বিত্ত মন্ত্ৰালয়

বিশ্বৰ দ্ৰুততম বিকাশশীল অৰ্থনীতিসমূহৰ অন্যতম হোৱা স্বত্বেও ভাৰতৰ বাৰ্ষিক জনমূৰি কাৰ্বন নিৰ্গমন হাৰ হৈছে গোলকীয় গড়ৰ প্ৰায় এক-তৃতীয়াংশহে

‘২ ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতা’ৰ সৈতে সংগতি ৰখা ভাৰত হৈছে একমাত্ৰ ‘জি-২০’ ৰাষ্ট্ৰ: ‘আইএফচি’-ৰ প্ৰতিবেদন

লক্ষ্য বৰ্ষ ২০৩০-ৰ ভিতৰত নিৰ্গমনৰ তীব্ৰতা হ্ৰাস কৰাৰ বাবে গ্ৰহণ কৰা ‘এনডিচি’-ৰ লক্ষ্য ভাৰতে ১১ বছৰ আগতেই প্ৰাপ্ত কৰিছে

‘সেউজগৃহ গেছ নিৰ্গমন’ৰ প্ৰসংগৰ পৰা ভাৰতে ইয়াৰ অৰ্থনৈতিক বিকাশৰ প্ৰসংগক সফলতাৰে পৃথক কৰিবলৈ সক্ষম হৈছে

মিছন লাইফ: জলবায়ু পৰিৱৰ্তনৰে মোকাবিলা কৰিবলৈ আৰু বহনক্ষম জীৱন যাপনৰ বাবে গণ আন্দোলন

জলবায়ু পৰিৱৰ্তন প্ৰশমন আৰু স্থিতিস্থাপকতা গঢ়ি তোলাৰ দিশত ভাৰতে কেবাটাও আন্তঃৰাষ্ট্ৰীয় পদক্ষেপৰ নেতৃত্ব দিছে

Posted On: 22 JUL 2024 2:21PM by PIB Guwahati

বিশ্বৰ দ্ৰুততম বিকাশশীল অৰ্থনীতিসমূহৰ অন্যতম হোৱা স্বত্বেও ভাৰতৰ বাৰ্ষিক জনমূৰি কাৰ্বন নিৰ্গমনৰ হাৰ হৈছে গোলকীয় গড়ৰ মাত্ৰ এক-তৃতীয়াংশহে। আজি সংসদত দেশৰ ‘অৰ্থনৈতিক সমীক্ষা ২০২৩-২৪’ উথ্থাপন কৰি কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে এই তথ্য সদৰী কৰে।

জলবায়ু পৰিৱৰ্তনৰে মোকাবিলা কৰাৰ ক্ষেত্ৰত ভাৰতৰ সাফল্যৰ প্ৰসংগত গুৰুত্ব আৰোপ কৰি সমীক্ষাটোত আন্তঃৰাষ্ট্ৰীয় বিত্ত নিগমৰ শেহতীয়া প্ৰতিবেদনৰ উদ্ধৃতি দি উল্লেখ কৰা হৈছে যে ভাৰত হৈছে ‘২ ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতা’ৰ সৈতে সংগতি ৰখা একমাত্ৰ ‘জি-২০’ ৰাষ্ট্ৰ। সমীক্ষাটোত আৰু উল্লেখ কৰা হৈছে যে ভাৰতৰ বিকাশৰ কৌশলগত বিশেষত্ব হৈছে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ নিয়ন্ত্ৰণ কৰা আৰু একে সময়তে উন্নয়নমূলক প্ৰাথমিকতাসমূহত আকাংক্ষিত গুৰুত্ব প্ৰদান কৰা।

জলবায়ু পৰিৱৰ্তনেৰে মোকাবিলা কৰাৰ ক্ষেত্ৰত ভাৰতে সম্ভৱ কৰা গুৰুত্বপূৰ্ণ প্ৰগতি

ভাৰতে প্ৰথম ‘এনডিচি;-ৰ বেছিভাগ লক্ষ্যই আগতীয়াকৈ প্ৰাপ্ত কৰিছিল। ৰাষ্ট্ৰখনে লক্ষ্য বৰ্ষ-২০৩০ৰ ক্ৰমে ন আৰু এঘাৰ বছৰ আগতে, অৰ্থাত্, ২০২১ চনত অ-জীৱাশ্ম ইন্ধন-আধাৰিত শক্তি উৎসসমূহৰ পৰা ৪০ শতাংশ সংগ্ৰহযোগ্য বৈদ্যুতিক শক্তি-ৰ স্থাপিত সামৰ্থ্য অৰ্জন কৰাৰ বিপৰীতে ২০১৯ চনত ভাৰতৰ ‘জিডিপি’ৰ কাৰ্বন নিৰ্গমন তীব্ৰতা ২০০৫ৰ স্তৰৰ পৰা ৩৩ শতাংশ হ্ৰাস কৰিবলৈ সক্ষম হৈছিল।

সেইদৰে, ৩১ মে’ ২০২৪ তাৰিখ পৰ্যন্ত ৰাষ্ট্ৰখনে বিদ্যুৎ উৎপাদনৰ স্থাপিত সামৰ্থ্যৰ ক্ষেত্ৰত অ-জীৱাশ্ম উৎসৰ অংশ এপ্ৰিল ২০১৪-ৰ ৩২ শতাংশৰ পৰা ৪৫.৪ শতাংশত উপনীত হৈছে। ২০০৫ চনৰ পৰা ২০১৯ চন পৰ্যন্ত সৃষ্ট ১.৯৭ বিলিয়ন টন ‘কাৰ্বন অৱশোষণ-সামৰ্থ্য’ক বুনিয়াদ কৰি ভাৰতে ২০৩০ চনৰ ভিতৰত গছ আৰু বনাঞ্চলমূহৰ জৰিয়তে ২.৫ৰ পৰা ৩.০ বিলিয়ন টন অতিৰিক্ত ‘কাৰ্বন অৱশোষণ-সামৰ্থ্য’ সৃষ্টি কৰাৰ পথত আগবাঢ়িছে।

২০০৫ আৰু ২০১৯ চনৰ ভিতৰত ভাৰতৰ জিডিপি প্ৰায় সাত শতাংশৰ ‘বাৰ্ষিক চক্ৰবৃদ্ধি বিকাশ হাৰ’ (চিএজিআৰ)ৰে বৃদ্ধি হৈছে, আনহাতে নিৰ্গমনৰ হাৰ বৃদ্ধি হৈছে প্ৰায় চাৰি শতাংশ ‘চিএজিআৰ’-ত। অৰ্থাৎ, নিৰ্গমন বৃদ্ধিৰ হাৰ আমাৰ ‘জিডিপি’ বৃদ্ধিৰ হাৰতকৈ কম। ভাৰতে সেউজগৃহ গেছ নিৰ্গমনৰ প্ৰসংগৰ পৰা যে ইয়াৰ অৰ্থনৈতিক বিকাশৰ প্ৰসংগক সফলতাৰে পৃথক কৰিবলৈ সক্ষম হৈছে এই কথাই সেই কথাকে প্ৰতীয়মান কৰে।

ভাৰতৰ মুঠ ‘অভিযোজন-প্ৰাসংগিক ব্যয়’ ২০১৫-১৬ বৰ্ষৰ ‘জিডিপি’ৰ ৩.৭ শতাংশৰ পৰা ২০২১-২০২২ বৰ্ষত জিডিপিৰ ৫.৬০ শতাংশলৈ বৃদ্ধি পাইছে, যি কথাই জলবায়ু পৰিৱৰ্তনৰে মোকবিলা কৰিব পৰা পদক্ষেপ আৰু উন্নয়ন পৰিকল্পনাই অভিযোজনসূচকতাৰ সংকেত বহন কৰিছে।

নিম্ন কাৰ্বন বিকাশ আৰু শক্তি সংৰচনা

বৰ্ধিত অৰ্থনীতিৰ উন্নয়নমূলক প্ৰাথমিকতা আৰু আকাংক্ষা পূৰণ কৰিবলৈ ২০৪৭ চনৰ ভিতৰত ভাৰতৰ শক্তিৰ প্ৰয়োজনীয়তা ২ৰ পৰা ২.৫ গুণ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। সম্পদ সীমিত বুলি বিবেচনা কৰি জৰীপটোৱে আঙুলিয়াই দিছে যে শক্তি পৰিৱৰ্তনৰ গতিয়ে জলবায়ু পৰিৱৰ্তনৰ প্ৰতি স্থিতিস্থাপকতা উন্নত কৰাৰ বাবে আৰু নিৰন্তৰ সামাজিক আৰু অৰ্থনৈতিক বিকাশৰ বাবে সম্পদৰ বৈকল্পিক চাহিদা সৃষ্টিত গুৰুত্ব দিব লাগিব।

শক্তি পৰিৱৰ্তন আৰু আগুৱাই যোৱাৰ পথৰ প্ৰত্যাহ্বানসমূহ

কাৰ্বনৰ নিম্ন নিৰ্গমন পথ বিকাশৰ ক্ষেত্ৰত ভাৰতে সন্মুখীন হ’বলগীয়া বিভিন্ন প্ৰত্যাহ্বানসমূহৰ কথা উল্লেখ কৰি অৰ্থনৈতিক সমীক্ষাটোত উল্লেখ কৰা হৈছে যে নৱীকৰণযোগ্য শক্তি আৰু পৰিষ্কাৰ ইন্ধনৰ সম্প্ৰসাৰণে ভূমি আৰু পানীৰ চাহিদা বৃদ্ধি কৰিব। বেছিভাগ নৱীকৰণযোগ্য শক্তি উত্সই হৈছে ভূমি-নিবিড় আৰু বিভিন্ন শক্তি উৎসৰ ভিতৰত এনে উত্সসমূহে সৰ্বাধিক ভূমি ব্যৱহাৰৰ প্ৰয়োজনীয়তা দাবী কৰে। সেইদৰে, নৱীকৰণযোগ্য শক্তিৰ সম্প্ৰসাৰণৰ বাবে বেটাৰীৰ দৰে সংৰক্ষণ প্ৰযুক্তিৰ প্ৰয়োজন হয় যাৰ বাবে গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ উপলব্ধতাৰ প্ৰয়োজন হয় আৰু এনে খনিজ পদাৰ্থৰ উৎসসমূহ ভৌগোলিকভাৱে কেন্দ্ৰীভূত হয়।

 

শক্তি সুৰক্ষাক সমৰ্থন কৰাৰ সময়ত পৰিষ্কাৰ শক্তিৰ পৰিৱৰ্তন ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত শক্তি দক্ষতা ব্যৱস্থাৰ গুৰুত্বক স্বীকাৰ কৰি জৰীপটোৱে শক্তি দক্ষতা উন্নত কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা কেবাটাও পদক্ষেপৰ ওপৰত আলোকপাত কৰে। তাৰে কেইটামানৰ ভিতৰত আছে ভৱনৰ বাবে ‘শক্তি সংৰক্ষণ ভৱন সংহিতা’ (ইচিবিচি) আৰু সঁজুলিৰ বাবে ‘তৰা-মূল্যাংকিত কাৰ্যসূচী’, বহনক্ষম জীৱনশৈলী গ্ৰহণৰ বাবে ‘লাইফষ্টাইল ফৰ এনভাৰ্নমেণ্ট’ (লাইফ) উদ্যোগ, ঔদ্যোগিক খণ্ডৰ বাবে ‘পাৰফৰ্ম, এচিভ, এণ্ড ট্ৰেড (পিএটি) আঁচনি’, আৰু পৰিবহন খণ্ডৰ বাবে বৈদ্যুতিক বাহনৰ বাবে ‘চাৰ্জিং আন্তঃগাঁথনি’ ইত্যাদি।

ওপৰোক্ত সকলো পদক্ষেপৰ অৰ্থই হৈছে প্ৰায় ১,৯৪,৩২০ কোটি টকাৰ মুঠ বাৰ্ষিক ব্যয় ৰাহি কৰাৰ লগতে কাৰ্বন ডাই অক্সাইডৰ বাৰ্ষিক নিৰ্গমন প্ৰায় ৩০৬ নিযুত টন হ্ৰাস কৰা।

বহনক্ষম উন্নয়নৰ বাবে বিত্ত

জৰীপটোৱে উল্লেখ কৰিছে যে দেশখনে কাম-কাজৰ পৰিৱেশ উন্নত কৰিবলৈ আৰু অধিক পৰিমাণৰ সম্পদ অনুপ্ৰেৰিত কৰিবলৈ বহুতো ব্যৱস্থা গ্ৰহণ কৰিছে। অৰ্থনীতিৰ বিকাশে সৃষ্টি কৰিব পৰা কাৰ্বন নিৰ্গমনৰ তীব্ৰতা হ্ৰাস কৰাৰ প্ৰচেষ্টাত অৰিহণা যোগাব পৰাকৈ চৰকাৰে ৰাজহুৱা খণ্ডৰ প্ৰকল্পসমূহৰ বাবে উপাৰ্জন বৃদ্ধি কৰিবলৈ ২০২৩-ৰ জানুৱাৰী-ফেব্ৰুৱাৰীৰ সময়ছোৱাত ১৬,০০০ কোটি টকা পৰিমাণৰ ‘সাৰ্বভৌম সেউজ বণ্ড’-ৰ বিষয়টো হাতত লৈছিল। পিছত অক্টোবৰ-ডিচেম্বৰ ২০২৩-ত ‘সাৰ্বভৌম সেউজ বণ্ড’-ৰ জৰিয়তে ২০,০০০ কোটি টকা সংগ্ৰহ কৰা হয়।

সেইদৰে, ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে দেশত এক সেউজ বিত্তীয় পৰিস্থিতিতন্ত্ৰ গঢ়ি তোলা আৰু বিকশিত কৰাৰ বাবে নিয়ন্ত্ৰিত প্ৰতিষ্ঠানসমূহৰ বাবে ‘সেউজ জমা গ্ৰহণ পৰিকাঠামো’ কাৰ্যকৰী কৰিছে। ইয়াৰ উপৰিও, আৰবিআই-য়ে ইয়াৰ ‘প্ৰাথমিকতা খণ্ড ঋণ (পিএছএল) বিধি-নিয়ম’ৰ জৰিয়তে নৱীকৰণযোগ্য শক্তিক উদগণি দি আহিছে।

ভাৰতৰ অভিনৱ সেউজ ক্ৰেডিট কাৰ্যসূচী

সমীক্ষাটোত ভাৰত চৰকাৰৰ ‘মিছন লাইফ’-ৰ বিষয়ে কোৱা হৈছে, যাক জলবায়ু পৰিৱৰ্তনৰ মোকাবিলা কৰিবলৈ আৰু সংৰক্ষণ আৰু সংযম নীতিক আধাৰ কৰি বহনক্ষম জীৱন ধাৰণৰ বাবে এক গণ আন্দোলন হিচাপে পৰিকল্পনা কৰা হৈছে। ইয়াত আৰু কোৱা হৈছে যে ‘লাইফ’-ৰ প্ৰচেষ্টাক শক্তিশালী কৰিবলৈ আৰু পৰিৱেশ-অনুকূল পদ্ধতিক উৎসাহিত কৰিবলৈ, চৰকাৰে ‘গ্ৰীণ ক্ৰেডিট কাৰ্যসূচী’ (জিচিপি)ৰ দৰে স্বেচ্ছামূলক পাৰিপাৰ্শ্বিক কাৰ্যকলাপকো সমৰ্থন কৰে, যি ব্যক্তি, সম্প্ৰদায়, ব্যক্তিগত খণ্ডৰ উদ্যোগ আৰু কোম্পানীবোৰক পুৰস্কাৰ হিচাপে ‘সেউজ ক্ৰেডিট’ প্ৰদান কৰি পৰিৱেশ-ইতিবাচক কাৰ্যকলাপত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰে।

জলবায়ু পৰিৱৰ্তনৰ সমস্যা সমাধানৰ বাবে ভাৰতে আন্তঃৰাষ্ট্ৰীয় পদক্ষেপৰ নেতৃত্ব দিছে

সমীক্ষাটোত ভাৰতে জলবায়ু পৰিৱৰ্তন প্ৰশমন আৰু স্থিতিস্থাপকতা গঢ়ি তোলাৰ দিশত কেবাটাও আন্তঃৰাষ্ট্ৰীয় পদক্ষেপৰ নেতৃত্ব দিয়াৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হৈছে। ‘আন্তৰ্জাতিক সৌৰ মিত্ৰতা’ (আইএছএ), ‘এক বিশ্ব, এক সূৰ্য, এক গ্ৰিড’ (অ’এছঅ’ডব্লিউঅ’জি), ‘দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনিৰ বাবে মিত্ৰজোঁট’ (চিডিআৰআই), ‘দ্বীপ ৰাষ্ট্ৰসমূহৰ বাবে স্থিতিস্থাপক আন্তঃগাঁথনি’ (আইআৰআইএছ) আৰু ‘উদ্যোগ পৰিৱৰ্তন সম্পৰ্কীয়  নেতৃত্ব প্ৰদানকাৰী গোট’ (লীডআইটি) হৈছে এনে কেইটামান গুৰুত্বপূৰ্ণ উদাহৰণ।

******

NB/SNC/HP/KB



(Release ID: 2035142) Visitor Counter : 21