প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
৩০ জুলাইত ‘চিআইআই’-ৰ বাজেট-উত্তৰ সন্মিলনৰ উদ্বোধনী অধিৱেশনত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
29 JUL 2024 12:08PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ জুলাই, ২০২৪ তাৰিখে দুপৰীয়া ১২ বজাত নতুন দিল্লীৰ ‘বিজ্ঞান ভৱন’ত 'জাৰ্ণী টুৱাৰ্ডছ বিকশিত ভাৰতঃ এ পোষ্ট ইউনিয়ন বাজেট ২০২৪-২৫ কনফাৰেন্স'ৰ উদ্বোধনী অধিৱেশনত ভাষণ দিব।
এই সন্মিলনখন ভাৰতীয় উদ্যোগ পৰিষদ (চিআইআই)য়ে আয়োজন কৰিছে আৰু ইয়াৰ উদ্দেশ্য হৈছে বিকাশ আৰু উদ্যোগৰ ভূমিকাৰ বাবে চৰকাৰৰ বৃহত্তৰ দৃষ্টিভংগীৰ ৰূপৰেখা উপস্থাপন কৰা।
উদ্যোগ, চৰকাৰ, কূটনৈতিক সমাজ, থিংক টেংকৰ পৰা ১০০০ৰো অধিক অংশগ্ৰহণকাৰীয়ে ব্যক্তিগতভাৱে সন্মিলনখনত অংশগ্ৰহণ কৰাৰ লগতে বহু সংখ্যক লোকে সমগ্ৰ দেশ আৰু বিদেশৰ বিভিন্ন চিআইআই কেন্দ্ৰসমূহৰ পৰা সংযোগ স্থাপন কৰিব।
***
DS/ST/KB
(रिलीज़ आईडी: 2038405)
आगंतुक पटल : 81
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Hindi_MP
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam