বিত্ত মন্ত্ৰালয়

চৰকাৰে প্ৰধানমন্ত্ৰীৰ পেকেজৰ অংশ হিচাপে ‘নিয়োগ সম্পৰ্কীয় উদ্গনি’ৰ বাবে ৩খন আঁচনি ৰূপায়ণ কৰিব

এই আঁচনিৰ অধীনত সকলো আনুষ্ঠানিক খণ্ডত নতুন কৰ্মশক্তি হিচাপে যোগদান কৰা সকলো নৱনিযুক্ত ব্যক্তিক এমাহৰ দৰমহা দিয়া হ’ব আৰু ইয়াৰ দ্বাৰা ২১০ লাখ যুৱক-যুৱতী উপকৃত হোৱাৰ সম্ভাৱনা আছে

এই আঁচনিত নিৰ্মাণ খণ্ডত অতিৰিক্ত নিয়োগক উৎসাহিত কৰা হ’ব যি প্ৰথমবাৰৰ বাবে নিয়োগ লাভ কৰাসকলৰ নিয়োগৰ সৈতে জড়িত আৰু ইয়াৰ ফলত প্ৰথমবাৰৰ বাবে নিয়োগ লাভ কৰা ৩০ লাখ যুৱক-যুৱতী উপকৃত হোৱাৰ আশা আছে

সকলো খণ্ডত অতিৰিক্ত নিয়োগক সামৰি লোৱা নিয়োগকৰ্তাসকলৰ ওপৰত গুৰুত্ব আৰোপ কৰা এই আঁচনিখনে ৫০ লাখ ব্যক্তিক অতিৰিক্ত নিয়োগ উদ্গনি প্ৰদান কৰিব বুলি আশা কৰা হৈছে

Posted On: 23 JUL 2024 1:07PM by PIB Guwahati

চৰকাৰে প্ৰধানমন্ত্ৰীৰ পেকেজৰ অংশ হিচাপে ‘নিয়োগ সম্পৰ্কীয় উদ্গনি’ৰ বাবে তিনিখন আঁচনি ৰূপায়ণ কৰিব। এই আঁচনিসমূহ ইপিএফঅ’ত নামভৰ্তি আৰু প্ৰথমবাৰৰ বাবে নিয়োগ লাভ কৰাসকলক চিনাক্তকৰণ কৰা আৰু কৰ্মচাৰী তথা নিয়োগকৰ্তাক সহায় আগবঢ়োৱাৰ ওপৰত আধাৰিত হ’ব। এই কথাৰ ঘোষণা কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি সংসদত কেন্দ্ৰীয় বাজেট ২০২৪-২৫ দাখিল কৰাৰ সময়ত কৰে। ৰূপায়ণ হ’বলগীয়া তিনিখন আঁচনি তলত উল্লেখ কৰা হৈছে:

আঁচনি ক: প্ৰথমবাৰৰ বাবে নিয়োগ পোৱা লোক

কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ অধীনত সকলো আনুষ্ঠানিক খণ্ডত নতুন কৰ্মশক্তি হিচাপে যোগদান কৰা সকলো নৱনিযুক্ত ব্যক্তিক এমাহৰ দৰমহা দিয়া হ’ব। ইপিএফঅ’ত পঞ্জীয়ন কৰা প্ৰথমবাৰৰ বাবে নিয়োজিত কৰ্মচাৰীক এমাহৰ দৰমহাৰ প্ৰত্যক্ষ সুবিধা হস্তান্তৰ তিনিটা কিস্তিত কৰা হ’ব, যি সৰ্বাধিক ১৫ হাজাৰ টকা হ’ব। এই আঁচনিৰ অধীনত যোগ্যতাৰ সীমা হ’ব ১ লাখ টকাৰ মাহিলী দৰমহা। তেওঁ কয়, “এই আঁচনিৰ জৰিয়তে ২১০ লাখ যুৱক-যুৱতী উপকৃত হোৱাৰ আশা আছে।”

 

আঁচনি খ: নিৰ্মাণ খণ্ডত নিয়োগ সৃষ্টি

কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিত নিৰ্মাণ খণ্ডত অতিৰিক্ত নিয়োগক উৎসাহিত কৰা হ’ব, যি প্ৰথমবাৰৰ বাবে নিয়োগ লাভ কৰাসকলৰ নিয়োগৰ সৈতে জড়িত। পোনপটীয়াকৈ কৰ্মচাৰী আৰু নিয়োগকৰ্তা, উভয়কে নিৰ্দিষ্ট পৰিসৰত নিয়োগৰ প্ৰথম চাৰি বছৰত ইপিএফঅ’লৈ তেওঁলোকৰ অৱদানৰ ক্ষেত্ৰত এক উদ্গনি প্ৰদান কৰা হ’ব। শ্ৰীমতী সীতাৰমণে কয় যে এই আঁচনিৰ জৰিয়তে প্ৰথমবাৰৰ বাবে নিয়োগ লাভ কৰা ৩০ লাখ যুৱক-যুৱতী আৰু তেওঁলোকৰ নিয়োগকৰ্তাসকল উপকৃত হোৱাৰ সম্ভাৱনা আছে।

 

আঁচনি গ: নিয়োগকৰ্তাসকলক সহায়

কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে নিয়োগকৰ্তাৰ ওপৰত কেন্দ্ৰীভূত এই আঁচনিত সকলো খণ্ডতে অতিৰিক্ত নিয়োগ অন্তৰ্ভুক্ত কৰা হ’ব। প্ৰতিমাহে ১ লাখ টকাৰ দৰমহাৰ ভিতৰত সকলো অতিৰিক্ত নিয়োগ গণনা কৰা হ’ব। চৰকাৰে প্ৰতিজন অতিৰিক্ত কৰ্মচাৰীৰ ক্ষেত্ৰত নিয়োগকৰ্তাসকলৰ ইপিএফঅ’ অৱদানৰ বাবে তেওঁলোকক দুবছৰৰ বাবে প্ৰতিমাহে ৩ হাজাৰ টকা ওভতাই দিব। তেওঁ কয়, “এই আঁচনিৰ জৰিয়তে ৫০ লাখ লোকে অতিৰিক্ত নিয়োগ উদ্গনি পোৱাৰ সম্ভাৱনা আছে।”

                                                                     

**********

 

NB/SS



(Release ID: 2036069) Visitor Counter : 9