সংসদীয় পৰিক্ৰমা

ৰাজনৈতিক দলসমূহৰ সদনৰ নেতাসকলৰ সৈতে চৰকাৰৰ বৈঠক অনুষ্ঠিত হয় আজি


সংসদৰ কাম-কাজ সুকলমে পৰিচালনা কৰাৰ ক্ষেত্ৰত সকলো দলৰে সহযোগিতা বিচৰা হয়: সংসদীয় পৰিক্ৰমা মন্ত্ৰী শ্ৰী কিৰেন ৰিজিজু

সংসদৰ গৰিমা সদায়ে বৰ্তাই ৰখা উচিত: প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং

Posted On: 21 JUL 2024 5:06PM by PIB Guwahati

সংসদৰ বাজেট অধিৱেশন, ২০২৪ আৰম্ভ হোৱাৰ পূৰ্বে আজি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত সকলো ৰাজনৈতিক দলৰ সদনৰ নেতাসকলৰ সৈতে চৰকাৰৰ এখন বৈঠক অনুষ্ঠিত হয়। অষ্টাদশ লোকসভা গঠনৰ পিছত সংসদৰ দুয়োখন সদনৰ দলীয় নেতাসকলৰ সৈতে অনুষ্ঠিত প্ৰথমখন বৈঠকত মন্ত্ৰীগৰাকীয়ে সকলোকে আদৰণি জনায়। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী শ্ৰী কিৰেন ৰিজিজুৱে তেওঁৰ উদ্বোধনী ভাষণত জনায় যে সংসদৰ বাজেট অধিৱেশন সোমবাৰে, অৰ্থাত্ ২২ জুলাই, ২০২৪ তাৰিখে আৰম্ভ হ'ব আৰু চৰকাৰী কাম-কাজৰ আৱশ্যকতা সাপেক্ষে অধিৱেশনখন ১২ আগষ্ট, ২০২৪ তাৰিখ, সোমবাৰে সামৰণি পৰিব পাৰে। ২২ দিনীয়া অধিৱেশনখনত ১৬ খন বৈঠক অনুষ্ঠিত হ’ব। মন্ত্ৰীগৰাকীয়ে লগতে জনায় যে এই অধিৱেশন মুখ্যতঃ ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেট সম্পৰ্কীয় বিত্তীয় কাম-কাজৰ নামত সমৰ্পিত হ'ব আৰু ২৩ জুলাই, ২০২৪, মঙলবাৰে লোকসভাত বাজেট উপস্থাপন কৰা হ'ব। অৱশ্যে, অধিৱেশনৰ সময়ছোৱাত অত্যাৱশ্যকীয় আইনী আৰু অন্যান্য বিষয়ৰ কাৰ্যসূচীও গ্ৰহণ কৰা হ'ব। ভাৰতৰ অৰ্থনৈতিক সমীক্ষা সোমবাৰে, ২২ জুলাই, ২০২৪ তাৰিখে সদনত উপস্থাপন কৰা হ'ব। কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ বাবে ২০২৪ চনৰ বাজেটো ২৩ জুলাইত উপস্থাপন কৰা হ'ব। এই অধিৱেশনত সদ্যহতে ৬টা ন্যায়িক আৰু ৩টা বিত্তীয় প্ৰসংগৰ কাৰ্যসূচী অন্তৰ্ভূক্ত কৰা হৈছে।

 

কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে সংশ্লিষ্ট পীঠাধ্যক্ষসকলৰ দ্বাৰা সদনৰ প্ৰক্ৰিয়া আৰু কাৰ্যক্ৰম পৰিচালনা বিধি-নিয়মৰ অধীনত অনুমোদিত যিকোনো বিষয় সদনৰ মজিয়াত আলোচনা কৰিবলৈ চৰকাৰ সদায় সাজু আছে। তেওঁ সংসদৰ দুয়োখন সদনৰ কাম-কাজ সুকলমে পৰিচালিত হোৱাৰ ক্ষেত্ৰত সক্ৰিয় সহযোগিতা আৰু সমৰ্থনৰ বাবে সকলো দলৰ নেতাসকলক অনুৰোধ জনায়। বৈঠকত ৰাজ্যসভাৰ নেতা তথা কেন্দ্ৰীয় স্বাস্থ্য তথা পৰিয়াল কল্যাণ আৰু ৰসায়ন আৰু সাৰ দপ্তৰৰ মন্ত্ৰী শ্ৰী জগত প্ৰকাশ নাড্ডা, আইন আৰু ন্যায় দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী আৰু তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগানো উপস্থিত আছিল।

 

বৈঠকৰ সামৰণি মাৰি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে বৈঠকত উল্লেখ কৰা গুৰুত্বপূৰ্ণ বিষয়সমূহৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰাৰ বাবে সকলো নেতাক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে কয় যে আমি সংসদৰ কাৰ্যক্ৰমৰ সময়ত সদনৰ গৰিমা বৰ্তাই ৰখা উচিত। সংসদৰ সংশ্লিষ্ট সদনৰ নিয়ম আৰু সংশ্লিষ্ট পীঠাধ্যক্ষসকলৰ সিদ্ধান্ত সাপেক্ষে সকলোবোৰ বিষয়ত আলোচনাৰ বাবে চৰকাৰ সাজু আছে।

বৈঠকখনত মুঠতে ৪১টা ৰাজনৈতিক দলৰ ৫৫ গৰাকী নেতা উপস্থিত আছিল।

 

অষ্টাদশ লোকসভাৰ দ্বিতীয় অধিৱেশন আৰু ৰাজ্যসভাৰ ২৬৫ সংখ্যক অধিৱেশনৰ সময়ত গ্ৰহণ কৰিব লগা বিধেয়কৰ সাম্ভাব্য তালিকা

(ক) ন্যায়িক বিধেয়ক:-

১. বিত্ত (নং ২) বিধেয়ক, ২০২৪

২. দুৰ্যোগ ব্যৱস্থাপনা (সংশোধনী) বিধেয়ক, ২০২৪

৩. বয়লাৰ বিধেয়ক, ২০২৪

৪. ভাৰতীয় বায়ুযান বিধেয়ক, ২০২৪

৫. কফি (উদগণি আৰু বিকাশ) বিধেয়ক, ২০২৪

৬. ৰবৰ (উদগণি আৰু বিকাশ) বিধেয়ক, ২০২৪

 

 

(খ)  বিত্তীয় প্ৰসংগ:-

 

১. কেন্দ্ৰীয় বাজেট, ২০২৪-২৫ সন্দৰ্ভত সাধাৰণ আলোচনা।

২. ২০২৪-২৫ চনৰ বাবে অনুদানৰ দাবী আৰু সম্পৰ্কিত বিনিয়োজন বিধেয়কৰ প্ৰৱৰ্তন, বিবেচনা আৰু গৃহীতকৰণ/ঘূৰাই পঠোৱা সন্দৰ্ভত আলোচনা আৰু ভোটদান।

 

৩. ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ অনুদানৰ দাবী আৰু আনুষংগিক বিনিয়োজন বিধেয়কৰ প্ৰৱৰ্তন, বিবেচনা আৰু গৃহীতকৰণ/ঘূৰাই পঠোৱা সন্দৰ্ভত আলোচনা আৰু ভোটদান।

 

***

SS/ST/KB



(Release ID: 2035053) Visitor Counter : 6