কেবিনেট

বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ 'বিজ্ঞান ধাৰা' আঁচনিলৈ কেবিনেটৰ অনুমোদন

Posted On: 24 AUG 2024 7:27PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আজি বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ (ডিএছটি) 'বিজ্ঞান ধাৰা' নামৰ কেন্দ্ৰীয় খণ্ডৰ আঁচনিখনত একত্ৰিত হোৱা তিনিখন ‘চত্ৰ আঁচনি’ অব্যাহত ৰখাৰ প্ৰস্তাৱলৈ অনুমোদন জনায়।

আঁচনিখনৰ তিনিটা বিস্তৃত উপাদান আছে:

ক. বিজ্ঞান আৰু প্ৰযুক্তি (এছ এণ্ড টি) প্ৰতিষ্ঠানিক আৰু মানৱ সামৰ্থ্য বৰ্দ্ধন,

খ. গৱেষণা আৰু বিকাশ আৰু

গ. উদ্ভাৱন, প্ৰযুক্তি বিকাশ আৰু নিয়োজন।

২০২১-২২ বৰ্ষৰ পৰা ২০২৫-২৬ বৰ্ষলৈ ১৫ সংখ্যক বিত্ত আয়োগৰ সময়ছোৱাত একত্ৰিত আঁচনি 'বিজ্ঞান ধাৰা' ৰূপায়ণৰ বাবে প্ৰস্তাৱিত ব্যয় হৈছে ১০,৫৭৯.৮৪ কোটি টকা।

আঁচনিকেইখন একক আঁচনিত একত্ৰিত কৰিলে পুঁজিৰ ব্যৱহাৰত দক্ষতা বৃদ্ধি হ'ব আৰু উপ-আঁচনি/কাৰ্যসূচীবোৰৰ মাজত সংগতি ৰাখিবলৈ অধিক সুবিধা হ’ব।

'বিজ্ঞান ধাৰা' আঁচনিৰ প্ৰাথমিক উদ্দেশ্য হৈছে দেশত বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন পৰিস্থিতিতন্ত্ৰ শক্তিশালী কৰাৰ দিশত বিজ্ঞান আৰু প্ৰযুক্তিখণ্ডৰ সামৰ্থ্য বৰ্দ্ধনৰ লগতে গৱেষণা, উদ্ভাৱন আৰু প্ৰযুক্তিৰ বিকাশক উদগণি যোগোৱা। আঁচনিখন ৰূপায়ণ কৰিলে শৈক্ষিক প্ৰতিষ্ঠানসমূহত সুসজ্জিত গৱেষণা আৰু বিকাশ পৰীক্ষাগাৰ বিকাশৰে দেশৰ বিজ্ঞান আৰু প্ৰযুক্তিখণ্ডৰ আন্তঃগাঁথনি শক্তিশালী হ'ব।

এই আঁচনিখনে আন্তৰ্জাতিক বৃহৎ সুবিধাসমূহৰ প্ৰৱেশানুকূলতাৰ সৈতে মৌলিক গৱেষণা, বহনক্ষম শক্তি, পানী আদিত অনুবাদমূলক গৱেষণা আৰু আন্তঃৰাষ্ট্ৰীয় দ্বিপাক্ষিক আৰু বহুপাক্ষিক সহযোগিতাৰ জৰিয়তে সহযোগিতামূলক গৱেষণাৰ দৰে ক্ষেত্ৰত গৱেষণাৰ প্ৰচেষ্টা চলায়। ই বিজ্ঞান আৰু প্ৰযুক্তিৰ দৃশ্যপট শক্তিশালী কৰিবলৈ আৰু ‘পূৰ্ণকালীন সমতুল্য’ (এফটিই) গৱেষক গণনা উন্নত কৰাৰ দিশত দেশৰ উন্নয়ন আধাৰ সম্প্ৰসাৰিত কৰাৰ বাবে গুৰুত্বপূৰ্ণ মানৱ সম্পদৰ সমূহ নিৰ্মাণত অৰিহণা যোগাব। বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন (এছটিআই)ত লিংগ সমতা অনাৰ চূড়ান্ত লক্ষ্যৰে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ বাবে গুৰুত্বসহকাৰে হস্তক্ষেপ কৰা হ'ব। এই আঁচনিয়ে বিদ্যালয় পৰ্যায়ৰ পৰা উচ্চ শিক্ষালৈকে আৰু লক্ষ্যযুক্ত হস্তক্ষেপৰ জৰিয়তে উদ্যোগ আৰু ‘ষ্টাৰ্টআপ’ৰ বাবে সকলো স্তৰত উদ্ভাৱনক উত্সাহিত কৰাৰ দিশত চৰকাৰৰ প্ৰচেষ্টাক শক্তিশালী কৰিব। শিক্ষাখণ্ড, চৰকাৰ আৰু উদ্যোগসমূহৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে গুৰুত্বপূৰ্ণ সমৰ্থন আগবঢ়োৱা হ'ব।

'বিজ্ঞান ধাৰা' আঁচনিৰ অধীনত প্ৰস্তাৱিত সকলো কাৰ্যসূচী বিকচিত ভাৰত ২০৪৭-ৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত ডিএছটি-ৰ ৫ বছৰীয়া লক্ষ্যৰ সৈতে সংযোজিত হ'ব। আঁচনিখনৰ গৱেষণা আৰু বিকাশৰ উপাদানটো ‘অনুসন্ধান ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেশ্যন’ (এএনআৰএফ)ৰ সৈতে সংগতি ৰাখি সংৰেখিত কৰা হ'ব। আঁচনিখনৰ ৰূপায়ণে ৰাষ্ট্ৰীয় প্ৰাথমিকতাসমূহৰ সৈতে সংৰেখিত হৈ গোলকীয় প্ৰচলিত মাপকাঠি অনুসৰণ কৰিব।

পৃষ্ঠভূমি:

‘বিজ্ঞান আৰু প্ৰযুক্তি’ (ডিএছটি)বিভাগে দেশত বিজ্ঞান আৰু প্ৰযুক্তি সম্পৰ্কীয় কাৰ্যকলাপৰ আয়োজন, সমন্বয় আৰু উদগণিৰ বাবে ‘নোডেল’ বিভাগ হিচাপে কাম কৰে। দেশত ‘বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন’ (এছটিআই)ৰ উত্সাহ প্ৰদানৰ দিশত ‘ডিএছটি’-ৰ দ্বাৰা কেন্দ্ৰীয় খণ্ডৰ তিনিখন চত্ৰ আঁচনি ৰূপায়ণ কৰা হৈছিল যেনে (ক) ‘বিজ্ঞান আৰু প্ৰযুক্তি’ (এছ এণ্ড টি) প্ৰতিষ্ঠানিক আৰু মানৱ সামৰ্থ্য বৰ্দ্ধন, (খ) গৱেষণা আৰু বিকাশ আৰু (গ) উদ্ভাৱন, প্ৰযুক্তি বিকাশ আৰু নিয়োজন। এই তিনিখন আঁচনিক একক আঁচনি 'বিজ্ঞান ধাৰা'ত একত্ৰিত কৰা হৈছে।

***

MJPS/SKS/KB



(Release ID: 2048800) Visitor Counter : 6