প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

Posted On: 10 JUL 2024 9:13PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিয়েনাত অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ভান ডেৰ বেলেনক সাক্ষাৎ কৰে। ৰাষ্ট্ৰপতি ভেন ডেৰ বেলেনে প্ৰধানমন্ত্ৰীৰ ঐতিহাসিক তৃতীয় কাৰ্যকালৰ বাবে অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে যি সময়ত দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ উদযাপন কৰি আছিল, সেই সময়ত তেওঁৰ অষ্ট্ৰিয়া ভ্ৰমণে ইয়াক ঐতিহাসিক আৰু বিশেষ কৰি তুলিছে। দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থৰ দ্বিপাক্ষিক আৰু বিশ্বব্যাপী বিষয়সমূহৰ ওপৰত আলোচনা কৰে। তেওঁলোকে পৰিৱেশৰ বহনক্ষমতা আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ বিৰুদ্ধে যুঁজ দিয়াৰ বিষয়ে চিন্তা-চৰ্চা ভাগ-বতৰা কৰে।

এই সন্দৰ্ভত দুয়োগৰাকী নেতাই নবীকৰণযোগ্য শক্তি, বিশেষকৈ সৌৰ, জল আৰু জৈৱ ইন্ধনৰ দৰে ক্ষেত্ৰত সহযোগিতাৰ পাৰস্পৰিক লাভজনক সুযোগৰ বিষয়ে আলোচনা কৰে।

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ভেন ডেৰ বেলেনক তেওঁৰ সুবিধা অনুসৰি ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ পুনৰবাৰ প্ৰকাশ কৰে।

*****

DS/ST



(Release ID: 2033301) Visitor Counter : 6