গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ মন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি মধ্যপ্ৰদেশৰ আটাইকেইখন অৰ্থাৎ ৫৫ খন জিলাৰ বাবে ৪৮৬ কোটি টকা ব্যয়েৰে নিৰ্মিত প্ৰধানমন্ত্ৰী কলেজ অব এক্সেলেন্স উদ্বোধন কৰে
শক্তিশালী শৈক্ষিক ভেটি অবিহনে ২০৪৭ চনৰ ভিতৰত এখন উন্নত ভাৰত নিৰ্মাণ সম্ভৱ নহয়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীয়ে দূৰদৰ্শিতাৰে আগন্তুক ২৫ বছৰৰ সকলো প্ৰয়োজনীয়তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি নতুন শিক্ষা নীতি অনাৰ বাবে কাম কৰিছে
নতুন শিক্ষা নীতিত ডিগ্ৰী প্ৰদান কৰাৰ পৰিৱৰ্তে যুৱক-যুৱতীসকলৰ ৩৬০ ডিগ্ৰী বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে
নতুন শিক্ষা নীতিৰ অধীনত, শিশুসকলক 'ছিলেবাছ অৱ একাডেমিকছ'ৰ লগতে 'ছিলেবাছ অৱ লাইফ' শিকোৱা হ'ব
নতুন শিক্ষা নীতিৰ জৰিয়তে, শিক্ষাৰ্থীসকলৰ মাজত 'অৰ্থডক্স থিংকিং'ৰ পৰিৱৰ্তে 'আউট অৱ দ্য বক্স' চিন্তা কৰাৰ অভ্যাস বিকশিত কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে
আজিৰ প্ৰজন্ম হৈছে ইণ্টাৰনেট, কৃত্ৰিম বুদ্ধিমত্তা আৰু ডাটা এনালিটিক্সৰ প্ৰজন্ম, সেয়েহে নতুন শিক্ষা নীতিত ব্যৱহাৰিক, দক্ষতা বিকাশ, বৃত্তিমূলক প্ৰশিক্ষণৰ দৰে ব্যৱস্থা কৰা হৈছে
জীৱনত সফলতা অৰ্জন কৰিবলৈ এটা লক্ষ্য থকাটো প্ৰয়োজনীয়, লক্ষ্যহীন জীৱনক সময়ে উটুৱাই নিয়ে, শ্বাহে যুৱক-যুৱতীসকলক তেওঁলোকৰ লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ আৰু সেইবোৰ প্ৰাপ্তিৰ বাবে কঠোৰ পৰিশ্ৰম কৰিবলৈ আহ্বান জনায়
प्रविष्टि तिथि:
14 JUL 2024 8:14PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ মন্ত্ৰী তথা মবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি মধ্যপ্ৰদেশৰ ইন্দোৰৰ পৰা ৰাজ্যখনৰ আটাইকেইখন অৰ্থাৎ ৫৫ খন জিলাতে প্ৰধানমন্ত্ৰী কলেজ অব এক্সেলেন্স উদ্বোধন কৰে। অনুষ্ঠানত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ডঃ মোহন যাদৱ আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী সাবিত্ৰী ঠাকুৰকে ধৰি বহুতো বিশিষ্ট ব্যক্তি উপস্থিত আছিল।
উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এনে এখন ভাৰত গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে যে যেতিয়া আমি ২০৪৭ চনত আমাৰ ১০০ বছৰৰ স্বাধীনতা সম্পূৰ্ণ কৰিম, তেতিয়া বিশ্বৰ প্ৰতিটো ক্ষেত্ৰতে ভাৰত শীৰ্ষস্থানত থাকিব পাৰিব। তেওঁ কয় যে যদি এনে এখন ভাৰত গঢ়ি তুলিব লগা হয়, তেন্তে শিক্ষাৰ ভেটি শক্তিশালী নকৰাকৈ কৰিব নোৱাৰি, সেয়েহে তেওঁৰ দূৰদৰ্শিতাৰ সৈতে সংগতি ৰাখি মোদীজীয়ে ২০২০ চনত নতুন শিক্ষা নীতি প্ৰৱৰ্তন কৰে। শ্ৰী শ্বাহে কয় যে পৰৱৰ্তী ২৫ বছৰৰ বাবে আমাৰ প্ৰয়োজনীয়তাবোৰ কল্পনা কৰি নতুন শিক্ষা নীতি অনা হৈছে। নতুন শিক্ষা নীতিয়ে আমাৰ শিক্ষাৰ্থীসকলক বিশ্বৰ যিকোনো শিক্ষাৰ্থীৰ সৈতে প্ৰতিযোগিতা কৰিবলৈ সক্ষম পৰিৱেশ প্ৰদান কৰিব, আৰু একে সময়তে আমাৰ প্ৰাচীন সংস্কৃতি আৰু ভাষাৰ সৈতে সংযুক্ত হৈ থকাৰ কাম কৰিব।
মধ্যপ্ৰদেশ চৰকাৰক অভিনন্দন জনাই কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে নতুন শিক্ষা নীতি ৰূপায়ণ কৰা প্ৰথমখন ৰাজ্য হোৱাৰ সন্মান মধ্যপ্ৰদেশৰ আছে। তেওঁ কয় যে মধ্য প্ৰদেশ হৈছে সমগ্ৰ দেশৰ একমাত্ৰ ৰাজ্য যিয়ে অভিযান্ত্ৰিক আৰু চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমক আমাৰ মাতৃভাষালৈ ৰূপান্তৰ কৰাৰ উদ্যোগ লৈছিল। এইটোৱে বহুতো দুখীয়া পৰিয়ালৰ ছাত্ৰক তেওঁলোকৰ মাতৃভাষাত উচ্চ শিক্ষা হিচাপে চিকিৎসা বিজ্ঞান আৰু অভিযান্ত্ৰিক বিদ্যা গ্ৰহণ কৰিবলৈ উপকৃত কৰিছে।
শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী কলেজ অব এক্সেলেন্সৰ শুভাৰম্ভ মানে কেৱল এই মহাবিদ্যালয়সমূহৰ নাম সলনি কৰাই নহয়। তেওঁ কয় যে প্ৰধানমন্ত্ৰী কলেজ অব এক্সেলেন্সৰ স্বীকৃতি লাভৰ বাবে যোগ্য হ'বলৈ নিৰ্ধাৰিত মাপকাঠি আৰু চৰ্তৰ সৈতে মিলাবলৈ মহাবিদ্যালয়সমূহক উন্নীত কৰাৰ বাবে ৪৮৬ কোটি টকা বিনিয়োগ কৰা হৈছে। তেওঁ কয় যে এই মহাবিদ্যালয়সমূহত কোনো কম্পাৰ্টমেণ্টেল শিক্ষা নাথাকিব। যদি এজন শিক্ষাৰ্থীয়ে স্নাতক পঢ়িব বিচাৰে আৰু বিজ্ঞানৰ বিষয় এটাত আগ্ৰহী হয়, তেন্তে তেওঁ একে সময়তে সেই বিষয়ত ডিপ্লোমা কৰিব পাৰে। গৃহমন্ত্ৰীয়ে উদাহৰণ দিয়ে যে কলা বা ভাষাৰ প্ৰতি আগ্ৰহ থকা বাণিজ্য বিভাগৰ এজন শিক্ষাৰ্থীয়ে একেসময়তে এই বিষয়বোৰ অধ্যয়ন কৰিব পাৰে। আনকি যদি কোনোবা এজন বাণিজ্য বিদ্যাৰ্থীৰ প্ৰযুক্তিবিদ্যাৰ প্ৰতি আগ্ৰহ আছে, তেওঁ তেওঁৰ আগ্ৰহ অনুসৰি ডিপ্লোমা পাঠ্যক্ৰম কৰিব পাৰে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে মধ্য প্ৰদেশে আজি নতুন শিক্ষা নীতিক বাস্তৱত পৰিণত কৰি এক গুৰুত্বপূৰ্ণ অধ্যায় ৰচনা কৰিছে। তেওঁ কয় যে শিক্ষাৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থীসকলৰ সকলো শক্তি উলিয়াই অনা, তেওঁলোকক এখন মঞ্চ আৰু বিকাশৰ সুযোগ দিয়া। শ্ৰী শ্বাহে লগতে কয় যে বিষয় আৰু পাঠ্যক্ৰম মনত ৰাখি পৰীক্ষাত নম্বৰ পোৱাটো সহজ, কিন্তু আভ্যন্তৰীণ শক্তি আৰু প্ৰতিভা উৎপাদনশীলভাৱে বিকশিত কৰাটো অতি কঠিন।
শ্ৰী অমিত শ্বাহে কয় যে আজি উদ্বোধন কৰা ৫৫খন প্ৰধানমন্ত্ৰী কলেজ অব এক্সেলেন্স-এ শিক্ষাৰ্থীসকলক জৈৱ প্ৰযুক্তি, কম্পিউটাৰ বিজ্ঞান, সংস্কৃতি, কলা আদিৰ দৰে বহুতো বিষয়ত তেওঁলোকৰ আগ্ৰহ অনুসৰি অধ্যয়ন কৰাৰ সুযোগ প্ৰদান কৰিব। বি.এড আৰু বি.এছচি. কৃষিৰ দৰে পাঠ্যক্ৰমো আৰম্ভ কৰা হৈছে। বি.এছচি. কৃষিৰ দৰে পাঠ্যক্ৰমে যুৱক-যুৱতীসকলক কৃষিৰ সৈতে সংযোগ কৰিব আৰু স্ব-নিয়োজনৰ বাবে বহুতো নতুন সুযোগ সৃষ্টি কৰিব। তেওঁ কয় যে আইআইটি দিল্লী আৰু আন বহুতো সন্মানীয় প্ৰতিষ্ঠানত বহুতো ডিপ্লোমা পাঠ্যক্ৰম আৰু প্ৰমাণপত্ৰ পাঠ্যক্ৰম সংযোগ কৰাৰ বাবে কাম কৰা হৈছে। মধ্য প্ৰদেশ হিন্দী গ্ৰন্থ একাডেমীৰ কিতাপ কেন্দ্ৰও সকলো ৫৫ খন মহাবিদ্যালয়ত আৰম্ভ কৰা হৈছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ইন্দোৰক এতিয়ালৈকে কপাহৰ কেন্দ্ৰ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কেন্দ্ৰ হিচাপে গণ্য কৰা হৈছিল, কিন্তু এতিয়া ই শিক্ষাকেন্দ্ৰ হোৱাৰ দিশেও আগবাঢ়িছে। তেওঁ কয় যে ইন্দোৰে ফাৰ্মা, অটোমোবাইল, টেক্সটাইল, খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডত আগবাঢ়ি আছে।
শ্ৰী অমিত শ্বাহে কয় যে মধ্যপ্ৰদেশত নতুন শিক্ষা নীতিৰ অধীনত উচ্চ শিক্ষাৰ বাবে যথেষ্ট পদক্ষেপ লোৱা হৈছে। বহুতো নতুন পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে; বহুতো বিশ্ববিদ্যালয়ো সৃষ্টি কৰা হৈছে। শ্ৰী শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱক-যুৱতীসকলৰ ভৱিষ্যত গঢ়ি তোলাৰ বাবে নতুন শিক্ষা নীতি প্ৰস্তুত কৰিছে। নতুন শিক্ষা নীতিৰ অধীনত, শিশুসকলক 'ছিলেবাছ অৱ একাডেমিকছ' আৰু লগতে 'ছিলেবাছ অৱ লাইফ' শিকোৱা হ'ব। নতুন শিক্ষা নীতিৰ জৰিয়তে শিক্ষাৰ্থীসকলক 'অৰ্থডক্স থিংকিং'ৰ পৰিৱৰ্তে 'আউট অৱ দ্য বক্স' চিন্তা কৰাৰ অভ্যাস গঢ়ি তুলিবলৈ বহুতো ব্যৱস্থা লোৱা হৈছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে নতুন শিক্ষা নীতিৰ অধীনত আমাৰ শিক্ষা ব্যৱস্থা একবিংশ শতিকাৰ গোলকীয় মানদণ্ডৰ সমতুল্য হ'ব। তেওঁ কয় যে শিক্ষাৰ্থীসকলক কেৱল ডিগ্ৰী প্ৰদান কৰাৰ পৰিৱৰ্তে ৩৬০ ডিগ্ৰী বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে যুৱক-যুৱতীসকলক নিজৰ বাবে লক্ষ্য নিৰ্ধাৰণৰ গুৰুত্ব শিকিবলৈ আহ্বান জনায়। তেওঁ নিজৰ বাবে লক্ষ্য স্থিৰ কৰাৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায়। তেওঁ কয়, লক্ষ্যহীন জীৱন সম্পূৰ্ণৰূপে সময় অপচয় কৰাৰ দৰে। তেওঁ শিক্ষাৰ্থীসকলক কয় যে কঠোৰ পৰিশ্ৰমৰ কোনো বিকল্প নাই আৰু এতিয়া সময় আহিছে যে আমাৰ দেশৰ যুৱপ্ৰজন্মই নিজৰ বাবে এটা লক্ষ্য নিৰ্ধাৰণ কৰিব আৰু ইয়াক প্ৰাপ্ত কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব। তেওঁ কয় যে ভাগ্যই কেৱল তেওঁলোকৰ ওপৰতহে সুপ্ৰসন্ন হয় যিয়ে কঠোৰ পৰিশ্ৰমেৰে সফলতাৰ ভেটি প্ৰস্তুত কৰে। শ্ৰী শ্বাহে শিক্ষাৰ্থীসকলক তেওঁলোকৰ জীৱনৰ লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ আৰু আজিৰ পৰাই কঠোৰ পৰিশ্ৰম কৰিবলৈ আহ্বান জনায়।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে আজিৰ প্ৰজন্ম হৈছে ইণ্টাৰনেট, কৃত্ৰিম বুদ্ধিমত্তা আৰু ডাটা এনালিটিক্সৰ প্ৰজন্ম আৰু সেয়েহে নতুন শিক্ষা নীতিত ব্যৱহাৰিক, দক্ষতা বিকাশ আৰু বৃত্তিমূলক প্ৰশিক্ষণৰ দৰে ব্যৱস্থা আছে। তেওঁ কয় যে ২০৪৭ বৰ্ষত ভাৰত নিশ্চিতভাৱে বিশ্বৰ ভিতৰতে প্ৰথম স্থানত থাকিব। তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমাৰ বাবে স্বাধীনতাৰ শতবাৰ্ষিকীৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।
শ্ৰী অমিত শ্বাহে শিক্ষাৰ্থীসকলক কয় যে এই লক্ষ্য হৈছে ইয়াত উপস্থিত থকা তৰুণ-তৰুণীসকলৰ বাবে, যিসক কাইলৈৰ নাগৰিক হ'ব। তেওঁ কয় যে যুৱপ্ৰজন্মই সেই দিনটো দেখিব যেতিয়া সমগ্ৰ বিশ্বৰ প্ৰতিটো ক্ষেত্ৰতে ভাৰত মহান হ'ব আৰু আমাৰ নতুন শিক্ষা নীতি আৰু আজিৰ প্ৰধানমন্ত্ৰী কলেজ অব এক্সেলেন্স-এ সেই লক্ষ্যৰ আধাৰশিলা স্থাপন কৰিব।
***********
DS/ST/KG
(रिलीज़ आईडी: 2033603)
आगंतुक पटल : 104