দক্ষতা উন্নয়ন আৰু উদ্যোগশীলতা মন্ত্ৰালয়

মহিলাৰ বাবে দক্ষতা বিকাশ কেন্দ্ৰ

Posted On: 24 JUL 2024 3:19PM by PIB Guwahati

ভাৰত চৰকাৰৰ দক্ষ ভাৰত অভিযান (এছআইএম) ৰ অধীনত দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰালয়ে (এমএছডিই) বিভিন্ন আঁচনি যেনে-প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা (পিএমকেভিৱাই), জন শিক্ষণ সংস্থা (জেএছএছ), ৰাষ্ট্ৰীয় এপ্ৰেণ্টিছশ্বিপ প্ৰমোচন আঁচনি (এনএপিএছ) আৰু ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (আইটিআই)ৰ জৰিয়তে শিল্পী প্ৰশিক্ষণ আঁচনি (চিটিএছ)ৰ অধীনত দক্ষতা বিকাশ কেন্দ্ৰ/মহাবিদ্যালয়/প্ৰতিষ্ঠান আদিৰ এক বিস্তৃত নেটৱৰ্কৰ জৰিয়তে  মহিলাকে ধৰি সমগ্ৰ দেশৰ সমাজৰ সকলো শ্ৰেণীক দক্ষতা, পুনৰ দক্ষতা আৰু উচ্চ দক্ষতা প্ৰশিক্ষণ প্ৰদান কৰে।

 

পিএমকেভিৱাইৰ অধীনত মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে থকা-খোৱাৰ সুবিধাৰ লগতে পৰিবহণ ব্যয়ৰ ব্যৱস্থা কৰা হয়। জে এছ এছ আঁচনিৰ অধীনত মহিলা আৰু অন্যান্য দুৰ্বল শ্ৰেণীক গুৰুত্ব দিয়া হৈছে। ভাৰত চৰকাৰে সকলো পাঠ্যক্ৰমত সকলো আইটিআই (চৰকাৰী আৰু ব্যক্তিগত)ত মহিলা প্ৰাৰ্থীৰ বাবে ৩০% আসন সংৰক্ষণৰ অনুমোদন জনাইছিল আৰু এই আসনসমূহ নিজ নিজ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সাধাৰণ সংৰক্ষণ নীতিৰ ভিত্তিত পূৰণ কৰিব পৰা যাব। কেৱল মহিলাৰ বাবে ১৯টা ৰাষ্ট্ৰীয় দক্ষতা প্ৰশিক্ষণ প্ৰতিষ্ঠান (এনএছটিআই) আৰু ৩০০ৰো অধিক আইটিআই আছে।

আৰম্ভণিৰ পৰাই এমএছডিইৰ আঁচনিৰ অধীনত ২০২৪ চনৰ জুন মাহলৈকে প্ৰশিক্ষণপ্ৰাপ্ত মুঠ প্ৰাৰ্থীৰ প্ৰায় ৩৬.৫৯% মহিলা আছিল আৰু হ্ৰস্বম্যাদী প্ৰশিক্ষণ কাৰ্যসূচী ক্ৰমে জেএছএছ আৰু পি এম কে ভি ৱাইৰ অধীনত মহিলাৰ অংশ ৮২.০১% আৰু ৪৪.৩০% পৰ্যন্ত আছিল।

চাহিদাৰ মূল্যায়নৰ ভিত্তিত দক্ষতা বিকাশ কেন্দ্ৰ স্থাপন কৰা হয়। কেৱল মহিলাৰ বাবে এনএছটিআইৰ ৰাজ্যভিত্তিক সংখ্যা, মুঠ আইটিআই আৰু মহিলা আইটিআই ১নং পৰিশিষ্টত উল্লেখ কৰা হৈছে।

 

১নং পৰিশিষ্ট

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এনএছটিআই আৰু আইটিআই কেন্দ্ৰৰ সংখ্যা (৩০.০৬.২০২৪লৈকে):

 

ক্ৰ.নং

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল

এনএছটিআই (মহিলাৰ বাবে)

Total ITIs (Government and Private)

Total ITIs

Exclusively for women

1

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ

0

4

0

2

অন্ধ্ৰপ্ৰদেশ

0

521

6

3

অৰুণাচল প্ৰদেশ

0

7

1

4

অসম

0

46

4

5

বিহাৰ

1

1377

45

6

চণ্ডীগড়

0

2

1

7

চত্তীশগড়

0

232

2

8

দিল্লী

0

53

5

9

গোৱা

1

13

1

10

গুজৰাট

1

503

19

11

হাৰিয়ানা

1

389

22

12

হিমাচলপ্ৰদেশ

1

270

12

13

জম্মু আৰু কাশ্মীৰ

1

50

6

14

ঝাৰখণ্ড

0

348

13

15

কৰ্ণাটক

1

1504

17

16

কেৰালা

1

464

16

17

লাডাখ

0

3

1

18

লাক্ষাদ্বীপ

0

1

0

19

মধ্যপ্ৰদেশ

1

1077

14

20

মহাৰাষ্ট্ৰ

1

1042

16

21

মনিপুৰ

0

10

1

22

মেঘালয়

1

8

2

23

মিজোৰাম

0

3

0

24

নাগালেণ্ড

0

9

0

25

ওড়িশা

0

525

1

26

পুডচেৰী

0

15

1

27

পাঞ্জাৱ

1

351

38

28

ৰাজস্থান

1

1620

9

29

ছিকিম

0

4

0

30

তামিলনাডু

1

503

10

31

তেলেংগানা

1

302

4

32

দাদৰা আৰু নগৰ হাভেলি আৰু দমন আৰু দিউ

0

4

0

33

ত্ৰিপুৰা

1

22

1

34

উত্তৰপ্ৰদেশ

2

3263

46

35

উত্তৰাখণ্ড

0

187

1

36

পশ্চিমবংগ

1

302

4

 

ৰাজ্যসভাত আজি এক লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য দাঙি ধৰে দক্ষতা বিকাশ আৰু উদ্যমিতা বিভাগৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) শ্ৰী জয়ন্ত চৌধুৰীয়ে।

******

SB/DP/DB



(Release ID: 2036577) Visitor Counter : 8