যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav

চাইবাৰ অপৰাধ আৰু বিত্তীয় প্ৰৱঞ্চনাত টেলিকম সম্পদৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ অংশীদাৰসকলৰ মাজত সমন্বয়ৰ বাবে এমঅ’চি অশ্বিনী বৈষ্ণৱে ডিঅ’টিৰ ডিজিটেল ইন্টেলিজেন্স প্লেটফৰ্ম (ডিআইপি) মুকলি কৰে

সন্দেহজনক প্ৰৱঞ্চনা যোগাযোগৰ প্ৰতিবেদন দিবলৈ সঞ্চাৰ সাথী পৰ্টেলত ‘চক্ষু (चक्षु)’ সুবিধা (https://www.sancharsaathi.gov.in)

কয়, এই সঁজুলিবোৰ হৈছে নাগৰিকসকলক সন্দেহজনক প্ৰৱঞ্চনা যোগাযোগৰ সক্ৰিয় প্ৰতিবেদন দিবলৈ ক্ষমতা প্ৰদান কৰা অগ্ৰণী পদক্ষেপ

ডিঅ’টিয়ে নাগৰিকসকলক চাইবাৰ-অপৰাধ আৰু বিত্তীয় জালিয়াতিৰ বাবে টেলিকম সম্পদৰ অপব্যৱহাৰ প্ৰতিৰোধ কৰাত ডিঅ’টিক সহায় কৰিবলৈ সঞ্চাৰ সাথীত সন্দেহজনক প্ৰৱঞ্চনা যোগাযোগৰ সক্ৰিয় ভাৱে প্ৰতিবেদন দিবলৈ উৎসাহিত কৰিছে

Posted On: 04 MAR 2024 7:47PM by PIB Guwahati

যোগাযোগ, ৰে’ল আৰু ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী শ্ৰীঅশ্বিনী বৈষ্ণৱে যোগাযোগ ৰাজ্যিক মন্ত্ৰী শ্ৰী দেৱুসিংহ চৌহানৰ উপস্থিতিত চাইবাৰ অপৰাধ আৰু বিত্তীয় প্ৰৱঞ্চনাত টেলিকম সম্পদৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ অংশীদাৰসকলৰ মাজত সমন্বয়ৰ বাবে দূৰসংযোগ বিভাগৰ ডিজিটেল ইন্টেলিজেন্স প্লেটফৰ্ম (ডিআইপি) আৰু সঞ্চাৰ সাথী পৰ্টেলত ‘চক্ষু https://sancharsaathi.gov.in (चक्षु)’ সুবিধা মুকলি কৰে, যি হৈছে সক্ৰিয়ভাৱে প্ৰৱঞ্চনাৰ প্ৰতিবেদন দিয়াৰ এক অগ্ৰণী পদক্ষেপ।

অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে সুৰক্ষিত ভাৰত প্ৰকল্পৰ অধীনত, ৰাষ্ট্ৰীয়, সাংগঠনিক আৰু ব্যক্তিগত- এই তিনিটা স্তৰত, চাইবাৰ-প্ৰৱঞ্চনা নিয়ন্ত্ৰণ কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছে। তেওঁ কয়, দূৰসংযোগ বিভাগে সজাগতা বিয়পাবলৈ বহুতো পদক্ষেপ গ্ৰহণ কৰিছে যাতে নাগৰিকসকলে তেওঁলোকৰ অভিযোগ সমাধানৰ বাবে এনে সঁজুলি ব্যৱহাৰ কৰাৰ লগতে চাইবাৰ প্ৰৱঞ্চনাৰ পৰা নিজকে সুৰক্ষিত কৰিব পাৰে। শ্ৰী বৈষ্ণৱে এই সন্দৰ্ভত “সঞ্চাৰ সাথী” পৰ্টেলৰ কথা উল্লেখ কৰি কয় যে ই এনে আক্ৰমণৰ সফলতাৰে মোকাবিলা কৰাত সহায় কৰিছে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে আজিৰ দুটা পৰ্টেল- ডিআইপি আৰু চক্ষুৰ সৈতে এই সঁজুলিসমূহে যিকোনো ধৰণৰ চাইবাৰ নিৰাপত্তাৰ ভাবুকি পৰীক্ষা কৰাৰ ক্ষমতা আৰু সামৰ্থ্য অধিক প্ৰশংসনীয়ভাৱে বৃদ্ধি কৰিব।

যোগাযোগ ৰাজ্যিক মন্ত্ৰী শ্ৰী দেৱুসিংহ চৌহানে ডিঅ’টিৰ প্ৰচেষ্টাক প্ৰশংসা কৰি কয় যে চাইবাৰ-নিৰাপত্তাৰ ভাবুকিৰ মোকাবিলাৰ বাবে কেইবাটাও প্ৰকল্প সফলতাৰে সম্পূৰ্ণ কৰিছে। নতুন আৰু উদীয়মান প্ৰৱঞ্চনাৰ মোকাবিলা কৰিবলৈ এনে ধৰণৰ আৰু বহুতো প্ৰকল্পৰ বিকাশ চলি আছে, তেওঁ কয়।

টেলিকম সচিব ডঃ নীৰজ মিত্তালে তেওঁৰ প্ৰাৰম্ভিক ভাষণত কয় যে এই দুটা নতুন পৰ্টেল প্ৰতিজন নাগৰিকৰ ডিজিটেল সম্পদৰ বাবে চাইবাৰ নিৰাপত্তাৰ ভাবুকিৰ মোকাবিলা কৰাৰ বাবে আন এক পদক্ষেপ। তেওঁ উল্লেখ কৰে যে এই সঁজুলিবোৰে যিকোনো ধৰণৰ প্ৰৱঞ্চনামূলক উপায় আৰু যোগাযোগ ব্যৱস্থাৰ অপব্যৱহাৰ ৰোধ কৰাত সহায় কৰিব।

ডিজিটেল ইন্টেলিজেন্স প্লেটফৰ্ম (ডিআইপি):

দূৰসংযোগ বিভাগৰ দ্বাৰা বিকশিত ডিজিটেল ইন্টেলিজেন্স প্লেটফৰ্ম (ডিআইপি) হৈছে অংশীদাৰসকল, অৰ্থাৎ টেলিকম সেৱা প্ৰদানকাৰী (টিএছপি), আইন প্ৰৱৰ্তনকাৰী সংস্থা (এলইএ), বেংক আৰু বিত্তীয় প্ৰতিষ্ঠান (এফআই), সামাজিক মাধ্যম প্লেটফৰ্ম, পৰিচয় নথি জাৰী কৰ্তৃপক্ষ ইত্যাদিৰ মাজত বাস্তৱ সময়ৰ চোৰাংচোৱা আদান-প্ৰদান, তথ্য বিনিময় আৰু সমন্বয়ৰ বাবে এক সুৰক্ষিত আৰু একত্ৰিত মঞ্চ। পৰ্টেলটোত টেলিকম সম্পদৰ অপব্যৱহাৰ হিচাপে ধৰা পৰা ঘটনা সম্পৰ্কীয় তথ্যও আছে। ভাগ বতৰা কৰা তথ্যবোৰ তেওঁলোকৰ নিজ নিজ ডমেইনৰ অংশীদাৰসকলৰ বাবে উপযোগী হ’ব পাৰে।

ই অংশীদাৰসকলৰ দ্বাৰা পদক্ষেপ লোৱাৰ বাবে সঞ্চাৰ সাথী পৰ্টেলত নাগৰিকৰ দ্বাৰা আৰম্ভ কৰা অনুৰোধৰ বাবে বেকএণ্ড ৰিপোজিটৰী হিচাপেও কাম কৰে।

সুৰক্ষিত সংযোগৰ ওপৰত অংশীদাৰসকলৰ বাবে ডিআইপি উপলব্ধ আৰু প্ৰাসঙ্গিক তথ্য তেওঁলোকৰ নিজ নিজ ভূমিকাৰ ওপৰত আধাৰিত কৰি ভাগ বতৰা কৰা হয়। উক্ত মঞ্চটো নাগৰিকসকলৰ বাবে উপলব্ধ নহয়।

সঞ্চাৰ সাথী পৰ্টেলত চক্ষু (चक्षु) সুবিধা:

চক্ষু (चक्षु) হৈছে ডিঅ’টিৰ সঞ্চাৰ সাথী পৰ্টেলত ইতিমধ্যে উপলব্ধ নাগৰিক কেন্দ্ৰিক সুবিধাসমূহত শেহতীয়া সংযোজন। ‘চক্ষু’য়ে নাগৰিকসকলক কেৱাইচিৰ ম্যাদ উকলি যোৱা বা বেংক একাউণ্ট / পেমেণ্ট ৱালেট / চিম / গেছ সংযোগ / বিদ্যুৎ সংযোগ, ধন প্ৰেৰণৰ বাবে চৰকাৰী বিষয়া / আত্মীয় হিচাপে ছদ্মবেশ, দূৰসংযোগ বিভাগৰ দ্বাৰা সকলো ম’বাইল নম্বৰৰ সংযোগ বিচ্ছিন্ন কৰা আদিৰ দৰে প্ৰৱঞ্চনাৰ উদ্দেশ্যৰে কল, এছএমএছ বা হোৱাটছএপৰ যোগেদি লাভ কৰা সন্দেহজনক প্ৰৱঞ্চনা যোগাযোগৰ প্ৰতিবেদন দিয়াত সহায় কৰে।

যদি, এজন নাগৰিক ইতিমধ্যে চাইবাৰ অপৰাধ বা বিত্তীয় প্ৰৱঞ্চনাৰ ভুক্তভোগী হয়, ইয়াক চাইবাৰ-অপৰাধ হেল্পলাইন নম্বৰ ১৯৩০ বা ভাৰত চৰকাৰৰ ৱেবছাইট https://www.cybercrime.gov.in-ত প্ৰতিবেদন দিবলৈ পৰামৰ্শ দিয়া হৈছে।

সঞ্চাৰ সাথী পৰ্টেলত (https://sancharsaathi.gov.in) ইতিমধ্যে উপলব্ধ সুবিধা:

  • নিজৰ নামত জাৰী হোৱো ম’বাইল সংযোগ সম্পৰ্কে জানিবলৈ আৰু যিবোৰ হয় প্ৰয়োজন নাই বা তেওঁলোকে লোৱা নাই তেনে সংযোগ বিচ্ছিন্ন কৰাৰ বাবে ম’বাইল সংযোগবোৰ ৰিপৰ্ট কৰিবলৈ,
  • অৱৰোধ আৰু ট্ৰেচিং কৰাৰ বাবে চুৰি হোৱা / হেৰুওৱা ম’বাইল হেণ্ডছেটৰ ৰিপৰ্ট দিবলৈ,
  • নতুন/পুৰণি ডিভাইচ এটা ক্ৰয় কৰোঁতে ম’বাইল হেণ্ডছেটৰ প্ৰকৃততা পৰীক্ষা কৰিবলৈ,
  • ভাৰতীয় টেলিফোন নম্বৰৰ সৈতে লাভ ইনকামিং ইণ্টাৰনেচনেল কলবোৰ কলিং লাইন চিনাক্তকৰণ হিচাপে ৰিপৰ্ট কৰিবলৈ,
  • অনুজ্ঞাপ্ৰাপ্ত ৱায়াৰলাইন ইণ্টাৰনেট সেৱা প্ৰদানকাৰীৰ বিৱৰণ পৰীক্ষা কৰিবলৈ।

 

ডিঅ’টি-ৰ বিভিন্ন পদক্ষেপৰ ফলাফল:

মুঠ দৰ্শনাৰ্থী

কোটি+

মুঠ প্ৰৱঞ্চনামূলক সংযোগ সংযোগ বিচ্ছিন্ন কৰা হৈছে

৯ লাখ

ব্যৱহাৰকাৰীৰ মতামতৰ ওপৰত ভিত্তি কৰি ম’বাইল সংযোগ বিচ্ছিন্ন কৰা হৈছে

৩ লাখ

সীমা অতিক্ৰম কৰাৰ বাবে ম'বাইল সংযোগ বিচ্ছিন্ন কৰা হৈছে

৭ লাখ

এলইএ, বেংক, আইআৰচিটিচি আদিৰ পৰা পোৱা ইনপুটৰ ওপৰত ভিত্তি কৰি ম’বাইল সংযোগ বিচ্ছিন্ন কৰা হৈছে

লাখ

মুঠ সংযোগ বিচ্ছিন্ন কৰা হৈছে

১ কোটি+

চাইবাৰ অপৰাধত জড়িত থকাৰ বাবে মুঠ হেণ্ডছেট ব্লক কৰা হৈছে

১.৫ লাখ

পিওএছ ব্লক-তালিকাভুক্ত কৰা হৈছে

৭১ হাজাৰ

এফআইআৰ পঞ্জীয়ন কৰা হৈছে

৩৬৫+

ব্যৱহাৰকাৰীৰ অনুৰোধৰ ওপৰত ভিত্তি কৰি মুঠ হেণ্ডছেট অৱৰোধ কৰা হৈছে

১৪ লাখ

মুঠ হেণ্ডছেট বিচাৰি উলিওৱা হৈছে আৰু ৰাজ্য চৰকাৰক দিয়া তথ্য

লাখ

হোৱাটছএপৰ সৈতে পিঅ’চি – মুঠ একাউণ্ট বিচ্ছিন্ন কৰা হৈছে

লাখ

বেঙ্ক/পেমেণ্ট ৱালেটৰ দ্বাৰা লোৱা পদক্ষেপ – একাউণ্ট ফ্ৰীজ কৰা হৈছে

১০ লাখ

সঞ্চয় কৰা ভাৰতীয় নাগৰিকৰ মুঠ ধন

১ হাজাৰ কোটি

 

ডিআইপি আৰু ‘চক্ষু (चक्षु)’ সুবিধাৰ শুভাৰম্ভে নাগৰিকসকলক সৱল কৰিবলৈ আৰু এক সুৰক্ষিত ডিজিটেল পৰিস্থিতিতন্ত্ৰ গঢ়ি তোলাৰ বাবে ডিঅ’টিৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰে। সতৰ্ক প্ৰতিবেদনক উৎসাহিত কৰি আৰু সন্দেহজনক প্ৰৱঞ্চনা যোগাযোগৰ বিৰুদ্ধে সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰি, ডিঅ’টি প্ৰতিজন নাগৰিকৰ স্বাৰ্থ আৰু কল্যাণ সুৰক্ষিত কৰাৰ বাবে সমৰ্পিত হৈ আছে।

 

*****

DK/DK/SMP/AA


(Release ID: 2066430) Visitor Counter : 28