ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ‘লিডাৰশ্বিপ লিগেচী’ৰ ওপৰত গ্ৰন্থ

‘পাৱাৰ উইডিন: দ্য লিডাৰশ্বিপ লিগেচী অফ নৰেন্দ্ৰ মোদী’ নামৰ গ্ৰন্থখনত প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ যাত্ৰাক চিত্ৰিত কৰি পশ্চিমীয়া আৰু ভাৰতীয় দৃষ্টিভংগীৰে ইয়াৰ ব্যাখ্যা কৰা হৈছে

Posted On: 21 JUL 2024 5:03PM by PIB Guwahati

কেন্দ্ৰীয় মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙক আজি বিশিষ্ট বুদ্ধিজীৱী, লেখক, আমেৰিকাৰ কৰ্নেল বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ৰোডছ অধ্যাপকৰ দ্বাৰা লিখিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ "লিডাৰশ্বিপ লিগেচী"ৰ ওপৰত এখন গ্ৰন্থ প্ৰদান কৰা হয়, যি বৰ্তমান ভাৰত চৰকাৰৰ সামৰ্থ্য নিৰ্মাণ আয়োগত মানৱ সম্পদৰ সদস্য হিচাপে কাম কৰি আছে।

 

ফটো: মানৱ সম্পদ সামৰ্থ্য নিৰ্মাণ আয়োগৰ সদস্য তথা বিশিষ্ট বুদ্ধিজীৱী ড° আৰ বালাসুব্ৰমণিয়ামে দেওবাৰে নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙক তেওঁৰ শেহতীয়া গ্ৰন্থ উপহাৰ দিয়াৰ সময়ত।

‘পাৱাৰ উইডিন: দ্য লিডাৰশ্বিপ লিগেচী অফ নৰেন্দ্ৰ মোদী’ শীৰ্ষক গ্ৰন্থখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ যাত্ৰাক চিত্ৰিত কৰি ইয়াৰ পশ্চিমীয়া আৰু ভাৰতীয় দৃষ্টিভংগীৰে ব্যাখ্যা কৰা হৈছে। লগতে এই দুয়োটাকে মিলাই সেইসকলৰ বাবে এক ৰোডমেপ প্ৰদান কৰা হৈছে যি জনসেৱাৰ জীৱনৰ আকাংক্ষা কৰে।

ড° আৰ বালাসুব্ৰমণিয়ামে এতিয়ালৈকে ৯খন গ্ৰন্থ লিখিছে, ইয়াৰে "ভইচ ফ্ৰম দ্য গ্ৰাছৰুটছ” আৰু “লিডাৰশ্বিপ লেছন্স ফৰ ডেইলী লিভিং”ৰ দৰে কিছুমান গ্ৰন্থ বিশ্বজুৰি প্ৰশংসিত।

‘পাৱাৰ উইডিন: দ্য লিডাৰশ্বিপ লিগেচী অফ নৰেন্দ্ৰ মোদী’, নামৰ গ্ৰন্থখন ‘নেতৃত্বৰ অনুশীলন’ৰ দ্বাৰা অনুপ্ৰাণিত। ই এই অনুশীলনৰ আত্মনিৰীক্ষণ কৰে কিয়নো ই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱন্ত অভিজ্ঞতাৰ জৰিয়তে ভাৰতৰ সভ্যতাবাদী জ্ঞানকো প্ৰতিফলিত কৰিছে।

মন্ত্ৰীসভাৰ ভিতৰৰ আৰু তাৰ বাহিৰৰ সহযোগীসকলে এই কথা উল্লেখ কৰিছে যে কেনেকৈ তেওঁৰ অক্লান্ত পৰিশ্ৰম আৰু সংবাদভিত্তিক দৃষ্টিকোণে তেওঁক প্ৰধানমন্ত্ৰীৰ পদলৈ আগুৱাই লৈ গ'ল।

ইয়াত বুদ্ধিজীৱী, শিক্ষা জগত, কৰ্পৰেট জগত আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চিন্তাবিদকে ধৰি জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলৰ মতামত আৰু কাহিনীও সন্নিবিষ্ট কৰা হৈছে।

এই উপলক্ষে ড° জিতেন্দ্ৰ সিঙে কয় যে এই গ্ৰন্থখন সঁচা অৰ্থত মোদী জীৰ সময়ৰ স্বাক্ষৰ আৰু ইতিহাস আৰু ইয়াত ভাৰতক বিশ্ব মঞ্চত এক গুৰুত্বপূৰ্ণ অংশগ্ৰহণকাৰী হিচাপে প্ৰতিষ্ঠা কৰাৰ মোদীৰ সংকল্পক আলোকপাত কৰা হৈছে। ইয়াক প্ৰধানমন্ত্ৰী মোদীৰ সন্দৰ্ভত ভাৰতীয় নেতৃত্বৰ বিভিন্ন ৰূপৰেখাৰ সবাতোকৈ প্ৰাৰম্ভিক আৰু সবাতোকৈ প্ৰামাণিক অভিলেখসমূহৰ অন্যতম বুলি অভিহিত কৰি তেওঁ কয় যে, এয়া বাস্তৱতে এক অনন্য অধ্যয়ন (কেছ ষ্টাডী)। লগতে তেওঁ ভৱিষ্যদ্বাণী কৰে যে ভৱিষ্যতৰ গৱেষকসকলে ইয়াক প্ৰসংগৰ বাবে এক উপযোগী নথি হিচাপে গণ্য কৰিব।

**********

 

KSY/PSM



(Release ID: 2034849) Visitor Counter : 10