৰমানেণ্ট প্ৰভিজন’ নহয় আৰু ইয়াক আঁতৰাবলৈ সংবিধান সংশোধন কৰাৰ প্ৰয়োজন নাই। ৰাষ্ট্ৰপতিয়ে সাংবিধানিক আদেশ জাৰি কৰি যিকোনো সময়তে সমগ্ৰ ৩৭০ অনুচ্ছেদ আঁতৰাব পাৰে আৰু সেয়া লোকসভা আৰু ৰাজ্যসভাত সাধাৰণ সংখ্যাগৰিষ্ঠতাৰে গৃহীত কৰিব লাগে। তেওঁ কয় যে সংবিধান নিৰ্মাণ কৰাৰ সময়ত যদি ৩৭০ অনুচ্ছেদক প্ৰভিজনেল কনষ্টিটিউট হিচাপে গঢ়ি তোলা হ’লহেঁতেন তেন্তে দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন হ’লহেঁতেন, কিন্তু লেজিশ্লেটৰসকল অতি স্পষ্ট আছিল যে টেম্পৰেৰী প্ৰভিজন এক কাম চলোৱা ব্যৱস্থা আৰু সেইবাবেই তেওঁলোকে ইয়াক আঁতৰোৱাৰ সন্দৰ্ভ ৩৭০ (৩) অনুচ্ছেদত ৰাখিছিল।

কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে সকলো বিধায়ক আৰু সাংসদক আহ্বান জনায় যে তেওঁলোকে ‘লেজিশ্লেটিভ ড্ৰাফ্টিং'ৰ শাখাৰ সৈতে অহৰহ যোগাযোগ বজাই ৰাখক আৰু তেওঁলোকৰ সৈতে আলোচনা কৰি থাকক। তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীয়ে ২০১৯ চনত ‘লেজিশ্লেটিভ ড্ৰাফ্টিং'ৰ প্ৰশিক্ষণ বিদ্যালয় সংসদ ভৱনত আৰম্ভ কৰালে। তেওঁ কয় যে এজন সচেতন ৰাজনীতিকে নিজৰ আইনী বোধৰ জৰিয়তে বহুত ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। লোকসভাৰ প্ৰথম অধ্যক্ষ গণেশ বাসুদেৱ মাৱালংকৰৰ উদাহৰণ দি শ্ৰী শ্বাহে কয় যে বিৰোধী দলত থকাৰ পিছতো তেওঁ ১৬টা সংস্কাৰ প্ৰস্তাৱ আগবঢ়াইছিল আৰু সেই সকলোবোৰ শাসকীয় দলে গ্ৰহণ কৰিবলগীয়া হৈছিল, কাৰণ তেওঁ সুসংহত সংস্কাৰৰ প্ৰস্তাৱ ৰাখিছিল। তেওঁ কয় যে ‘লেজিশ্লেটিভ ড্ৰাফ্টিং’ কৰাসকলৰ দাৰ্শনিকৰ দৰে চিন্তা কৰাৰ ক্ষমতা থাকিব লাগে, ঐতিহাসিক তথ্যৰ জ্ঞান থাকিব লাগে আৰু ভাষাবিজ্ঞানৰ গভীৰ বোধো থাকিব লাগে।

**********

RK/VV/ASH/PS


(Release ID: 2067238) Visitor Counter : 32