প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ১০৯ উচ্চ উৎপাদনক্ষম, জলবায়ু অনুকূল আৰু জৈৱ-শক্তিশালী শস্যৰ জাত মুকলি কৰে

কৃষিক্ষেত্ৰত মূল্য সংযোজনৰ তাৎপৰ্য্য সম্পৰ্কে আলোকপাত প্ৰধানমন্ত্ৰীৰ

কৃষকসকলে কয় যে এই নতুন জাতসমূহে ব্যয় হ্ৰাসত সহায় কৰিব আৰু পৰিবেশতো ইতিবাচক প্ৰভাৱ পেলাব

এই নতুন শস্যৰ জাতসমূহৰ বিকাশৰ বাবে বিজ্ঞানীসকলক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে

বিজ্ঞানীসকলে জনোৱা মতে, অব্যৱহৃত শস্যক মূলসুঁতিলৈ আনিবলৈ প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি তেওঁলোকে কাম কৰি আহিছে

প্ৰাকৃতিক কৃষিকাৰ্য্যৰ উপকাৰিতাৰ লগতে জৈৱিক খাদ্যৰ বৰ্ধিত চাহিদা সন্দৰ্ভত আলোচনা কৰে প্ৰধানমন্ত্ৰীয়ে

Posted On: 11 AUG 2024 1:15PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আগবেলা নতুন দিল্লীস্থিত ভাৰত কৃষি গৱেষণা প্ৰতিষ্ঠানত ১০৯ টা উচ্চ উৎপাদনক্ষম, জলবায়ু অনুকূল আৰু জৈৱ-শক্তিশালী শস্যৰ জাত মুকলি কৰে।

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কৃষক আৰু বিজ্ঞানীসকলৰ সৈতে মত-বিনিময়ো কৰে। এই নতুন শস্যৰ জাতসমূহৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কৃষিক্ষেত্ৰত মূল্য সংযোজনৰ তাৎপৰ্য্যত গুৰুত্ব আৰোপ কৰে। কৃষকসকলে কয় যে এই নতুন জাতসমূহে তেওঁলোকৰ ব্যয় হ্ৰাসত সহায় কৰিব আৰু পৰিবেশতো ইতিবাচক প্ৰভাৱ পেলাব।

প্ৰধানমন্ত্ৰীয়ে বাজৰাৰ গুৰুত্ব সম্পৰ্কে আলোচনাৰে জনসাধাৰণৰ বাবে কেনেকৈ পুষ্টিকৰ খাদ্য সহজলভ্য হৈ উঠিছে, সেই সম্পৰ্কে আলোকপাত কৰে। প্ৰাকৃতিক কৃষিৰ উপকাৰিতাৰ লগতে জৈৱিক কৃষিকাৰ্য্যৰ প্ৰতি সাধাৰণ লোকৰ ক্ৰমবৰ্ধমান আগ্ৰহ সম্পৰ্কেও তেখেতে কয় আৰু লগতে কয় যে জনসাধাৰণে জৈৱিক খাদ্য গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে আৰু ইয়াৰ চাহিদা বৃদ্ধি পাইছে। কৃষকসকলে প্ৰাকৃতিক কৃষিৰ প্ৰোৎসাহনৰ বাবে চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰাজিৰ শলাগ লয়।

কৃষকসকলে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত কৃষি বিজ্ঞান কেন্দ্ৰ (KVK)সমূহৰ ভূমিকাক প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে পৰামৰ্শ আগবঢ়ায় কয় যে এই কেন্দ্ৰসমূহে প্ৰতিমাহে প্ৰস্তুত কৰা নতুন জাতসমূহৰ উপকাৰিতাৰ বিষয়ে কৃষকসকলক সক্ৰিয়ভাৱে অৱগতকৰণেৰে ইয়াৰ উপযোগিতা সম্পৰ্কে সজাগতা বৃদ্ধি কৰিব লাগে।

প্ৰধানমন্ত্ৰীয়ে এই নতুন শস্যৰ জাতসমূহৰ বিকাশৰ বাবেও বিজ্ঞানীসকলক প্ৰশংসা কৰে। অব্যৱহৃত শস্যক মূলসুঁতিলৈ অনাৰ বাবে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা পৰামৰ্শ অনুসৰি কাম কৰি অহা বুলি বিজ্ঞানীসকলে অৱগত কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে মুকলি কৰা ৬১ বিধ শস্যৰ ১০৯ টা জাতৰ ভিতৰত ৩৪ টা হৈছে পথাৰ শস্য আৰু ২৭ টা হৈছে উদ্যান শস্য। পথাৰত কৰা শস্যসমূহৰ ভিতৰত বাজৰা, খাদ্য শস্য, তৈলবীজ, দাইল, কুঁহিয়াৰ, কপাহ, আঁহ আদি ভিন্ন শস্যৰ বীজ মুকলি কৰা হয়। উদ্যান শস্যৰ ভিতৰত ভিন্ন জাতৰ ফলমূল, শাক-পাচলি, ৰোপণ শস্য, মছলা, ফুল আৰু ঔষধি শস্য মুকলি কৰা হয়।

***

MJPS/VJ/SB
 



(Release ID: 2044328) Visitor Counter : 25