প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভিনেশ, তুমি চেম্পিয়নতকৈ চেম্পিয়নঃ প্ৰধানমন্ত্ৰী

আজিৰ ঘটনাটো অত্যন্ত দুখজনক। মই অনুভৱ কৰি থকা হতাশাৰ অনুভৱক যদি শব্দৰে প্ৰকাশ কৰিব পাৰিলোহেতেনঃ প্ৰধানমন্ত্ৰী

Posted On: 07 AUG 2024 1:16PM by PIB Guwahati

পেৰিছ অলিম্পিকৰ অন্তিমখন যুঁজৰ পূৰ্বে ভাৰতীয় মল্লযুঁজাৰু ভিনেশ ফ’গাটক অযোগ্য ঘোষণা কৰাৰ পাছতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ হৈ দুখ প্ৰকাশ কৰে৷

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয়;

ভিনেশ, তুমি চেম্পিয়নতকৈ চেম্পিয়ন! তুমি ভাৰতৰ গৌৰৱ আৰু প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে এক প্ৰেৰণাস্বৰূপ৷

আজিৰ ঘটনাটো অত্যন্ত দুখজনক। মই অনুভৱ কৰি থকা হতাশাৰ অনুভৱক যদি শব্দৰে প্ৰকাশ কৰিব পাৰিলোহেতেন৷

একে সময়তে আমি জানো যে তুমি সুস্থিৰতাৰ প্ৰতীক৷ প্ৰত্যাহ্বান গ্ৰহণ কৰাটোৱেই তোমাৰ স্বভাৱ৷

শক্তিশালীভাৱে প্ৰত্যাৱৰ্তন কৰা! আমি সকলোৱে তোমাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ৷

@Phogat_Vinesh”

 

***

DS/ST/DB



(Release ID: 2042659) Visitor Counter : 32