প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰাক্তন বিধায়িকা শ্ৰীমতী সূৰ্যকান্তা ব্যাসৰ মৃত্যুত প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰিছে
प्रविष्टि तिथि:
25 SEP 2024 7:42PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ সুৰসাগৰৰ প্ৰাক্তন বিধায়িকা শ্ৰীমতী সূৰ্যকান্তা ব্যাসৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে কয় যে ৰাজস্থানৰ সুৰসাগৰত জনকল্যাণৰ বাবে কৰা কামৰ বাবে তেওঁক সদায় স্মৰণ কৰা হ'ব।
এক্স কৰা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;
ৰাজস্থানৰ সুৰসাগৰৰ প্ৰাক্তন বিধায়িকা তথা জ্যেষ্ঠ বিজেপি নেতা শ্ৰীমতী সূৰ্যকান্তা ব্যাসৰ মৃত্যুত অত্যন্ত দুখিত হৈছোঁ। অঞ্চলটোত জনকল্যাণৰ বাবে কৰা কামৰ বাবে তেওঁক সদায় স্মৰণ কৰা হ'ব। মই মোৰ শেহতীয়া যোধপুৰ ভ্ৰমণৰ সময়ত তেওঁক লগ পোৱাৰ সুযোগ পাইছিলোঁ যেতিয়া তেওঁ বিমানবন্দৰলৈ আহি মোক বিশেষভাৱে আশীৰ্বাদ কৰিছিলহি। দুখৰ এই মুহূৰ্তত মই তেওঁৰ অনুৰাগী আৰু পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। ওম শান্তি!"
*********
MJPS/ST/KB
(रिलीज़ आईडी: 2059061)
आगंतुक पटल : 61
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
English
,
Urdu
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam