নিতি আয়োগ

প্ৰধানমন্ত্ৰীয়ে ‘বিকশিত ভাৰত@2047’ দৃষ্টিভংগী আগবঢ়াই নিবলৈ নীতি আয়োগৰ নৱম গভাৰ্ণিং কাউন্সিলৰ বৈঠকৰ অধ্যক্ষতা কৰিব

‘জীৱনৰ সুগমতা’ৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভৱিষ্যতৰ বিকাশ গঢ় দিয়াত গুৰুত্ব দিয়া হ’ব

Posted On: 26 JUL 2024 3:41PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ জুলাই, ২০২৪ তাৰিখে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত হ’বলগীয়া নীতি আয়োগৰ নৱম গভাৰ্ণিং কাউন্সিলৰ বৈঠকৰ অধ্যক্ষতা কৰিব। এই বৰ্ষৰ বিষয়বস্তু হৈছে ‘বিকশিত ভাৰত@2047’, যাৰ কেন্দ্ৰীয় গুৰুত্ব হৈছে ভাৰতক এখন বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা।

গভাৰ্ণিং কাউন্সিলৰ বৈঠকত বিকশিত ভাৰত@2047ৰ ওপৰত ভিজন ডকুমেণ্টৰ বাবে দৃষ্টিকোণ পত্ৰৰ ওপৰত আলোচনা কৰা হ’ব। এই বৈঠকৰ উদ্দেশ্য হৈছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত অংশগ্ৰহণমূলক শাসন আৰু সহযোগিতাক প্ৰসাৰিত কৰা, চৰকাৰী সামগ্ৰীৰ যোগান ব্যৱস্থা শক্তিশালী কৰাৰ জৰিয়তে গ্ৰাম্য আৰু নগৰীয়া উভয় জনসংখ্যাৰ জীৱনৰ মান বৃদ্ধি কৰা। বৈঠকত ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাত ৰাজ্যসমূহৰ ভূমিকা সন্দৰ্ভতো বিতং আলোচনা কৰা হ’ব।

ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হোৱাৰ পথত, যাৰ জিডিপিয়ে ৫ ট্ৰিলিয়ন মাৰ্কিন ডলাৰ অতিক্ৰম কৰিছে আৰু ২০৪৭ চনৰ ভিতৰত ৩০ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ অৰ্থনীতিত পৰিণত হোৱাৰ আকাংক্ষা আছে। ২০৪৭ চনৰ ভিতৰত ‘বিকশিত ভাৰত’ৰ লক্ষ্যত উপনীত হ’বলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহৰ মাজত সহযোগিতামূলক দৃষ্টিভংগীৰ প্ৰয়োজন হ’ব। নৱম গভাৰ্ণিং কাউন্সিলৰ বৈঠকৰ উদ্দেশ্য এই লক্ষ্যৰ বাবে এটা ৰোডমেপ প্ৰস্তুত কৰা, য’ত কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত ‘টিম ইণ্ডিয়া’ হিচাপে টিম ৱৰ্ক প্ৰসাৰ কৰা হ’ব।

নীতি আয়োগৰ গভাৰ্ণিং কাউন্সিলে ২৭-২৯ ডিচেম্বৰ, ২০২৩ত আয়োজিত মুখ্য সচিবসকলৰ তৃতীয় ৰাষ্ট্ৰীয় সন্মিলনৰ পৰামৰ্শৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব। ‘জীৱনৰ সুগমতা’ৰ ব্যাপক বিষয়বস্তুৰ অধীনত, মুখ্য সচিবসকলৰ তৃতীয় ৰাষ্ট্ৰীয় সন্মিলনৰ সময়ত তলত উল্লেখ কৰা পাঁচটা মূল বিষয়বস্তুৰ ওপৰত পৰামৰ্শ আগবঢ়োৱা হৈছিল:

১। খোৱাপানী: প্ৰাপ্তি, পৰিমাণ আৰু গুণগত মান

২। বিজুলী: গুণগত মান, কাৰ্যক্ষমতা আৰু নিৰ্ভৰযোগ্যতা

৩। স্বাস্থ্য: সুগমতা, সামৰ্থ্য আৰু যত্নৰ মানদণ্ড

৪। বিদ্যালয়ৰ শিক্ষা: প্ৰাপ্তি আৰু গুণগত মান

৫। ভূমি আৰু সম্পত্তি: সুগমতা, ডিজিটেলাইজেশ্যন, পঞ্জীকৰণ আৰু মিউটেশ্যন

ইয়াৰ উপৰিও, চাইবাৰ সুৰক্ষা, আকাংক্ষী জিলা আৰু ব্লক কাৰ্যসূচী, ৰাজ্যসমূহৰ ভূমিকা আৰু শাসন ব্যৱস্থাত এআই সম্পৰ্কে আলোচনাৰ বাবেও বিশেষ অধিবেশন অনুষ্ঠিত কৰা হয়, যিবোৰৰ ওপৰতো মুখ্য সচিবসকলৰ তৃতীয় ৰাষ্ট্ৰীয় সন্মিলনৰ সময়ত আলোচনা কৰা হয়।

নীতি আয়োগৰ নৱম গভাৰ্ণিং কাউন্সিলৰ বৈঠকৰ প্ৰস্তুতিৰ বাবে, ২০২৩ চনৰ ডিচেম্বৰৰ শেষৰ ফালে তৃতীয় মুখ্য সচিব সন্মিলন অনুষ্ঠিত কৰা হয়, য’ত এই পাঁচটা মূল বিষয়বস্তুৰ ওপৰত বিস্তৃত আলোচনা হয়। ভাৰত চৰকাৰৰ সচিব আৰু সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ মুখ্য সচিবসকল ‘বিকশিত ভাৰত @2047’ৰ কাৰ্যসূচীৰ বাবে ৰূপৰেখা নিৰ্ধাৰণ কৰা আৰু পৰামৰ্শ দিয়াৰ সৈতে জড়িত আলোচনা প্ৰক্ৰিয়াৰ অংশ আছিল।

প্ৰধানমন্ত্ৰী নীতি আয়োগৰ অধ্যক্ষ। বৈঠকত অংশগ্ৰহণ কৰিবলগীয়া আনসকলৰ ভিতৰত থাকিব ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ-ৰাজ্যপাল, পদেন সদস্য আৰু বিশেষ আমন্ত্ৰিত সদস্য হিচাপে কেন্দ্ৰীয় মন্ত্ৰী আৰু নীতি আয়োগৰ উপাধ্যক্ষ তথা সদস্য।

**********

DS/SR



(Release ID: 2037774) Visitor Counter : 12