প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মধ্যপ্ৰদেশৰ সাগৰত জিলাত দেৱাল ভাঙি হোৱা শোকাবহ মৃত্যুৰ ঘটনাত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীৰ, এককালীন সাহায্য ঘোষণা

Posted On: 04 AUG 2024 6:47PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ সাগৰ জিলাত সংঘটিত এক দুৰ্ভাগ্যজনক ঘটনাত শোক প্ৰকাশ কৰে, য’ত এখন দেৱাল ভাঙি প্ৰায় ৯টা শিশুৰ মৃত্যু হয়।

শ্ৰী মোদীয়ে দুৰ্ঘটনাত নিহত প্ৰতিজন মৃত ব্যক্তিৰ ওচৰৰ আত্মীয়ৰ বাবে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ)ৰ পৰা ২ লাখ টকাৰ এককালীন সাহায্যও ঘোষণা কৰে। তেওঁ শিশুসকলৰ শোকসন্তপ্ত পৰিয়ালসমূহৰ বাবে প্ৰাৰ্থনাও কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:

"মধ্যপ্ৰদেশৰ সাগৰত সংঘটিত হোৱা দুৰ্ঘটনাটোত মৃত্যু হোৱা শিশুসকলৰ আত্মীয়লৈ প্ৰধানমন্ত্ৰীয়ে পিএমএনআৰএফৰ পৰা ২ লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে। ইফালে আহতসকললৈ ৫০ হাজাৰ টকাৰ সাহায্য দিয়া হ'ব।"

"মধ্যপ্ৰদেশৰ সাগৰত দেৱাল ভাঙি পৰা ঘটনাটো বৰ হৃদয় বিদাৰক। প্ৰাণ হেৰুৱা শিশুসকলৰ শোকসন্তপ্ত পৰিয়াললৈ মোৰ গভীৰ সমবেদনা। ভগৱানে তেওঁলোকক এই যন্ত্ৰণা সহ্য কৰিব পৰা শক্তি প্ৰদান কৰক। ইয়াৰ লগতে আটাইকেইজন আহতৰ আশু আৰোগ্য কামনা কৰিলোঁ।

***

DS/ST



(Release ID: 2041421) Visitor Counter : 10