প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav g20-india-2023

গান্ধী জয়ন্তী উপলক্ষে স্বচ্ছতা অভিযানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

স্বচ্ছতা সম্পৰ্কীয় কাম-কাজত অংশগ্ৰহণ কৰিবলৈ দেশৰ নাগৰিক সমাজক আহ্বান

Posted On: 02 OCT 2024 9:39AM by PIB Guwahati

গান্ধী জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছতা অভিযানত দেশৰ যুৱক-যুৱতীসকলৰ সৈতে অশগ্ৰহণ কৰে। শ্ৰী মোদীয়ে নাগৰিকসকলক আজি স্বচ্ছতা সম্পৰ্কীয় কাম-কাজত অংশগ্ৰহণ কৰিবলৈও আহ্বান জনায়, যাৰ ফলত স্বচ্ছ ভাৰত অভিযান শক্তিশালী হ’ব।

প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত এক্স হেণ্ডেলত লিখিছে -

"আজি গান্ধী জয়ন্তীৰ দিনা মই মোৰ যুৱ বন্ধু-বান্ধৱীৰ সৈতে স্বচ্ছতাৰ কামত অংশগ্ৰহণ কৰিলোঁ। আপোনালোক সকলোকে আজিৰ দিনটোত একেধৰণৰ প্ৰচেষ্টাত যোগদান কৰিবলৈ উৎসাহিত কৰিছো, স্বচ্ছ ভাৰত অভিযানক আৰু অধিক শক্তিশালী কৰাত সহায় কৰক।" #10YearsOfSwachhBharat "

***

 

MJPS/TS



(Release ID: 2061766) Visitor Counter : 5