শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়
ডঃ মানসুখ মাণ্ডবিয়াৰ অধ্যক্ষতাত কৰ্মচাৰী ৰাজ্যিক বীমা নিগমৰ(ইএছআইচি) ১৯৪ সংখ্যক বৈঠক
কেন্দ্ৰীয় মন্ত্ৰীয়ে ঘোষণা কৰিলে ১০ খন নতুন ইএছআইচি চিকিৎসা মহাবিদ্যালয়, প্ৰধানমন্ত্ৰীৰ স্বাধীনতা দিৱস (২০২৪) ৰ ভাষণ সমৰ্থন কৰি অনাগত ৫ বছৰত ৭৫,০০০ নতুন চিকিৎসা আসনৰো প্ৰতিশ্ৰুতি
০১.০৭.২০২৪ ৰ পৰা ৩০.০৬.২০২৬ লৈ অটল বীমিত ব্যাক্তি কল্যান যোজনাৰ সময়সীমা বৃদ্ধি কৰা হয়
আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনৰ(এবি-পিএমজেৱাই) ৰ সৈতে ইএছআইচি ৰ চামিলকৰণৰ জৰিয়তে হিতাধিকাৰীক পেন ইণ্ডিয়াৰ অধীনত চিকিৎসা প্ৰদানৰ প্ৰতিশ্ৰুতি
ইএছআইচি চিকিৎসা মহাবিদ্যালয়ত পেৰা- মেডিকেল আৰু বি.এছ.চি (নাৰ্চিং) পাঠ্যক্ৰম আৰম্ভ কৰাত অনুমোদন জনায়
Posted On:
08 OCT 2024 6:15PM by PIB Guwahati
আজি নতুন দিল্লীৰ ই এছ আই চিৰ মুখ্য কাৰ্যালয়ত ই এছ আই নিগমৰ ১৯৪ সংখ্যক বৈঠক কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ আৰু যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মানসুখ মাণ্ডৱিয়াৰ সভাপতিত্বত অনুষ্ঠিত হয়। এই উপলক্ষে কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ আৰু লঘু, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী শোভা কৰণ্ডলাজেও উপস্থিত থাকে। বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ই এছ আই চিৰ আন্তঃগাঁথনি আৰু চিকিৎসা সুবিধাসমূহ অধিক শক্তিশালী কৰাৰ বাবে ই এছ আই নিগমৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা ঘোষণা কৰে।
স্থাপন হ'ব ১০ খন নতুন ইএছআইচি চিকিৎসা মহাবিদ্যালয়
আন্ধেৰী(মহাৰাষ্ট্ৰ), বাচাইদাৰাপুৰ(দিল্লী), গুৱাহাটী-বেলতলা (অসম), ইন্দোৰ (মধ্য প্ৰদেশ), জয়পুৰ (ৰাজস্থান), লুধিয়ানা (পাঞ্জাৱ), নৰোদা-বাপুনগৰ (গুজৰাট), নয়দা আৰু বাৰাণসী(উত্তৰ প্ৰদেশ), ৰাঞ্চি (ঝাৰখণ্ড) ত ১০ খন নতুন ইএছআইচি চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা বাবে ইএছআইচি নিগমে অনুমোদন প্ৰদান কৰে।
এই সিদ্ধান্তই স্বাধীনতা দিৱসৰ (২০২৪) ভাষণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে অহা ৫ বছৰত নতুন কৈ ৭৫০০০ চিকিৎসা আসন সৃষ্টিৰ কৰা ঘোষণাক সমৰ্থন কৰিব।
অটল বীমিত ব্যাক্তি কল্যান যোজনা ৰ সময়সীমা ০১.০৭.২০২৪ পৰা ৩০.০৬.২০২৬ লৈ বৃদ্ধি
বীমাকৃত ব্যক্তি সকলক সকাহ দিয়াৰ লগতে, যিসকল নিবনুৱা সৃষ্টি হৈছে তেওঁলোকৰ বাবে ইএছআইচি য়ে ০১.০৭.২০১৮ ত অটল বীমিত ব্যাক্তি কল্যান যোজনা নামেৰে এটা পাইলত প্ৰজেক্টৰ আৰম্ভ কৰিছিল। বীমাকৃত ব্যক্তিয়ে নতুন সংস্থাপনৰ সন্ধান কৰা সময়ত নতুন সংস্থাপন নোহোৱালৈকে এই আঁচনিৰ জৰিয়তে নিবনুৱা ভাট্টা দিয়াৰ উদ্দেশ্য আছিল।
ইয়াৰ আৰম্ভ হোৱা দুবছৰ পাছত পৰবৰ্তী এবছৰ অৰ্থাৎ ০১.০৭.২০২০ পৰা ৩০.০৬.২০২১ লৈ ম্যাদ বৃদ্ধি কৰা হয়। ইয়াৰ পিছত পুনৰ ৩০.০৬.২০২১ পৰা ৩০.০৬.২০২৪ লৈ বৃদ্ধি কৰা হৈছিল।
পুনৰ এই আঁচনি দুবছৰ বাবে ০১.০৭.২০২৪ পৰা ৩০.০৬.২০২৬ লৈ বৃদ্ধি কৰা হয়।
পেন ইণ্ডিয়াৰ ভিত্তিত আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (এবিপিএমজেএৱাই) ৰ সৈতে ইএছআইচি সংযোগ কৰি ইএছআইচিৰ হিতাধিকাৰীসকলক চিকিৎসা সেৱা প্ৰদান কৰা সিদ্ধান্ত গ্ৰহণ
এই সিদ্ধান্তই ইএছআইচিৰ হিতাধিকাৰীসকলক দেশৰ পিছপৰা অঞ্চলত আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (এবিপিএমজেএৱাই) ৰ অধীনত চুক্তিবদ্ধ চিকিৎসায়ত চিকিৎসা সেৱা লাভ কৰাত সহায় কৰিব। পিএমজেএৱাই ৰ এমপেনেল চিকিৎসালয় সমূহত ইএছআইচি ৰ বীমাকৃত ব্যক্তিসকলৰ বাবে কোনো ব্যয় সীমা নাথাকিব।
ইএছআইচি চিকিৎসা মহাবিদ্যালয়ত পেৰা মেডিকেল আৰু নাৰ্চিং পাঠ্যক্ৰম আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ
আলৱাৰ(ৰাজস্থান), বিহতা (বিহাৰ), ফাৰিদাবাদ (হাৰিয়ানা), জোকা (পশ্চিম বংগ), কে কে নগৰ (তামিলনাডু), সনাথনগাৰ (তেলেংগানা), ৰাজাজিনগৰ (কৰ্ণাটক) ৰ ইএছআইচি চিকিৎসা মহাবিদ্যালয়ত পেৰা মেডিকেল আৰু নাৰ্চিং পাঠ্যক্ৰম আৰম্ভ কৰাত অনুমোদন জনালে ইএছআই নিগমে।
এইমছ নিযুক্তি নীতি অনুসৰি এনঅ'আৰচিইটি ৰ জৰিয়তে নাৰ্চিং বিষয়া নিযুক্তি
এইমছৰ নিযুক্তি নীতি অনুসৰি নাৰ্চিং বিষয়া নিযুক্তিত অনুমোদন জনায় ইএছআই নিগমে। এনঅ'আৰচিইটি দ্বাৰা অনুষ্ঠিত হব লগা নাৰ্চিং বিষয়া নিযুক্তি এইমছৰ জৰিয়তে অনুষ্ঠিত কৰাত অনুমোদন। ইয়াৰ দ্বাৰা নিশ্চিত কৰা হব যে ইএছআইচি চিকিৎসালয়, চিকিৎসা মহাবিদ্যালয় আৰু উপস্বাস্থ্যকেন্দ্ৰত নাৰ্ছৰ অভাৱ অথবা খালী পদ নাই।
ইএছআই নিগমে চিকিৎসালয়, ঔষধালয়, ডিচিবিঅ' নিৰ্মাণৰ বাবে কেইবাটাও স্থানত ভূমি অধিগ্ৰহণত অনুমোদন জনায়
বিশ্লেষণৰ পাছত বীমাকৃত ব্যক্তিসকলৰ চিকিৎসাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ইএছআই চিকিৎসালয়ৰ আন্তঃগাঁঠনি উন্নয়নৰ বাবে তলত উল্লেখ কৰা স্থানসমূহ নিগমে অধীগ্ৰহণ কৰে।
১. ১০০ বিচনাযুক্ত ইএছআই চিকিৎসালয় গুণটোৰ, অন্ধ্ৰপ্ৰদেশ।
২. ০১ চিকিৎসক ঔষধালয় ফাটেহপুৰ, উত্তৰ প্ৰদেশ
৩. ডি চি বি অ' প্ৰতাপগড়, উত্তৰ প্ৰদেশ
৪. ৩৫০ খন বিছনাযুক্ত ইএছআই চিকিৎসালয় পুনে, মহাৰাষ্ট্ৰ
৫. ইএছআই ঔষাধালয় আৰু শাখা কাৰ্যালয়, ধুবুৰী, অসম
৬. ১০০ খন বিছনাযুক্ত ইএছআই চিকিৎসালয় মোজাফৰপুৰ, বিহাৰ
৭. ডি চি বি অ' ওৰায়ান, উত্তৰ প্ৰদেশ
উত্তৰ প্ৰদেশৰ নয়দাৰ চেকটৰ- ৫৬ ৰ ইএছআই আবাসীক এলেকাত ৭১৭ টা নতুন আবাস নিৰ্মাণতো অনুমোদন জনায়।
চলি থকা নিৰ্মাণ প্রকল্প সমূহৰ পৰ্যালোচনাৰ লগতে বৈঠকৰ সময়ত চিকিৎসা সেৱা, প্ৰশাসন, বিত্তীয় বিষয়ৰ উন্নতিৰ সৈতে জড়িত বিভিন্ন বিষয়সমূহৰ ওপৰতো আলোচনা কৰা হয়।
ইএছআই নিগমৰ ১৯৪ সংখ্যক বৈঠকত শ্ৰীমতী দোলা সেন, সাংসদ (ৰাজ্যসভা), শ্ৰী পাৰবিন খান্দেৱাল সাংসদ (লোকসভা), শ্ৰী এন কে প্ৰেমাছন্দন সাংসদ (লোকসভা), শ্ৰীমতী সুমিতা দাউৰা, সচিব (এলএণ্ডই), শ্ৰী অশোক কুমাৰ সিং ( ইএছআই ৰ সঞ্চালক প্ৰধান), ৰাজ্য চৰকাৰৰ সচিব, নিয়োগকৰ্তা, কৰ্মচাৰী, স্বাস্থ্যখণ্ডৰ বিশেষজ্ঞ সকলো এই বৈঠকত উপস্থিত থাকে।
Himanshu Pathak/DS
(Release ID: 2064513)
Visitor Counter : 34