গৃহ মন্ত্ৰালয়

গুজৰাটত বৰষুণ আৰু বানৰ ফলত হোৱা ক্ষতিৰ মূল্যায়ন কৰিবলৈ গৃহ মন্ত্ৰালয়ে এক ‘আন্তঃ-মন্ত্ৰালয় কেন্দ্ৰীয় দল’ (আইএমচিটি) গঠন কৰে

‘এনআইডিএম’ৰ কাৰ্যবাহী সঞ্চালকগৰাকীৰ নেতৃত্বত ‘আইএমচিটি’য়ে শীঘ্ৰেই গুজৰাটৰ বানপীড়িত জিলাসমূহ পৰিদৰ্শন কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে ক্ষতিগ্ৰস্ত ৰাজ্যসমূহক সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ

২০১৯ৰ আগষ্ট মাহত কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি ক্ষতিগ্ৰস্ত ৰাজ্যসমূহৰ পৰা স্মাৰকপত্ৰৰ বাবে অপেক্ষা নকৰাকৈ ক্ষতিৰ স্থান মূল্যায়নৰ বাবে গৃহ মন্ত্ৰালয়ে আগতীয়াকৈ ‘আইএমচিটি’ গঠন কৰে

এই বছৰটোত ‘আইএমচিটি’য়ে তেওঁলোকৰ স্মাৰকপত্ৰৰ বাবে অপেক্ষা নকৰাকৈ ক্ষতিৰ স্থান মূল্যায়নৰ বাবে আগতীয়াকৈ অসম, কেৰালা, মিজোৰাম আৰু ত্ৰিপুৰা ৰাজ্যত বান/ভূমিস্খলন প্ৰভাৱিত অঞ্চল পৰিদৰ্শন কৰিছে

Posted On: 01 SEP 2024 3:41PM by PIB Guwahati

গুজৰাটত বৰষুণ আৰু বানৰ ফলত হোৱা ক্ষতিৰ মূল্যায়ন কৰিবলৈ গৃহ মন্ত্ৰালয়ে ‘ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠান’ (এনআইডিএম)ৰ কাৰ্যবাহী সঞ্চালকৰ নেতৃত্বত এটা ‘আন্তঃমন্ত্ৰালয় কেন্দ্ৰীয় দল’ (আইএমচিটি) গঠন কৰিছে। ‘আইএমচিটি’য়ে শীঘ্ৰেই ৰাজ্যখনৰ বানপীড়িত জিলাসমূহ পৰিদৰ্শন কৰিব।

২৫ আগষ্টৰ পৰা ৩০ আগষ্টৰ সময়ছোৱাত ৰাজস্থান আৰু গুজৰাটত সৃষ্টি হোৱা নিম্নচাপৰ ফলত গুজৰাটত অত্যাধিক হাৰত হোৱা ধাৰাসাৰ বৰষুণে অঞ্চলসমূহক গুৰুতৰভাৱে প্ৰভাৱিত কৰিছিল। মধ্য প্ৰদেশ আৰু ৰাজস্থানৰো বিভিন্ন অঞ্চল ধাৰাসাৰ বৰষুণৰ দ্বাৰা প্ৰভাৱিত হৈছিল। বছৰটোত হিমাচল প্ৰদেশ ৰাজ্যও  ধাৰাসাৰ বৰষুণ, ডাৱৰ বিস্ফোৰণ আৰু ভূমিস্খলনৰ দ্বাৰা প্ৰভাৱিত হৈছে। গৃহ মন্ত্ৰালয়ে এই ৰাজ্যসমূহৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে যোগাযোগ কৰি আছে, আৰু তেওঁলোকৰ দ্বাৰা গুৰুতৰ ক্ষতিৰ খবৰ পোৱা মাত্ৰেই সংশ্লিষ্ট অঞ্চলসমূহত ‘আইএমচিটি’-ক নিয়োজিত কৰাৰ দিহা কৰা হৈছে। চলিত বাৰিষা ঋতুত আন কিছুমান ৰাজ্যও ধাৰাসাৰ বৰষুণ, বান, ডাৱৰ বিস্ফোৰণ, ভূমিস্খলন আদিৰ দ্বাৰা প্ৰভাৱিত হৈছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে ক্ষতিগ্ৰস্ত ৰাজ্যসমূহক সকলো ধৰণৰ সহায় আগবঢ়াবলৈ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ। কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি এই বছৰৰ আগষ্ট মাহত গৃহ মন্ত্ৰালয়ে ‘আইএমচিটি’ গঠন কৰিছে যিয়ে অসম, কেৰালা, মিজোৰাম আৰু ত্ৰিপুৰাত তেওঁলোকৰ স্মাৰকপত্ৰৰ বাবে অপেক্ষা নকৰাকৈ ক্ষতিৰ স্থান মূল্যায়নৰ বাবে আগতীয়াকৈ বান/ভূমিস্খলন পৰিদৰ্শন কৰিছে। নাগালেণ্ড ৰাজ্যৰ বাবেও ‘আইএমচিটি’ গঠন কৰা হৈছে, যি অতি সোনকালেই ৰাজ্যখনৰ ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰিব।

অতীতত ‘আইএমচিটি’য়ে ৰাজ্য চৰকাৰৰ পৰা স্মাৰকপত্ৰ লাভ কৰাৰ পিছতহে দুৰ্যোগ প্ৰভাৱিত ৰাজ্যসমূহ ভ্ৰমণ কৰিছিল।

***

RK/VV/ASH/PS/KB



(Release ID: 2050697) Visitor Counter : 10