প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
হস্তী সুৰক্ষাৰ বাবে কৰা বৃহৎ সম্প্ৰদায়ৰ প্ৰচেষ্টাক প্ৰশংসা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
হাতী আমাৰ সংস্কৃতি আৰু ইতিহাসৰ সৈতে জড়িত: প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
12 AUG 2024 9:30AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব হস্তী দিৱস উপলক্ষে হাতী সুৰক্ষাৰ বাবে কৰা বৃহৎ সম্প্ৰদায়ৰ প্ৰচেষ্টাক শলাগ লৈছে। শ্ৰী মোদীয়ে হস্তীকূল উপকৃত হোৱাকৈ অনুকূল বাসস্থান লাভ কৰাটো নিশ্চিত কৰিবলৈ সকলো সম্ভৱপৰ ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি পুনৰ দোঁহাৰে।
প্ৰধানমন্ত্ৰীয়ে হাতীৰ মূল্য আৰু আমাৰ সংস্কৃতি আৰু ইতিহাসৰ প্ৰতি ইয়াৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে। বছৰ বছৰ ধৰি হাতীৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে তেওঁ শলাগ লৈছে।
এক্সৰ পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;
বিশ্ব হস্তী দিৱস হৈছে হাতী সুৰক্ষাৰ বাবে বৃহৎ সম্প্ৰদায়ৰ বিস্তৃত প্ৰচেষ্টাৰ শলাগ লোৱাৰ এক পদক্ষেপ। একে সময়তে আমি হস্তীকূল উপকৃত হোৱাকৈ অনুকূল বাসস্থান লাভ কৰাটো নিশ্চিত কৰাৰ বাবে সকলো সম্ভৱপৰ কাম কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দোঁহাৰিছো। ভাৰতত আমাৰ বাবে হাতীটো আমাৰ সংস্কৃতি আৰু ইতিহাসৰ সৈতেও জড়িত। আনন্দৰ কথা যে যোৱা কেইবছৰমানৰ পৰা হাতীৰ সংখ্যা বৃদ্ধি পাইছে।”
*********
MJPS/SS/ST/DB
(ৰিলিজ আই ডি : 2044458)
অতিথি কক্ষ : 84
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Hindi_MP
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam