প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ তানাহুনত বাছ দুৰ্ঘটনাত পতিত হোৱা লোকৰ বাবে অনুগ্ৰহ ৰাশি ঘোষণা কৰে

Posted On: 24 AUG 2024 2:51PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ তানাহুন জিলাত বাছ দুৰ্ঘটনাত পতিত হোৱা লোকসকলৰ বাবে অনুগ্ৰহ ৰাশি ঘোষণা কৰিছে। প্ৰতিজন মৃতকৰ পৰিয়ালক পিএমএনআৰএফৰ পৰা ২ লাখ টকাকৈ আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ দিয়া হ’ব।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত পোষ্ট কৰিছে;

“প্ৰধানমন্ত্ৰীয়ে নেপালৰ তানাহুন জিলাত সংঘটিত হোৱা দুৰ্ঘটনাটোত পতিত হোৱা প্ৰত্যেক মৃতকৰ নিকটতম আত্মীয়ৰ বাবে পিএমএনআৰএফৰ পৰা ২ লাখকৈ টকাৰ অনুগ্ৰহ ৰাশি ঘোষণা কৰিছে। আহতসকলক ৫০ হাজাৰকৈ টকা দিয়া হ’ব।”

**********

 

MJPS/TS



(Release ID: 2048657) Visitor Counter : 17