উপ-ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

"উত্তৰ-পূব দেশৰ উন্নয়নৰ ৰাডাৰত আছে": উপ-ৰাষ্ট্ৰপতি

উপ-ৰাষ্ট্ৰপতিয়ে কয় যে উত্তৰ-পূবে ঐক্য, অৰ্থনৈতিক প্ৰগতি আৰু দেশৰ সাংস্কৃতিক সাৰমৰ্মত উল্লেখযোগ্য অৰিহণা যোগাইছে

যদি স্বৰ্গ আছে তেন্তে সেয়া ভাৰতত আছে , যদি স্বৰ্গীয় আত্মা আছে তেন্তে সেয়া মেঘালয়ত আছে, উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য

উপ-ৰাষ্ট্ৰপতি কয় যে লুক ইষ্ট এণ্ড এক্ট ইষ্ট পলিচিৰ ফলত অঞ্চলটোত লক্ষ্যণীয় বিকাশ হৈছে

কোনো বাস্তৱিক ভিত্তি নথকা তথ্য ৰাজহুৱা মঞ্চত উপস্থাপনৰ অনুমতি দিব নোৱাৰি, উপ-ৰাষ্ট্ৰপতিয়ে দৃঢ়তাৰে কয়

আমি আমাৰ দেশৰ প্ৰতি আমাৰ মৌলিক দায়বদ্ধতাক আওকাণ কৰাৰ সামৰ্থ্য নাইঃ উপ-ৰাষ্ট্ৰপতি

Posted On: 16 OCT 2024 7:02PM by PIB Guwahati

উপ-ৰাষ্ট্ৰপতি শ্ৰী জগদীপ ধনখৰে আজি মন্তব্য কৰে, “উত্তৰ-পূব জাতি উন্নয়নৰ ৰাডাৰত আছে।” তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে উত্তৰ-পূৰ্বাঞ্চলৰ ঐক্য, অৰ্থনৈতিক প্ৰগতি আৰু জাতিৰ সাংস্কৃতিক সাৰমৰ্মত উল্লেখযোগ্য অৱদান আছে। উত্তৰ-পূবক আমাৰ দেশৰ এক অতি গুৰুত্বপূৰ্ণ অংশ হিচাপে স্বীকাৰ কৰি শ্ৰী ধনখৰে লুক ইষ্ট এণ্ড এক্ট ইষ্ট নীতিৰ প্ৰশংসা কৰে , যাৰ ফলত অঞ্চলটোৰ যোগাযোগ, সংযোগ আৰু বিমানবন্দৰৰ উন্নয়নৰ ক্ষেত্ৰত লক্ষ্যণীয় বিকাত তথা বৃদ্ধি  হৈছে।

অজ্ঞানতা আৰু ভুল বৰ্ণনাৰ বিষয়ত  উদ্বেগ প্ৰকাশ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে যে ৰাজহুৱা মঞ্চত কোনো বাস্তৱিক ভিত্তি  নথকা তথ্যৰ মুক্ত উপস্থাপনত  অনুমতি দিয়া হ’বনে? তেওঁ আৰু প্ৰশ্ন  যে আমাৰ দেশৰ  প্ৰতি আমাৰ মৌলিক দায়বদ্ধতাক আওকাণ কৰাৰ  সামৰ্থ্য আমাৰ আছেনে? তেওঁ ভাৰতৰ উত্থান ঘটিছে আৰু ই অবিভাজ্য বুলিও  দৃঢ়তাৰে কয় আৰু এই বিষয়ে  যুৱক-যুৱতীসকলক জনোৱাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰে। শ্ৰী ধনখৰে যুৱক-যুৱতীসকলক ২০৪৭ চনৰ ভিতৰত ভাৰতে উন্নত ৰাষ্ট্ৰ হোৱাৰ  যাত্ৰাত আটাইতকৈ গুৰুত্বপূৰ্ণ অৱদানকাৰী আৰু উল্লেখযোগ্য অংশীদাৰ বুলি অভিহিত কৰি তেওঁলোকক নানান পৰামৰ্শ  দিয়ে।

শ্বিলঙত আজি  মেঘালয় দক্ষতা আৰু উদ্ভাৱন হাবৰ আধাৰশিলা স্থাপন অনুষ্ঠানত সভাত ভাষণ দি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে আলোকপাত কৰে যে উপ-ৰাষ্ট্ৰপতিয়ে উল্লেখ কৰে যে দক্ষতা আৱিষ্কাৰ বা উদ্ভাৱন কৰা বিষয় নহয়, প্ৰকৃততে সেই নিৰ্দিষ্ট ক্ষেত্ৰত এজন ব্যক্তিৰ প্ৰতিভাৰ সৰ্বোত্তম গ্ৰহণে মানৱ সম্পদক এক গুণগত অত্যাধুনিক দিশ  প্ৰদান কৰে। তেওঁ উল্লেখ কৰিছিল যে দক্ষতা এতিয়া এক গুণ নহয়, ই আমাৰ প্ৰয়োজনীয়তা।

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে দক্ষতা বিকাশ আৰু উদ্যোগীকৰণৰ এক নিষ্ঠাবান মন্ত্ৰালয় গঠন আৰু পাঁচ বছৰৰ ভিতৰত ৫ লাখ যুৱক-যুৱতীক ইন্টাৰশ্বিপৰ ক্ষেত্ৰত  ৬০ হাজাৰ কোটি টকা আবণ্টন দিয়াৰ বিষয়তো  আলোকপাত কৰি গাঁও আৰু অৰ্ধ-নগৰীয়া চহৰসমূহ দক্ষতা বিকাশৰ  কেন্দ্ৰ হ’ব লাগিব বুলিও উল্লেখ কৰে।

মেঘালয়ৰ অভিজ্ঞতা সন্দৰ্ভত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, “যদি স্বৰ্গ আছে তেন্তে সেয়া   ভাৰতত আছে , যদি স্বৰ্গীয়  আত্মা আছে তেন্তে সেয়া  মেঘালয়ত আছে ।” তেওঁ দৃঢ়তাৰে কয় যে মেঘালয়ৰ অৰ্থনীতিৰ ইঞ্জিন কেৱল পৰ্যটনৰ দ্বাৰা পৰিচালিত হ’ব পাৰে। তেওঁ আৰু কয় যে প্ৰকৃতিয়ে মেঘালয়ক প্ৰচুৰ  উপহাৰ দিছে আৰু মানৱ সম্পদৰ মাজৰে প্ৰতিভাৱান দক্ষ লোকক লৈ ইয়াক সম্পূৰ্ণৰূপে আহৰণ  কৰিবলৈ  তেওঁ আহ্বান জনায়।

মেঘালয়ৰ ৰাজ্যপাল শ্ৰী চি.এইচ.  বিজয়াশংকৰ, মেঘালয়ৰ মুখ্যমন্ত্ৰী শ্ৰী কনৰাড কে চাংমা, কেবিনেট মন্ত্ৰী ড০ মেজেল আম্পাৰিনলিংডোহ, চৰকাৰৰ মুখ্য সচিব শ্ৰী ড’নাল্ড ফিলিপছ ৱাহলাং, মেঘালয় চৰকাৰৰ মুখ্য সচিব আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকল অনুষ্ঠানটোত  উপস্থিত থাকে।

 

 

JK/SM/DM



(Release ID: 2065622) Visitor Counter : 12