প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

৭৮সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি দিয়া প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ অসমীয়া অনুবাদ

Posted On: 15 AUG 2024 2:30PM by PIB Guwahati

ভাৰত মাতা কী জয়।

ভাৰত মাতা কী জয়।

ভাৰত মাতা কী জয়।

মোৰ প্ৰিয় দেশবাসী, মোৰ পৰিয়ালৰ সদস্যসকল!

আজি এই শুভ মুহূৰ্তত আমি দেশৰ বাবে প্ৰাণ আহুতি দিয়া, দেশৰ স্বাধীনতাৰ বাবে আত্মবলিদান দিয়া, গোটেই জীৱন সংগ্ৰাম কৰা, ফাঁচীকাঠত ওলমি ভাৰত মা কী জয়ৰ শ্লোগান দিয়া অগণন স্বাধীনতাপ্ৰেমীক শ্ৰদ্ধাঞ্জলি জনাইছো৷ এয়া তেওঁলোকৰ গুণসমূহক স্মৰণ কৰাৰ উৎসৱ। আজি দেশপ্রেমিকসকলে আমাক স্বাধীনতাৰ এই উৎসৱত শান্তিৰে উশাহ লোৱাৰ সুযোগ দিছে৷ এই দেশ তেওঁলোকৰ ওচৰত ঋণী। এনে প্ৰতিজন মহান ব্যক্তিৰ প্ৰতি আমি আমাৰ শ্ৰদ্ধা নিবেদিছো৷

মোৰ প্ৰিয় দেশবাসী

সম্পূৰ্ণ নিষ্ঠা আৰু দায়বদ্ধতাৰে দেশক সুৰক্ষা প্ৰদান কৰি যিসকল মহান ব্যক্তিয়ে দেশক নতুন উচ্চতালৈ লৈ যোৱাৰ চেষ্টা কৰিছে, তেওঁলোককো সশ্ৰদ্ধ প্ৰণিপাত জনাইছো। আমাৰ কৃষকসকলেই হওক, আমাৰ যুৱক-যুৱতীসকলেই হওক, তেওঁলোকৰ সাহসেই হওক, দলিত, ভুক্তভোগী, শোষিত, বঞ্চিতকে আদি কৰি সকলোৰে মাজত স্বাধীনতা আৰু গণতন্ত্ৰৰ প্ৰতি ভক্তি দেখাটো সমগ্ৰ বিশ্বৰ বাবে এক প্ৰেৰণাদায়ক৷ আজি এইসকল লোকক চৰকাৰে শ্ৰদ্ধাৰে প্ৰণাম জনাইছো।

প্ৰিয় দেশবাসী,

এইবাৰৰ লগতে যোৱা কেইবছৰমানৰ পৰা প্ৰাকৃতিক দুৰ্যোগৰ বাবে আমাৰ চিন্তা বাঢ়িছে। বহু লোকে প্ৰাকৃতিক দুৰ্যোগত পৰিয়ালৰ সদস্য, সম্পত্তি হেৰুৱাইছে আৰু দেশেও বাৰে বাৰে লোকচানৰ সন্মুখীন হৈছে। আজি মই সেই সকলোৰে প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো আৰু তেওঁলোকক আশ্বাস দিছো যে এই সংকটৰ সময়ত এই দেশ তেওঁলোকৰ কাষত থিয় দিছে।

মোৰ প্ৰিয় দেশবাসী!

স্বাধীনতাৰ আগৰ সেই দিনবোৰ, শ শ বছৰৰ দাসত্বৰ সময়ছোৱাত, প্ৰতিটো সময়েই আছিল সংগ্ৰামেৰে ভৰা। যুৱক-যুৱতীয়েই হওক, বয়োজ্যেষ্ঠই হওক, খেতিয়কেই হওক, মহিলাই হওক, জনজাতীয়ই হওক, তেওঁলোকে দাসত্বৰ বিৰুদ্ধে অবিৰতভাৱে যুঁজি থাকিল। ইতিহাস এই কথাৰ সাক্ষী যে ১৮৫৭ চনৰ স্বাধীনতা সংগ্ৰামৰ আগতেও , আমাৰ দেশৰ বহুতো জনজাতীয় অঞ্চল আছিল, য’ত স্বাধীনতাৰ যুদ্ধ হৈছিল।

বন্ধুসকল,

ইমান দীঘলীয়া সময়ৰ দাসত্ব, অত্যাচাৰী শাসক, অভূতপূৰ্ব অত্যাচাৰ, সাধাৰণ মানুহৰ আস্থা ভংগ কৰাৰ প্ৰতিটো কৌশল, তাৰ পিছতো সেই সময়ৰ জনসংখ্যা অনুযায়ী প্ৰায় ৪০ কোটি দেশবাসীয়ে স্বাধীনতাৰ মনোভাৱ দেখুৱালে, এটা সপোন লৈ আগুৱাই গ’ল, সংকল্প লৈ আগবাঢ়িল, যুঁজি থাকিল; মাথোঁ এটাই শ্লগান আছিল বন্দে মাতৰম৷ সকলোৰে এটাই সপোন আছিল, সেয়া হ’ল ভাৰতৰ স্বাধীনতা। আমি গৌৰৱান্বিত যে ৪০ কোটি দেশবাসীৰ তেজ আমাৰ শিৰাই শিৰাই আছে। তেওঁলোক আমাৰ পূৰ্বপুৰুষ আছিল, মাত্ৰ ৪০ কোটি। এই ৪০ কোটি লোকে বিশ্বৰ মহাশক্তিসমূহক উভালি পেলাইছিল আৰু দাসত্বৰ শিকলি চিঙি পেলাইছিল।  যদি ৪০ কোটি লোকে স্বাধীনতাৰ সপোন পূৰণ কৰিব পাৰে, স্বাধীনতাৰে জীয়াই থাকিব পাৰে, তেন্তে মোৰ দেশৰ ১৪০ কোটি নাগৰিকে, মোৰ পৰিয়ালৰ ১৪০ কোটি লোকে প্ৰতিশ্ৰুতি লৈ আগবাঢ়ি গ’লে আমি এটা দিশ নিৰ্ধাৰণ কৰি আগবাঢ়ি গ’লে, খোজত খোজ মিলাই, কান্ধত কান্ধ ৰাখি আগুৱাই গ’লে যিমানেই প্ৰত্যাহ্বান নাথাকক কিয়, বঞ্চনাৰ পৰিসৰ যিমানেই ভয়াৱহ নহওক কিয়, সম্পদৰ বাবে সংগ্ৰাম কৰাৰ প্ৰয়োজন থাকিলেও, প্ৰতিটো প্ৰত্যাহ্বান আমি অতিক্ৰম কৰি এখন সমৃদ্ধিশালী ভাৰত গঢ়ি তুলিব পাৰো। ২০৪৭ চনৰ ভিতৰত আমি উন্নত ভাৰতৰ লক্ষ্যত উপনীত হ’ব পাৰিম। যদি ৪০ কোটি দেশবাসীয়ে নিজৰ প্ৰচেষ্টা, নিজৰ নিষ্ঠা, ত্যাগৰ দ্বাৰা স্বাধীনতা দি স্বাধীন ভাৰত গঢ়ি তুলিব পাৰে, তেন্তে ১৪০ কোটি দেশবাসীয়েও একে মনোভাৱেৰে এখন সমৃদ্ধিশালী ভাৰত গঢ়ি তুলিব পাৰিব।

বন্ধুসকল,

দেশৰ বাবে প্ৰাণ আহুতি দিয়াৰ প্ৰতিশ্ৰুতিৰে স্বাধীনতা অৰ্জন কৰিছিল। আজি দেশৰ বাবে জীয়াই থকাৰ প্ৰতিশ্ৰুতি দিয়াৰ সময়। যদি দেশৰ বাবে মৃত্যুৰ দায়বদ্ধতাই স্বাধীনতা আনিব পাৰে তেন্তে দেশৰ বাবে জীয়াই থকাৰ দায়বদ্ধতাই ভাৰতকো সমৃদ্ধিশালী কৰি তুলিব পাৰে।

বন্ধুসকল,

বিকশিত ভাৰত ২০৪৭, এইবোৰ কেৱল বাক্য গঠনৰ কেইটামান শব্দ নহয়, ইয়াৰ আঁৰত কঠোৰ পৰিশ্ৰম জড়িত হৈ আছে। দেশৰ কোটি কোটি মানুহৰ পৰা পৰামৰ্শ লোৱা হৈছে আৰু আমি দেশবাসীৰ পৰা পৰামৰ্শ বিচাৰিছিলো। আৰু মই সুখী যে মোৰ দেশৰ কোটি কোটি নাগৰিকে বিকশিত ভাৰত ২০৪৭ৰ বাবে অগণন পৰামৰ্শ আগবঢ়াইছে। প্ৰতিজন দেশবাসীৰ সপোন ইয়াত প্ৰতিফলিত হৈছে। প্ৰতিজন দেশবাসীৰ সংকল্প ইয়াত প্ৰতিফলিত হৈছে। যুৱক-যুৱতীয়েই হওক, বয়োজ্যেষ্ঠই হওক, গাঁৱৰ মানুহেই হওক, খেতিয়কেই হওক, দলিতই হওক, আদিবাসীয়েই হওক, পাহাৰত বসবাস কৰা লোকেই হওক, অৰণ্যত বসবাস কৰা লোকসকলেই হওক, চহৰত বাস কৰা লোকসকলেই হওক, সকলোৱেই ২০৪৭ চনত দেশে স্বাধীনতা লাভ কৰাৰ ১০০ বছৰ উদযাপন কৰিব, তেতিয়ালৈকে তেওঁলোকে বিকশিত ভাৰতৰ বাবে মূল্যৱান পৰামৰ্শ দিছে।

আৰু এই পৰামৰ্শবোৰ দেখি মোৰ হৃদয়ে আনন্দ অনুভৱ কৰিছে, তেওঁলোকে যি লিখিছিল, কিছুমানে বিশ্বৰ  স্কিল কেপিটেল হিচাপে গঢ়ি তোলাৰ পৰামৰ্শ আমাৰ সন্মুখত ৰাখিছিল। ২০৪৭ চনৰ ভিতৰত এখন উন্নত ভাৰতৰ বাবে একাংশ লোকে ভাৰতক বিশ্ব উৎপাদন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পৰামৰ্শ দিছিল। কিছুমানে আমাৰ ভাৰতৰ বিশ্ববিদ্যালয়সমূহক এক উজ্জ্বল শক্তি হিচাপে গঢ়ি তুলিবলৈ পৰামৰ্শ দিছিল। একাংশই এইটোও কৈছিল যে স্বাধীনতাৰ ইমান বছৰৰ পাছত আমাৰ সংবাদ মাধ্যম বিশ্বমুখী হোৱা উচিত নহয়নে? কিছুমান মানুহে এইটোও কৈছিল যে আমাৰ দক্ষতা যুৱ বিশ্বৰ প্ৰথম পছন্দ হ’ব লাগে। একাংশ লোকে ভাৰতক জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে অতি সোনকালে আত্মনিৰ্ভৰশীল হ’ব লাগে বুলি পৰামৰ্শ আগবঢ়াইছিল।

বহুতে পৰামৰ্শ দিছিল যে আমাৰ কৃষকে উৎপাদন কৰা ছুপাৰ ফুড, যাক আমি শ্ৰীঅন্ন বুলি কওঁ, পৃথিৱীৰ প্ৰতিঘৰৰ লোকৰ ডাইনিং টেবুল পাবগৈ লাগে। আমি বিশ্বৰ পুষ্টি শক্তিশালী কৰাৰ লগতে ভাৰতৰ ক্ষুদ্ৰ কৃষকসকলকো শক্তিশালী কৰিব লাগিব। দেশৰ স্থানীয় স্বৰাজৰ সকলো প্ৰতিষ্ঠানতে শাসন সংস্কাৰৰ অতি প্ৰয়োজনীয়তা আছে বুলি বহু লোকে পৰামৰ্শ দিছিল। ন্যায়পালিকাৰ পলম হোৱাত বহু লোকে উদ্বেগ প্ৰকাশ কৰি লিখিছিল আৰু লগতে কয় যে আমাৰ দেশৰ ন্যায়িক ব্যৱস্থাৰ সংস্কাৰৰ অতি প্ৰয়োজন। বহুতে বহু সেউজ ক্ষেত্ৰৰ চহৰ নিৰ্মাণ কৰাটো সময়ৰ আহ্বান বুলি কৈছে। কোনোবাই ক্ৰমবৰ্ধমান প্ৰাকৃতিক দুৰ্যোগৰ মাজত শাসন ব্যৱস্থাত সামৰ্থ্য বিকাশৰ বাবে অভিযান চলাবলৈ পৰামৰ্শ দিছিল।

ভাৰতৰ মহাকাশ ষ্টেচন অতি সোনকালে মহাকাশত নিৰ্মাণ কৰা উচিত বুলিও বহুতে সপোন দেখিছে। কোনোবাই কৈছিল যে ভাৰতৰ পৰম্পৰাগত চিকিৎসা আমাৰ ঔষধ, যেতিয়া বিশ্বই সামগ্ৰিক স্বাস্থ্যসেৱাৰ দিশত আগবাঢ়িছে, তেতিয়া আমি ভাৰত আৰু ভাৰতৰ পৰম্পৰাগত ঔষধক আৰোগ্য হাব হিচাপে গঢ়ি তোলা উচিত। কোনোবাই কয় যে পলম হ’ব নালাগে, ভাৰত অতি সোনকালে বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱা উচিত।

বন্ধুসকল,

মই মোৰ দেশবাসীৰ এই পৰামৰ্শবোৰ পঢ়ি আছিলো৷ মোৰ দেশৰ সাধাৰণ নাগৰিকে আমাক এই পৰামৰ্শ দিছে। মই ভাবো যেতিয়া দেশবাসীৰ ইমান ডাঙৰ চিন্তা থাকে, দেশবাসীৰ ইমান ডাঙৰ সপোন থাকে, যেতিয়া সংকল্পবোৰ দেশবাসীৰ এই কথাবোৰত প্ৰতিফলিত হয়, তেতিয়া আমাৰ ভিতৰত এটা নতুন সংকল্প শক্তিশালী হৈ উঠে। আমাৰ মনত থকা আত্মবিশ্বাসে নতুন উচ্চতা লাভ কৰে আৰু আমাৰ লগতে দেশবাসীৰ এই আস্থা কেৱল বৌদ্ধিক বিতৰ্ক নহয়, এই আস্থা অভিজ্ঞতাৰ পৰাই উদ্ভৱ হয়। এই আস্থা দীৰ্ঘ সময়ৰ কঠোৰ পৰিশ্ৰমৰ ফল আৰু সেয়ে দেশৰ সাধাৰণ মানুহে মনত ৰাখে। যেতিয়া লালকিল্লাৰ পৰা কোৱা হয় যে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত ভাৰতৰ ১৮ হাজাৰ গাঁৱত বিদ্যুৎ যোগান ধৰা হ’ব আৰু সেই কাম ইতিমধ্যে সম্পূৰ্ণও হৈছে, তেতিয়া আস্থা আৰু অধিক শক্তিশালী হৈ পৰে। যেতিয়া কোৱা হয় যে স্বাধীনতাৰ ইমান বছৰৰ পাছতো ২.৫ কোটি পৰিয়াল আছে য’ত বিদ্যুৎ নাই, তেওঁলোকে আন্ধাৰত বাস কৰে;  ২.৫ কোটি লোকৰ ঘৰত বিদ্যুৎ সংযোগ হৈ যায়। তেতিয়া সাধাৰণ মানুহৰ আত্মবিশ্বাস বাঢ়ি যায়। আমি যেতিয়া স্বচ্ছ ভাৰতৰ কথা কওঁ তেতিয়া দেশৰ সন্মুখৰ শাৰীত বহি থকা লোক, গাঁৱৰ মানুহ থাকিব লাগে, দুখীয়া বস্তিত বসবাস কৰা লোকসকল থাকিব লাগে, সৰু ল’ৰা-ছোৱালী থাকিব লাগে, প্ৰতিটো পৰিয়ালৰ ভিতৰত স্বচ্ছতাৰ পৰিৱেশ সৃষ্টি হ’ব লাগে, স্বচ্ছতাৰ বিষয়ে আলোচনা কৰিব লাগে, স্বচ্ছতাৰ সন্দৰ্ভত ইজনে সিজনৰ সৈতে নিৰন্তৰ সম্পৰ্ক ৰখাৰ প্ৰচেষ্টা হ’ব লাগে ইত্যাদি কথা শুনিবলৈ পোৱা যায়৷ মই ভাবো এইটো ভাৰতৰ ভিতৰত অহা নতুন চেতনাৰ প্ৰতিফলন।

যেতিয়া লালকিল্লাৰ পৰা দেশবাসীৰ সন্মুখত কোৱা হয় যে আজি আমাৰ দেশত তিনি কোটি পৰিয়াল আছে যাৰ ঘৰত নলযোগে পানী পায়। আমাৰ এই পৰিয়ালবোৰে বিশুদ্ধ খোৱাপানী পোৱাটো প্ৰয়োজনীয়। জল জীৱন মিছনৰ অধীনত ইমান কম সময়ৰ ভিতৰতে ১২ কোটি নতুন পৰিয়ালে টেপৰ পানী লাভ কৰিছে। আজি ১৫ কোটি পৰিয়াল ইয়াৰ হিতাধিকাৰী হৈ পৰিছে। আমাৰ কোনজন মানুহ এই ব্যৱস্থাবোৰৰ পৰা বঞ্চিত হৈছিল? কোনবোৰ পিছ পৰি ৰৈ গ’ল? সমাজৰ আগশাৰীৰ লোকসকলে ইয়াৰ বাবে দৰিদ্ৰতাত জীয়াই থকা নাছিল। দলিত, পীড়িত, শোষিত, জনজাতীয় ভাই-ভনী, দুখীয়া ভাই-ভনী, বস্তিত বসবাস কৰা মানুহবোৰ, এইবোৰৰ পৰা বঞ্চিত হৈছিল৷ এনে বহু প্ৰাথমিক প্ৰয়োজন পূৰণৰ বাবে আমি যি প্ৰচেষ্টা চলাইছো, তাৰ ফল আমাৰ সমাজৰ সকলো সদস্যকে দিছে।

আমি ভোকেল ফৰ লোকেলৰ মন্ত্ৰ দিলোঁ। আজি মই সুখী যে ভোকেল ফৰ লোকেল অৰ্থনীতিৰ বাবে এক নতুন মন্ত্ৰত পৰিণত হৈছে। প্ৰতিখন জিলাই নিজৰ উৎপাদিত সামগ্ৰীক লৈ গৌৰৱ কৰিবলৈ আৰম্ভ কৰিছে। এক জিলা এক সামগ্ৰীৰ পৰিৱেশ সৃষ্টি কৰা হৈছে। এতিয়া প্ৰতিখন জিলাই সেই দিশত চিন্তা কৰিবলৈ আৰম্ভ কৰিছে যে কেনেকৈ এখন জিলাৰ পৰা এটা সামগ্ৰী ৰপ্তানি কৰিব পাৰি। নবীকৰণযোগ্য শক্তিৰ বাবে প্ৰতিশ্ৰুতি লৈছিল। জি-২০ গ্ৰুপৰ দেশতকৈ ভাৰতে অধিক কাম কৰিছে। আৰু শক্তি খণ্ডত স্বাৱলম্বী হোৱাৰ লগতে গোলকীয় উষ্ণতা বৃদ্ধিৰ চিন্তাৰ পৰা মুক্তি পাবলৈ ভাৰতে কাম কৰিছে।

বন্ধুসকল,

ফিনটেকৰ সফলতা সন্দৰ্ভত সমগ্ৰ বিশ্বই ভাৰতৰ পৰা কিবা এটা শিকিব বিচাৰিলে যাৰ বাবে আজি দেশ গৌৰৱান্বিত। তেতিয়া আমাৰ অহংকাৰ আৰু বাঢ়ি যায়।

বন্ধুসকল,

ক’ৰোনা সংকটৰ সেই সময়বোৰ আমি কেনেকৈ পাহৰিম? কোটি কোটি লোকক টিকাকৰণৰ কাম আমাৰ দেশত পৃথিৱীৰ ভিতৰতে আটাইতকৈ দ্ৰুত গতিত কৰা হৈছিল। এখন দেশৰ সেনাই যেতিয়া অভিযান চলায়, যেতিয়া এখন দেশৰ সেনাই এয়াৰ ষ্ট্ৰাইক কৰে, তেতিয়া সেই দেশৰ যুৱক-যুৱতীসকলে গৌৰৱ বোধ কৰে৷ আৰু এইবোৰ কথাই আজি ১৪০ কোটি দেশবাসীৰ হৃদয় গৌৰৱ আৰু আত্মবিশ্বাসেৰে ভৰপূৰ কৰি তুলিছে।

বন্ধুসকল,

এই সকলোবোৰ দিশৰ ওপৰত ইচ্ছাকৃত প্ৰচেষ্টা চলোৱা হৈছে। সংস্কাৰৰ পৰম্পৰাক আৰু অধিক গতি দিয়া হৈছে। যেতিয়া ৰাজনৈতিক নেতৃত্বই সৱলীকৰণ আনিবলৈ বদ্ধপৰিকৰ হয় আৰু উন্নয়নৰ দিশত দৃঢ়প্ৰতিজ্ঞ হয় তেতিয়া চৰকাৰী যন্ত্ৰইও শক্তিশালী ৰূপায়ণ সক্ষম আৰু নিশ্চিত কৰিবলৈ আৰম্ভ কৰে। আৰু যেতিয়া প্ৰতিজন নাগৰিকে এই সপোনবোৰ পূৰণৰ দিশত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰে তেতিয়া বাঞ্ছনীয় ফলাফল লাভ কৰাটো নিশ্চিত।

মোৰ প্ৰিয় দেশবাসী,

আমি পাহৰিলে নহ’ব যে স্বাধীনতাৰ পাছতো এই দেশখনে দশক দশক ধৰি সেই পৰিস্থিতিত বাস কৰি আহিছে। যেতিয়া, এনে হয়ে, চলি যাব, হেৰা আমি কি কষ্ট কৰিব লাগিব, এহ ই পৰৱৰ্তী প্ৰজন্মৰ কথা, আমি এটা সুযোগ পাইছো জীৱনটো উপভোগ কৰোঁ। পৰৱৰ্তী প্ৰজন্মই জানে আমি কি কৰিব লাগিব, আহক আমি আমাৰ সময় উলিয়াওঁ। হেৰা, নতুন কিবা এটা কৰিবলৈ গ’লে কিবা হুলস্থুল হ’ব পাৰে।  ‘আপোনাৰ যি আছে তাতেই সন্তুষ্ট থাকক’ৰ পৰিৱেশৰ সৃষ্টি হ’ল। আৰু মানুহে ক’ব, এৰি দিয়ক, এতিয়া একো হ’ব নোৱাৰে।  মনবোৰ তেনেকুৱাই হৈ পৰিছিল।

আমি এই মানসিকতা সলনি কৰিব লগা হৈছিল, আমি ইয়াক আত্মবিশ্বাসেৰে ভৰাই তুলিব লাগিছিল আৰু আমি সেই দিশত প্ৰচেষ্টা চলাইছিলো। বহুতে কৈছিল, হেৰা, এতিয়াৰ পৰা আমি কিয় পৰৱৰ্তী প্ৰজন্মৰ বাবে কাম কৰিম, আজিৰ প্ৰজন্মলৈ চাওঁ আহক। কিন্তু দেশৰ সাধাৰণ নাগৰিকে এইটো নিবিচাৰিছিল, পৰিৱৰ্তনৰ বাবে অপেক্ষা কৰিছিল, পৰিৱৰ্তন বিচাৰিছিল, তাৰ বাবে হাহাকাৰ কৰিছিল। কিন্তু তেওঁলোকৰ সপোনক কোনেও গুৰুত্ব নিদিলে, তেওঁলোকৰ আশা, আকাংক্ষা আৰু আশাক কোনো গুৰুত্ব দিয়া নহ’ল। আৰু তাৰ বাবেই তেওঁলোক বিপদৰ সন্মুখীন হৈ জীয়াই থাকিল। সংস্কাৰৰ বাবে অপেক্ষা কৰি থাকিল। আমাক দায়িত্ব দিয়া হ’ল আৰু আমি ডাঙৰ ডাঙৰ সংস্কাৰ সাধন কৰিলোঁ৷

দুখীয়াই হওক, মধ্যবিত্ত শ্ৰেণীয়েই হওক, আমাৰ বঞ্চিত জনসাধাৰণেই হওক, আমাৰ ক্ৰমবৰ্ধমান নগৰীয়া জনসংখ্যাই হওক, আমাৰ যুৱক-যুৱতীসকলৰ সপোন, সংকল্প আৰু আকাংক্ষাই হওক, আমি তেওঁলোকৰ জীৱনত পৰিৱৰ্তন আনিবলৈ সংস্কাৰৰ পথ বাছি লৈছিলো। আৰু দেশবাসীক আশ্বস্ত কৰিব বিচাৰিছো, সংস্কাৰৰ প্ৰতি আমাৰ দায়বদ্ধতা কেৱল গোলাপী কাকতখনৰ সম্পাদকীয়তে সীমাবদ্ধ নহয়। এয়া আমাৰ সংস্কাৰৰ প্ৰতিশ্ৰুতি আৰু চাৰিদিনীয়া হাতচাপৰিৰ বাবে নহয়। আমাৰ সংস্কাৰ প্ৰক্ৰিয়া কোনো বাধ্যবাধকতাৰ ঊৰ্ধ্বত নহয়, দেশক শক্তিশালী কৰাৰ উদ্দেশ্যেৰেহে। আৰু সেইবাবেই আজি মই ক’ব পাৰো যে আমাৰ সংস্কাৰৰ পথটো বিকাশৰ ব্লুপ্ৰিণ্ট হৈয়েই আছে। এই সংস্কাৰ, এই বৃদ্ধি, এই পৰিৱৰ্তন কেৱল বিতৰ্ক ক্লাব বা বৌদ্ধিক সমাজৰ বিশেষজ্ঞসকলৰ বাবে আলোচনাৰ বিষয় নহয়।

বন্ধুসকল,

ৰাজনৈতিক বাধ্যবাধকতাৰ বাবে আমি এই কাম কৰা নাই। আমি যি কৰি আছো, আমি ৰাজনীতিৰ বিভাজনৰ দিশত নাভাবো, আমাৰ এটাই সংকল্প-ৰাষ্ট্ৰ প্ৰথম, ৰাষ্ট্ৰহিত সৰ্বোপৰি। এই সংকল্পৰে আমি পদক্ষেপ লওঁ যে মোৰ ভাৰত মহান হ’ব লাগে।

বন্ধুসকল,

সংস্কাৰৰ কথা আহিলে ইয়াৰ এটা দীঘলীয়া প্ৰসংগ থাকে, যদি মই ইয়াৰ আলোচনাত সোমাই যাওঁ তেন্তে হয়তো ঘণ্টাৰ পিছত ঘণ্টা লাগিব। কিন্তু এটা সৰু উদাহৰণ দিব বিচাৰিছো। বেংকিং খণ্ডত যি সংস্কাৰ ঘটিল। কল্পনা কৰকচোন – বেংকিং খণ্ডৰ অৱস্থা কি আছিল, কোনো উন্নয়ন নাছিল, কোনো সম্প্ৰসাৰণ নাছিল, মানুহৰ মাজত বিশ্বাস নাছিল। কেৱল ইমানেই নহয়, যি ধৰণৰ কাম-কাজ চলি আছিল, তাৰ বাবে আমাৰ বেংকবোৰে সমস্যাৰ মাজেৰে পাৰ হৈ গৈছিল। আমি বেংকিং খণ্ডক শক্তিশালী কৰাৰ বাবে অসংখ্য সংস্কাৰ সাধন কৰিলোঁ। আৰু আজি তাৰ বাবেই ভাৰতীয় বেংকসমূহে পৃথিৱীৰ কেইটামান শক্তিশালী বেংকৰ ভিতৰত নিজৰ স্থান দখল কৰিছে। আৰু যেতিয়া বেংক শক্তিশালী হয় তেতিয়া আনুষ্ঠানিক অৰ্থনীতিৰ শক্তিও বৃদ্ধি পায়। বেংকিং ব্যৱস্থা প্ৰতিষ্ঠা হ’লে সাধাৰণ দৰিদ্ৰ আৰু বিশেষকৈ মধ্যবিত্ত পৰিয়ালৰ প্ৰয়োজন পূৰণৰ বাবে বেংকিং খণ্ডই সৰ্বাধিক ক্ষমতা লাভ কৰে। যদি তেওঁক গৃহ ঋণ লাগে, তেওঁক গাড়ী ঋণ লাগে, মোৰ খেতিয়কক ট্ৰেক্টৰৰ বাবে ঋণ লাগে, মোৰ যুৱ প্ৰজন্মক ষ্টাৰ্ট আপৰ বাবে ঋণ লাগে, মোৰ যুৱকক কেতিয়াবা পঢ়াৰ বাবে, শিক্ষাৰ বাবে ঋণ লাগে, যদি কোনোবাই বহিঃৰাজ্যলৈ যাব বিচাৰে ঋণৰ প্ৰয়োজন হয়। ইয়াৰ যোগেদি এই সকলোবোৰ সম্ভৱ।

মই সুখী যে মোৰ গো পালক আৰু মোৰ মীন পালক ভাই-ভনীসকলেও আজি বেংকৰ পৰা সুবিধা লৈছে। মই সুখী যে মোৰ লাখ লাখ ৰাজপথৰ ব্যৱসায়ী আৰু ভাই-ভনীসকলে আজি বেংকৰ সৈতে জড়িত হৈ উন্নয়নৰ দিশত অংশীদাৰ হৈ নতুন উচ্চতা লাভ কৰিছে। আমাৰ এমএছএমই আৰু আমাৰ ক্ষুদ্ৰ উদ্যোগসমূহৰ বাবে বেংকসমূহেই আটাইতকৈ ডাঙৰ সহায়ক। তেওঁলোকক প্ৰতিদিনে টকাৰ প্ৰয়োজন, তেওঁৰ দৈনন্দিন অগ্ৰগতিৰ বাবে আৰু সেই কাম আজি আমাৰ শক্তিশালী বেংকৰ বাবেই সম্ভৱ হৈ উঠিছে।

বন্ধুসকল,

আমাৰ দেশখনে স্বাধীনতা পালে, কিন্তু দুৰ্ভাগ্যজনকভাৱে একাংশ লোকে এক প্ৰকাৰৰ পুৰণি সংস্কৃতিৰ মাজেৰে পাৰ হৈ থাকিল। চৰকাৰক সুধি থাকিব, চৰকাৰৰ ওচৰত হাত আগবঢ়াই থাকিব, কাৰোবাৰ পৰা পৰামৰ্শ  বিচাৰি থাকিব, সেইটোৱেই আছিল সেই সংস্কৃতি। আজি আমি সেই শাসন ব্যৱস্থাৰ আৰ্হি সলনি কৰিলোঁ। আজি চৰকাৰে নিজেই হিতাধিকাৰীৰ ওচৰলৈ যায়, আজি চৰকাৰে নিজেই তেওঁৰ ঘৰলৈ গেছ চৌকা যোগান ধৰে, আজি চৰকাৰে নিজেই তেওঁৰ ঘৰলৈ পানী যোগান ধৰে, আজি চৰকাৰে নিজেই তেওঁৰ ঘৰলৈ বিদ্যুৎ যোগান ধৰে, আজি চৰকাৰে নিজেই উন্নয়নৰ নতুন মাত্ৰা আগবঢ়াইছে৷ আজি চৰকাৰে নিজেই যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰিছে।

বন্ধুসকল, আমাৰ চৰকাৰখন বৃহৎ সংস্কাৰৰ বাবে অতিশয় দায়বদ্ধ আৰু ইয়াৰ জৰিয়তে আমি দেশৰ প্ৰগতিৰ পথ বাছি ল’ব বিচাৰো।

বন্ধুসকল, দেশত নতুন ব্যৱস্থা কৰা হৈছে। দেশক আগুৱাই নিবলৈ বহুতো বিত্তীয় নীতি অবিৰতভাৱে গঢ়ি তুলিব লাগে আৰু নতুন ব্যৱস্থাটোৰ প্ৰতি দেশৰ আস্থাও বাঢ়ি গৈ থাকে। আজিৰ ২০-২৫ বছৰ বয়সৰ যুৱকজনে ১০ বছৰ পূৰ্বে ১২-১৫ বছৰ বয়সৰ যুৱকজনে চকুৰ সন্মুখতে এই পৰিৱৰ্তন দেখিছে। ১০ বছৰৰ ভিতৰতে তেওঁৰ সপোনবোৰে গঢ় লৈ উঠিছে, চোকা হৈ পৰিছে আৰু তেওঁৰ আত্মবিশ্বাসত এক নতুন চেতনা জাগ্ৰত হৈছে আৰু তেওঁ দেশৰ এক নতুন শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে। আজি সমগ্ৰ বিশ্বতে ভাৰতৰ সুনাম বাঢ়িছে, ভাৰতৰ প্ৰতি দৃষ্টিভংগী সলনি হৈছে।

আজি বিশ্বৰ যুৱক-যুৱতীসকলৰ বাবে সম্ভাৱনাৰ দুৱাৰ মুকলি হৈছে। স্বাধীনতাৰ ইমান বছৰৰ পাছতো আহি নোপোৱা অগণন নতুন কৰ্মসংস্থাপনৰ সুযোগে আজি দুৱাৰত টোকৰ মাৰিছে। সম্ভাৱনা বাঢ়িছে। নতুন নতুন সুযোগৰ সৃষ্টি হৈছে। মোৰ দেশৰ যুৱক-যুৱতীসকলৰ এতিয়া লাহে লাহে আগবাঢ়ি যোৱাৰ কোনো উদ্দেশ্য নাই। মোৰ দেশৰ যুৱক-যুৱতীসকলে ক্ৰমান্বয়ে বৃদ্ধি পোৱা প্ৰগতিত বিশ্বাস নকৰে। মোৰ দেশৰ যুৱক-যুৱতীসকলে জাঁপ মাৰি আগবাঢ়ি যোৱাৰ মুডত আছে। তেওঁ জাঁপ মাৰি নতুন কৃতিত্ব অৰ্জন কৰাৰ মুডত আছে। মই ক’ব বিচাৰো যে ভাৰতৰ বাবে এয়া এক সোণালী যুগ। আনকি বিশ্বৰ পৰিস্থিতিৰ তুলনাত এয়া সোণালী যুগ, এয়া আমাৰ আত্মপ্ৰগতিশীল সময়।

মোৰ প্ৰিয় দেশবাসী, আমি এই সুযোগ এৰি দিয়া উচিত নহয় আৰু যদি আমি এই সুযোগ লৈ আমাৰ সপোন আৰু সংকল্প লৈ আগবাঢ়ি যাওঁ, তেতিয়া আমি সেই সোণালী ভাৰত লাভ কৰিম যিখন দেশে আশা কৰে আৰু ২০৪৭ চনত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হ’ম। আমি যুগ যুগৰ শিকলি ভাঙি ওলাই আহিছো।

আজি পৰ্যটন খণ্ডই হওক, এমএছএমই খণ্ডই হওক, শিক্ষা, স্বাস্থ্য খণ্ডই হওক, পৰিবহণ খণ্ডই হওক, কৃষি খণ্ডই হওক, প্ৰতিটো খণ্ডতে এক নতুন আধুনিক ব্যৱস্থাৰ সৃষ্টি হৈছে। আমিও বিশ্বৰ উত্তম পদ্ধতিৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ দেশৰ পৰিস্থিতি অনুযায়ী আগবাঢ়ি যাব বিচাৰো। প্ৰতিটো খণ্ডতে আধুনিকতা আৰু নতুনত্বৰ প্ৰয়োজন। প্ৰযুক্তিৰ একত্ৰীকৰণৰ প্ৰয়োজন আছে। আৰু প্ৰতিটো খণ্ডতে আমাৰ নতুন নীতিৰ বাবে এই সকলোবোৰ খণ্ডই নতুন সমৰ্থন আৰু নতুন শক্তি লাভ কৰিছে। আমাৰ সকলো বাধা দূৰ হওক, আমাৰ বিষণ্ণতা দূৰ হওক, আমি সম্পূৰ্ণ শক্তিৰে আগবাঢ়ি যাও, আমাৰ দেশ জাতিষ্কাৰ হওক, আমাৰ সপোন বাস্তৱ হওঁক, আমাৰ ওচৰত সফলতা দেখা পাওঁ, আমি নিজকে সন্তুষ্ট কৰি সেই দিশত আগবাঢ়ি যাও৷ এতিয়া বুজিছে, কি ডাঙৰ পৰিৱৰ্তন আহি আছে।

মই তৃণমূল পৰ্যায়ৰ, মহিলা আত্ম সহায়ক গোটৰ কথা কৈছোঁ, আজি দহ বছৰৰ ভিতৰত ১০ কোটি ভগ্নীয়ে মহিলা আত্মসহায়ক গোটত যোগদান কৰিছে, ১০ কোটি নতুন ভগ্নী। আমি গৌৰৱান্বিত যে আমাৰ সাধাৰণ পৰিয়ালৰ ১০ কোটি গাঁৱৰ মহিলা অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈ পৰিছে আৰু যেতিয়া মহিলাসকল আৰ্থিকভাৱে স্বাৱলম্বী হয় তেতিয়া তেওঁলোক পৰিয়ালটোৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত অংশগ্ৰহণকাৰী হৈ পৰে, যাৰ ফলত এক বৃহৎ সামাজিক পৰিৱৰ্তনৰ নিশ্চয়তা পৰিলক্ষিত হয়।

মই এই কথাত গৌৰৱান্বিত যে আমাৰ C.E.O.ই আজি সমগ্ৰ বিশ্বতে নিজৰ নাম উজলাইছে। আনহাতে আনফালে মহিলা আত্মসহায়ক গোটৰ জৰিয়তে মোৰ সাধাৰণ পৰিয়ালৰ এক কোটি মাতৃ-ভগ্নী লাখপতি দিদি হৈ পৰিছে, এয়াও মোৰ বাবে গৌৰৱৰ বিষয়। এতিয়া আমি সিদ্ধান্ত লৈছো যে আত্মসহায়ক গোটসমূহক ১০ লাখৰ পৰা ২০ লাখ টকা দিম। এতিয়ালৈকে আমাৰ মহিলা আত্মসহায়ক গোটসমূহে বেংকৰ জৰিয়তে ৯ লাখ কোটি টকা লাভ কৰিছে আৰু তাৰ সহায়ত তেওঁলোকে বিভিন্ন কামৰ সম্প্ৰসাৰণ কৰিছে।

মোৰ বন্ধুসকল,

আমাৰ যুৱক-যুৱতীসকলে এই বিষয়ে গুৰুত্ব দিয়া উচিত, মহাকাশ খণ্ড আমাৰ ভৱিষ্যত, ই এক গুৰুত্বপূৰ্ণ দিশ, আমি সেই দিশতো গুৰুত্ব দিছো। মহাকাশ খণ্ডত আমি বহু সংস্কাৰ সাধন কৰিছো। মহাকাশ খণ্ডটোক বান্ধি ৰখা বণ্ডবোৰ আমি শিথিল কৰি দিছো। আজি মহাকাশ খণ্ডলৈ শ শ ষ্টাৰ্টআপ আহি আছে। আমাৰ মহাকাশ খণ্ড সজীৱ হৈ উঠাটো ভাৰতক শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ এক গুৰুত্বপূৰ্ণ অংগ। আৰু আমি আগন্তুক চিন্তাৰে ইয়াক শক্তিশালী কৰি আছো। আজি ব্যক্তিগত উপগ্ৰহ আৰু ব্যক্তিগত ৰকেট নিক্ষেপ কৰা হৈছে, সেয়া গৌৰৱৰ বিষয়। আজি মই ক’ব পাৰো যে যেতিয়া নীতি সঠিক হয়, উদ্দেশ্য সঠিক হয় আৰু দেশৰ কল্যাণেই হ’ল সম্পূৰ্ণ নিষ্ঠাৰ মন্ত্ৰ, তেতিয়া আমি ফলাফল লাভ কৰাটো নিশ্চিত।

মোৰ প্ৰিয় দেশবাসী,

আজি যদি দেশত নতুন সুযোগৰ সৃষ্টি হয়, তেন্তে মই ক’ব পাৰো যে আৰু দুটা কথা হ’ব লাগে, যিয়ে উন্নয়নক এক গতি দিছে, উন্নয়নৰ বাবে এক নতুন জাঁপ দিছে আৰু ইয়াৰে প্ৰথমটো হ’ল আধুনিক আন্তঃগাঁথনিৰ সৃষ্টি। আন্তঃগাঁথনি আধুনিকীকৰণৰ দিশত আমি বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছো। আৰু আনফালে সাধাৰণ মানুহৰ জীৱনত থকা বাধা আৰু আমাৰ সহজ জীৱন যাপনৰ সপোনৰ ওপৰতো আমি সমানে গুৰুত্ব দিছো।

যোৱা দশকত অভূতপূৰ্ব আন্তঃগাঁথনি উন্নয়ন হৈছে। ৰেল, পথ, বিমানবন্দৰ, বন্দৰ, ব্ৰডবেণ্ড সংযোগ, প্ৰতিখন গাঁৱত নতুন বিদ্যালয় নিৰ্মাণৰ কথাই হওক, দুৰ্গম অঞ্চলত বিদ্যালয় নিৰ্মাণেই হওক, দুৰ্গম অঞ্চলত চিকিৎসালয় নিৰ্মাণেই হওক, স্বাস্থ্য মন্দিৰ নিৰ্মাণৰ কথাই হওক কাম কৰি আছে, আয়ুষ্মান আৰোগ্য মন্দিৰ নিৰ্মাণ কৰা হৈছে, ৬০ হাজাৰৰো অধিক অমৃত সৰোৱৰ নিৰ্মাণ কৰা হৈছে, অপ্টিকেল ফাইবাৰ নেটৱৰ্ক দুই লাখ পঞ্চায়তত উপনীত হৈছে, নলীনাদৰ বিশাল নেটৱৰ্ক স্থাপন কৰা হৈছে, চাৰি কোটি পকী ঘৰ নিৰ্মাণ কৰা আমাৰ প্ৰচেষ্টাই হওক৷ এই সকলোবোৰৰ লগতে দুখীয়াক নতুন আশ্ৰয় প্ৰদান আৰু তিনি কোটি নতুন ঘৰ নিৰ্মাণৰ সংকল্প লৈ আমি আগবাঢ়ি গৈছো৷

আমাৰ পূব ভাৰত-উত্তৰ পূৰ্বাঞ্চল আজি ইয়াৰ আন্তঃগাঁথনিৰ বাবে পৰিচিত হৈছে আৰু আমি কৰা সজীৱতাৰ আটাইতকৈ ডাঙৰ লাভ হ'ল আমি সমাজৰ সেই শ্ৰেণীবোৰত উপনীত হ'লোঁ৷ দলিতই হওক, নিপীড়িতই হওক, শোষিতই হওক, বঞ্চিতই হওক, পিছপৰা লোকেই হওক, জনজাতীয় লোকেই হওক, হাবিত বাস কৰাই হওক, দূৰৈৰ পাহাৰত বাস কৰাই হওক, সীমান্তত বাস কৰাই হওক, আমি তেওঁলোকৰ প্ৰয়োজন পূৰণ কৰিছো।

আমাৰ মাছমৰীয়া ভাই-ভনীসকলৰ প্ৰয়োজনীয়তা পূৰণ, আমাৰ গৰু-ম’হৰ জীৱন সলনি কৰা, সৰ্বাংগীন উন্নয়নৰ বাবে চেষ্টা কৰাটো আমাৰ নীতিত, আমাৰ উদ্দেশ্যত, আমাৰ সংস্কাৰত, আমাৰ কাৰ্যসূচীত, আমাৰ কৰ্মশৈলীত আছে৷  আৰু সেই সকলোবোৰৰ জৰিয়তে মোৰ তৰুণ প্ৰজন্মই আটাইতকৈ বেছি উপকৃত হয়৷ তেওঁলোকে নতুন সুযোগ পায়, নতুন ক্ষেত্ৰত ভৰি দিয়াৰ সম্ভাৱনা আছে আৰু সেইটোৱেই আটাইতকৈ বেছি কৰ্মসংস্থাপন প্ৰদান কৰিছে আৰু এই সময়ত তেওঁলোকে সৰ্বাধিক কৰ্মসংস্থাপন লাভ কৰাৰ সুযোগ পাইছে।

আমাৰ মধ্যবিত্ত পৰিয়ালসমূহে স্বাভাৱিকতে জীৱনৰ মানদণ্ড আশা কৰে। তেওঁলোকে দেশৰ বাবে বহুত দিয়ে, গতিকে জীৱনৰ মানদণ্ড আৰু তেওঁলোকৰ আশা পূৰণৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলোৱাটোও দেশৰ দায়িত্ব। আৰু মই এটা সপোন দেখিছো, যেতিয়া ২০৪৭ চন এখন উন্নত ভাৰতৰ সপোন পূৰণ হ’ব, তেতিয়া ইয়াৰ এটা উপাদান হ’ব যে সাধাৰণ মানুহৰ জীৱনত চৰকাৰী হস্তক্ষেপ হ্ৰাস হওঁক  

মোৰ প্ৰিয় দেশবাসী,

সৰু সৰু প্ৰয়োজনবোৰতো আমি গুৰুত্ব দিওঁ। আমি সৰু সৰু প্ৰয়োজনবোৰৰ প্ৰতি মনোযোগ দিওঁ আৰু সেইবোৰ আগুৱাই লৈ যাওঁ। যাতে আমাৰ দুখীয়াৰ ঘৰৰ চৌকা জ্বলি থাকে, দুখীয়া মাতৃয়ে কেতিয়াও চকুলো টুকি শুব নালাগে আৰু ইয়াৰ বাবে আমি বিনামূলীয়া চিকিৎসাৰ আঁচনি চলাই আছো। বিদ্যুৎ, পানী, গেছ এতিয়া ১০০শতাংশ লোকক সামৰি লৈছে আৰু আমি যেতিয়া চেচুৰেচনৰ কথা কওঁ ইয়াৰ অৰ্থ হৈ ই ১০০ শতাংশ লোকক সামৰি লোৱা। চেচুৰেচন হ’লে ইয়াত জাতিবাদৰ ৰং নাথাকে। যেতিয়া চেচুৰেচন থাকে তেতিয়া ইয়াত বাওঁপন্থীৰ ৰং নাথাকে। যেতিয়া সংপৃক্ততাৰ মন্ত্ৰ থাকে, তেতিয়া সঁচা অৰ্থত সবকা সাথ, সবকা বিকাশৰ মন্ত্ৰ বাস্তৱায়িত হয়।

আমি মানুহৰ জীৱনত চৰকাৰৰ হস্তক্ষেপ হ্ৰাস কৰাৰ দিশত কাম কৰিছো।  সৰু সৰু ভুলৰ বাবেই এনে আইন বনোৱা হৈছিল, যিয়ে কাৰাগাৰলৈ ঠেলি দিছিল। সৰু সৰু কাৰণত মানুহক জেললৈ পঠোৱাৰ পৰম্পৰা থকা সেই সকলোবোৰ আইন আমি ধ্বংস কৰি সেইসকল লোকক জেললৈ পঠোৱাৰ ব্যৱস্থাটো নাইকিয়া কৰিছো৷ আজি আমি স্বাধীনতাৰ ঐতিহ্যৰ গৌৰৱৰ কথা কওঁ, যুগ যুগ ধৰি আমাৰ হাতত থকা অপৰাধমূলক আইন, আজি আমি তেওঁলোকক এটা নতুন অপৰাধ আইন দিছো যিটো আমি ন্যায় সংহিতাৰ ৰূপত দিছো আৰু যাৰ মূলতে  শাস্তি নহয়, নাগৰিকসকলৰ প্ৰতি ন্যায়বোধক আমি শক্তিশালী কৰি তুলিছো।

আমি জীৱন-যাপনৰ সহজতা সৃষ্টিৰ বাবে দেশজোৰা অভিযানত কাম কৰি আছো। এইবোৰৰ বাবে চৰকাৰক প্ৰতিটো স্তৰতে আবেদন জনাইছো। মই সকলো জনপ্ৰতিনিধিক আহ্বান জনাইছো, তেওঁলোক যি দলৰেই নহওক কিয় বা যিখন ৰাজ্যৰেই নহওক কিয়, আমি মিছন মোডত জীৱন-যাপনৰ সহজতাৰ বাবে পদক্ষেপ ল’ব লাগে। আমাৰ যুৱক-যুৱতী, পেছাদাৰী, সকলোকে ক’ব বিচাৰো, য’ত আপোনাৰ ঠাইত সৰু সৰু সমস্যা আছে, আপোনালোকে সমাধানৰ সৈতে চৰকাৰলৈ চিঠি লিখি থাকিব৷ চৰকাৰক কওক যে কোনো কাৰণ নোহোৱাকৈ অসুবিধা দূৰ কৰিলে কোনো ক্ষতি নহয়, মোৰ দৃঢ় বিশ্বাস যে চৰকাৰ আজি সংবেদনশীল। স্থানীয় স্বায়ত্বশাসনেই হওক, ৰাজ্য চৰকাৰেই হওক বা কেন্দ্ৰীয় চৰকাৰেই হওক প্ৰতিখন চৰকাৰে ইয়াক গুৰুত্ব দিব।

শাসন ​​ব্যৱস্থাত সংস্কাৰ, বিকশিত ভাৰত@ ২০৪৭ৰ সপোনৰ বাবে আমি ইয়াক সম্পূৰ্ণ শক্তিৰে আগুৱাই নিব লাগিব যাতে সাধাৰণ মানুহৰ জীৱনত কেৱল সুযোগৰ সৃষ্টি হয় আৰু বাধাবোৰ নাইকিয়া হয়। নাগৰিকক স্বাভিমান দিব লাগে, নাগৰিকৰ জীৱনত সন্মান দিব লাগে, কিবা এটা প্ৰদানৰ সম্পৰ্কত কোনেও কেতিয়াও ক’ব নালাগে যে এইটো মোৰ অধিকাৰ আছিল কিন্তু মই নাপালোঁ, বিচাৰিব নালাগে। ইয়াৰ বাবে চৰকাৰৰ শাসন ব্যৱস্থাত সকলোকে প্ৰদান কৰা ব্যৱস্থা উন্নত কৰা উচিত।

আপোনালোকে দেখিছে যিসময়ত আমি দেশৰ সংস্কাৰৰ কথা কওঁ, সেই সময়ত আজি দেশত প্ৰায় তিনি লাখ প্ৰতিষ্ঠানে কাম কৰি আছে। পঞ্চায়তেই হওক, নগৰ পঞ্চায়তেই হওক, পৌৰসভা, মহানগৰ পৌৰসভা, কেন্দ্ৰীয় শাসিত অঞ্চল, ৰাজ্য, জিলা, কেন্দ্ৰ, প্ৰায় তিনি লাখ সৰু ইউনিট আছে। আজি আমাৰ তিনি লাখ ইউনিটলৈ  এয়াই আমাৰ আহ্বান, সাধাৰণ মানুহৰ প্ৰয়োজন হোৱা বস্তুবোৰৰ বাবে যদি আপোনালোকৰ পৰ্যায়ত এবছৰত দুটা সংস্কাৰ কৰে তেন্তে মই অত্যুক্তি কৰা নাই বন্ধুসকল। পঞ্চায়তেই হওক, ৰাজ্য চৰকাৰেই হওক, যিকোনো বিভাগেই হওক, মাত্ৰ এবছৰত দুটা সংস্কাৰ সাধন কৰি লগে লগে কাৰ্যকৰী কৰক। এইদৰে আমি এবছৰত প্ৰায় ২৫-৩০ লাখ সংস্কাৰ কৰিব পাৰো। যেতিয়া ২৫-৩০ লাখ সংস্কাৰ হ’ব তেতিয়া সাধাৰণ মানুহৰ আস্থা কিমান বৃদ্ধি পাব। দেশক নতুন উচ্চতালৈ লৈ যোৱাত ইয়াৰ শক্তি কিমান উপযোগী হ’ব আৰু সেইবাবেই আমি আমাৰ স্তৰত থিয় দি জড়তাৰ পৰা মুক্ত হৈ পৰিবৰ্তনৰ বাবে আগবাঢ়ি আহোঁ, সাহসেৰে আগবাঢ়ি আহোঁ আৰু এজন সাধাৰণ মানুহৰ সৰু সৰু প্ৰয়োজন থাকে য'ত তেওঁ পঞ্চায়ত পৰ্যায়তো সমস্যাৰ সন্মুখীন হৈছে। যদি আমি সেই সমস্যাবোৰৰ পৰা মুক্তি পাওঁ তেন্তে মোৰ দৃঢ় বিশ্বাস যে আমি আমাৰ সপোনবোৰক জয় কৰিব পাৰিম।

মোৰ প্ৰিয় দেশবাসী,

আজি দেশখন আকাংক্ষাৰে ভৰি পৰিছে। আমাৰ দেশৰ যুৱক-যুৱতীসকলে নতুন কৃতিত্বক স্পৰ্শ কৰিব বিচাৰে। তেওঁলোকে নতুন উচ্চতাত ভৰি দিব বিচাৰে। আৰু সেইবাবেই আমাৰ প্ৰচেষ্টা হৈছে প্ৰতিটো খণ্ডতে কাম ক্ষিপ্ৰ কৰা, ইয়াক দ্ৰুত গতি প্ৰদান কৰা আৰু তাৰ জৰিয়তে আমি প্ৰথমে প্ৰতিটো খণ্ডতে নতুন সুযোগ সৃষ্টি কৰোঁ। দ্বিতীয়তে, এই পৰিৱৰ্তিত ব্যৱস্থাসমূহৰ বাবে প্ৰয়োজনীয় সহায়ক আন্তঃগাঁথনি। আহক আমি সেই আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত কাম কৰোঁ। আৰু তৃতীয় কথাটো হ’ল আমি নাগৰিকৰ মৌলিক সা-সুবিধাবোৰক অগ্ৰাধিকাৰ দি তাৰ ওপৰত গুৰুত্ব দিব লাগে। এই তিনিওটাই ভাৰতত এখন আকাংক্ষিত সমাজ গঢ়ি তুলিছে আৰু ফলস্বৰূপে আজি সমাজখন নিজেই আত্মবিশ্বাসেৰে ভৰপূৰ। আমাৰ দেশবাসীৰ আকাংক্ষাক আমাৰ যুৱক-যুৱতীসকলৰ শক্তি আৰু আমাৰ দেশৰ সম্ভাৱনাৰ সৈতে সংযুক্ত কৰি আমি আগবাঢ়ি যোৱাৰ ইচ্ছাৰে আগবাঢ়িছো।

মই নিশ্চিত যে আমি কৰ্মসংস্থাপন আৰু স্বনিয়োজনৰ বাবে এক নতুন অভিলেখৰ সুযোগ সৃষ্টি কৰিছো। আজি আমি জনমূৰি আয় দুগুণ কৰাত সফল হৈছো। বিশ্বৰ বিকাশৰ ক্ষেত্ৰত ভাৰতৰ অৱদান বৃহৎ। ভাৰতৰ ৰপ্তানি ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। বৈদেশিক মুদ্ৰাৰ মজুত ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে, পূৰ্বৰ স্তৰৰ তুলনাত দুগুণ হৈছেগৈ। ভাৰতৰ প্ৰতি বিশ্বৰ প্ৰতিষ্ঠানসমূহৰ আস্থা বাঢ়িছে। মই বিশ্বাস কৰো যে ভাৰতৰ দিশ সঠিক, ভাৰতৰ গতি দ্ৰুত আৰু ভাৰতৰ সপোনৰ সম্ভাৱনা আছে। কিন্তু এই সকলোবোৰৰ লগে লগে আমাৰ সংবেদনশীলতাৰ পথটোৱে আমাৰ বাবে শক্তিৰ ভিতৰলৈ এক নতুন চেতনা আনে। আমাৰ দৃষ্টিভংগীৰ কেন্দ্ৰীয় বিষয় হৈছে মমতা। আৰু আমি আমাৰ কামৰ মূলতে সমতা আৰু মমতা দুয়োটাকে লৈ আগবাঢ়িছো।

বন্ধুসকল,

ক'ৰোনা যুগৰ কথা যেতিয়া মনত পৰে। বিশ্বজুৰি ক’ৰোনা মহামাৰীৰ মাজত যদি কোনো দেশ আছে যিয়ে নিজৰ অৰ্থনীতিৰ উন্নতি ক্ষীপ্ৰতাৰে কৰিছে, তেন্তে সেইখনেই হৈছে ভাৰত। তেতিয়া আমাৰ দিশটো ঠিকেই যেন লাগে। জাতি-ধৰ্মৰ ঊৰ্ধ্বত উঠি যেতিয়া প্ৰতিটো ঘৰতে ত্ৰিৰংগা উত্তোলন কৰা হয়, তেতিয়া দেখা যায় যে দেশৰ সকলো সঠিক দিশত আগুৱাই গৈছে। আজি সমগ্ৰ দেশতে ত্ৰিৰংগা উৰিছে, প্ৰতিটো ঘৰত ত্ৰিৰংগা উৰিছে, কোনো জাতি, কোনো বৰ্ণ, কোনো উচ্চ, কোনো নিম্ন নাই সকলো ভাৰতীয়। এইটোৱেই আমাৰ শক্তি। আমি যেতিয়া ২৫ কোটি মানুহক দৰিদ্ৰতাৰ পৰা উলিয়াই আনো তেতিয়া আমাৰ আত্মবিশ্বাস দৃঢ় হয় যে আমি গতি বজাই ৰাখিছো আৰু আমাৰ সপোন বাস্তৱায়িত হ’বলৈ বেছি দিন নাই।

যেতিয়া ১০০ খনতকৈও অধিক আকাংক্ষিত জিলাই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে আৰু নিজ নিজ ৰাজ্যৰ ভাল জিলাৰ সমতুল্য হয়, তেতিয়া আমি অনুভৱ কৰোঁ যে আমাৰ দিশ আৰু গতি দুয়োটা শক্তিশালী। আমাৰ জনজাতীয় বন্ধুসকলে যেতিয়া প্ৰধানমন্ত্ৰী জন-মনৰ জৰিয়তে তেওঁলোকক দিয়া সহায় আৰু আঁচনিবোৰ পায়, তেতিয়া বহু দুৰ্গম অঞ্চলত বিচ্ছিন্ন, সিঁচৰতি হৈ থকা পৰিয়াল আমি বিচাৰি পাইছো আৰু চিন্তিত হৈছো। তেতিয়া আপুনি উপলব্ধি কৰে যে সংবেদনশীলতাৰে কাম কৰিলে আপুনি কিমান সন্তুষ্টি পায়। শ্ৰমিক মহিলাৰ বাবে বেতনসহ প্ৰসূতিকালীন ছুটী ১২ সপ্তাহৰ পৰা ২৬ সপ্তাহলৈ বৃদ্ধি কৰা হৈছে। তেতিয়া কেৱল আমি নাৰীক সন্মান কৰাই নহয়, কেৱল নাৰীৰ প্ৰতি সংবেদনশীলতাৰে সিদ্ধান্ত লোৱাটোৱেই নহয়। কিন্তু আমি সেই সিদ্ধান্ত এটা সংবেদনশীল অনুভূতিৰে লওঁ যে চৰকাৰখনে মাতৃৰ কোলাত থকা শিশুটিক এজন সুনাগৰিক কৰি তোলাৰ প্ৰয়োজনীয়তাত বাধা হৈ পৰিব নালাগে।

মোৰ প্ৰতিবন্ধী ভাই-ভনীসকলে যেতিয়া ভাৰতীয় সাংকেতিক ভাষা বা সুলভ ভাৰতৰ অভিযানৰ কথা কয়, তেতিয়া তেওঁলোকে অনুভৱ কৰে যে এতিয়া মোৰো মৰ্যাদা আছে, তেওঁলোকে মোকো দেশৰ নাগৰিক হিচাপে সন্মানেৰে চায়। আৰু পেৰালিম্পিকত আমাৰ খেলুৱৈসকলে নতুন শক্তি দেখুৱাবলৈ আৰম্ভ কৰিছে। তেতিয়া অনুভৱ কৰো যে আমাৰ সকলোৰে মাতৃ অনুভূতিত মোৰ মাৰ অনুভৱৰ শক্তি দেখা যায়। আমি আমাৰ কিন্নৰ সম্প্ৰদায়ৰ প্ৰতি সংবেদনশীলতাৰে সিদ্ধান্ত লৈছো, আমি নতুন আইন প্ৰস্তুত কৰিছো, আমি তেওঁলোকক মৰ্যাদাৰ জীৱন দিবলৈ চেষ্টা কৰিছো। তেতিয়া আমাৰ পৰিৱৰ্তনৰ দিশটো সঠিক যেন লাগে। আজি আমি এই কামবোৰৰ প্ৰত্যক্ষ লাভ সেৱাৰ মনোভাৱেৰে কৰা দেখিবলৈ পাইছো, যাৰ ফলস্বৰূপে আমি ট্ৰিবিড (তিনিটা)পথ অনুসৰণ কৰিছো।

৬০ বছৰৰ পাছত একেৰাহে তৃতীয়বাৰৰ বাবে আপোনালোকে আমাক দেশৰ সেৱাৰ সুযোগ দিছে। মোৰ ১৪০ কোটি দেশবাসী, আপোনালোকে মোক দিয়া আশীৰ্বাদৰ প্ৰতি সঁহাৰি জনাই মোৰ এটাই বাৰ্তা আছে-প্ৰতিজন ব্যক্তিৰ সেৱা, প্ৰতিটো পৰিয়ালৰ সেৱা, প্ৰতিটো অঞ্চলৰ সেৱা আৰু সেৱা মনোভাৱেৰে সমাজৰ শক্তি লৈ নতুন উচ্চতাত উপনীত হোৱা উন্নয়ন। আজি ২০৪৭ চনৰ এখন উন্নত ভাৰতৰ সপোনক সাধন কৰাৰ একেই বাৰ্তাৰে লালকিল্লাৰ প্ৰাচীৰৰ পৰা আমাক আশীৰ্বাদ দিয়াৰ বাবে লাখ লাখ দেশবাসীৰ প্ৰতি মূৰ দোঁৱাই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মই তেওঁলোকক আশ্বাস দিছো যে আমি নতুন উচ্চতালৈ আৰু নতুন উৎসাহেৰে আগবাঢ়িব লাগিব। আমি সেইধৰণৰ মানুহ নহয় যিয়ে কেৱল আমাৰ লগত যিটো হৈছে তাতেই সন্তুষ্ট হৈ বহি থাকে, সেয়া আমাৰ সংস্কৃতিত নাই। আমি আৰু কিবা এটা কৰিবলৈ আৰু আগবাঢ়ি যাবলৈ আৰু নতুন উচ্চতাত উপনীত হ’বলৈ আগবাঢ়িব বিচাৰো। আমি উন্নয়ন, সমৃদ্ধি, সপোন বাস্তৱায়িত কৰা, সংকল্পৰ বাবে জীৱন অতিবাহিত কৰাটো আমাৰ স্বভাৱ হিচাপে গঢ়ি তুলিব বিচাৰো, আমি ইয়াক আমাৰ দেশবাসীৰ স্বভাৱ হিচাপে গঢ়ি তুলিব বিচাৰো।

মোৰ প্ৰিয় দেশবাসী,

আজি বহু ৰাজ্যই নতুন শিক্ষা নীতিত ভাল উদ্যোগ লৈছে আৰু তাৰ বাবেই আমি একবিংশ শতিকাৰ অনুযায়ী আমাৰ শিক্ষা ব্যৱস্থাক শক্তিশালী কৰিব বিচাৰিছো। আৰু আমি যিদৰে উন্নত ভাৰতৰ সপোনৰ বাবে মানৱ গোটক প্ৰস্তুত কৰিব বিচাৰো, ইয়াত নতুন শিক্ষা নীতিৰ এক বৃহৎ ভূমিকা আছে। মোৰ দেশৰ যুৱক-যুৱতীসকলে বহিঃৰাজ্যত পঢ়িবলৈ বাধ্য হোৱাটো মই নিবিচাৰো। মধ্যবিত্তীয় পৰিয়ালে নিজৰ সন্তানক বহিঃৰাষ্ট্ৰত পঢ়া-শুনা কৰিবলৈ পঠোৱাত লাখ-কোটি টকা খৰচ হয়। আমি ইয়াত এনে এক শিক্ষা ব্যৱস্থা গঢ়ি তুলিব বিচাৰো যাতে মোৰ দেশৰ যুৱক-যুৱতীসকলে বহিঃৰাষ্ট্ৰলৈ যাব নালাগে। মোৰ মধ্যবিত্ত পৰিয়ালে লাখ কোটি টকা খৰচ কৰিব নালাগে, কেৱল ইমানেই নহয়, এনেধৰণৰ অনুষ্ঠান সৃষ্টি কৰিব লাগে যাতে বহিঃৰাষ্ট্ৰৰ পৰা ভাৰতলৈ আহে৷

শেহতীয়াভাৱে আমি বিহাৰৰ গৌৰৱময় ইতিহাস নালন্দা বিশ্ববিদ্যালয়ক পুনৰুজ্জীৱিত কৰিলোঁ৷ আকৌ এবাৰ নালন্দা বিশ্ববিদ্যালয়ে কাম আৰম্ভ কৰিছে, কিন্তু আমি আকৌ এবাৰ সেই শতিকা পুৰণি নালন্দা মনোভাৱক শিক্ষাৰ ক্ষেত্ৰত জাগ্ৰত কৰিব লাগিব, সেই নালন্দা আত্মাক আমি জীয়াই ৰাখিব লাগিব, সেই নালন্দা মনোভাৱক লৈ আমি অতি আত্মবিশ্বাসেৰে পৃথিৱীৰ জ্ঞান পৰম্পৰাক নতুন চেতনা প্ৰদান কৰিব লাগিব। নতুন শিক্ষা নীতিয়ে মাতৃভাষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বুলি মোৰ দৃঢ় বিশ্বাস। ৰাজ্য চৰকাৰসমূহক ক’ম, দেশৰ সকলো অনুষ্ঠান-প্ৰতিষ্ঠানক ক’ম যে ভাষাৰ বাবে আমাৰ দেশৰ প্ৰতিভাত বাধা আহিব নালাগে। ভাষা বাধাৰ কাৰক হ’ব নালাগে। মাতৃভাষাৰ শক্তিয়ে আমাৰ দেশৰ দুখীয়া মাতৃসকলকো তেওঁলোকৰ সন্তানৰ সপোন পূৰণৰ বাবে শক্তি প্ৰদান কৰে৷ সেইবাবেই আমি আমাৰ মাতৃভাষাত পঢ়া-শুনা কৰিব লাগিব, জীৱনত মাতৃভাষাৰ স্থান থাকিব লাগিব, পৰিয়ালত মাতৃভাষাক স্থান দিয়াত আমি জোৰ দিব লাগিব।

মোৰ প্ৰিয় দেশবাসী!

আজিৰ বিশ্বত যিদৰে পৰিৱৰ্তন দেখা গৈছে, ঠিক সেইদৰে দক্ষতাৰ গুৰুত্বও বহুগুণে বাঢ়িছে। আৰু, আমি দক্ষতাক এক নতুন শক্তি প্ৰদান কৰিব খুজিছোঁ। আমি ইণ্ডাষ্ট্ৰী ৪.০-ৰ কথা মনত ৰাখি দক্ষতা বিকাশত গুৰুত্ব আৰোপ কৰিছোঁ। আমি জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে সামৰ্থ্য বিকাশৰ বাবে দক্ষতা বিকাশ বিচাৰোঁ, আনকি কৃষি খণ্ডতো। আমি আমাৰ স্বচ্ছতাৰ ক্ষেত্ৰতো নতুন দক্ষতা বিকাশত গুৰুত্ব দিব বিচাৰোঁ। আৰু, এইবাৰ আমি স্কিল ইণ্ডিয়া কাৰ্য্যক্ৰমক অতিশয় ব্যাপক ৰূপত ৰূপায়ণ কৰিছোঁ। বাজেটতো এই ক্ষেত্ৰত অতিশয় গুৰুত্ব আৰোপ কৰা হৈছে, এই বাজেটত আমি ইন্টাৰ্ণশ্বিপতো গুৰুত্ব দিছোঁ, যাতে আমাৰ যুৱক-যুৱতীসকলে অভিজ্ঞতা লাভ কৰে, তেওঁলোকৰ সামৰ্থ্য গঢ় লৈ উঠে আৰু তেওঁলোকৰ শক্তি বজাৰত দেখা যায়। আৰু বন্ধুসকল, আজিৰ বিশ্বৰ পৰিস্থিতিলৈ চাই মই স্পষ্টকৈ দেখিছোঁ যে ভাৰতৰ দক্ষ জনশক্তি, আমাৰ দক্ষ যুৱক-যুৱতীসকলে বৈশ্বিক নিয়োগৰ বজাৰত নিজৰ নাম উজলাই তুলিব লাগে, আমি সেই সপোন লৈ আগবাঢ়িছোঁ।

বন্ধুসকল,

বিশ্বখন যি দ্রুত গতিৰে পৰিৱর্তিত হৈছে, তাৰ লগে-লগে জীৱনৰ প্রতিটো ক্ষেত্রতে বিজ্ঞান আৰু প্রযুক্তিৰ গুৰুত্ব বাঢ়িছে। আমি বিজ্ঞানত অধিক গুৰুত্ব দিব লাগিব। আৰু দেখিলোঁ, চন্দ্ৰযানৰ সফলতাৰ পিছত আমাৰ বিদ্যালয়-মহাবিদ্যালয়ত বিজ্ঞান-প্ৰযুক্তিৰ প্ৰতি আগ্ৰহৰ নতুন পৰিবেশ সৃষ্টি হৈছে, নতুন আগ্ৰহ বাঢ়িছে। আমাৰ শিক্ষানুষ্ঠানসমূহে এই মানসিকতাক লালন-পালন কৰিবলৈ আগবাঢ়ি আহিব লাগিব। ভাৰত চৰকাৰেও গৱেষণাৰ বাবে সমৰ্থন বৃদ্ধি কৰিছে। ৰাষ্ট্ৰীয় গৱেষণা ন্যাস গঠন কৰি এক স্থায়ী ব্যৱস্থা গঢ়ি তুলিছোঁ, যাতে গৱেষণাৰ ওপৰত অহৰহ গুৰুত্ব দিয়া হয় আৰু এই গৱেষণা ন্যাসে সেই কাম কৰে। অতি গৌৰৱৰ বিষয় যে বাজেটত আমি গৱেষণা আৰু উদ্ভাৱনৰ বাবে ১ লাখ কোটি টকা আবন্টন দিয়াৰ সিদ্ধান্ত লৈছোঁ, যাতে আমাৰ দেশৰ যুৱক-যুৱতীসকলৰ যি ধাৰণা আছে, সেইসমূহ আমি কাৰ্য্যকৰী কৰিব পাৰোঁ।

বন্ধুসকল,

আজি চিকিৎসা শিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বেছিভাগেই মধ্যবিত্ত পৰিয়ালৰ। যোৱা ১০ বছৰত আমি চিকিৎসা শিক্ষাৰ আসনৰ সংখ্যা প্ৰায় এক লাখলৈ বৃদ্ধি কৰিছোঁ। প্ৰতি বছৰে প্ৰায় ২৫ হাজাৰ যুৱক-যুৱতী চিকিৎসা শিক্ষাৰ বাবে বহিঃৰাষ্ট্ৰলৈ যায়। আৰু এনে দেশলৈ যাবলগীয়া হ’লে কেতিয়াবা এই কথা শুনি আচৰিত হৈ পৰোঁ আৰু সেইবাবেই আমি সিদ্ধান্ত লৈছোঁ যে অহা ৫ বছৰত মেডিকেল লাইনত ৭৫ হাজাৰ নতুন আসন সৃষ্টি হ’ব।

মোৰ প্ৰিয় দেশবাসী,

উন্নত ভাৰত ২০৪৭ এখন সুস্থ ভাৰতো হ’ব লাগে। আৰু যেতিয়া আমাৰ এখন সুস্থ ভাৰতৰ সপোন আছে, তেতিয়া আজিৰ ল’ৰা-ছোৱালীৰ পুষ্টিৰ প্ৰতি গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। আৰু সেইবাবেই আমি উন্নত ভাৰতৰ প্ৰথম প্ৰজন্মক বিশেষ গুৰুত্ব দি পুষ্টি অভিযান আৰম্ভ কৰিছোঁ। আমি ৰাষ্ট্ৰীয় পুষ্টি অভিযান আৰম্ভ কৰিছোঁ, আমি পুষ্টিক অগ্ৰাধিকাৰ দিছোঁ।

মোৰ প্ৰিয় দেশবাসী,

আমাৰ কৃষি ব্যৱস্থাক ৰূপান্তৰিত কৰাটো অতি প্ৰয়োজনীয়, এয়া সময়ৰ প্ৰয়োজনীয়তা। যুগ-যুগ ধৰি আবদ্ধ হৈ থকা পৰম্পৰাৰপৰা আমি মুক্ত হ’ম আৰু তাৰ বাবেই আমি আমাৰ কৃষকসকলকো সহায় আগবঢ়াইছোঁ। আমি ইয়াক ৰূপান্তৰিত কৰাৰ দিশত অহৰহ কাম কৰি আহিছোঁ। আজি কৃষকক সহজ ঋণ প্ৰদানেৰে প্ৰযুক্তিগত সহায় আগবঢ়াইছোঁ। আমি কৃষকে যি উৎপাদন কৰে তাৰ মূল্য সংযোজনৰ বাবে কাম কৰি আছোঁ। আমি বিপণনৰ সম্পূৰ্ণ ব্যৱস্থা কৰিছোঁ যাতে সকলোতে আদিৰপৰা অন্তলৈ এটি হাতে-হাত ধৰাৰ ব্যৱস্থা থাকে, আমি সেই দিশত কাম কৰি আছোঁ।

আজি যেতিয়া সমগ্ৰ বিশ্বই পৃথিৱী মাতৃক লৈ চিন্তিত হৈ পৰিছে, সাৰৰ বাবে আমাৰ পৃথিৱী মাতৃৰ স্বাস্থ্যৰ যিদৰে দিনক দিনে অৱনতি ঘটিছে, আমাৰ পৃথিৱী মাতৃৰ উৎপাদনশীলতা কমি আহিছে আৰু এই সময়তে মই মোৰ দেশৰ লাখ-লাখ কৃষকৰ প্ৰতি মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিব খুজিছোঁ, কিয়নো তেওঁলোকে প্ৰাকৃতিক কৃষিৰ পথ বাছি লৈছে আৰু আমাৰ পৃথিৱী মাতৃৰ সেৱাৰ দায়িত্বও গ্ৰহণ কৰিছে। আৰু এইবাৰ বাজেটতো আমি প্ৰাকৃতিক কৃষিক গতি প্ৰদান কৰিবলৈ গুৰুত্বপূৰ্ণ আঁচনিৰে এক বৃহৎ ব্যৱস্থা কৰিছোঁ।

মোৰ প্ৰিয় দেশবাসী,

আজি মই বিশ্বৰ পৰিস্থিতি দেখিছোঁ, সমগ্ৰ বিশ্বই সৰ্বাংগীন স্বাস্থ্য সেৱাৰ ফালে মুখ কৰি আছে আৰু তাৰ পিছত জৈৱিক খাদ্য তেওঁলোকৰ প্ৰথম পছন্দ হৈ পৰিছে, যদি কোনো দেশ আজি বিশ্বৰ বাবে এনে খাদ্যৰ ভাণ্ডাৰ হ'ব পাৰে, তেন্তে সেয়া মোৰ দেশৰ এজন কৃষক হ'ব পাৰে বা মোৰ দেশখন হ'ব পাৰে। আৰু, সেইবাবেই আমি আগন্তুক দিনত সেই সপোন লৈ আগুৱাই যাব বিচাৰোঁ, যাতে জৈৱিক খাদ্যৰ বৈশ্বিক চাহিদা থাকে আৰু আমাৰ দেশ কেনেকৈ জৈৱিক খাদ্যৰ ভাণ্ডাৰ হৈ পৰে।

কৃষকৰ জীৱন সহজ হ’ব লাগে, গাঁৱে-ভূঞে শীৰ্ষ মানৰ ইন্টাৰনেট সংযোগ উপলব্ধ হ’ব লাগে, কৃষকে স্বাস্থ্য সেৱাৰ সুবিধা লাভ কৰিব লাগে, কৃষকৰ ল’ৰা-ছোৱালীয়ে পঢ়া-শুনা কৰিব পৰাকৈ স্মাৰ্ট স্কুল উপলব্ধ হ’ব লাগে, কৃষকৰ ল’ৰা-ছোৱালীৰ বাবে কৰ্মসংস্থাপনৰ সুবিধা হ’ব লাগে। আজি এনে সমগ্ৰ পৰিয়ালসমূহৰ বাবে কৃষি কাৰ্য্যৰে জীৱন-নিৰ্বাহ কৰাটো অতিশয় কঠিন হৈ পৰিছে, সেয়ে আমি তেওঁলোকৰ সন্তানক দক্ষতাসমূহ প্ৰদানৰ এক ব্যাপক প্ৰচেষ্টা চলাইছোঁ, যাতে তেওঁলোকে নতুন কৰ্মসংস্থাপন লাভ কৰিব পাৰে আৰু নতুন উপাৰ্জনৰ উৎস হ’ব পাৰে।

বিগত বছৰবোৰত আমি নাৰী-চালিত উন্নয়ন আৰ্হিৰ ওপৰত কাম কৰিছোঁ। উদ্ভাৱনেই হওঁক, কৰ্মসংস্থাপনেই হওঁক, ঔদ্যোগীকৰণেই হওঁক, মহিলাসকলে প্ৰতিটো খণ্ডতে অগ্ৰগতি লাভ কৰিছে। এনে নহয় যে মহিলাসকলে কেৱল অংশগ্ৰহণ বৃদ্ধি কৰিছে, বৰঞ্চ মহিলাসকলে নেতৃত্ব প্ৰদান কৰিছে। আজি বহু ক্ষেত্ৰত, আজি আমাৰ প্ৰতিৰক্ষা খণ্ডত, সেয়া আমাৰ বায়ুসেনাই হওঁক, আমাৰ স্থল বাহিনীয়েই হওঁক, আমাৰ নৌসেনাই হওঁক, আমাৰ মহাকাশ খণ্ডই হওঁক, আজি আমি দেশৰ মহিলাসকলৰ শক্তি দেখিবলৈ পাইছোঁ। কিন্তু, আনফালে চিন্তাৰ বিষয় কিছুমান আছে আৰু আজি লালকিল্লাৰপৰা আকৌ এবাৰ মোৰ দুখ প্ৰকাশ কৰিব বিচাৰিছোঁ। আমাৰ মা, ভগ্নী, কন্যাসকলৰ ওপৰত চলি থকা অত্যাচাৰক লৈ দেশৰ ক্ষোভৰ বিষয়ে আমি সমাজ হিচাপে গুৰুত্বসহকাৰে চিন্তা কৰিব লাগিব। সাধাৰণ জনতাৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। দেশ, সমাজ, আমাৰ ৰাজ্য চৰকাৰসমূহে এই কথাটো গুৰুত্ব সহকাৰে ল’ব লাগিব। মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ তদন্ত অতি সোনকালে কৰিব লাগে। যিসকলে দানৱীয় কাণ্ড সংঘটিত কৰে, তেওঁলোকক অতি সোনকালে কঠোৰ শাস্তি প্ৰদান কৰি সমাজত আস্থা সৃষ্টি কৰিব লাগে।

মই এইটোও ক’ব বিচাৰোঁ যে ধৰ্ষণৰ দৰে মহিলাৰ ক্ষেত্ৰত অত্যাচাৰৰ কাণ্ড সংঘটিত হ’লে ইয়াৰ ওপৰত বহুত চৰ্চা হয়, ইয়াৰ প্ৰচাৰ বহুত হয় আৰু সংবাদ মাধ্যমত প্ৰকাশ পায়। কিন্তু এনে আসুৰিক মানসিকতাৰ মানুহক যেতিয়া শাস্তি দিয়া হয়, তেতিয়া তেওঁক বাতৰিত ক’তো দেখা নাযায়, তেওঁ এটা চুকত লুকাই থাকে। এতিয়া সময়ৰ আহ্বান হ’ল শাস্তি পোৱাসকলৰ বিষয়ে ব্যাপক আলোচনা হ’ব লাগে যাতে এনে পাপ কৰাসকলৰো এটা ভয় গঢ় লৈ উঠে।

মোৰ প্ৰিয় দেশবাসী,

এনে অভ্যাস আমাৰ দেশত স্বাভাৱিক হৈ পৰিছিল। দেশক তুচ্ছজ্ঞান কৰা আৰু দেশৰ প্ৰতি গৌৰৱবোধৰ অভাৱ কিয় আমাৰ মনত সোমাই পৰিছিল। এনে মানসিকতা দূৰ কৰাত আমি সফল হৈছোঁ। এটা সময়ত কোৱা হৈছিল যে খেলনাও বাহিৰৰপৰা আহিছিল, আমি সেই দিনবোৰ দেখিছোঁ। আজি মই গৌৰৱেৰে ক’ব পাৰোঁ যে মোৰ দেশৰ খেলনাবোৰে নিজৰ সম্ভাৱনাৰে বিশ্ব বজাৰত স্থান পাইছে। আমাৰ খেলনাবোৰৰ ৰপ্তানি আৰম্ভ হৈছে। এটা সময়ত আমি ম’বাইল ফোন আমদানি কৰিছিলোঁ, আজি ম’বাইল ফোন নিৰ্মাণৰ এক বাতাবৰণৰ সৃষ্টি হৈছে, এটা বিশাল হাব সৃষ্টি হৈছে আৰু আজি আমি বিশ্বলৈ ম’বাইল ফোন ৰপ্তানি কৰিবলৈ আৰম্ভ কৰিছো। এয়াই ভাৰতৰ শক্তি।

বন্ধুসকল,

অৰ্ধপৰিবাহী ভৱিষ্যতৰ লগত জড়িত। আধুনিক প্ৰযুক্তি সংযুক্ত, এআই সংযুক্ত। আমি ছেমিকণ্ডাক্টৰ মিছনৰ কাম আৰম্ভ কৰিছোঁ আৰু ইয়াৰ জৰিয়তে বিশ্বক আদিৰপৰা অন্তলৈ সমাধান দিয়াৰ ক্ষমতা আমাৰ আছে।

বন্ধুসকল,

আমি দেখিছোঁ, আগতে আমি কেনেকৈ ২জি-ৰ বাবে সংগ্ৰাম কৰিছিলোঁ। আজি আমি ইয়াক প্ৰতিটো ডিভাইচতে দেখিবলৈ পাইছোঁ, আমি দ্ৰুতগতিত আগবাঢ়িলোঁ আৰু যি গতিৰে সমগ্ৰ দেশতে ৫জি ৰ’ল আউট হ’ল। ভাৰতৰ প্ৰায় সকলো অঞ্চলতে ৫জি উপলব্ধ হৈছে। এতিয়া আকৌ ৫জি-তে ৰৈ থকাটো আমাৰ বাবে গ্ৰহণযোগ্য নহয়। আমি ইতিমধ্যে মিছন ম’ডত ৬-জিৰ কাম কৰি আছোঁ আৰু ইয়াতো আমি বিশ্বত নিজৰ নাম উজলাম। এই কথা মই আত্মবিশ্বাসেৰে কওঁ।

মোৰ মৰমৰ বন্ধুসকল,

প্ৰতিৰক্ষা খণ্ড, আমাৰ অভ্যাস হৈ পৰিছে যে প্ৰতিৰক্ষা বাজেট যিমানেই বৃদ্ধি নহওঁক কিয়, কোনেও কেতিয়াও নাভাবে যে যদি প্ৰতিৰক্ষা বাজেট বৃদ্ধি কৰা হয় তেন্তে ক’লৈ যায়? বিদেশৰপৰা ক্ৰয়ৰ বাবে ব্যয় কৰা হৈছিল প্ৰতিৰক্ষা বাজেট। এতিয়া আমি আত্মনিৰ্ভৰশীল হ’ব বিচাৰোঁ আৰু আমাৰ প্ৰতিৰক্ষা বাহিনীক মই আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ, তেওঁলোকে এনে হাজাৰ-হাজাৰ কথা তালিকাভুক্ত কৰিছে, তেওঁলোকে সিদ্ধান্ত লৈছে যে আমি সেইসমূহ বহিঃৰাষ্ট্ৰৰপৰা নানো। আমাৰ সেনা জোৱানসকলে ৰাষ্ট্ৰৰ বাবে জীয়াই থকাৰ অৰ্থ কি সেয়া দেখুৱাইছে। এতিয়া ইয়াৰ বাবেই আমি প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰশীল হৈ পৰিছোঁ। আজি ভাৰতৰ পৰিচয় প্ৰতিৰক্ষা উৎপাদনত গঢ় লৈ উঠিছে আৰু আজি মই আনন্দৰে ক’ব পাৰোঁ যে যিখন দেশে এসময়ত প্ৰতিৰক্ষাৰ প্ৰতিটো সৰু-বৰ বস্তু বাহিৰৰপৰা আনিছিল, আজি আমি ক্ৰমান্বয়ে বিশ্বৰ বহু দেশৰ বাবে প্ৰতিৰক্ষা সঁজুলি নিৰ্মাণ কৰি আছোঁ। আমি সেইবোৰ ৰপ্তানি কৰিবলৈ আৰম্ভ কৰিছোঁ। আমি লাহে-লাহে বিশ্বত ডিফেন্স হাব মেনুফেকচাৰিং হিচাপে আত্মপ্ৰকাশ কৰিছোঁ। আমি উৎপাদন খণ্ডটোক প্ৰসাৰিত কৰিব বিচাৰোঁ, কাৰণ ই নিয়োগৰ বাবে আটাইতকৈ প্ৰয়োজনীয়। আজি পিএলআই আঁচনিয়ে বিপুল সফলতা লাভ কৰিছে। এফডিআই সংস্কাৰেও আমাক যথেষ্ট শক্তি প্ৰদান কৰিছে। এমএছএমইয়ে লাভ কৰিছে বৃহৎ উদ্দীপনা। এটা নতুন ব্যৱস্থা গঢ় লৈ উঠিছে আৰু তাৰ বাবেই আমাৰ উৎপাদন খণ্ড বিশ্বৰ উৎপাদন কেন্দ্ৰত পৰিণত হৈছে। যিখন দেশত ইমান যুৱ শক্তি আছে, যিখন দেশত এই সম্ভাৱনা আছে, সেইখন দেশত আমি ইণ্ডাষ্ট্ৰী ৪.০-ত অতি শক্তিৰে আগবাঢ়িব বিচাৰোঁ, আনকি উৎপাদন জগততো। আৰু ইয়াৰ বাবে প্ৰয়োজনীয় দক্ষতা বিকাশৰ ওপৰতো আমি গুৰুত্ব দিছোঁ। আৰু, আমি দক্ষতা বিকাশৰ ক্ষেত্ৰতো নতুন আৰ্হি স্থাপন কৰিছোঁ। আমি জনসাধাৰণৰ অংশগ্ৰহণ অন্তৰ্ভুক্ত কৰিছোঁ, যাতে আমি তাৎক্ষণিক প্ৰয়োজনীয়তা অনুসৰি দক্ষতা বিকাশ কৰিব পাৰোঁ। আৰু, মই বিশ্বাস কৰোঁ যে মই লালকিল্লাৰ প্ৰাচীৰৰপৰাই কৈছোঁ যে সেই দিনলৈ বেছি দূৰ নাই যেতিয়া ভাৰত ঔদ্যোগিক উৎপাদনৰ কেন্দ্ৰবিন্দু হ’ব, বিশ্বই ইয়াৰ ফালে চাই থাকিব।

আজি বিশ্বৰ বহু বৃহৎ কোম্পানীয়ে ভাৰতত বিনিয়োগ কৰিব বিচাৰিছে। এই কথা মই নিৰ্বাচনৰ পিছত দেখিছোঁ, মোৰ তৃতীয় কাৰ্য্যকালত মোক লগ কৰিবলৈ বিচৰা বেছিভাগ লোকেই বিনিয়োগকাৰী। সমগ্ৰ বিশ্বৰপৰা বিনিয়োগকাৰী আহিছে, তেওঁলোকে আহি ভাৰতত বিনিয়োগ কৰিব বিচাৰে। এয়া এক বৃহৎ সোণালী সুযোগ। বিনিয়োগকাৰীক আকৰ্ষণ কৰিবলৈ ৰাজ্য চৰকাৰসমূহক এক স্পষ্ট নীতি নিৰ্ধাৰণ কৰিবলৈ আহ্বান জনাইছো। সু-শাসনৰ নিশ্চয়তা প্ৰদান কৰক, আইন-শৃংখলাজনিত পৰিস্থিতিৰ বাবে তেওঁলোকক আশ্বাস দিয়ক। প্ৰতিখন ৰাজ্যই সুস্থ প্ৰতিযোগিতাৰে আগবাঢ়ি আহিব লাগে। বিনিয়োগকাৰীক আকৰ্ষণ কৰিবলৈ ৰাজ্যসমূহৰ মাজত প্ৰতিযোগিতা হ’ব লাগে, যাতে বিনিয়োগকাৰী তেওঁলোকৰ ৰাজ্যলৈ যায় আৰু তেওঁলোকৰ ৰাজ্যৰ যুৱক-যুৱতীসকলে স্থানীয়ভাৱে সুযোগ লাভ কৰে, তেওঁলোকে কৰ্মসংস্থাপনৰ সুযোগ পায়।

যদি নীতিসমূহত পৰিৱৰ্তন অনাৰ প্ৰয়োজন হয়, তেন্তে ৰাজ্যসমূহে বৈশ্বিক প্ৰয়োজনীয়তা অনুসৰি নীতিসমূহ সলনি কৰিব লাগে। মাটিৰ প্ৰয়োজন হ’লে ৰাজ্যসমূহে ভূমি বেংক সৃষ্টি কৰিব লাগে। ৰাজ্যসমূহে যিমানেই সক্ৰিয় হৈ সুশাসনৰ এটা বিন্দুত কাম কৰিব, সিমানেই বিনিয়োগকাৰীসকল কেতিয়াও পিছুৱাই নাযায়। এই কাম কেৱল ভাৰত চৰকাৰে কৰিব নোৱাৰে। ৰাজ্য চৰকাৰসমূহৰ প্ৰচেষ্টা অত্যন্ত প্ৰয়োজনীয়। কাৰণ যি প্ৰকল্প হ’ব, সংশ্লিষ্ট ৰাজ্যখনতহে হ’ব। সমগ্ৰ বিশ্বই ভাৰতত বিনিয়োগ কৰাৰ অংগীকাৰ কৰা মাত্ৰেকে আমাৰ পুৰণি অভ্যাস এৰি স্পষ্ট নীতি লৈ আগবাঢ়ি অহাটো আমাৰ দায়িত্ব হৈ পৰে। চাওঁক, এনে কৰিলে সংশ্লিষ্ট ৰাজ্যসমূহে ফলাফল দেখিব আৰু ৰাজ্যখনো জিলিকি উঠিব।

বন্ধুসকল

ভাৰতক ইয়াৰ উত্তম গুণৰ বাবে স্বীকৃতি দিয়াটো অতি প্ৰয়োজনীয়। এতিয়া আমি বিশ্বৰ বাবে ভাৰতত ডিজাইনৰ ক্ষেত্ৰখনত গুৰুত্ব দিব লাগিব। আমি চেষ্টা কৰিব লাগিব যে ভাৰতীয় মানদণ্ড আন্তঃৰাষ্ট্ৰীয় মানদণ্ড হ’ব লাগে। যেতিয়া ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড আন্তঃৰাষ্ট্ৰীয় ষ্টেণ্ডাৰ্ড হ’ব তেতিয়া আমাৰ সকলো বস্তু সহজেই অনুমোদিত হ’ব। আৰু ই আমাৰ উৎপাদনৰ মানদণ্ডৰ ওপৰত নিৰ্ভৰ কৰিব। আমাৰ সেৱাৰ মানদণ্ডৰ ওপৰত নিৰ্ভৰ কৰিব। আমাৰ পদ্ধতিৰ মানদণ্ডৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু সেইবাবেই আমি গুণগত মানৰ ওপৰত গুৰুত্ব দি আগবাঢ়িব লাগিব। আমাৰ প্ৰতিভা আছে। ডিজাইনৰ ক্ষেত্ৰত আমি বিশ্বখনক একাধিক নতুন বস্তু দিব পাৰোঁ। ভাৰতত ডিজাইনৰ ক্ষেত্ৰত আমি এই আহ্বানৰ সৈতে আগবাঢ়িব লাগিব। ভাৰতত ডিজাইন আৰু বিশ্বৰ বাবে ডিজাইন এই সপোনক আগুৱাই নিব লাগিব।

মই দেখিছোঁ যে গেমিঙৰ জগতখনত এক বিশাল বজাৰৰ উন্মেষ ঘটিছে। ভাৰতৰ এক বিশাল ঐতিহ্য আছে। আমি গেমিং জগতলৈ একাধিক নতুন প্ৰতিভাক আনিব পাৰোঁ। আমাৰ দেশত নিৰ্মিত গেমিঙৰ প্ৰতি বিশ্বৰ প্ৰতিটো শিশু আকৰ্ষিত হ’ব পাৰে। মই বিচাৰোঁ ভাৰতৰ ল’ৰা-ছোৱালী, ভাৰতৰ যুৱক-যুৱতী, ভাৰতৰ আইটি পেছাদাৰী, ভাৰতৰ এআই পেছাদাৰীসকলে গেমিঙৰ জগতখনক আগুৱাই নিব। আৰু আমাৰ এনিমেটৰসকলে সমগ্ৰ বিশ্বতে কাম কৰিব পাৰে। আমি এনিমেচনৰ জগতখনত আমাৰ নাম উজলাই তুলিব পাৰোঁ, যদিহে আমি সেই দিশত কাম কৰোঁ।

মোৰ প্ৰিয় দেশবাসী,

আজি বিশ্বত গোলকীয় উষ্ণতা, জলবায়ু পৰিৱৰ্তন প্ৰতিটো ক্ষেত্ৰতে চিন্তা আৰু আলোচনাৰ বিষয় হৈ আছে। ভাৰতে সেই দিশত বহু পদক্ষেপ লৈছে। আমি বিশ্বক আশ্বাস দি আহিছো আৰু কথাৰে নহয় আমাৰ কামেৰে, প্ৰাপ্ত ফলাফলেৰে আমি পৃথিৱীখনক আশ্বস্তও কৰিছোঁ আৰু বিশ্বক আশ্চৰ্যচকিত কৰি তুলিছোঁ। আমিয়েই, একক ব্যৱহাৰৰ প্লাষ্টিক নিষিদ্ধ কৰিছোঁ, আমি নবীকৰণযোগ্য শক্তিক এক নতুন বল দিছোঁ। অনাগত কেইবছৰমানৰ ভিতৰত আমি নেট জিৰ’ ভৱিষ্যতৰ দিশত আগবাঢ়িছোঁ। মোৰ মনত আছে, পেৰিছ চুক্তিত যিবোৰ দেশে নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল, আজি মই লালকিল্লাৰ প্ৰাচীৰৰ পৰা মোৰ দেশবাসীৰ শক্তিৰ কথা বিশ্ববাসীক ক’ব বিচাৰিছোঁ। জি-২০ দেশবোৰে যি কৰিব নোৱাৰিলে সেয়া মোৰ দেশৰ নাগৰিকে কৰি দেখুৱাইছে, মোৰ দেশবাসীয়ে কৰি দেখুৱাইছে, হিন্দুস্তানে কৰি দেখুৱাইছে। পেৰিছ চুক্তিৰ অধীনত যি লক্ষ্য আমি নিৰ্ধাৰণ কৰিছিলো, সেই লক্ষ্যত সময়ৰ আগতেই উপনীত হোৱা জি-২০ দেশৰ সমূহত যদি কোনোবা আছে, তেন্তে সেয়া একমাত্ৰ মোৰ হিন্দুস্তান, একমাত্ৰ মোৰ ভাৰত। আৰু সেইবাবেই আমি গৌৰৱান্বিত অনুভৱ কৰো বন্ধুসকল, আমি নবীকৰণযোগ্য শক্তিৰ লক্ষ্যত উপনীত হ’লো৷ আমি ২০৩০ চনৰ ভিতৰত নবীকৰণযোগ্য শক্তিক ৫০০ গিগাৱাটলৈ লৈ যোৱাৰ লক্ষ্যৰে কাম কৰি আছো, আপুনি কল্পনা কৰিব পাৰে যে ই কিমান ডাঙৰ লক্ষ্য। পৃথিৱীৰ মানুহে মাত্ৰ ৫০০ গিগাৱাট শব্দটো যেতিয়া শুনে, তেতিয়া মোৰফালে এনেকৈ চায়। কিন্তু আজি মই দেশবাসীক আত্মবিশ্বাসেৰে কৈছোঁ যে আমি এই লক্ষ্যও সম্পূৰ্ণ কৰিম। আৰু ই মানৱ জাতিৰো সেৱা কৰিব, আমাৰ ভৱিষ্যতৰো সেৱা কৰিব, আমাৰ সন্তানৰ উজ্জ্বল ভৱিষ্যতৰ নিশ্চয়তা হ’ব। আমি ২০৩০ চনৰ ভিতৰত আমাৰ ৰে’লৱেক নেট জিৰ' নিৰ্গমনৰ লক্ষ্য লৈ আমি আগবাঢ়িছোঁ।

 

বন্ধুসকল,

পিএম সূৰ্যঘৰ বিনামূলীয়া বিদ্যুৎ আঁচনিয়ে ইয়াক এক নতুন শক্তি দিবলৈ গৈ আছে আৰু এই পৰিৱৰ্তনৰ ফল মোৰ দেশৰ সাধাৰণ পৰিয়ালে পাইছে, বিশেষকৈ মোৰ মধ্যবিত্ত শ্ৰেণীয়ে পাব, যেতিয়া তেওঁলোকৰ বিদ্যুতৰ বিল বিনামূলীয়া হ’ব। বৈদ্যুতিক বাহনৰ চাহিদা বৃদ্ধি পাইছে। যেতিয়া পিএম সূৰ্যঘৰ যোজনাৰ অধীনত কোনোবাই সূৰ্যৰ পৰা বিদ্যুৎ উৎপাদন কৰে, তেতিয়া তেওঁৰ নিজৰ বাহনৰ যাত্ৰাৰ খৰচো হ্ৰাস কৰিব পাৰে।

বন্ধুসকল,

আমি সেউজ হাইড্ৰজেন মিছন গ্ৰহণ কৰি এক বৈশ্বিক কেন্দ্ৰ হ’ব বিচাৰোঁ। অতি ক্ষিপ্ৰতাৰে নীতিসমূহ ৰচনা কৰা হৈছে, অতি দ্ৰুতগতিত ইয়াৰ ৰূপায়ণৰ কাম চলি আছে আৰু ভাৰতে সেউজ হাইড্ৰজেন, এক নতুন শক্তিৰ দিশত আমি আগুৱাই যাব বিচাৰোঁ। আৰু এই সকলোবোৰ প্ৰচেষ্টা চলি আছে, জলবায়ুৰ চিন্তাতো আছেই, গোলকীয় উষ্ণতাৰো চিন্তা আছে। কিন্তু ইয়াৰ ভিতৰত সেউজ চাকৰিৰ বিপুল সম্ভাৱনা আছে। আৰু সেয়েহে আগন্তুক সময়ছোৱাত যদি সেউজ চাকৰিৰ গুৰুত্ব বৃদ্ধি পায়, তেন্তে প্ৰথমে ইয়াক ধৰি ৰাখিবলৈ, মোৰ দেশৰ যুৱক-যুৱতীসকলক সুযোগ দিবলৈ আৰু সেউজ চাকৰিৰ বাবে এক অতি বৃহৎ ক্ষেত্ৰক উৎসাহিত কৰি আছো।

 

মোৰ প্ৰিয় দেশবাসী,

আজি আমাৰ সৈতে এই ত্ৰিৰংগ পতাকাৰ তলত সেইসকল নজোৱান বহি আছে যিসকলে অলিম্পিকৰ জগতত ভাৰতৰ পতাকা উৰুৱাইছে। মই মোৰ দেশৰ সকলো এথলীটক, মই দেশৰ সকলো খেলুৱৈক ১৪০ কোটি দেশবাসীৰ হৈ অভিনন্দন জনাইছোঁ। আৰু আমি নতুন সপোন, নতুন সংকল্প, অত্যাধিক পুৰুষাৰ্থ সহিতে নতুন লক্ষ্যত উপনীত হ’বলৈ আগবাঢ়ি যাম, এই বিশ্বাসেৰে মই তেওঁলোকক শুভকামনা জনাইছোঁ। অনাগত কেইদিনমানৰ ভিতৰত ভাৰতৰ এটা বৃহৎ দল পেৰালিম্পিকৰ বাবে, পেৰিছলৈ ৰাওনা হ’ব। মই লগতে মোৰ সকলো পেৰালিম্পিক খেলুৱৈলৈও আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

 

বন্ধুসকল,

ভাৰতে জি-২০ৰ আয়োজন কৰিছিল, হিন্দুস্তানৰ বহু চহৰত আয়োজন কৰিছিল। ২০০ৰো অধিক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল, সমগ্ৰ বিশ্বতে জি-২০ৰ ইমান বৃহৎ আৰু ব্যাপক কাৰ্যসূচী কেতিয়াও অনুষ্ঠিত হোৱা নাই, এইবাৰ হ’ল। ইয়াৰ দ্বাৰা এটা কথা প্ৰমাণিত হৈছে যে ভাৰতৰ ডাঙৰ ডাঙৰ কৰ্ম কাৰ্যসূচীও আয়োজন কৰাৰ ক্ষমতা আছে। ভাৰতৰ, আতিথ্যৰ সম্ভাৱনা সকলোতকৈ বেছি। যদি এই কথা প্ৰমাণিত হৈছে, তেন্তে বন্ধুসকল, হিন্দুস্তানৰ এটা সপোন আছে যে ২০৩৬ চনত অনুষ্ঠিত হ’বলগীয়া অলিম্পিক ভাৰতৰ মাটিত অনুষ্ঠিত হওক, আমি ইয়াৰ বাবে প্ৰস্তুতি চলাইছোঁ, আমি তাৰ বাবে আগবাঢ়িছোঁ।

 

বন্ধুসকল,

যিসকল সমাজৰ শেষ শ্ৰেণীৰ লোক, সেয়া আমাৰ সামাজিক দায়বদ্ধতা, যদি কোনোবা পিছ পৰি ৰৈ যায়, তেন্তে ই আমাৰ প্ৰগতিৰ গতি হ্ৰাস কৰে আৰু সেয়েহে আমি আগবাঢ়ি যাব বিচাৰিলেও সফলতা তেতিয়াহে লাভ কৰা যায় যেতিয়া পিছ পৰি থকাসকলকো একেলগে আগুৱাই অনা হয়। আৰু সেইবাবেই আমাৰ সকলোৰে দায়িত্ব যে আজিও আমাৰ সমাজত যিবোৰ অঞ্চল পিছ পৰি ৰৈছে, যিবোৰ সমাজ পিছ পৰি ৰৈছে, যিবোৰ মানুহ পিছ পৰি ৰৈছে, সেয়া আমাৰ ক্ষুদ্ৰ কৃষক হওক, আমাৰ অৰণ্যত বাস কৰা মোৰ আদিবাসী ভাই-ভনীসকল হওক, আমাৰ মাতৃ-ভগ্নীসকল হওক, আমাৰ মজদুৰ হওক, আমাৰ শ্ৰমিক সহকৰ্মী হওক, আমাৰ কামকৰা মানুহ হওক, এই সকলোকে আমি আমাৰ সমপৰ্যায়লৈ আনিবলৈ সকলো প্ৰচেষ্টা চলাব লাগিব। কিন্তু এতিয়া গতি গোট খাইছে, এতিয়া আমি বহুদিনলৈ সেইটো কৰিব নালাগিব, অতি সোনকালে তেওঁলোক আমাৰ ওচৰ পাই যাব, আমাৰ সমপৰ্যায়লৈ আহিব, আমাৰ শক্তি বহুত বাঢ়িব। আৰু আমি এই কামটো অতি সংবেদনশীলতাৰে কৰিব লাগিব। আৰু ইয়াৰ বাবে আহি আছে এক বৃহৎ সুযোগ।

 

মই বিশ্বাস কৰোঁ যে সংবেদনশীলতাৰ দৃষ্টিকোণৰ পৰা ইয়াতকৈ ডাঙৰ সুযোগ কি হ’ব পাৰে। আমি জানো যে ১৮৫৭ চনত স্বাধীনতা সংগ্ৰামৰ আগতেও ইংৰাজক নাকত ধৰি চাকত ঘূৰুওৱা আমাৰ দেশৰ এজন আদিবাসী যুৱক আছিল। ২০-২২ বছৰ বয়সত তেওঁ ইংৰাজক নাকত ধৰি চাকত ঘূৰাইছিল, যাক আজি মানুহে ভগৱান বীৰছা মুণ্ডা বুলি পূজা কৰে। ভগৱান বীৰছা মুণ্ডাৰ ১৫০ তম জন্ম জয়ন্তী আহি আছে। এয়া আমাৰ সকলোৰে বাবে প্ৰেৰণাৰ উৎস হৈ উঠক। সমাজৰ প্ৰতিজন সৰুতকৈ সৰু মানুহেও দেশৰ বাবে কেনেদৰে অৰিহণা যোগাব পাৰে, সেয়া চাবলৈ ভগৱান বীৰছা মুণ্ডাতকৈ ডাঙৰ প্ৰেৰণা কোন হ’ব পাৰে? আহক, আমি ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰোঁ, আমাৰ সংবেদনশীলতাৰ মাত্ৰা বাঢ়ক, সমাজৰ প্ৰতি আমাৰ অনুভূতি বাঢ়ক, আমি সমাজৰ প্ৰতিজন ব্যক্তিক, প্ৰতিজন দুখীয়াক, দলিতক, পিছপৰা শ্ৰেণীক, আদিবাসীক, আমি সকলোকে লগত লৈ অগ্ৰসৰ হওঁ, এই সংকল্প লৈ আগবাঢ়োঁ।

 

মোৰ মৰমৰ দেশবাসী!

আমি দৃঢ়তাৰে আগবাঢ়ি আছোঁ, বহুত আগবাঢ়ি আছোঁ, কিন্তু এইটোও সঁচা যে কিছুমান মানুহ আছে যিয়ে প্ৰগতি দেখা নাপায়, কিছুমান মানুহ আছে যিয়ে ভাৰতৰ মংগলৰ কথা ভাবিব নোৱাৰে, যেতিয়ালৈকে নিজৰ মংগল নহয়, তেতিয়ালৈকে তেওঁলোকে কাৰো মংগল হোৱাটো ভাল নাপায়। এনে বিকৃত মানসিকতাৰে ভৰা মানুহৰ অভাৱ নাই। দেশখনে এনে লোকৰ পৰা আঁতৰি থাকিব লাগিব। তেওঁলোক হতাশাৰ গাঁতত ডুবি থকা মানুহ। এনে মুষ্টিমেয় হতাশাৰ গাঁতত ডুবি থকা মানুহে যেতিয়া তেওঁলোকৰ কোলাত বিকৃতিক স্থান দিয়ে, তেতিয়া ই ধ্বংসৰ কাৰণ হৈ পৰে, বিনাশৰ কাৰণ হৈ পৰে, অৰাজকতাৰ বাট লয় আৰু তাৰ পিছত দেশৰ ইমান বৃহৎ ক্ষতি হয়, ইয়াৰ ক্ষতিপূৰণ দিবলৈ আমি আকৌ আৰম্ভণিৰ পৰা কঠোৰ পৰিশ্ৰম কৰিবলগা হয়। সেয়ে এনে যি সৰু-সুৰা নিৰাশাবাদীসকল থাকে, তেওঁলোক কেৱল হতাশ হোৱাই নহয়, তেওঁলোকৰ কোলাত বিকৃতি পালিত হৈ আছে। এই বিকৃতিয়ে বিনাশৰ সপোন দেখি আছে, ঠাট্টা-মস্কৰা যোগ দিবলৈ চেষ্টা কৰি আছে। দেশে এই কথা বুজিব লাগিব। কিন্তু মই দেশবাসীক ক’ব বিচাৰোঁ যে আমি আমাৰ সৎ উদ্দেশ্যেৰে, আমাৰ সততাৰে, ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পণেৰে, আমি সকলো পৰিস্থিতিৰ মাজতো বিপৰীত পথত যোৱাসকলৰ বাবেও তেওঁলোকৰো হৃদয় জয় কৰি, আমি দেশখনক আগুৱাই নিয়াৰ সংকল্পত কেতিয়াও পিছুৱাই নাহোঁ, এই বিশ্বাস মই দিব বিচাৰোঁ।

 

বন্ধুসকল,

প্ৰত্যাহ্বান আছে, অগণন প্ৰত্যাহ্বান আছে, প্ৰত্যাহ্বান ভিতৰতো আছে, প্ৰত্যাহ্বান বাহিৰতো আছে আৰু আমি শক্তিশালী হোৱাৰ লগে লগে, আমাৰ মনোযোগ বৃদ্ধি হোৱাৰ লগে লগে, প্ৰত্যাহ্বানসমূহো বাঢ়ি গৈ থাকিব। বাহ্যিক প্ৰত্যাহ্বান আৰু বৃদ্ধি পাব আৰু সেই বিষয়ে মই ভালদৰেই জানো। কিন্তু মই এনে শক্তিবোৰক ক’ব বিচাৰোঁ যে ভাৰতৰ বিকাশে কাৰো বাবে অসুবিধা লৈ নাহে। আমি যেতিয়া পৃথিৱীত সমৃদ্ধিশালী আছিলোঁ তেতিয়াও, আমি কেতিয়াও পৃথিৱীখনক যুদ্ধত পেলাই দিয়া নাই। আমি বুদ্ধৰ দেশ, যুদ্ধ আমাৰ পথ নহয়। আৰু সেয়ে বিশ্ব চিন্তিত হোৱা উচিত নহয়, ভাৰতৰ প্ৰগতিৰ লগে লগে মই বিশ্ব সমাজক আশ্বাস দিছোঁ যে আপোনালোকে ভাৰতৰ সংস্কৃতিসমূহ বুজিব লাগে, ভাৰতৰ হাজাৰ হাজাৰ বছৰৰ ইতিহাস বুজিব লাগে, আমাক সংকট বুলি গণ্য নকৰিব, আপোনালোকে সেই কৌশলসমূহৰ সৈতে জড়িত হ’ব নালাগে, যাৰ বাবে সমগ্ৰ মানৱ জাতিৰ কল্যাণ প্ৰদান কৰাৰ সম্ভাৱনা থকা ভূমিখনে অধিক কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হয়। কিন্তু তথাপিও মই দেশবাসীক ক’ব বিচাৰোঁ, যিমানেই প্ৰত্যাহ্বান নাথাকক কিয়, প্ৰত্যাহ্বানক প্ৰত্যাহ্বান জনোৱাটো, হিন্দুস্তানৰ স্বভাৱতে আছে। আমি স্তম্ভিত নহওঁ, আমি ভাগৰি নাযাওঁ, আমি থমকি নৰওঁ, আমি শিৰ নত নকৰোঁ। আমি সংকল্প পূৰণৰ বাবে, ১৪০ কোটি দেশবাসীৰ ভাগ্য সলনি কৰিবলৈ, তেওঁলোকৰ ভাগ্য সুনিশ্চিত কৰিবলৈ, ৰাষ্ট্ৰৰ সপোন বাস্তৱায়িত কৰিবলৈ আমি চেষ্টাৰ কোনো ত্ৰুটি নাৰাখিম। প্ৰত্যেক অসৎ উদ্দেশ্যৰ লোকক আমি আমাৰ সৎ উদ্দেশ্যেৰে জিকিম, এয়া মই বিশ্বাস দিছোঁ।

 

মোৰ প্ৰিয় দেশবাসী,

সমাজৰ মানসিকতাৰ পৰিৱৰ্তনো কেতিয়াবা ডাঙৰ প্ৰত্যাহ্বানৰ কাৰণ হৈ পৰে। আমাৰ প্ৰতিজন দেশবাসীয়ে ভ্ৰষ্টাচাৰৰ কীটক লৈ অশান্তিত আছে। প্ৰতিটো স্তৰৰ দুৰ্নীতিয়ে প্ৰতিষ্ঠানসমূহৰ প্ৰতি সাধাৰণ মানুহৰ আস্থা ভাঙি পেলাইছে। নিজৰ সামৰ্থ্য, ক্ষমতাৰ প্ৰতি অন্যায়ৰ যি খং অনুভৱ কৰে, সি ৰাষ্ট্ৰৰ প্ৰগতিৰ ক্ষতি কৰে। আৰু সেইবাবেই মই ব্যাপক পৰিসৰত দুৰ্নীতিৰ বিৰুদ্ধে এখন যুদ্ধ চলাইছোঁ। মই জানো, ইয়াৰ মূল্য মই দিব লাগিব, মোৰ প্ৰতিষ্ঠাই দিব লাগিব, কিন্তু ৰাষ্ট্ৰতকৈ ডাঙৰ মোৰ প্ৰতিষ্ঠা হ’ব নোৱাৰে, ৰাষ্ট্ৰৰ সপোনতকৈ ডাঙৰ মোৰ সপোন হ’ব নোৱাৰে। আৰু সেইবাবেই সততাৰে দুৰ্নীতিৰ বিৰুদ্ধে মোৰ যুঁজ চলি থাকিব, দ্ৰুত গতিত চলি থাকিব আৰু দুৰ্নীতিগ্ৰস্তৰ বিৰুদ্ধে নিশ্চিতভাৱে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। মই দুৰ্নীতিগ্ৰস্তৰ বাবে ভয়ৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰোঁ যাতে দেশৰ সাধাৰণ নাগৰিকক লুণ্ঠনৰ যি পৰম্পৰা আছে, সেই পৰম্পৰা মই বন্ধ কৰিব লাগে। কিন্তু আটাইতকৈ ডাঙৰ নতুন প্ৰত্যাহ্বান আহিছে, দুৰ্নীতিগ্ৰস্তৰ সৈতে আমি মোকাবিলা কৰিবতো লাগিবই, কিন্তু সামাজিক জীৱনৰ উচ্চতম পৰ্যায়ত যি পৰিৱৰ্তন আহিছে, সেয়াও সমাজৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আৰু আটাইতকৈ ডাঙৰ চিন্তাও। কোনোবাই কল্পনা কৰিব পাৰেনে যে মোৰ দেশতে, ইমান মহান সংবিধান থকাৰ পিছতো, কিছুমান এনে লোক ওলাই আছে যি দুৰ্নীতিৰ মহিমামণ্ডন কৰি আছে। মুকলিকৈ ভ্ৰষ্টাচাৰৰ জয়জয়কাৰ কৰি আছে। সমাজত এনে বীজ সিঁচিবলৈ যি প্ৰচেষ্টা চলোৱা হৈছে, দুৰ্নীতিৰ যি মহিমামণ্ডন হৈ আছে, দুৰ্নীতিগ্ৰস্ত লোকৰ গ্ৰহণযোগ্যতা বৃদ্ধিৰ বাবে যি নিৰন্তৰ প্ৰচেষ্টা চলি আছে, সেয়া এখন সুস্থ সমাজৰ বাবে বহুত ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে, বহুত ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে, এক বৃহৎ প্ৰত্যাহ্বানৰ বিষয় হৈ পৰিছে। ভ্ৰষ্টাচাৰীৰ প্ৰতি সমাজত দূৰত্ব বজাই ৰাখিলেহে যিকোনো দুৰ্নীতিগ্ৰস্ত লোকে সেই পথত যাবলৈ ভয় কৰিব। যদি তেওঁলোকৰ মহিমামণ্ডন কৰা হয়, তেন্তে যি আজি দুৰ্নীতিত লিপ্ত হোৱা নাই, তেওঁৰো অনুভৱ হ’ব যে ই দেখোন সমাজত প্ৰতিপত্তিৰ ৰং হৈ পৰে, সেই বাটেৰে যোৱাটো বেয়া নহয়।

 

মোৰ প্ৰিয় দেশবাসী,

বাংলাদেশত যি হৈ আছে, তাক লৈ চুবুৰীয়া দেশ হিচাপে, চিন্তিত হোৱাটো মই বুজিব পাৰোঁ। মই আশা কৰোঁ যে তাত অতি সোনকালে পৰিস্থিতি স্বাভাৱিক হ’ব। বিশেষকৈ ১৪০ কোটি দেশবাসীৰ চিন্তা যে তাত থকা হিন্দু, তাত থকা সংখ্যালঘু, সেই সম্প্ৰদায়ৰ সুৰক্ষা সুনিশ্চিত হওক। ভাৰতে সদায় বিচাৰে যে আমাৰ চুবুৰীয়া দেশসমূহে সদায় সুখ আৰু শান্তিৰ পথ অনুসৰণ কৰক। শান্তিৰ প্ৰতি আমাৰ দায়বদ্ধতা আছে, আমাৰ মূল্যবোধ। আমি অনাগত দিনত বাংলাদেশৰ উন্নয়ন যাত্ৰাত আমাৰ সদায় ভাল চিন্তাই থাকিব কিয়নো আমি মানৱ জাতিৰ কল্যাণৰ কথা চিন্তা কৰা মানুহ।

 

মোৰ প্ৰিয় দেশবাসী,

আমাৰ সংবিধানে ৭৫ বছৰ সম্পূৰ্ণ কৰি আছে। ভাৰতীয় সংবিধানৰ ৭৫ বছৰীয়া যাত্ৰাই দেশক একত্ৰিত কৰি, দেশক শ্ৰেষ্ঠ কৰি তোলাত বহুত ডাঙৰ ভূমিকা পালন কৰিছে। আমাৰ দেশৰ সংবিধানে ভাৰতৰ গণতন্ত্ৰক শক্তিশালী কৰাৰ ক্ষেত্ৰত বৃহৎ ভূমিকা পালন কৰিছে। আমাৰ সংবিধানে আমাৰ দেশৰ দলিত, নিপীড়িত, শোষিত আৰু বঞ্চিতসকলক নিৰাপত্তা প্ৰদানৰ এক বৃহৎ কাম কৰিছে। এতিয়া আমি যেতিয়া সংবিধানৰ ৭৫ বছৰ উদযাপন কৰিবলৈ যাওঁ তেতিয়া দেশবাসীয়ে সংবিধানত উল্লেখ কৰা কৰ্তব্যবোধৰ ওপৰত গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয় আৰু কৰ্তব্যৰ কথা কওঁতে কেৱল নাগৰিকক বোজা দিব নিবিচাৰোঁ। কেন্দ্ৰীয় চৰকাৰৰো কৰ্তব্য আছে, কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিজন কৰ্মচাৰীৰো কৰ্তব্য আছে। ৰাজ্য চৰকাৰৰ আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ। প্ৰতিটো স্থানীয় স্বৰাজ সংগঠনৰ কৰ্তব্য আছে, পঞ্চায়ত হওক, পৌৰসভা হওক, পৌৰ নিগম হওক, তহচিল হওক, জিলা হওক, সকলোৰে কৰ্তব্য আছে। কিন্তু একে সময়তে আছে ১৪০ কোটি দেশবাসীৰ কৰ্তব্য। যদি আমি সকলোৱে মিলি নিজৰ কৰ্তব্য পালন কৰোঁ, তেন্তে আমি স্বয়ংক্ৰিয়ভাৱে আনৰ অধিকাৰ ৰক্ষাৰ আহিলা হৈ পৰিম আৰু যেতিয়া আমাৰ কৰ্তব্য পালন কৰা হ’ব, তেতিয়া অধিকাৰৰ সুৰক্ষা অন্তৰ্নিহিত হৈ পৰে, ইয়াৰ বাবে কোনো পৃথক প্ৰচেষ্টা চলোৱাৰ প্ৰয়োজন নাই। মই বিচাৰোঁ যে আমি আমাৰ এই অনুভূতি লৈ আগবাঢ়ি যাওঁ। আমাৰ গণতন্ত্ৰও শক্তিশালী হৈ উঠিব। আমাৰ শক্তি আৰু বাঢ়িব আৰু আমি নতুন শক্তিৰে আগবাঢ়ি যাম।

 

মোৰ প্ৰিয় দেশবাসী,

আমাৰ দেশত উচ্চতম ন্যায়ালয়ত বাৰে বাৰে ইউনিফৰ্ম চিভিল কোডক লৈ আলোচনা কৰা হৈছে। বহুবাৰ আদেশ দিয়া হৈছে কাৰণ দেশৰ এক বৃহৎ অংশই বিশ্বাস কৰে আৰু ইয়াত সত্যতাও আছে যে আমি যিখন নাগৰিক সংহিতাৰ সৈতে জীয়াই আছোঁ সেয়া আচলতে এক প্ৰকাৰৰ সাম্প্ৰদায়িক নাগৰিক সংহিতা, বৈষম্যমূলক নাগৰিক সংহিতা। আমি যেতিয়া সংবিধানৰ ৭৫ বছৰ উদযাপন কৰি আছোঁ আৰু সংবিধানৰ ভাবনায়ো যি আমাক কৰিবলৈ কয়, দেশৰ উচ্চতম ন্যায়ালয়েও আমাক কৰিবলৈ কয়, আৰু তেতিয়া যি সংবিধান নিৰ্মাতাসকলৰ সপোন আছিল, সেই সপোন পূৰণ কৰাটো আমাৰ সকলোৰে দায়িত্ব আৰু মই বিশ্বাস কৰোঁ যে এই বিষয়ত দেশত আলোচনা হ’ব লাগে, ব্যাপক আলোচনা হ’ব লাগে। সকলোৱে নিজৰ নিজৰ ধাৰণা লৈ আহক আৰু কানুনক যি কানুনে ধৰ্মৰ ভিত্তিত দেশক বিভাজিত কৰে, যি উচ্চ-নীচৰ কাৰণ হৈ পৰে, এনেকুৱা কানুনৰ আধুনিক সমাজত কোনো স্থান নাই আৰু সেইবাবেই মই ক’ম, এতিয়া দেশৰ দাবী, এতিয়া দেশত এক Secular Civil Code হ'ব লাগে, আমি Communal Civil Codeত ৭৫ বছৰ কটালোঁ। এতিয়া আমি ধৰ্মনিৰপেক্ষ নাগৰিক সংহিতাৰ দিশত যাব লাগিব, আৰু তেতিয়াহে দেশত ধৰ্মৰ ভিত্তিত চলি থকা বৈষম্যৰ পৰা মুক্তি পাম, যাৰ বাবে সাধাৰণ নাগৰিকে দূৰত্ব অনুভৱ কৰে।

 

মোৰ প্ৰিয় দেশবাসী,

যেতিয়া মই দেশত এটা চিন্তাৰ কথা সদায় কওঁ, পৰিয়ালবাদ, জাতিবাদে ভাৰতৰ গণতন্ত্ৰৰ যথেষ্ট ক্ষতি কৰিছে। আমি দেশক আৰু ৰাজনীতিক পৰিয়ালবাদ আৰু জাতিবাদৰ পৰা মুক্ত কৰিব লাগিব। আজি আমি দেখিছোঁ, মোৰ সন্মুখত যি নজোৱান আছে তাত লিখা আছে মাই ভাৰত, যি সংগঠনৰ নাম তাৰ চৰ্চা লিখা আছে। বৰ ভালকৈ লিখা হৈছে। মাই ভাৰতৰ বহু মিছন আছে। এটা মিছন এইটোও যে আমি যিমান পাৰি সোনকালে দেশৰ ৰাজনৈতিক জীৱনত জনপ্ৰতিনিধি হিচাপে এক লাখ এনে নজোৱানক আগুৱাই আনিব বিচাৰোঁ প্ৰথম অৱস্থাত, এক লাখ  এনে নজোৱানক আগুৱাই আনিব বিচাৰোঁ যাৰ পৰিয়ালত কাৰো কোনো ৰাজনৈতিক পটভূমি নাই। যাৰ মাক-দেউতাক, ভাই-ভনী, খুড়া, মামা-মামী কেতিয়াও ৰাজনীতিত নাছিল। কোনো প্ৰজন্মতে নথকা এনে উদ্যমী নজোৱানক, ফ্ৰেছ ব্লাড এক লাখ, লাগে তেওঁলোক পঞ্চায়তলৈ আহক, লাগে পৌৰসভালৈ আহক, লাগে জিলা পৰিষদলৈ আহক, লাগে বিধানসভালৈ আহক, লোকসভালৈ আহক। এক লাখ নতুন নজোৱান, কোনোধৰণৰ পূৰ্বৰ ৰাজনৈতিক ইতিহাস তেওঁলোকৰ পৰিয়ালৰ নাথাকক, এনে সতেজ মানুহ ৰাজনীতিলৈ আহিব লাগে যাতে জাতিবাদৰ পৰা মুক্তি পাব পাৰি, পৰিয়ালবাদৰ পৰা মুক্তি পাব পাৰি, গণতন্ত্ৰই সমৃদ্ধি পাব পাৰে আৰু জৰুৰী নহয় যে এটা দললৈ যাওক, তেওঁলোকৰ যি পছন্দ হয় সেই দললৈ যাওক। সেই দললৈ গৈ তেওঁ জনপ্ৰতিনিধি হৈ আগবাঢ়ি আহক।

 

দেশে সিদ্ধান্ত লওক যে অনাগত দিনত এনে এক লাখ নজোৱান, যাৰ পৰিয়ালৰ ৰাজনীতিৰ লগত কোনো সম্পৰ্ক নাই, এনে ফ্ৰেছ ব্লাড আহিব, তেতিয়া চিন্তাও নতুন আহিব, সামৰ্থ্যও নতুন আহিব। গণতন্ত্ৰ সমৃদ্ধিশালী হ’ব আৰু সেয়ে আমি এই দিশত আগবাঢ়িব লাগিব আৰু মই বিচাৰোঁ যে দেশত সঘনাই হোৱা নিৰ্বাচনে এই দেশৰ প্ৰগতিত বাধাৰ সৃষ্টি কৰিছে, অচলাৱস্থাৰ সৃষ্টি কৰিছে। আজি যিকোনো আঁচনিক নিৰ্বাচনৰ লগত সংযোগ কৰাটো সহজ হৈ পৰিছে। কাৰণ প্ৰতি তিনিমাহত বা ছমাহৰ মূৰে মূৰে ক’ৰবাত নহয় ক’ৰবাত নিৰ্বাচন চলি থাকে। আপুনি যিকোনো পৰিকল্পনাৰ বিষয়ে প্ৰকাশ কৰক, তেতিয়া সংবাদ মাধ্যমত দেখিব যে নিৰ্বাচন আহিল কাৰণে এইটো হ’ল, নিৰ্বাচন আহিল কাৰণেই সেইটো হ’ল। প্ৰতিটো কামকে নিৰ্বাচনৰ ৰঙেৰে ৰং কৰা হৈছে। আৰু সেয়েহে দেশত ব্যাপক চৰ্চা হৈছে। সকলো ৰাজনৈতিক দলে নিজৰ মতামত প্ৰকাশ কৰিছে। এখন কমিটীয়ে বহুত ভাল প্ৰতিবেদন প্ৰস্তুত কৰিছে। ৱান নেচন ৱান ইলেকচনৰ বাবে দেশ আগবাঢ়ি আহিব লাগিব। মই লালকিল্লাৰ পৰা ত্ৰিৰঙ্গ পতাকাক সাক্ষী হিচাপে লৈ দেশৰ ৰাজনৈতিক দলসমূহক আহ্বান জনাইছোঁ, দেশৰ সংবিধান বুজি পোৱা জনসাধাৰণক আহ্বান জনাইছোঁ যে ভাৰতৰ প্ৰগতিৰ বাবে ভাৰতৰ সম্পদৰ সৰ্বাধিক ব্যৱহাৰ সাধাৰণ জনতাৰ বাবে হওক, তাৰবাবে এক ৰাষ্ট্ৰ এক নিৰ্বাচন সপোন বাস্তৱায়িত কৰিবলৈ আমি আগবাঢ়ি অহা উচিত।

 

মোৰ প্ৰিয় দেশবাসী,

ভাৰতৰ সোণালী কালখণ্ড হৈছে ২০৪৭, বিকশিত ভাৰতে আমাৰ বাবে অপেক্ষা কৰি আছে। বাধা, জটিলতা, প্ৰত্যাহ্বানসমূহক পৰাস্ত কৰি এক দৃঢ় সংকল্পৰে এই দেশ অগ্ৰসৰ হ’বলৈ প্ৰতিশ্ৰুতিবদ্ধ। আৰু বন্ধুসকল, মই স্পষ্টকৈ দেখিছোঁ যে মোৰ দৃষ্টিভংগীত কোনো সংকোচ নাই। মোৰ সপোনৰ সন্মুখত কোনো পৰ্দা নাই। মই স্পষ্টকৈ দেখিবলৈ পাওঁ যে এই দেশ, ১৪০ কোটি দেশবাসীৰ কঠোৰ পৰিশ্ৰমেৰে আমাৰ পূৰ্বপুৰুষৰ তেজ আমাৰ শিৰাত আছে। যদি সেই ৪০ কোটি মানুহে স্বাধীনতাৰ সপোন পূৰণ কৰিব পাৰে তেন্তে ১৪০ কোটি দেশবাসীয়ে এখন সমৃদ্ধিশালী ভাৰতৰ সপোন বাস্তৱায়িত কৰিব পাৰিব। ১৪০ কোটি দেশবাসীয়ে বিকশিত ভাৰতৰ সপোন বাস্তৱায়িত কৰিব পাৰে। আৰু মই আগতেও কৈছিলোঁ যে মোৰ তৃতীয় কাৰ্যকালত দেশখন নিশ্চিতভাৱে তৃতীয় অৰ্থনীতি হ’বই, কিন্তু মই তিনিগুণ কাম কৰিম, তিনিগুণ দ্ৰুতগতিত কাম কৰিম, তিনিগুণ ব্যাপকতাৰে কাম কৰিম, যাতে দেশৰ বাবে মোৰ যি সপোন আছে সেয়া বহুত ওচৰত সম্পূৰ্ণ হ’বলৈ, মোৰ প্ৰতিটো মুহূৰ্ত দেশৰ বাবে, মোৰ প্ৰতিটো ক্ষণ দেশৰ বাবে, মোৰ প্ৰতিটো কণা কেৱল মা ভাৰতীৰ বাবে আৰু সেয়েহে ২৪x৭ আৰু ২০৪৭ এই প্ৰতিশ্ৰুতিৰে আহক, মই দেশবাসীক আহ্বান জনাইছোঁ, আমাৰ পূৰ্বপুৰুষে যি সপোন দেখিছিল, আহক আমি সেই সপোনবোৰক সংকল্পলৈ ৰূপান্তৰিত কৰোঁ, আমাৰ সপোনবোৰক সংযোগ কৰোঁ, আমাৰ প্ৰচেষ্টাক সংযোগ কৰোঁ আৰু একবিংশ শতিকা, যিটো ভাৰতৰ শতিকা, সেই শতিকাত আমি সোণালী ভাৰত গঢ়ি তোলোঁ, সেই শতিকাতে আমি বিকশিত ভাৰত গঢ় দিওঁ আৰু সেই সপোনবোৰ পূৰণ কৰি আগবাঢ়ি যাওঁ আৰু স্বাধীন ভাৰতে ৭৫ বছৰৰ যাত্ৰাৰ পিছত এক নতুন স্তৰৰ দিশে আগবাঢ়িছে, তেতিয়া আমি চেষ্টাৰ কোনো ত্ৰুটি নকৰোঁ। আৰু মই আপোনালোকক আশ্বস্ত কৰিছোঁ, আপোনালোকে মোক যি দায়িত্ব দিছে, মই চেষ্টাৰ কোনো ত্ৰুটি নকৰোঁ, মই কঠোৰ পৰিশ্ৰম কৰাত কেতিয়াও পিছ পৰি নাথাকোঁ, মই সাহসত কেতিয়াও কুণ্ঠাবোধ নকৰোঁ, মই প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ কেতিয়াও ভয় নকৰোঁ, কিয়? কাৰণ মই আপোনালোকৰ বাবে জীয়াই আছোঁ, মই আপোনালোকৰ ভৱিষ্যতৰ বাবে জীয়াই আছোঁ, মই ভাৰত মাতৃৰ উজ্জ্বল ভৱিষ্যতৰ বাবে জীয়াই আছোঁ আৰু সেই সপোনবোৰ পূৰণ কৰিবলৈ আজি ৰাষ্ট্ৰীয় পতাকাৰ ছাঁত, ত্ৰিৰংগৰ ছাঁত দৃঢ় সংকল্পৰে আমি আগবাঢ়ি যাওঁ, ইয়াৰ লগতে মোৰ লগত কওক –

ভাৰত মাতা কী জয়।

ভাৰত মাতা কী জয়।

ভাৰত মাতা কী জয়।

বন্দে মাতৰম।

বন্দে মাতৰম।

বন্দে মাতৰম।

বন্দে মাতৰম।

জয় হিন্দ।

জয় হিন্দ।

জয় হিন্দ।

***

MJPS/VJ/ST/AV/NS/TK/DK/DB/SB/GS



(Release ID: 2045723) Visitor Counter : 37