প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জন্ম জয়ন্তীত ‘লোকমান্য’ তিলকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 23 JUL 2024 9:57AM by PIB Guwahati

জন্মজয়ন্তীত ‘লোকমান্য’ তিলকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। শ্ৰী মোদীয়ে পুনেত যোৱা বছৰ অনুষ্ঠিত কাৰ্যসূচীত প্ৰদান কৰা ভাষণো শ্বেয়াৰ কৰে, যিটো অনুষ্ঠানত তেওঁক ‘লোকমান্য তিলক ৰাষ্ট্ৰীয় বঁটা’ৰে সন্মানিত কৰা হৈছিল।

‘এক্স’-ত প্ৰেৰণ কৰা ‘পোষ্ট’ত প্ৰধানমন্ত্ৰীয়ে কয়;

"লোকমান্য তিলকৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। ভাৰতৰ স্বাধীনতাৰ যুঁজৰ ইতিহাসত তেওঁক সদায়ে এগৰাকী পুৰোধাৰ ৰূপত স্মৰণ কৰা হ'ব। তেওঁ এগৰাকী দূৰদৰ্শী আছিল যিয়ে জাতীয়তাবাদৰ চেতনা কঢ়িয়াই অনাৰ বাবে অক্লান্ত পৰিশ্ৰম কৰিছিল আৰু একে সময়তে শিক্ষা আৰু সেৱাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল। পুনেত যোৱা বছৰ অনুষ্ঠিত কাৰ্যসূচীত দিয়া মোৰ ভাষণ সহভাগ কৰিছো, য'ত মোক ‘লোকমান্য তিলক ৰাষ্ট্ৰীয় বঁটা’ৰে সন্মানিত কৰা হৈছিল।

 

***********

 

DS/ST/KB


(रिलीज़ आईडी: 2035550) आगंतुक पटल : 96
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Hindi_MP , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam