গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

'কাৰ্গিল বিজয় দিৱস'ত মাতৃভূমিক সাহসিকতাৰে সুৰক্ষা প্ৰদান কৰা বীৰ সৈনিকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে

কাৰ্গিল বিজয় দিৱস হৈছে সেনাবাহিনীৰ বীৰ জোৱানসকলৰ বীৰত্বৰ অটল সংকল্পৰ প্ৰতীকঃ শ্ৰী অমিত শ্বাহ

কৃতজ্ঞ ৰাষ্ট্ৰই দেশৰ বীৰ সৈনিকসকলৰ ত্যাগ, নিষ্ঠা আৰু আত্মবলিদানক কেতিয়াও পাহৰিব নোৱাৰে

प्रविष्टि तिथि: 26 JUL 2024 2:24PM by PIB Guwahati

কাৰ্গিল যুদ্ধত সাহসিকতাৰে মাতৃভূমিক ৰক্ষা কৰা বীৰ সৈনিকসকলৰ প্ৰতি আজি 'কাৰ্গিল বিজয় দিৱস'ত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে শ্ৰদ্ধা নিবেদন কৰে।

 

এক্স প্লেটফৰ্মৰ এটা পোষ্টত শ্ৰী অমিত শ্বাহে কয় যে কাৰ্গিল বিজয় দিৱস হৈছে সেনাবাহিনীৰ বীৰ জোৱানসকলৰ বীৰত্বৰ অটল সংকল্পৰ প্ৰতীক। তেওঁ কয় যে কাৰ্গিল যুদ্ধত সাহসী সৈনিকসকলে হিমালয়ৰ দুৰ্গম পাহাৰত চূড়ান্ত বীৰত্ব প্ৰদৰ্শন কৰি শত্ৰুপক্ষক আঁঠু কাঢ়িবলৈ বাধ্য কৰে আৰু কাৰ্গিলত পুনৰ ত্ৰিৰংগা উত্তোলন কৰি দেশক গৌৰৱান্বিত কৰে। কাৰ্গিল যুদ্ধত সাহসিকতাৰে মাতৃভূমিক ৰক্ষা কৰা বীৰ সৈনিকসকলৰ প্ৰতি 'কাৰ্গিল বিজয় দিৱস' উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে শ্ৰদ্ধা নিবেদন কৰে।

 

তেওঁ কয় যে কৃতজ্ঞ ৰাষ্ট্ৰই দেশৰ বীৰ সৈনিকসকলৰ ত্যাগ, নিষ্ঠা আৰু আত্মবলিদানক কেতিয়াও পাহৰিব নোৱাৰে।

 

***************

 

RK / VV / ASH / PS/KG


(रिलीज़ आईडी: 2038264) आगंतुक पटल : 81
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , English , Urdu , हिन्दी , Hindi_MP , Marathi , Bengali , Gujarati , Tamil , Kannada