পঞ্চায়তীৰাজ মন্ত্ৰালয়

২০২৪ চনৰ ১৫ আগষ্টৰ দিনটোত লালকিল্লাত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ সাক্ষী হ’ল পঞ্চায়ত প্ৰতিনিধিসকল

Posted On: 15 AUG 2024 6:56PM by PIB Guwahati

ভাৰতৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ  উল্লেখযোগ্য অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যোৱা পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানৰ প্ৰায় ৪০০ গৰাকী নিৰ্বাচিত প্ৰতিনিধিয়ে বিশেষ অতিথি হিচাপে নতুন দিল্লীৰ লালকিল্লাত সমবেত হয়। কেন্দ্ৰীয় চৰকাৰৰ নেতৃত্বত গ্ৰাম্য ভাৰতৰ হৃদস্পন্দনৰ প্ৰতিধ্বনিক  ৰাষ্ট্ৰীয় ৰাজধানীত অনুৰণিত কৰাৰ লগতে  ঐক্য আৰু  উদ্দেশ্যৰ ভাৱনাক সজীৱ কৰি তোলাৰ লক্ষ্যৰে এনে পদক্ষেপ গ্ৰহণ কৰে। 

 

লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰি দিয়া ভাষণত  প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰগতি আৰু সমৃদ্ধিৰ ক্ষেত্ৰত স্থানীয় প্ৰশাসনৰ  গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে আলোকপাত কৰে । তেওঁ পঞ্চায়তকে ধৰি দেশৰ তিনি লাখ প্ৰতিষ্ঠানক বছৰি কমেও দুটাকৈ অৰ্থপূৰ্ণ সংস্কাৰ সাধনৰ কাম কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে কয়  যে যদি আমি এবছৰত ২৫ – ৩০ লাখটাকৈ সংস্কাৰ সাধন কৰোঁ তেন্তে সাধাৰণ মানুহৰ আস্থা বৃদ্ধি পাব  আৰু সেই কামে আমাৰ জাতিটোক নতুন উচ্চতালৈ আগুৱাই নিব। প্ৰধানমন্ত্ৰীয়ে লগতে ভাৰতীয় গণতন্ত্ৰক শক্তিশালী কৰা সংবিধানৰ ৭৫ বছৰীয়া  যাত্ৰাৰ কথা উল্লেখ কৰি  প্ৰান্তীয় লোকসকলৰ  অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত সংবিধানৰ ভূমিকাৰ বিষয়ত মত প্ৰকাশ কৰে । তেওঁ কৰ্তব্য পালনৰ  গুৰুত্বৰ বিষয়ত আলোকপাত কৰি কয় যে, “যেতিয়া কৰ্তব্য পালন কৰা হয় তেতিয়া তাত অধিকাৰৰ সুৰক্ষাৰ কথাও অন্তৰ্নিহিত হৈ থাকে।”

 

লালকিল্লাৰ চোতাল আজি ভাৰতৰ বৈচিত্ৰ্যৰ এক প্ৰাঞ্জল কেনভাছলৈ ৰূপান্তৰিত হয়, পঞ্চায়তৰ প্ৰতিনিধিসকলে বিভিন্ন অঞ্চলৰ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি স্বাীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ত্ৰিৰংগাৰ তলত আৰু দেশপ্ৰেমৰ  মনোভাৱেৰে একত্ৰিত হৈ এই তৃণমূল পৰ্যায়ৰ নেতাসকলে ‘বৈচিত্ৰ্যত ঐক্য’ৰ সাৰমৰ্মক মূৰ্ত কৰি তোলে।

 

 

৭৮ সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহৰ নিৰ্বাচিত মহিলা প্ৰতিনিধিসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানো অনুষ্ঠিত কৰা হয়। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ৪০০ গৰাকী অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত বিশেষ অতিথি হিচাপে নিমন্ত্ৰিত এই সুদক্ষ পঞ্চায়ত নেতা-নেত্ৰীসকলক স্বীকৃতি প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানত পঞ্চায়তীৰাজ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰাজীৱ ৰঞ্জন সিং আৰু কেন্দ্ৰীয় পঞ্চায়তীৰাজ ৰাজ্যিক মন্ত্ৰী অধ্যাপক এছ পি এছ বাঘেলে স্থানীয় প্ৰশাসনত মহিলাসকলৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি দি তেওঁলোকৰ অংশগ্ৰহণ আৰু নেতৃত্বক  উৎসাহিত কৰে। পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ সচিব শ্ৰী বিবেক ভৰদ্বাজ, বিশেষ সচিব ড° চন্দ্ৰ শেখৰ কুমাৰ, যুটীয়া সচিব শ্ৰী আলোক প্ৰেম নগৰ, মমতা বৰ্মা, শ্ৰী বিকাশ আনন্দ, শ্ৰী ৰাজেশ কুমাৰ সিং, অৰ্থনৈতিক উপদেষ্টা ড০ বিজয় কুমাৰ বেহেৰাৰ লগতে বিভিন্ন ৰাজ্যৰ বিষয়া আৰু অন্যান্য অংশগ্ৰহণকাৰীসকল উপস্থিত আছিল।

 

পঞ্চায়তীৰাজ মন্ত্ৰালয়ে উপস্থিত থকা পঞ্চায়ত প্ৰতিনিধিসকলৰ বাবে এক সমৃদ্ধিশালী অভিজ্ঞতা বিনিময়ৰ  সুবিধা প্ৰদান কৰে, অনুষ্ঠানৰ পিছত সকলোৱে  দুপৰীয়াৰ আহাৰো গ্ৰহণ কৰে। এই মঞ্চই প্ৰতিনিধিসকলক অভিজ্ঞতাৰ ভাগ-বতৰা কৰাৰ লগতে ইজনে সিজনৰ পৰা উত্তম পদ্ধতি আদি শিকাৰ সুবিধা দিয়ে।  ১৪ – ১৫ আগষ্ট, ২০২৪ৰ ভিতৰত মন্ত্ৰালয়ৰ  এনে উদ্ভাৱনী পদক্ষেপসমূহে  বিভিন্ন বিষয়ত প্ৰতিনিধিসকলৰ  অন্তৰ্দৃষ্টি ব্যপ্ত কৰাত সহায় কৰে।

 

পঞ্চায়ত প্ৰতিনিধিসকলক  এনেদৰে জনোৱা  অভূতপূৰ্ব আমন্ত্ৰণে সমগ্ৰ দেশতে তৃণমূল পৰ্যায়ৰ শাসন ব্যৱস্থাত এক নতুন শক্তিৰ সঞ্চাৰ ঘটাইছে। ইয়াত গ্ৰাম্য স্থানীয় সংস্থাসমূহক সবলীকৰণ আৰু জাতি গঠনত তেওঁলোকৰ অপৰিহাৰ্য ভূমিকাক স্বীকৃতি দিয়াৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিৰ বিষয়ত  গুৰুত্ব আৰোপ কৰা হয়। ভাৰতে স্বাধীনতাৰ ৭৮ সংখ্যক বৰ্ষত  আত্মবিশ্বাসেৰে আগবাঢ়ি যোৱাৰ সময়তে এই ঐতিহাসিক উদযাপনে পঞ্চায়ত প্ৰতিনিধিসকলৰ সক্ৰিয় অংশগ্ৰহণেৰে সৰ্বাংগীন বৃদ্ধি আৰু বহনক্ষম উন্নয়নৰ দিশত দেশ আগবাঢ়ি  যোৱাৰ  এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত  হৈছে।



(Release ID: 2045727) Visitor Counter : 17