প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ইলেক্ট্ৰনিকছ ৰপ্তানিৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ প্ৰশংসা কৰে
ভাৰতৰ ইলেক্ট্ৰনিকছ ৰপ্তানিয়ে শীৰ্ষ ৩ৰ ভিতৰত স্থান পাইছে
Posted On:
05 AUG 2024 3:30PM by PIB Guwahati
ইলেক্ট্ৰনিকছ ৰপ্তানিৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অপৰিসীম আনন্দ প্ৰকাশ কৰিছে। ইলেক্ট্ৰনিকছৰ ৰপ্তানি বিশ্বজুৰি শীৰ্ষ ৩ৰ ভিতৰত স্থান লাভ কৰিছে। শ্ৰী মোদীয়ে ইয়াৰ বাবে কৃতিত্ব দিয়ে যুৱ প্ৰজন্মৰ উদ্ভাৱনী শক্তিক। আগন্তুক সময়তো এই গতি অব্যাহত ৰাখিবলৈ ভাৰতে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।
কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে এক্স পোষ্টত জনাইছে যে ভাৰতৰ ইলেক্ট্ৰনিকছ ৰপ্তানি এতিয়া শীৰ্ষ ৩ৰ ভিতৰত আছে। তেওঁ বিজনেছ ষ্টেণ্ডাৰ্ড কাকতৰ এটা বাতৰিৰ প্ৰবন্ধও শ্বেয়াৰ কৰিছে য’ত কোৱা হৈছে যে ভাৰতৰ পৰা এপল আইফোনৰ ৰপ্তানিৰ বৃদ্ধিৰ ফলত ইলেক্ট্ৰনিকছে অতীতৰ ৰত্ন আৰু গহনাসমূহৰ উত্থান ঘটাই ২০২৪-২৫ (বিত্তীয় বৰ্ষ ২৫)ৰ (Q1)এপ্ৰিল-জুন ত্ৰৈমাসিকৰ শেষৰ ফালে ভাৰতৰ শীৰ্ষ ১০টা ৰপ্তানিৰ ভিতৰত তৃতীয় স্থান দখল কৰিছে।
কেন্দ্ৰীয় মন্ত্ৰীৰ এক্স পদৰ প্ৰতি সঁহাৰি জনাই শ্ৰী মোদীয়ে কয়; “এয়া সঁচাকৈয়ে অপৰিসীম আনন্দৰ বিষয়। ইলেক্ট্ৰনিকছৰ ক্ষেত্ৰত ভাৰতৰ দক্ষতা আমাৰ উদ্ভাৱনমূলক যুৱ শক্তিৰ দ্বাৰা চালিত। সংস্কাৰ আৰু @makeinindiaক আগুৱাই নিয়াৰ ক্ষেত্ৰত ই আমাৰ গুৰুত্বৰ প্ৰমাণো দাঙি ধৰিছে। আগন্তুক সময়তো এই গতি অব্যাহত ৰাখিবলৈ ভাৰত দায়বদ্ধ হৈ আছে।”
***
DS/ST
(Release ID: 2045678)
Visitor Counter : 40
Read this release in:
Odia
,
Tamil
,
English
,
Urdu
,
Marathi
,
Hindi
,
Hindi_MP
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Telugu
,
Kannada
,
Malayalam