পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়
নাগালেণ্ডৰ ২৯টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা, ত্বৰান্বিত আন্তঃগাঁথনি উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীৰ
Posted On:
22 OCT 2024 12:35PM by PIB Guwahati
কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে ২১.১০.২০২৪ তাৰিখে নাগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী টি আৰ জেলিয়াং আৰু পথ পৰিবহণ আৰু ঘাইপথ বিভাগৰ ৰাজ্যিত মন্ত্ৰী শ্ৰী অজয় তামতা আৰু হৰ্ষ মালহোত্ৰাৰ উপস্থিতিত মন্ত্ৰালয়ৰ উপস্থিতিত নাগালেণ্ডৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহ পৰ্যালোচনা কৰে। এই সন্দৰ্ভত তেওঁ এক্সৰ এলানি পোষ্টত উল্লেখ কৰে,
“কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অজয় তামতা জী, শ্ৰী এইচ ডি মালহোত্ৰা জী, নাগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী টি আৰ জেলিয়াং জী আৰু দিল্লীৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে নাগালেণ্ডৰ ৫৪৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ২৯টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিলোঁ। বৈঠকৰ সময়ত আমি বহনক্ষমতা আৰু ব্যয়সক্ষমতাক অগ্ৰাধিকাৰ দি নাগালেণ্ডত গতিশীল আন্তঃগাঁথনি উন্নয়ন ত্বৰান্বিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰোঁ। এই পদক্ষেপসমূহে সংযোগ বহু পৰিমাণে বৃদ্ধি কৰিব, স্থানীয় অৰ্থনৈতিক বিকাশ সাধন কৰাৰ লগতে ভাৰতৰ সামগ্ৰিক উন্নয়নত অঞ্চলটোৰ গভীৰ সংহতিত অৰিহণা যোগাব।”
শ্ৰী গাডকাৰীয়ে এক্সৰ আন এটা পোষ্টত লিখিছে, “প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত নাগালেণ্ডৰ ঘাইপথসমূহ বিকাশৰ আয়ুসৰেখাত পৰিণত হৈছে। প্ৰতিটো নতুন পথৰ লগে লগে সংযোগ, সমৃদ্ধি আৰু প্ৰগতিৰ ভৱিষ্যত পৰিস্ফুত হৈছে।”
কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে
২১.১০.২০২৪ তাৰিখে নতুন দিল্লীত ৰাষ্ট্ৰীয় ঘাইপথ পৰ্যালোচনাৰ প্ৰথম দিনাই উত্তৰ-পূৰ্বাঞ্চলৰ চাৰিখন ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰ্যালোচনা কৰে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে। তেওঁ এক্সৰ জৰিয়তে পৰ্যালোচনাৰ ওপৰত এটা ভিডিঅ' পোষ্ট কৰিছিল যিটো তলত পুনৰ প্ৰস্তুত কৰা হৈছে।
উত্তৰ-পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ পৰ্যালোচনা সভা (প্ৰথম দিন)।
*****
NKK/GS/DB
(Release ID: 2067016)
Visitor Counter : 36