প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰতৰ প্ৰধানমন্ত্ৰীৰ আগন্তুক ভ্ৰমণক আদৰণি অষ্ট্ৰিয়াল চেঞ্চেলৰৰ, প্ৰধানমন্ত্ৰী মোদীৰ সঁহাৰি

Posted On: 07 JUL 2024 8:57AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আগন্তুক অষ্ট্ৰিয়াৰ ভ্ৰমণ সন্দৰ্ভত অষ্ট্ৰিয়াৰ চেঞ্চেলৰ কাৰ্ল নেহামাৰৰ মন্তব্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে, যিটো ৪০ বছৰৰ পিছত ভাৰতীয় প্ৰধানমন্ত্ৰীৰ হিচাপে প্ৰথম অষ্ট্ৰিয়া ভ্ৰমণ। অষ্ট্ৰিয়াৰ চেঞ্চেলৰগৰাকীয়ে কয়,"এই ভ্ৰমণ এক বিশেষ সন্মান কাৰণ চল্লিশ বছৰতকৈও অধিক সময়ৰ ভিতৰত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰথম ভ্ৰমণ আৰু আমি ভাৰতৰ সৈতে কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ উদযাপন কৰাৰ সময়ত এক উল্লেখযোগ্য মাইলৰ খুঁটি।"

শ্ৰী মোদীয়ে উত্তৰত কয় যে এই ঐতিহাসিক ক্ষণত আমাৰ সম্পৰ্ক শক্তিশালী কৰাৰ লগতে সহযোগিতাৰ নতুন পথ অন্বেষণ কৰাৰ আলোচনাৰ বাবে তেওঁ আগ্ৰহী।

চেঞ্চেলৰ নেহামাৰৰ টুইটাৰ পোষ্টৰ সঁহাৰি জনাই শ্ৰী মোদীয়ে লিখেঃ

 

“চেঞ্চেলৰ@karlnehammerক ধন্যবাদ৷ এই ঐতিহাসিক ক্ষণ উপলক্ষে অষ্ট্ৰিয়া ভ্ৰমণ কৰাটো সঁচাকৈয়ে এক গৌৰৱৰ কথা। আমাৰ দেশসমূহৰ মাজত সম্পৰ্ক শক্তিশালী কৰা আৰু সহযোগিতাৰ নতুন পথ অন্বেষণৰ ওপৰত আমাৰ আলোচনাৰ বাবে মই আগ্ৰহী। গণতন্ত্ৰ, স্বাধীনতা আৰু আইনৰ শাসনৰ মিলিত মূল্যবোধেই সেই আধাৰ গঢ় দিয়ে যাৰ ওপৰত আমি অধিক ঘনিষ্ঠ সহযোগিতা গঢ়ি তুলিম৷”

***

DS/SR/DB



(Release ID: 2031422) Visitor Counter : 12