প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিলেনিয়ামৰ মুখ্য কাৰ্যবাহী বিষয়া গাৱেল লোপিনস্কিৰে প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ
प्रविष्टि तिथि:
22 AUG 2024 9:22PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুনেস্থিত পোলেণ্ডৰ আগশাৰীৰ আই টি কোম্পানী বিলেনিয়াম প্ৰাইভেট লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া গাৱেল লোপিনস্কিৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।
বৈঠককালত প্ৰধানমন্ত্ৰীয়ে অনুকূল বিনিয়োগৰ এক সুস্থ পৰিৱেশ আৰু ‘মেক ইন ইণ্ডিয়া’ কাৰ্যসূচীৰ দ্বাৰা পৰিচালিত ভাৰতৰ বিকাশৰ অনবদ্য যাত্ৰাৰ কাহিনীৰ ওপৰত আলোকপাত কৰে। তেওঁ নিজৰ সম্প্ৰসাৰণ পৰিকল্পনাৰ বিষয়ে সোধা-পোছা কৰি নতুন আৰু উদীয়মান প্ৰযুক্তি, এআই, চাইবাৰ সুৰক্ষা আৰু ডিজিটেল অৰ্থনীতিৰ ক্ষেত্ৰত ভাৰত-পোলেণ্ডৰ মাজত ব্যৱসায়িক সহযোগিতাৰ উল্লেখযোগ্য সুযোগৰ কথাও উল্লেখ কৰে।
প্ৰধানমন্ত্ৰীয়ে শ্ৰীযুত লোপিনস্কিক ইজ অৱ ডুইং বিজনেছ আৰু বিনিয়োগ অনুকূল পৰিৱেশৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ আশ্বাস দিয়ে।
***
MJPS/AK
(रिलीज़ आईडी: 2048142)
आगंतुक पटल : 53
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Telugu
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam